অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা আধুনিক যুগত এক অভিশাপ:

মেদবহুলতা আধুনিক যুগত এক অভিশাপ:

 

শতকৰা ৬০ ভাগ পিতৃ-মাতৃয়েই মানি ল’ব নোখোজে যে, তেওঁলোকৰ সন্তানটিৰ ওজন বৃদ্ধি হৈছে আৰু শকত হৈছে। ই এটা অতি দুখৰ কথা প্ৰশ্নটো হ’ল- পৃথিৱীত মানৱৰ দীৰ্ঘদিনীয়া অৱস্থিতি সত্ত্বেও মেদবহুলতাই কিয় সংক্ৰামক ৰূপ গ্ৰহণ কৰিছে? মানৱ ইতিহাসৰ আৰম্ভণিতে মানুহে প্ৰধানকৈ চিকাৰী আছিল। প্ৰাকঐতিহাসিক মানুহে অনুভৱ কৰিলে যে চিকাৰৰ ওপৰত নিৰ্ভৰ কৰি দৈনন্দিন প্ৰয়োজনীয় খাদ্য যোগাৰ কৰিব নোৱাৰি, সেয়ে তেওঁলোকে লাহে লাহে কৃষি কাৰ্যৰ ফালে আকৰ্ষিত হ’ল। কুৰি শতিকাৰ আৰম্ভণিতে যেতিয়া ঔদ্যোগিক বিপ্লৱ গঢ়ি উঠিল, তেতিয়া মানুহে পুৱা সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে কাম কৰিব লগা হৈছিল। মানুহৰ অৰ্থনৈতিক অৱস্থা উন্নত হ’বলৈ ধৰিলে, তেনেদৰে কৃষিকাৰ্যতো জীৱ-জন্তু, মানুহ আৰু যান্ত্ৰিক শক্তি ব্যৱহৃত হ’বলৈ ধৰিলে। যোগাযোগ ব্যৱস্থা উন্নত হ’ল, দুৰ্ভিক্ষ কমিল, খাদ্যও সহজলভ্য হৈ আহিল। এতিয়া মানুহৰ শাৰীৰিক শ্ৰম কমি আহিল, খাদ্যও সহজে পাব পৰা আৰু উভৈনদী হ’ল।

পৰিশ্ৰমবিহীন জীৱন আৰু শাৰীৰিক কাম-কাজো কমি অহাৰ পৰিণতিত মেদবহুলতাই দেখা দিবলৈ ধৰিলে। তেনেহ’লে ‘জাংক ফুড’ৰ ভূমিকানো কি? আকৌ সেই একেই ইতিহাসৰ পুনৰাবৃত্তি-ঔদ্যোগিক বিপ্লৱে কৃষি উৎপাদনো বৃদ্ধি কৰিলে, লগতে ‘ফাষ্ট ফুড’ৰ প্ৰৱেশ ঘটিল। সহজতে পাব পৰা, ৰন্ধা-বঢ়াৰ বাবে কম সময় লগা সোৱাদযুক্ত, তেল বা চৰ্বিৰে ৰন্ধা খাদ্যবোৰ উচ্চ কেলৰিযুক্ত হোৱাৰ বাবে ‘ফাষ্ট ফুডে’ জনপ্ৰিয়তা বৃদ্ধিত অৰিহনা যোগালে।

এতিয়া প্ৰশ্ন হ’ল- শিশু এটি ডাঙৰ-দীঘল কৰাত পিতৃ-মাতৃৰ ভূমিকা কি? যিকোনো কাম সহজে কৰাটো সঠিকভাৱে কৰাৰ সৈতে একে নহয়। আজিৰ মানুহৰ মাজত দেখা দিয়ে সাধাৰণ প্ৰৱণতা হৈছে স্বামী-স্ত্ৰী দুয়ো অৰ্থ উপাৰ্জন কৰি এটি মাত্ৰ সন্তানেৰে এটি সৰু পৰিয়াল চলাই নিয়া। পিতৃ-মাতৃ দুয়ো ভাবে, অৰ্থই হৈছে পিতৃ-মাতৃৰ দায়িত্বৰ সুন্দৰ বিকল্প। যেতিয়া পিতৃ বা মাতৃৰ প্ৰয়োজন হয়, ল’ৰা-ছোৱালীকেইটা কোনো বন কৰা মহিলা বা বৃদ্ধ ককাক-আইতাকৰ যত্নত ডাঙৰ-দীঘল হয়। তেতিয়া তেওঁলোকে সন্তানৰ সৈতে বন্ধুৰ দৰে থাকিবলৈ চেষ্টা কৰে।

টেলিভিচন বা স্মাৰ্টফোন আদি আধুনিক ইলেক্টনিক সামগ্ৰীয়ে পিতৃ-মাতৃ আৰু শিশুৰ মাজত থাকিবলগা ভাব-বিনিময়তকৈ বেছি সময় লয়। আমি এই কথা অনুভৱ কৰা উচিত যে, গুগলত চাৰ্চ কৰিলে নেটত পাব পৰা সকলো তথ্যই আমাক বুদ্ধিমান কৰি তুলিব নোৱাৰে। বাহিৰত গৈ খোৱা-বোৱা কৰাটো কোনোমতে পৰিয়ালৰ আমোদ-প্ৰমোদৰ অৱসৰ বিনোদন হ’ব নোৱাৰে, বৰং ই এক প্ৰকাৰৰ নিয়মীয়া জীৱনশৈলীত হে পৰিণত হয়গৈ। চিনেমা হলত, স্কুল কেন্টিনত, মল আদিত তেলত ভজা স্নেক্স বা জাংক ফুড আকন্ঠ সেৱন কৰাৰ অভ্যাসে আমাৰ শিশুসকলৰ স্বাস্থ্যৰ ওপৰত অতি গভীৰ প্ৰতিকুল প্ৰভাৱ পেলাইছে। এই ক্ষেত্ৰত আমি সজাগ হোৱাৰ আৰু মানুহৰ ভৱিষ্যত প্ৰজন্ম ধ্বংস কৰা দৈত্যটোৰ মুখামুখি হোৱাৰ ইয়েই উপযুক্ত সময় হৈছে বুলি বিবেচনা কৰা উচিত। তাৰোপৰি আমাৰ মাজত কিছুমান সাংস্কৃতিক ভুল ধাৰণাৰ প্ৰচলন আছে, যেনে- আমি শকত-আৱত বা লোদোৰ-পোদোৰ শিশুক এটি স্বাস্থ্যবান শিশুৰূপে আখ্যা দিওঁ। সত্যৰ পৰা কোনো এটাকে আঁতৰত ৰাখিব নোৱাৰি।

আমি অনুভৱ কৰা উচিত যে, ৰোগমুক্ত হৈ থকা অৱস্থাটোৱেই সুস্বাস্থ্য। ক্ৰমে শৰীৰত মেদ বা ওজন বৃদ্ধিৰ প্ৰৱণতা সুস্বাস্থ্যৰ লক্ষণ নহয়।

‘শূন্য কেলৰি’ এনে এটা সংজ্ঞা, যাৰ অৰ্থ তেনেই কম সংখ্যক লোকেহে বুজি পায়। এবিধ খাদ্য দ্ৰব্যত থকা কেলৰিৰ পৰিমাণ আৰু সেই কেলৰি শৰীৰটোৰ বাবে প্ৰকৃততে প্ৰয়োজন নাথাকিবও পাৰে। কিন্তু আমি যিকোনো উপায়েৰে এই কেলৰি গ্ৰহণ কৰো। এবিধ কেলৰি থকা খাদ্য- আলু ভুজিয়া আদি ডিঙুইৰ গুৰিলৈকে সেৱন কৰো। এইবিধ দ্ৰব্যই আমাৰ শৰীৰৰ কাৰণে প্ৰতিদিনে দৰকাৰী কেলৰিৰ প্ৰায় গোটেইখিনিৰ যোগান ধৰে। তেতিয়া এই অতিৰিক্ত, অবাঞ্চিত, অপ্ৰয়োজনীয় কেলৰিখিনি শৰীৰত চৰ্বিৰূপে জমা হৈ ৰয়। সেয়ে সামৰণিত আমাৰ শিশুসকল মেদবহুলতাত আক্ৰান্ত হোৱাৰ ক্ৰমবৰ্ধমান ঘটনাৰ কাৰণবিলাক আপোনালোকক জনাব খুজিছো। সেই কাৰকবিলাক হ’ল- অৰ্থনৈতিক উন্নতি, সহজে পাব পৰা খাদ্য- বিশেষভাৱে জাংক ফুড, চাকৰি কৰা পিতৃ-মাতৃ, ভুল ধাৰণা, শুই-বহি কটোৱা জীৱনশৈলী, পিতৃ-মাতৃৰ অপৰ্যাপ্ত যতন আদি। এটা বিজ্ঞানসন্মত দৃষ্টিভংগী তথা যুক্তসংগত আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োগ আদি বিষয়বোৰক সদায় উদগণি দিব লাগে। বিস্তৃত শিক্ষাৰ প্ৰ্চাৰক উৎসাহিত কৰি, আযুক্তিকৰ বা অৱাস্তৱ বিশ্বাস আৰু আচৰণ আদি বিষয়বোৰক বাধা দিব লাগে। শিশুৰোগ বিশেষজ্ঞ হিচাপে মোৰ দায়িত্ব হ’ল- মেদবহুলতা প্ৰতিৰোধ কৰা, সুস্থ জীৱনশৈলীক উৎসাহিত কৰা, ভাল খাদ্য গ্ৰ্হণৰ অভ্যাস গঢ়ি তোলা আৰু সৰ্বোপৰি চিকিৎসকৰ ওচৰলৈ যিমান পাৰি কম ৰোগী যোৱাটো নিশ্চিত কৰা। সেয়ে আমি পিতৃ-মাতৃসকলৰ সঁহাৰি আৰু ভগৱানৰ সহায় আশা কৰিছো।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(ডাঃ আবিদ আহমেদ)

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate