মধুমেহ বা ডায়েবেটিছ বৰ্তমান যুগৰ এটা মাৰাত্মক ৰোগ হিচাপে বিবেচিত হৈছে। সমীক্ষা মতে ভাৰতত ২০২০ চনৰ ভিতৰত ৬০ নিযুত লোক মধুমেহ ৰোগত আক্ৰান্ত হ’বগৈ আৰু এই সংখ্যআধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ডায়েবেটিছ ৰোগীক আনুষাংগিক কিছুমান বেলেগ ৰোগ্গে আক্ৰমণ কৰাৰ আশ্ংকা থাকে। আনেক এক তথ্য মতে ৩০ শতাংশ ডায়েবেটিছ ৰোগীৰ বৃক্কৰ ৰোগ হয়। ডায়েবেটিছ ৰোগ হ’লে-
(১) বৃক্কৰ ৰোগ আক্ৰান্ত হ’ব পাৰে।
(২) দৃষ্টি শক্তি কমি যায়।
(৩) স্নায়বিক দূৰ্বলতাই দেখা দিব পাৰে।
(৪) শৰীৰ দুৰ্বল হয়।
(৫) যৌন ক্ষমতা হ্ৰাস পায়।
সেয়েহে এই ভয়াবহ ৰোগটো নিয়ন্ত্ৰ্ণ কৰাৰ বাবে এলোপেঠিক বা আয়ুৰ্বেদিক ঔষধ সেৱনৰ লগতে তিতাখাদ্যও নিয়মীয়াকৈ খাই থাকিব লাগে। সহজতে পোৱা তিতা খাদ্যবোৰ হ’ল
তিতাকেৰেলা
মধুমেহ ৰোগীৰ উত্ত্ম পথ্য হৈছে তিতা কেৰেলা। তিতা কেৰেলা দুই প্ৰকাৰৰ। এবিধ সৰু আৰু আনবিধ ডাঙৰ। সৰু বিধ তিতাকেৰেলাৰ তিতা গুণ অধিক। তিতা কেৰেলা ভাজি খোৱাতকৈ সিজাই বাতাৰ ৰস উলিয়াই খাব পাৰিলে ভাল। বসন্তকালত তিতা কেৰেলাখোৱাটো স্বাস্থ্যৰ বাবে বা বিভিন্ন ৰোগৰ বাবে উত্তম।
চিৰতা
চিৰতৰ বহুত নাম আছে। ইয়াক কিৰাই তিক্ত, কটু তিঅক্ত আৰু চিৰতা নামেৰে জনা যায়। চিৰতা পিত্ত কফ নাশক। চিৰতাসেৱন কৰিলে সন্নিপাত জ্বৰ, ক্ৰিমি নাশ হয় আৰু ই মধুমেহ ৰোগীৰ বাবে উত্তম পথ্য শুকান চিৰতাৰ ঠাৰি নিশা তিয়াই থৈ পুৱাখালী পেটত খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায় বুলি কোৱা হয়।
বাহকা বা তিতাফুল
বাহকা গুৰুচ্যাদি বৰ্গৰ অন্তৰ্গত ঔষধি। বাহক তিতাৰ পাত, গছৰ চাল, ফুল, শিপ আদি ঔষধি গুণবিশিষ্ট বুলি কোৱা হয়। বাহক দুই প্ৰকাৰৰ। এবিধ বাহকৰ ফুলৰ ৰ্ং বগা হয়। তাক ‘বগা বাহক’ বুলি কোৱা হয়। এবিধৰ আকৌ ফুল ৰঙা হয়। বাহকৰ্ফুল কেঁচাই বা সুকুৱাই খাব পৰা যায়। সৰু শুকান মাছৰ লগত বাহকৰ শুকান ফুলৰান্ধি খালে বৰ উপকাৰ পোৱা যায়। ই শ্বাস-প্ৰশ্বাস, ৰক্তপিত্ত আদি ৰোগৰ ুপৰি মধুমেহ ৰোগীৰ বাবে মহৌষধ।
ভেকুৰি তিতা
ভেকুৰি তিতবেঙেণা গছৰ দৰে। গোটেই গা গছতে কাঁইট থাকে। পাতৰ ওপৰটো কাইটেৰে ভৰা। গুটিবোৰ সৰু সৰু গোল গোল। বাৰী-বস্তিৰ ওখ ঠাইত এই ভেকুৰী তিতা পোপৱা যায়। পকিলে কমলা ৰঙৰ হয় আৰু বেছিকৈ পকিলে ৰঙা ৰঙৰ হয়। দেখিবলৈপকা বিলাহিৰ দৰে। ভেকুৰি তিতা কৃমি নাশক। আৰু ই মধুমেহ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অতি উত্তম পথ্য।
মহানিমৰ পাত
মহানিমৰ পাত বৰ উপকাৰী। মহানিম গছ পদুলি বা বাৰী-বস্তিত থাকিলে বয়ু প্ৰদূষণ ৰোঅধ হয়। বতাহত ভাহি ফুৰাবিভিন্ন ৰোগৰ বীজাণু নাশ কৰে। পুৱা একোটাকৈ মহানিমৰ পাত চোবাই খালে মধুমেহ ৰোগ হ’ব নোৱৰে।
মহানিম বিভিন্ন ৰোগৰ মহৌষধ। খৰ-খজুৱতি আদি ৰোঅগ অৰ্থাত চৰ্মৰোগৰ উত্তম ঔষধ বুলি আয়ুৰ্বেদ শাস্ত্ৰত কোৱা হৈছে। ইয়াৰ্পাত ভাজি, আঞ্জা ৰান্ধি বা কেঁচাই চোবাইও খাব পৰা যায়।
হেলচী শাক
হেলচী শাকেবিধ তিতা জাতীয় শাক। ইয়াৰো দুবিধ আছে। এবিধৰ পাতবোৰ সৰু আৰু দীঘল। ইয়াৰ তিতা গুণ কম। এইবিধ শাক খাল-দোং-পিতনি আদিত হয়। আনবিধৰ পাত ডাঠ আৰু ঠাৰিবোৰ ডাঙৰ। ইয়াৰ তিতা গুণ অধিক। ই কুষ্ঠ, কাহ, পিত্ত প্ৰশমক আৰু ইয়াক ভাজি খায়।
শেৱালি ফুল
শেৱাকি ফুল আৰু ইয়াৰ কোমল পাত তিতা গুণ বিশিষ্ট। ইয়াৰ কোমল পাতবোৰ বেচনৰ লগত বৰ বনই খাব পাৰি। শেৱালি ফুল কেঁচাই আৰু শুকুৱায়ো খাব পাৰি। কেঁচা ফুল দৰিকণা বা সৰু পুঠি মাছৰ লগত খাব পৰা যায়। কিছুমানে শেৱালি ফুল ভাতৰ লগতো ভাজি খায়। শুকান শেৱালি ফুল মাছৰ লগত খাৰ দি খাবলৈ বৰ জুতি লগা হয়। ই বৰ তিতা আৰু উপকাৰী।
শোকোতা তিতা
মৰাপাটৰ আগ বৰ তিতা। শুকুৱাই থোৱা মৰাপাটৰ আগবোৰ বা পাতবোঅৰকে শুকতা বোলে। এই তিতা ভলকৈ ধুইপানীত থৈ পানীখিনি খালে বৰ উপকাৰ পোৱা যায়। ব’হাগ মাহত মৰাপাটৰ কোহ চিঙি ভাজি খালে গোটেই বছৰটোৰ বাবে কৃমি, গ্ৰ্হণী আৰু চৰ্ম ৰোগ নহয়। বিশেষকৈ জনজাতি লোকসকলে মৃত কৰ্মত শোকোতাৰ আঞ্জা দিয়াটো পৰম্পৰাগত ৰীতি। ই তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰাখে।
দোৰোণ শাক
দোৰোণ শাক সাধাৰণতে চ’ত বহাগ মাহত যথেষ্ট পোৱা যায়। ওখ মাঅটিৰ বাৰী বা কঠীয়াতলি আদিত দোৰোণ শাক যথেষ্ট হয়। দোৰোণ শাক কোমল অৱস্থাতছিঙি আনিভাজি খাব পাৰি। কিছুমানে কলপাততমেৰিয়াই জুইত সেকিও খায়। দোৰোণ শাকৰ পাতৰ ৰসৰ লগত মুৰ্গীৰ কণীৰ কুহুমটো মিহলাই খুৱালে ব্ৰ্ংকাইটিছ ৰোগ ভাল হয়।
অমিতাৰ ফুল
অমিতাৰ ফুল খুব তিতা। মতা অমিতা গছত দীঘল দীঘল ফুল থোপা হৈ ফুলে। ইয়াক আনি ভালদৰে ধুই আঞ্জা ৰান্ধি খাব পাৰি। কিছুমানে অমিতাৰ ফুল সৰু মাছৰ লগত বা শুকান মাছৰ সৈতে খাৰ দি ৰান্ধি খায়। জনজাতি লোকসকলে অমিতাৰ ফুলবোৰ আনি ধুই কলপাতত মেৰিয়াই জুইত সেকি বা পুৰি লৈ তাত নিমখ আৰু মিঠাতেল, কেঁচা জলকীয়া সানিও খায়। ই বিভিন্ন ৰোগৰ বাবে বৰ উপকাৰীবুলি কোৱাহয়।
ব্ৰাহ্মী শাক
ব্ৰাহ্মী শাক নাম ব্ৰহ্মচাৰিণী,সৰস্বতী, দিব্যতেজা ইত্যাদি। জেকা বা ৰ’দ ঘাই ঠাইত এই শাকবিধ খুব ভাল হয়।ইয়াৰ কাণ্ড অতি কোমল, ৰসাল, সূক্ষ্ম আৰু গাঠিযুক্ত।ইয়াৰ পাত সৰু মাংসল আৰু ডিম্বাকৃতিৰ। গ্ৰীস্ম ঋতুত ফুল আৰু পিছত ফল হয়।
ব্ৰাহ্মী শাকে মস্তিস্কৰ পৌষ্টিক হিচাপে কাম কৰে। ইয়াৰ শিপাৰ গুড়ি ৩-৬ গ্ৰাম ছাগলীৰ লগত দিনে দুবাৰকৈ কিছুদিন খালে শাৰীৰিক দুৰ্বলতা, ধাতু দুৰ্বলতা স্নায়বিক দুৰ্বলতা নিৰাময় হয়।
ব্ৰাহ্মী শাক ঘিউত ভাজি খালে মানুহৰ আয়ুস বৃদ্ধি হয়, স্মৃতি শক্তি, মেধা শক্তি বৃদ্ধি হয় আৰু শৰীৰ সবল হৈ পৰে। ব্ৰাহ্মী শাক মধুমেহ ৰোগীৰ বাবে উত্তম পথ্য। ইয়াক গৰুৰ ঘিউৰ লগত ভাজি খালে তেজৰ শৰ্কৰা হ্ৰাস হয়। কাহ, জ্বৰ, বিষ আদি হ’লে ইয়াৰ ৰস বৰ উপকাৰী।
এনেদৰে বিভিন্ন তোতা আঞ্জাবোৰ খাই থাকিলে মধুমেহ ৰোগৰ লগতে অন্যান্য ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। সেয়েহে ডাকৰ বচনত এইদৰে কৈছে-
‘মাহে তিতা, পষেকে পিঠা
কাণত কচু নাভিত তেল
তাৰ ঘৰত কিহৰ বেজৰ মেল।’
ধনেশ্বৰ হুজুৰী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 3/17/2020
বেল
আঁহযুক্ত খাদ্যই মধুমেহ আৰু মেদবহুলতা প্ৰতিৰোধ কৰে
ব্লাড ছুগাৰ আৰু মধুমেহ নিয়ন্ত্ৰণ কৰিব পৰা খাদ্যৰ ব...
ডায়েবেটিছ ৰোগৰ বিষয়ে বিতংভাৱে ইয়াত আলোচনা কৰা হৈছে...