ডায়েবেটিছ অথবা মধুমেহ শব্দটো বৰ্তমান আমাৰ নিচেই চিনাকি হৈ পৰিছে আৰু ইয়াৰ সৈতে সাঙোৰ খাই থকা ইনচুলিন শব্দটোও আমাৰ অচিনাকি হৈ থকা নাই।
পোনতে ভবা হৈছিল বহিৰাগত কোনো জীৱাণুৰ কোনো জীৱাণুৰ সংক্ৰমণৰ ফলত শৰ্কৰাৰ পৰিমাণ বাঢ়ি গৈ মানুহ এই ৰোগত পতিত হয়। অমেৰিকাৰ টৰেণ্ট’ জেনেৰেল হস্পিতেলৰ চাৰ মেকলিয়ড লেবৰেটৰীত গৱেষণা কৰা ফৰেডৰিক বেণ্টিক আৰু তেওঁৰ অনুগত শিষ্য চি, এইচ, বেষ্টে বহুদিন ধৰি লক্ষ্য কৰি জানিব পাৰিলে যে বহিৰাগত বীজাণুৰ আক্ৰমণৰ বাবে নহয়, শৰীৰৰ কোনো অঙ্গৰ জটিলতাৰ বাবেহে তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ পিছত এটি কুকুৰৰ ওপৰত পৰীক্ষা চলাই তেওঁলোক এই সিদ্ধান্তত উপনীত হ’ল যে মধুমেহ ৰোগ সৃষ্টিৰ বাবে দায়ী অঙ্গটো হ’ল পেংক্ৰিয়াচ বা অগ্নাশয় আৰু ইয়াত থকা বিটা কোষ য’ৰ পৰা এক প্ৰকাৰৰ ৰস (হৰমোন) নিঃসৃত হয়। ১৯২১ চনৰ ৩০ জুলাইত এই ৰসৰ নাম দিয়া হ’ল ‘ইনচুলিন’।
ইয়াৰ পিছত ডাঃ চি, এইচ কলিপে ইনচুলিনৰ ফৰমূলা আৱিষ্কাৰ কৰে। অগ্নাশয়ত ইনচুলিন তৈয়াৰ কৰা বিটা কোষবোৰ অকামিলা হৈ গ’লে বা এক প্ৰকাৰৰ মৰি গ’লেই ডায়েবেটিছ আৰম্ভ হয়। আমি খোৱা আহাৰ হজম হোৱাৰ পাছত গ্লুক’জ বা শৰ্কৰালৈ পৰিণত হয়। এই শৰ্কৰাই আমাৰ ৰক্ত প্ৰবাহত প্ৰবেশ কৰি শৰীৰৰ সকলো কোষলৈ শক্তিৰ যোগান ধৰে। কিন্ত ডায়েবেটিছ হ’লে অগ্নাশয়ে যথোচিত মাত্ৰাত ইনচুলিন তৈয়াৰ নোৱাৰা হয় আৰু ইনচুলিনৰ অভাৱত খাদ্যৰ গ্লুক’জবোৰ কোষলৈ প্ৰৱেশ কৰিব নোৱাৰা হয়।
ইনচুলিন নিঃসৰণৰ ওপৰত নিৰ্ভৰ কৰি ডায়েবেটিক ৰোগী সকলক দুভাগত ভাগ কৰা হৈছে।
(১) ইনচুলিন নিৰ্ভৰ ডায়েবেটিছ- অগ্নাশয়ৰ বিটা কোষ নব্বৈ শতাংশৰ বেছি ক্ষতিগ্ৰস্ত হ’লে ইনচুলিন প্ৰায় উৎপন্ন নহয়। বাহিৰৰ পৰা প্ৰয়োগ কৰা ইনচুলিনৰ ওপৰত গোটেই জীৱন চলি থাকিব লাগে। সাধাৰণতে চল্লিশ বছৰ বয়সৰ তলত ডায়েবেটিছ ধৰা পৰিলে তেনেলোক ইনচুলিন নিৰ্ভৰ্শীল হয়।
(২) ইনচুলিন অনিৰ্ভৰ বা এডাল্ট ডায়েবেটিছ- এনে লোকৰ ক্ষেত্ৰত ষাঠি শতাংশ মাত্ৰাৰ বিটা কোষ নষ্ট হ’লেও কম পৰিমাণে ইনচুলিন্তৈয়াৰ কৰা হয়। যাৰ বাবে নিতৌ ইনচুলিন লব লগা নহয়। এই দুয়ো বিধৰ ডায়েবেটিছ ৰোগক টাইপ-১ আৰু টাইপ -২ এনেদৰেও ভাগ কৰা হয়। পিছৰ বিধৰ ডায়েবেটিছ ৰোগীক টেবলেটৰ আকাৰত OHA বা অৰেল হাইপোগ্লাইচিজিক এজেণ্ট দি শৰ্কৰা নিয়ন্ত্ৰণত ৰখা হয়। অৱশ্যে প্ৰয়োজন হ’লে ইনচুলিন ইঞ্জেকচনো দিয়া হয়। আমাৰ দেশৰ বেছি ভাগ ডায়েবেটিক ৰোগী দ্বিতীয় শ্ৰেণীৰ।
ইনচুলিন আৱিষ্কাৰৰ পিছৰ পৰা বিভিন্ন স্তন্যপায়ী প্ৰাণীৰ দেহত ইনচুলিন প্ৰয়োগ কৰি পৰীক্ষা কৰা হৈ আহিছে। আৱিষ্কাৰৰ ছয়-সাত দশক পৰ্যন্ত এই ইনচুলিন আছিল একমাত্ৰ ঔষধ। যোৱা আশীৰ দশকৰ পৰা পৰীক্ষা গাৰত আধুনিক জেনেটিক ইঞ্জিনীয়াৰিঙৰ সহায়ত হিউমেন ইনচুলিন তৈয়াৰ কৰা হৈছে। সকলো ধৰণৰ ইনচুলিনৰ ভিতৰত শ্ৰেষ্ঠ হ’ল হিউমেন ইনচুলিন। কাৰণ মানৱ শৰীৰত উৎপন্ন ইনচুলিন আৰু হিউমেন ইনচুলিনৰ এমিনোএচিডৰ গঠন একেই।
ডায়েবেটিছ ৰোগৰ চিকিৎসাত ইনচুলিনে অভাৱনীয় সাফল্য আনিছে। সেইবোৰ ইনচুলিন থোৰতে তিনি ধৰণৰ- বোভাইন, (গৰুৰ পৰা সংগৃহীত), পৰচাইন (গাহৰিৰ পৰা সংগৃহীত) আৰু হিউমেন। বোভাইন আৰু পৰচাইন ইনচুলিনৰ দাম অপেক্ষাকৃত ভাৱে কম। কিন্ত কোনো কোনো ক্ষেত্ৰত এইবোৰ ব্যৱহাৰৰ ফলত এলাৰ্জি আৰু অন্য পাৰ্শ্বক্ৰিয়া উৎপন্ন হয়। সেয়ে দামী হোৱা সত্বেও হিউমেন ইনচুলিন ব্যৱহাৰ কৰাটো নিৰাপদ জনক। হিউমেন ইনচুলিনত অন্য দুটাৰ তুলনাত এণ্টিজেনৰ পৰিমাণ কম থাকে। তাৰ পৰা এলাৰ্জি হোৱাৰ সম্ভাৱনা প্ৰায় নাই বুলিলেও হয়। নব্বৈ দশকৰ শেষ ভাগত ইনচুলিনৰ আৰু এঢাপ উন্নতি কৰি ইনচুলিন এনালগ্চ উদ্ভাৱন কৰা হয়। গঠনত দিশৰ পৰা হিউমেন ইনচুলিন দুই ধৰণৰ-
(১) চেমি চিন্থেটিক আৰু
(২) ৰিক্সাইনিং ডি এন এ টেকন’লজি। ব্যৱহাৰৰ সুবিধাৰ বাবে ঔষধ কোম্পানীবোৰে নানা ধৰণে ইনচুলিন বজাৰলৈ আনিছে। কিছুমান এনে ইঞ্জেকচন দিনত দুই বা তিনি বাৰ লব পাৰি আৰু কিছুমান চৌব্বিছ ঘণ্টাত এবাৰ ল’লেই হয়। প্ৰতিদিনে ইঞ্জেকচন লোৱাটো এতিয়া আগৰ দৰে যন্ত্ৰণা দায়ক হৈ থকা নাই। পোনতে আছিল গ্লাচ চিৰিঞ্জ, তাৰ পিছত আহিল দিচপ’জেবল আৰু বৰ্তম্নান চলিছে পেন ইঞ্জেকচন। পেনৰ দৰে চিৰিঞ্জৰ ভিতৰত ইনচুলিন কাৰ্টিজ সুমুৱাই সূক্ষ্ম নিডলৰ সহায়ত লব পাৰি। প্ৰয়োজনীয় ঔষধৰ পৰিমাণ জুখিবলৈ পেনৰ গাত দাগ কটা থাকে। ৰোগীয়ে যাতে আৰু সহজে ইনচুলিন লব পাৰে তাৰ বাবে নতুনকৈ ওলাইছে ইনচুলিন পাম্প। অৰেল ইনচুলিন, ইনচুলিন ইনহেলাৰ আদি নতুন ধৰণৰ প্ৰায়োগিক আহিলা উদ্ভাৱন হৈছে যদিও এই বিলাক উপযোগিতা সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা চলি আছে।
ইনচুলিন আৱিষ্কাৰ আৰু ইয়াৰ ব্যৱহাৰ বিশ্বৰ সৰ্বত্ৰ বিয়পি পৰাৰ আগলৈকে খাদ্য নিয়ন্ত্ৰণেই তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাৰ একমাত্ৰ উপায় আছিল। শৰ্কৰা জাতীয় সকলো খাদ্যই খাদ্য তালিকাৰ পৰা বাদ পৰি গৈছিল। বেছি ভাগ এনে ৰোগীয়ে খাদ্য নিয়ন্ত্ৰণ কৰিবলৈ গৈ অপুষ্টি, অক্ষমতা, ক্লান্তিবোধৰ বলি হৈছিল আৰু নিষেধাজ্ঞা মানি চলাৰ ফলত জীৱন দুৰ্বিষহ হৈ উঠিছিল। কিন্ত ইনচুলিন সহজ লভ্য হোৱাৰ লগে লগে পুৰণি ধ্যান-ধাৰণা বহুত সলনি হৈছে। চিকিৎসা পদ্ধতি সহজ হোৱাৰ লগে লগে খাদ্যৰ বেলিকাও নিষেধাজ্ঞা শিথিল হৈছে। আগতে ডায়েবেটিছ ৰোগ বুলিলে মানুহ মানসিক ভাৱে বিপৰ্যস্ত হৈ পৰিছিল। এতিয়া ইনচুলিনে জীয়াই থকাৰ অৰ্থ পুনৰোজ্জীৱিত কৰিছে। যাৰ যিমান প্ৰয়োজন সেই পৰিমাণৰ ইনচুলিন গ্ৰহণ কৰি চিকিৎসকৰ পৰামৰ্শ মতে কম বেছি পৰিমাণে ভাত, আলু, মিঠাই, ভজাবস্তু সকলো খাব পৰা হৈছে। অতীতত ডায়েবেটিছত প্ৰউৰ প্ৰাণহানিৰ ঘটনা হৈছিল যদিও সঠিক চিকিৎসা আৰু বিধি-নিষেধ মানি চলাৰ বাবে বৰ্তমান ডায়েবেটিক ৰোগীৰ মৃত্যুৰ হাৰ যথেষ্ট কম। মধ্য বয়সীয়া সকলৰ ভিতৰত যি সকলৰ ডায়েবেটিছ বহু পিছত ধৰা পৰিছে তেনে লোকৰ ক্ষেত্ৰত অৰেলড্ৰাগৰ সহায়ত চিকিৎসা কৰা হয়। কিন্ত যি সকল ইনচুলিন নিৰ্ভৰ ৰোগী বা সঘনাই ডায়েবেটিক কমাত আক্ৰান্ত হৈছে তেনেলোকে ইঞ্জেকচন লবই লাগিব। তাৰোপৰি ঔষধৰ ক্ষেত্ৰত হোৱা কিছুমান জটিলতা আঁতৰাবলৈও ইনচুলিনৰ প্ৰয়োগ আৱশ্যক হ’ব পাৰে। ব্লাড চুগাৰৰ দৰে হৃদযন্ত্ৰৰ ক্ষেত্ৰতো ইনচুলিনৰ গুৰুত্ব পূৰ্ণ ভূমিকা আছে। ইনচুলিনে যিদৰে বিভিন্ন কোষলৈ গ্লুক’জ সৰবৰাহ কৰে, ঠিক তেনেদৰে কাৰ্বোহাইড্ৰেট, প্ৰোটিন, ফেট সৰবৰাহৰ ক্ষেত্ৰতো এক বৃহৎ ভূমিকা পালন কৰে। সেয়ে শৰীৰত ইনচুলিন নিঃসৰণ হ্ৰাস পালে খাদ্যৰ কাৰ্বোহাইড্ৰেট ৰক্তনলীত জমা হৈ তেজ চলাচলত ব্যাঘাত জন্মায়। দীৰ্ঘদিন এনেদৰে থাকিলে হাৰ্ট এটেকৰ সম্ভাৱনাই দেখা দিয়ে।
ইমান উপকাৰী ইনচুলিনৰো যে কোনো পাৰ্শ্বক্ৰিয়া নাই তেনে নহয়। বহু দিন ধৰি ইনচুলিন লৈ থকিলে লগতে কম খাদ্য গ্ৰহণ আৰু বেছি পৰিশ্ৰম কৰিলে ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ প্ৰয়োজনতকৈ কমি যায়। আমি তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়িলেহে ভয় কৰো, কিন্ত ইয়াৰ মাত্ৰা অতি কম হৈ যোৱাটো বেছি ভয়ংকৰ। ইয়াক ‘হাইপোগ্লাইচেমিয়া’ বোলে। এই অৱস্থা হ’লে বুকু ধৰফৰ কৰা, শৰীৰ কঁপা, অস্বাভাৱিক ঘাম ওলোৱা, হৃদস্পন্দন বাঢ়ি যোৱা, চকুৰে অন্ধকাৰ দেখা, মূৰৰ বিষ হোৱা, অস্বাভাৱিক আচৰণ কৰা, স্মৃতি শক্তি লোপ পোৱা ইত্যাদি উপসৰ্গই দেখা দিয়ে। বহু সময়ত ৰোগী অজ্ঞান হৈয়ো পৰিব পাৰে। এই সময়ত চেনি, মিঠাই, লজেন্স আদি কোনো মিঠা জাতীয় বস্তু খোৱাই পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে।
ইনচুলিন সম্পৰ্কে আমাৰ মনত সততে উৎপন্ন হোৱা কেইটামান প্ৰশ্ন আৰু তাৰ উত্তৰ সমূহ এনে ধৰণৰ-
আগতে উল্লেখ কৰি অহা হৈছে যে, ডায়েবেটিছ ৰোগ হোৱা কাৰণঅতোৱেই হ’ল অগ্নাশয়ৰ বেছি ভাগ বিটা কোষ অকামিলা হৈ পৰা। সময়ৰ লগে লগে এনে অকামিলা হোৱা কোষৰ সংখ্যা বাঢ়ি গৈ থাকে। এনে স্থিতি অধিক অধোগামী হয় যেতিয়া কিছুমান ঔষধে বিটা কোষৰ ওপৰত অধিক হেঁচা দিয়ে। তাৰ ভিতৰতে ইনচুলিন ল’লে বিটা কোষৰ ওপৰত পৰা হেঁচা কম হয়। ডায়েবেটিছ ৰোগত টেবলেট বা মুখেৰে সেৱন কৰিব লগা ঔষধেও কাম দিয়ে কিন্ত ইয়াৰ প্ৰভাৱ সীমিত।
মুখেৰে লব লগা হাইপোগ্লাইচেমিক ঘটকে (OHA) অধিক ইনচুলিন তৈয়াৰ কৰিবলৈ বা অকামিলা হোৱা বিটা কোষক সক্ৰিয় কৰি তুলিবলৈ একেৰাহে উত্তেজিত কৰি থাকে। অৱশেষত এই কষবোৰে হাৰ মানি কাম কৰিবলৈ এৰি দিয়ে। এনে অৱস্থাত অধিক মাত্ৰাত ৰোগীক ইনচুলিনৰ প্ৰয়োজন হৈ পৰে। সেয়ে, ইনচুলিন সোনকালে লবলৈ আৰম্ভ কৰিলে, বিটা কোষবোৰে কিছু আৰাম পাব পাৰে আৰু বেছি দিনলৈ কাম কৰিব পাৰে।
ই এক ভূল ধাৰণা। টাইপ-২ ডায়েবেটিছৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সম্পৰ্কে সঠিক ভাৱে নজনাৰ বাবে এনে ধাৰণাৰ জন্ম হয়। এই কথা সঁচা যে টাইপ-২ ডায়েবেটিছত আক্ৰান্ত ব্যক্তিকো বাহিৰা উৎসৰ পৰা ইনচুলিন সৰবৰাহ কৰাৰ প্ৰয়োজন হব পাৰে। কিন্ত তাৰ অৰ্থ এইটো নহয় যে তেনে ব্যক্তিৰ শৰীৰে ইনচুলিন তৈয়াৰ কৰিবলৈ বন্ধ কৰি দিছে। এনে কেতিয়াও হ’ব নোৱাৰে। বৰঞ্চ তাৰ বিপৰীতে, টাইপ-২ ডায়েবেটিছত হাইপাৰগ্লাইচেমিয়া বা তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যোৱাৰ কাৰণেহে শৰীৰৰ ইনচুলিন তৈয়াৰ কৰাৰ ক্ষমতা কমি যাব পাৰে। বাহিৰা ইনচুলিনৰ বাবে নহয়। বাহিৰা ইনচুলিনে হাইপাৰ্গ্লাইচেমিয়া কম কৰাত সহায় কৰে আৰু শৰীৰত শৰ্কৰা বৃদ্ধিৰ ফলত হোৱা বিসংগতি (গ্লুক’টক্সিচিটি) নিয়ন্ত্ৰণ কৰে।
এই সম্পৰ্কে আগতে উল্লেখ কৰি অহা হৈছে। আজিকালি ইনচুলিনৰ আহিলাবোৰ যথেষ্ট উন্নত হৈছে। উদাহৰণ স্বৰুপে নভ’লেট আৰু ন’ভপেনৰ দৰে আহিলা দেখিবলৈ ইঞ্জেকচনৰ নিচিনা নহয় আৰু নিবিষায়ো। নভ’লেট আৰু নভ’পেন-৩ (তিনি)ত অতি সীক্ষ্ম ৩১ জি নিডল ব্যৱহাৰ কৰা হয়। এই নিডল অতি চুটি, মাত্ৰ ৬ মি.মি., পাতল আৰু মিহি। চিলিকন কোটিংযুক্ত। যাৰ ফলত বিষ প্ৰায় নহয় বুলিবই পাৰি। এই বেজী লবলৈ ইমান সহজ যে সাত বছৰীয়া শিশুৱেও ইয়াক সহজে লব পাৰে। নিৰ্দ্ধাৰিত পালিলৈ ডায়েল কৰি নিডল সুমুৱাই বুটাম এটা হেঁচি দিলেই ইঞ্জেকচন লোৱা হৈ যায়। এনে ধৰণৰ ইনচুলিন ঠাণ্ডা আৰু ৰ’দ নপৰা ঠাইত থলেই হয়। ফ্ৰিজত বা খুব গৰম ঠাই যেনে- খিৰিকিৰ ওচৰত ৰ’দ পৰা ঠাই বা টি, ভিৰ ওপৰত থ’ব নালাগে, হিউমেন এক্টড়াপিড বাদ দি সকলো ইনচুলিন ইঞ্জেকচন্টো লোৱাৰ আগতে জোকাৰি লব লাগে।
এই সম্পৰ্কে বিভিন্ন দিশ চালি-জাৰি চাই, ইনচুলিন কেতিয়া আৰু কেনেকৈ আৰম্ভ কৰিব লাগিব, সেই সিদ্ধান্ত চিকিৎসকে ল’ব। এই ক্ষেত্ৰত কেইটামান কথা লক্ষ্য কৰা দৰকাৰ-
লেখক: ডাঃ এছ ইচলাম, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 3/10/2020
অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান
আপোনাক কিমান সময়ৰ টোপনিৰ প্ৰয়োজন হয় সেই বিষয়ে কিছু...
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসমীয়া লোকগীতত শ্ৰীকৃষ্ণ