ডায়েবেটিচ ৰোগে ভাৰতবৰ্ষত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। বহু লোকে ডায়েবেটিচ ৰোগ হোৱাৰ আশংকাত সঁচাকৈয়ে আতঙ্কগ্ৰস্ত হৈ পৰিছে। এই আতঙ্ক অৱশ্যে অমূলক নহয়। কিন্তু আতঙ্ক বৃদ্ধি হোৱাৰো কিছুমান কুফল আছে। এজন সুস্থ ব্যক্তিৰ শৰীৰত ডায়েবেটিচ ৰোগ ধৰা পৰাৰ পিছত তেওঁ মানসিকভাৱে বিচলিত হৈ পৰা দেখা যায়। কিন্তু এই ৰোগে শৰীৰত বাহ লোৱাৰ পিছত ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় এতিয়ালৈকে আৱিস্কৃত হোৱা নাই। সেয়ে ৰোগাক্ৰান্ত ব্যক্তিজনে মানসিকভাৱে প্ৰস্তুত হৈ এই চৰম সত্য মানি লবই লাগিব। বহু ব্যক্তিয়ে ৰোগটো হোৱাৰ পিছত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে- তেওঁৰ বাবে সকলো ধৰণৰ সুস্বাদু আৰু পুষ্টিকাৰক আহাৰ খোৱাটো চিৰদিনলৈ বন্ধ হৈ গ’ল। ডায়েবেটিচ হ’লে খোৱা-বোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে কিছু প্ৰতিবন্ধকতা আহি পৰিব বুলি ভয় কৰি এই ৰোগৰ লক্ষণ প্ৰকাশ পোৱা সত্বেও বহুতে ব্লাড চুগাৰ পৰীক্ষা নকৰে। দ্বিতীয়তে, যিসকলে জানে যে তেওঁৰ ডায়েবেটিচ আছে, তেওঁলোকেও তেজ পৰীক্ষা কৰিবলৈ ভয় কৰে, কিজানিবা ৰিপ’ৰ্টত বেছি পৰিমাণৰ ব্লাড চুগাৰ ধৰা পৰে। এই দুয়োটা ঘটনাই কিন্তু উটপক্ষীয়ে বালিত মুখ গুজি ধুমুহাৰ পৰা বাচিবলৈ চেষ্টা কৰাৰ লেখীয়া।
লিখক: ডা: ৰঞ্জন বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন,
শেহতীয়া উন্নীতকৰণ: : 3/20/2020
অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান
অসমীয়া লোকগীতত শ্ৰীকৃষ্ণ
অসমৰ জাতীয় জীৱনত হুঁচৰি গীতৰ তাৎপৰ্য
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...