মধুমেহ ৰোগীৰ ‘দিল কি ফৰিয়াদ’
মধুমেহ ৰোগীৰ ‘দিল কি ফৰিয়াদ’ দিল কি ফৰিয়াদ এটি আৰম্ভ কৰিব খুজিছো-
ফৰিয়াদ
বহুমূত্ৰ নে, মধুমেহ নে, Diabetic যেন এক বিষাদৰ ছাঁ।
যাৰ হৈছে তাৰ ঘৰত,
উপদেশ আৰু আদেশৰ
জোৱাৰ উঠিছে।
ভুক্তভোগীজন বিচলিত হৈ পৰিছে
প্ৰভু কিয় মোক এই ৰোগ দিলা।
কিবা পাপৰ ফল নেকি?
বিভিন্নজনৰ বিভিন্ন উপদেশ,
মাটিৰ তলৰ বস্তু নাখাবা, মিঠা নাখাবা
আম নাখাবা, কঠাল নাখাবা,
খাম কি?
খাব কি? খোৱাৰ আমেজ পাম ক’ত।
Kidney failure.
Heart failure.
চকুৰ Catract ইত্যাদি।
ভাবি ভাবি ভুক্তভোগী হতাশ হৈছে। লগে লগে ‘ৰক্তশৰ্কৰা’ ঊৰ্দ্ধগামী হৈছে। যেন মৃত্যুৱে হাত বাউলি দি মাতিছে।
সান্ত্বনা
মধুমেহীজনে কিন্তু ভয় নাখাব
‘Diabetic is not a disease,
It is disorder of body,
So bring your body in order,
But how!’
Necessary: By diet, exercise & drugs if necessary. Then everything will ease.
বৰ্তমান খবৰ কাগজ, আলোচনী আদিত মধুমেহৰ বিষয়ে যথেষ্ট তথ্য ওলায়। কি কৰিব, কি নকৰিব, হৃদয়খন, চকুটো কেনেকৈ ভালে ৰাখিব ইত্যাদি একে কথাবোৰকে আলোচনা নকৰি কেৱল ব্যায়ামৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো।
ইংৰাজীত এষাৰ কথা আছে ‘Longer the belt shorter the life’ দৈনিক ব্যায়াম আৰু নিয়ন্ত্ৰিত আহাৰৰ দ্বাৰা এই কথাষাৰৰ ব্যতিক্ৰম ঘটাব পাৰি। মধুমেহ ৰোগীৰ বাবে ব্যায়ামৰ আৱশ্যকতা আছে।
মধুমেহ ৰোগীয়ে ব্যায়াম কৰাৰ আগতে তলৰ কথাখিনি মনত ৰাখিব:
মধুমেহ ৰোগীয়ে (ঔষধ ব্যৱহাৰ কৰি থকা সকলে) পুৱা কিছু খোৱাৰ পাছত ব্যায়াম আৰম্ভ কৰিলে ভাল। কাৰণ ব্যায়ামৰ ফলত ‘Blood Sugar’ কমি ‘Hypoglycaemia’ হ’ব পাৰে। Hypoglycaemia মানে ৰক্তশৰ্কৰা একেবাৰে কমি যোৱা) সেইবাবে ব্যায়ামৰ সময়ত কোনো মিঠা বস্তু জেপত ৰাখি থ’ব পাৰে।
ব্যায়াম ৩ টা স্তৰত কৰিব লাগে।
প্ৰথম স্তৰ
কোনো ব্যায়াম কৰাৰ আগতে শৰীৰৰ শিথিলতা দূৰ কৰি লব লাগে। ইয়াৰ বাবে ৫ মিনিট সময় খৰচ কৰিব পাৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ প্ৰখৰ গতিয়ে, বহু সময়ত বিঘিনি ঘটাব পাৰে।
দ্বিতীয় স্তৰ
প্ৰথম স্তৰৰ পাছত গাৰ শিথিলতা কমাৰ পাছত প্ৰকৃত ব্যায়াম যেনে, খোজকঢ়া, জগিং, চাইকেল চলোৱা, সাঁতোৰা ইত্যাদি ধৰণৰ ব্যায়াম আৰম্ভ কৰিব পাৰে।
এই ব্যায়ামৰ সময় ৩০-৪০ মিনিট কৰিব পাৰে। বৃদ্ধজনে ৩০ মিনিট কৰিব পাৰে। সময়ৰ অসুবিধা থাকিলে ৰাতিপুৱা গধূলি ভাগ কৰি লব পাৰে। ৰাতিপুৱা কৰিব পাৰিলে ভাল।
তৃতীয় স্তৰ
প্ৰকৃত ব্যয়ামৰ পাছত শৰীৰটো শীতল কৰিবলৈ ৫ মিনিট সময় জিৰণি লৈ বাকী কাম-কাজ কৰিব লাগে। কাৰণ তেনে কৰিলে হৃদয়ৰ গতি আগৰ অৱস্থালৈ ঘূৰি আহে। খন্তেক বিশ্ৰামৰ পাছত কুহুমীয়া পানীৰে গা ধুই জলপান খাই কাম আৰম্ভ কৰক। সপ্তাহত এদিন বিশ্ৰাম লব পাৰে।
থোৰতে-
প্ৰথম স্তৰ-Warm up ৫ মিনিট।
দ্বিতীয় স্তৰ- Active Exercise ৩০-৪০ মিনিট।
তৃতীয় স্তৰ- Cooling down ৫ মিনিট।
দিনটো ১ ঘন্টা সময় খৰছ কৰিব পাৰিলে শৰীৰৰ যথেষ্ট উন্নতি সাধন হয়।
ব্যায়ামৰ মাত্ৰা
ব্যায়ামৰ মাত্ৰা মধ্যমীয়া হ’ব লাগে। কঠোৰ ব্যায়ামে হৃদয়ৰ গতি বঢ়াই মূৰ্চ্ছা নিয়াব পাৰে। অতি কম ব্যায়ামে শৰীৰৰ বিশেষ কামত নাহে। ব্যায়ামৰ মাত্ৰা জুখিবলৈ এটা সহজ পৰীক্ষা হ’ল ‘Talk test’। যদি আপোনাৰ ব্যায়ামৰ মাত্ৰা কঠোৰ হোৱা নাই তেন্তে আপুনি বিনা কষ্টে কথা পাতিব পাৰিব আনহাতে ব্যায়াম কৰি থাকোতে যদি গান গাব পাৰে তেন্তে বুজিব আপোনাৰ পৰিশ্ৰম অতি কম হৈছে।
সেইবাবে ‘If you can talk while you walk’ ৰ মাত্ৰাই আপোনাৰ ব্যায়ামৰ উপযুক্ত মাত্ৰা।
কোনবিধ ব্যায়াম ভাল
মধুমেহ ৰোগীৰ বাবে খোজ কঢ়া ব্যায়াম বিধেই উত্তম। ঘন্টাত ৪ মাইল বেগে ৪ কিলোমিটাৰ খোজ কাঢ়িব পাৰিলেই হ’ব।
ব্যায়ামৰ পৰা আমাৰ লাভ কি হয়?
লাভ অনেক আছে, তাৰ ভিতৰত
১) ওজন হ্ৰাস: ব্যায়াম কৰিলে শৰীৰৰ অতিৰিক্ত কেলৰি দহন হয় আৰু তাৰ দ্বাৰা শৰীৰত জমা হোৱা চৰ্বি হ্ৰাস পায় আৰু তাৰ ফলত শৰীৰৰ এক আদৰ্শ ওজন ৰক্ষা কৰিব পাৰি। (Doing exercise means burning ups extra calories and that helps in reducing fat from the body & there by maintaining a ideal body weight).
৩০০ কেলৰি খৰচ কৰিবলৈ আপুনি ৪ কিলোমিটাৰ পথ ঘণ্টাত ৪ কিলোমিটাৰ গতিবেগত খোজ কাঢ়িব লাগিব।
২) Lipid profile নিয়মীয়া কৰি ৰাখে।
৩) ব্যায়ামে শৰীৰত গ্লুকজৰ ব্যৱহাৰ আৰু মাত্ৰা নিয়মীয়া কৰি ৰাখে।
৪) ৰক্তচাপ: উচ্চ ৰক্তচাপ থকাজনৰ ৰক্তচাপ নিয়মীয়া কৰি ৰাখে।
৫) গাঁঠি আৰু হাড়: গাঁঠি আৰু হাড়ৰ শক্তি বঢ়াই তোলে।
৬) শৰীৰৰ শিথিলতা দূৰ কৰে আৰু যৌন ক্ষমতা বঢ়ায়।
লিখক: ডা: চাহজাহান বৰবৰা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018