মানুহৰ তলপেটৰ ভিতৰত নাড়ী-ভূঁৰুবোৰ আছে আৰু সেইবোৰ পেটৰ সুৰক্ষিত আৱৰণীৰ(Abdominal Wall) ভিতৰত সোমাই আছে। কিন্তু এই আৱৰণীৰ কোনো কোনো ঠাইত অন্য অংগ-প্ৰত্যংগলৈ শৰীৰৰ সংযোগৰ বাবে সুৰঙা(Body Cavity) আছে। নাড়ী-ভূঁৰুবোৰেই অন্ত্ৰ- ক্ষুদ্ৰ অন্ত্ৰ আৰু বৃহৎ অন্ত্ৰ।
ক্ষুদ্ৰ অন্ত্ৰ আৰু বৃহৎ অন্ত্ৰ:
কোনো কাৰণত কেতিয়াবা এই অন্ত্ৰৰ কোনো অংশ, বিশেষকৈ সুৰুঙাৰ(Cavity) কাষতেই হয়, অন্ত্ৰৰ অংশ বাঢ়ি ওলাই যাব খোজে আৰু সেই কাৰণে বাঢ়ি যোৱা অসুখকে অন্ত্ৰ বৃদ্ধি বোলে। অসুখ হোৱা ঠাইৰ নাম অনুসৰি অন্ত্ৰ বৃদ্ধি কেবাবিধৰো হয়।
ইনগুইনেল হাৰ্নিয়া:
পুৰুষৰ অণ্ডকোষলৈ ৰক্তবাহিকা নাড়ী বা ধমনী(Artery) আদি নামি যাবলৈ তলপেটৰ তলভাগত সুৰুঙা(Inguinal Canal) আছে তাৰ মাজেৰে অন্ত্ৰ বৃদ্ধি হৈ বাহিৰ ওলাব খুজিলে বা ওলালে তাক ইনগুইনেল হাৰ্নিয়া বোলে।
ফেমোৰেল হাৰ্নিয়া:
কৰঙন আৰু তলপেটৰ সংযোগস্থলৰ সুৰঙাৰে ফেমোৰেল আৰ্টেৰি ভৰিৰ ফালে তললৈ নামি গৈছে। সেই সুৰুঙাৰে বৃদ্ধি হোৱা অন্ত্ৰ বাহিৰ হ’ব খুজিলে তাক ফেমোৰেল হাৰ্নিয়া বোলে।
আমবাইলিকেল হাৰ্নিয়া:
নাভিৰ ওচৰৰ নৰম অংশৰে মাজৰেও অন্ত্ৰ বৃদ্ধিৰ অংশ ওলাই আহিব খোজে। নাভিৰ ওচৰত তেতিয়া ফুলি উঠে। ইয়াক আমবাইলিকেল হাৰ্নিয়া বোলে। এইবিধ হাৰ্নিয়া বিশেষকৈ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বেছি হোৱা দেখা যায়।
হাইয়েটাছ হাৰ্নিয়া:
বুকুৰ ফালে থকা হাইয়েটাছ সুৰংগৰে(Hiatus Hole) বৃদ্ধি হোৱা অন্ত্ৰৰ অংশ যাব খুজিলে তাক হাইয়েটাছ হাৰ্নিয়া বোলে।
ইনছিছনেল হাৰ্নিয়া:
কেতিয়াবা আকৌ অন্ত্ৰৰ কোনো অংশ অন্য কোনো অস্ত্ৰোপচাৰৰ সময়ত ফুটিব খুজিলে তেতিয়া সেই ঠাইত অন্ত্ৰ ফুলি বৃদ্ধি হৈ যায়। তাক ইনছিছনেল হাৰ্নিয়া বোলে।
লক্ষণ:
শৰীৰৰ ভিতৰ ভাগত ওপৰত উল্লেখ কৰা অৱস্থাবোৰ হয় আৰু শৰীৰৰ ৰোগ হোৱা ঠাইত বাহিৰফালে ফুলি উঠে। অসুখ বেছি হ’লে বিষায়।
এই ৰোগৰ তিনিটা অৱস্থা থাকে। কেতিয়াবা বাহিৰফালে ফুলা অৱস্থা দেখিলে হাতেৰে ঠেলি দিলে ভিতৰফালে যায় আৰু স্বাভাৱিক অৱস্থাত থাকেগৈ। ইয়াক ৰিডিউচিবল(Reducible) হাৰ্নিয়া বুলি ধৰা হয়। কেতিয়াবা ওলাই যোৱা অংশ ফুলি উঠে আৰু এই অৱস্থা নাথাকে তাক ইৰিডিউচিবল হাৰ্নিয়া বুলি কোৱা হয় আৰু কেতিয়াবা বাহিৰফালে অৰ্থাৎ নিজৰ ঠাইৰ পৰা সুৰুঙাৰে ওলাই গ’লে চেপাত পৰি সেই অংশলৈ ৰক্ত চলাচল বন্ধ হৈ যায়, সেই অংশ মৰিও যাব পাৰে, বা পকি ফোহোৰাৰ দৰে হ’ব পাৰে তাক ষ্ট্ৰোংগুলেটেড(Strangulated) হাৰ্নিয়া বুলি কোৱা হয়। তলপেটৰ তলৰ ফাল হাৰ্নিয়া ষ্ট্ৰোংগুলেটেড হ’লে মলদ্বাৰ বন্ধ হ’ব পাৰে। তেতিয়া ৰোগীয়ে বমি কৰে মল বমি হৈ মুখেৰে ওলায়।
কাৰণ:
যকৃত অসুস্থ হ’লে জঠৰাগ্নি দুৰ্বল হয় আৰু শৌচ কচা ৰোগ আৰম্ভ হয়। তলপেটৰ মাংপেশী, স্নায়ু দুৰ্বল হৈ যায়। শৌচ উলিয়াই দিয়াৰ জোখৰ বল অন্ত্ৰৰ মাংসপেশীত নাথাকে। কিন্তু ময়লা বাহিৰ কৰি দিবলৈ অন্ত্ৰত বল প্ৰয়োগ হৈ থাকে। ফলত অন্ত্ৰৰে কোনো অংশ বাহিৰফালে ওলাই যাব ধৰে আৰু অন্য কোনো অঙ্গৰ মাজত সোমায়। যকৃত হোৱাৰ মূল কাৰণ খাদ্যৰ কু-অভ্যাস। মাছ, মাংস, কণী, ঘিউ, তেল, মছলা আদি অধিকযুক্ত আহাৰ, শুকান খাদ্য আদি বেছি পৰিমাণে খোৱাৰ অভ্যাস হ’লে, মদ খোৱাৰ অভ্যাস কৰিলে যকৃত দুৰ্বল হয়।
চিকিৎসা:
হাৰ্নিয়াৰ বাবে অস্ত্ৰোপচাৰেই একমাত্ৰ চিকিৎসা ব্যৱস্থা। বিনা অস্ত্ৰোপচাৰে স্নানচ্যুত অন্ত্ৰাংশ ঘূৰাই অনা সহজ নহয়। কেৱল ৰিডিউচিবোল অৱস্থাত থাকিলে হাতেৰে ঠেলি কেতিয়াবা ঘূৰাই অনা সম্ভৱ হয়। তাকো অভিজ্ঞ চিকিৎসকে কৰিব লাগে।
ইনগুইনেল হাৰ্নিয়া আৰু ফেমোৰেল হাৰ্নিয়া কিছু কষ্টদায়ক হ’লেও মাৰক বা প্ৰাণনাশক নহয়। বহুলোকে এইধৰণৰ ৰোগ বহন কৰিলে চলি থাকে। কিন্তু ষ্ট্ৰেংগুলেটেড অৱস্থা হ’লে ঘাতক হৈ পৰে গতিকে সোনকালে অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিব লাগে।
হাৰ্নিয়া হোৱা লোকে পেটত এটা কাপোৰেৰে বান্ধ দি ৰাখিব লাগে। তেতিয়া সাধাৰণ চলা-ফিৰাৰ কামত অসুবিধা কম হয়। আজিকালি পেটত বান্ধিবলৈ তেনেকুৱা বেল্ট বজাৰত পোৱা যায়।
এইখিনিতে মই মোৰ ব্যক্তিগত অভিজ্ঞতা সামান্য উপস্থাপন কৰিব খুজিছো। ১৯৯৭ চনত মাৰ্চ মাহত মোৰ পত্নীৰ ইনছিছনেল হাৰ্নিয়া হৈছিল। তেতিয়া ডা: ৰামদত্ত বুজৰবৰুৱাৰ ওচৰলৈ মই মোৰ পত্নীক লৈ গৈছিলো। তেখেত এজন বিশিষ্ট শল্য চিকিৎসক আছিল। গুৱাহাটীৰ মহেন্দ্ৰমোহন চৌধুৰী হাস্পতালৰ অধীক্ষক(Superintendent) হিচাপে বহুদিন আছিল আৰু এই সময়ৰ তেখেতে অৱসৰ পাইছিল। মই আকাশবাণী গুৱাহাটীত স্বাস্থ্যানুষ্ঠান শাখাৰ সম্প্ৰসাৰণ বিষয়া হিচাপে থাকোঁতে তেখেতৰ সৈতে মোৰ নিকট সান্নিধ্য গঢ়ি উঠিছিল। মই মোৰ পত্নীক তেখেতৰ ওচৰলৈ লৈ গৈছিলো। দুই বছৰমান আগতে মোৰ পত্নীৰ জৰায়ু উঠাই দিয়াৰ বাবে মেজৰ অপাৰেছন হৈছিল। সেই অপাৰেছ্নৰ ফলতে পত্নীৰ ইনছিছনেল হাৰ্নিয়া হোৱা বুলি তেখেতে কৈছিল আৰু অপাৰেছন কৰিব লাগিব বুলি কৈছিল। পত্নীয়ে ভয়তে অপাৰেছন নকৰাকৈ নহয়নে বুলি প্ৰশ্ন কৰাত তেখেতে কৈছিল- “এই পৃথিৱীত আজিলৈকে এই হাৰ্নিয়াৰ ৰোগী বিনা অপাৰেছনে ভাল হোৱা নাই। ভয় নকৰিব মই যত্ন লৈ অপাৰেছনটো কৰি দিম”। মই বিশেষজ্ঞজনৰ কথাখিনি আপোনাক জনাবলৈহে এই কথাখিনি উপস্থাপন কৰিলো। হাৰ্নিয়াৰ অসুখত অস্ত্ৰোপচাৰ অপৰিহাৰ্য।
পথ্য-অপথ্য:
যকৃত সবল হৈ উঠিলে হজম শক্তি বাঢ়ে। শৌচ কচা অসুখ আৰোগ্য হয়। যিবোৰ খাদ্য খালে যকৃত সবল হয়, শৌচ কচা অসুখ দূৰ হয় তেনে খাদ্য খাবলৈ ল’ব। তাৰ বাবে চিৰোছিছ অব লিভাৰৰ আলোচনাত আৰু শৌচ কচা অসুখৰ আলোচনাত চাওক। শৌচ কচা দূৰ হ’লে হাৰ্নিয়াৰ অসুখ নহয়।
হাৰ্নিয়া থকা লোকে গধুৰ বস্তু বহন নকৰিব। পায়খানাত বল দি নাথাকিব। যি পায়খানা হ’ল তাতেই ক্ষান্ত থাকিব। পেট ভৰাই আহাৰ নাখাব। একোগিলাচকৈ মাজে মাজে খাই থাকিব। মাজে উপবাস দিব পাৰে।
মাছ, মাংস, কণী, ঘিউ, তেল-মছলা বেছিকৈ ব্যৱহাৰ কৰা খাদ্য, শুকান বিস্কুট আদি খাদ্য নাখাব। মদ্যপান নকৰিব। ধূমপান কৰা নিষেধ।
অন্ত্ৰৰ উপাংগ প্ৰদাহ। মানুহৰ পেটৰ নাড়ী-ভূঁৰুৰ ক্ষুদ্ৰ অন্ত্ৰৰ শেষত বৃহৎ অন্ত্ৰৰ সংযোগস্থলৰ সামান্য ওপৰফালে বৃহৎ অন্ত্ৰত এটা ৭-১০ চেন্টিমিটাৰমান দীঘল ফুটা বা মুখ-চকু নথকা(Blind) টিউবৰ দৰে ক্ষুদ্ৰ অংগ আছে। ইয়াক এপিণ্ডিক্স বা উপাংগ বোলে। আমাৰ শৰীৰৰ বাবে ইয়াৰ কাম এতিয়াও চিকিৎসা বিজ্ঞানে ঠাৱৰ কৰিব পৰা নাই। কাটি উঠাই দিলেও তেনেকৈ কোনো ক্ষতি নহয়। কিন্তু ই ৰোগাক্ৰান্ত(Infected) হয় আৰু প্ৰদাহিত হৈ উঠিব পাৰে আৰু সাধাৰণতে ডেকা বয়সৰ লোকৰে বেছিকৈ হয়।
ৰোগৰ কাৰণ:
উপাংগ প্ৰদাহিত হ’লে তলপেটৰ মাজভাগত প্ৰথমতে অলপ বিষোৱা বিষোৱা যেন লাগে। পাছলৈ নাভিৰ পোনে পোনে, নাভি আৰু গাৰ সোঁকাষলৈ যি দূৰত্ব তাৰ ঠিক মাজত বিষ-বেদনা বেছি হয়। কাৰণ এপেণ্ডিক্সটো ঠিক তাৰ তলতে থাকে। এপেণ্ডিক্স প্ৰদাহিত হৈ পকি ফোঁহাৰ দৰে হৈ যাব পাৰে। অসুখ বেছি হৈ গ’লে ইমান বিষ হয় যে বিভিন্ন ঠাইত বিষ অনুভৱ হয়। অইন কি চিকিৎসকে এপেণ্ডিচাইটিছ বুলি ৰোগ নিৰ্ণয় কৰাটোৱে কেতিয়াবা অসুবিধাজনক হয়। পকিলে শেষত ফাটি যায় আৰু ৰোগীৰ সংকটজনক অৱস্থাৰ সৃষ্টি হয়। এই ৰোগ যৌৱনকালতে বেছিকৈ হয়।
ৰোগৰ লক্ষণ:
আয়ুৰ্বেদ মতে পিত্তৰ(বায়ু, পিত্ত, কফ) দোষত এই ৰোগ হয়। সাধাৰণতে পৰিশ্ৰমবিমুখ লোক, কোনো ব্যায়াম বা যোগাসন আদি কৰাৰ প্ৰতিও আগ্ৰহ নাই অৰ্থাৎ নকৰে, অত্যধিক আমিষ আহাৰ খায়, দীৰ্ঘস্থায়ী কোষ্ঠবদ্ধতাত ভোগে সেইসকল লোকৰে উপাংগ প্ৰদাহ হোৱা দেখা যায়। এই ধৰণৰ আহাৰ-বিহাৰৰ ফলত পিত্তকোপিত হয় আৰু খাদ্যৰ মলভাগ, ৰোগৰ বীজাণু আৰু বিষাক্ত গেছসহিত ক্ষুদ্ৰ অন্ত্ৰৰ পৰা বৃহৎ অন্ত্ৰলৈ যাওঁতে কোনো বিজুতিৰ ফলত ৰোগৰ বীজাণু বা দূষিত গেছ উপাংগত সোমাই পৰে। ফলত উপাঙ্গ প্ৰদাহিত হৈ পকি ফাটি সেইবোৰ ওলাই যায় আৰু ৰোগীজনলৈ বিপদ মাতি আনে।
চিকিৎসা:
এপেণ্ডিচাইটিছ ৰোগৰ অস্ত্ৰোপচাৰেই নিৰ্ভৰযোগ্য চিকিৎসা।
আহাৰ-বিহাৰৰ নিয়ম আৰু পথ্যাদি:
শৌচ কচা নাথাকিলে এই ৰোগ হোৱাৰ সম্ভাৱনা কম। শৌচ যাতে কচা নহয় যত্ন লওক, ৰোগ নিৱাৰিত হৈ থাকিব। শৌচ কচা ৰোগৰ আলোচনা চাওক।
কৃমি বা পেলু কিছুমান পৰজীৱী পোক। ডাঙৰ সৰু আৰু আকাৰভেদে এইবোৰ কে’বাবিধো আছে। যেনে- ফিতাপেলু, সূতাপেলু, হাঁকোটা পেলু, কেঁচুপেলু আৰু সকলোকে একেলগে কৃমি বুলি জনা যায়। এইবোৰ মানুহৰ অন্ত্ৰত থাকে আৰু নানাভাৱে ৰোগৰ সৃষ্টি কৰে।
ফিতাপেলু চেপেটা; ইয়াৰ প্ৰভাৱ অসমত কম। ই প্ৰধানকৈ গৰু-ছাগলীৰ পেটত, মাংসপেশীত থাকে। মাংস খাওঁতে, ৰান্ধোঁতে পোকবোৰ নমৰিলে মানুহৰো হয়।
সূতাপেলু বৰ সৰু। বেছিকৈ সৰু ল’ৰা-ছোৱালীৰ হয়। এইবোৰে পেটৰ পৰা ওলাই গুহ্যদ্বাৰত কণী পাৰে। তেতিয়া গুহ্যদ্বাৰ খজুৱায়। কণী ফাটি পোৱালি হ’লে সেইবোৰ পেটৰ অন্ত্ৰলৈ যায়। তাত গৈ ডাঙৰ হয়।
হাঁকোটা পেলু- ইয়াৰ কণী মানুহৰ শৌচত বাহিৰ ওলায়। বন, মাটি আদি লাগি থাকে। সূৰ্যৰ পোহৰত ফাটি পোৱালি হয় আৰু খালী ভৰিৰে ফুৰা মানুহৰ ভৰিত লাগি ধৰে আৰু ছালৰ ফুটাৰে ভিতৰলৈ সোমায়। ডাঙৰ পেলু হয়গৈ ক্ষুদ্ৰ অন্ত্ৰত, বৃহৎ অন্ত্ৰত।
কেঁচুপেলুৰ(Round Worm) মতাটো ৩ ইঞ্চিৰ(৭.৫ চে:মি:) পৰা ১০ ইঞ্চি(২৫ চে:মি:) দীঘল হয়। মাইকীবোৰে ১০ ইঞ্চিৰ(২৫ চে:মি) পৰা ১৫ ইঞ্চি(৩৭ চে:মি:) দীঘল হয়। এইবোৰ ক্ষুদ্ৰ অন্ত্ৰ আৰু বৃহৎ অন্ত্ৰত থাকে আৰু তাতেই কণী পাৰে, তাতেই ডাঙৰ হয়।
ৰোগৰ লক্ষণ:
সূতাপেলু হ’লে গুহ্যদ্বাৰ খজুৱায়। ই ‘এন্টাৰোবায়াছিছ’(Enterobiasis) নামৰ এবিধ ৰোগৰ সৃষ্টি কৰে। লগতে এপেণ্ডিচাইটিছ ৰোগৰ হোৱাৰ সম্ভাৱনাৰ সৃষ্টি কৰে। হুকৱাৰ্ম বা হাঁকোটা পেলুৱে অন্ত্ৰত থাকি ৰোগীৰ তেজ শুহি খাই থাকে। মানুহ ৰক্তহীনতা ৰোগত ভোগে। কেঁচুপেলুৱে ক্ষুদ্ৰ অন্ত্ৰত থাকি মানুহে খোৱা খাদ্যৰ সাৰভাগকে শুহি শুহি খাই থাকে। ফলত মানুহ দুৰ্বল হৈ যায়। পেলুৰ পৰা এক ধৰণৰ বিষাক্ত বস্তু ওলায় আৰু তাৰ বাবে জ্বৰ হ’ব পাৰে। কেতিয়াবা পেলু বেছি হ’লে পেটত(অন্ত্ৰত) নুৰা বান্ধে আৰু ক্ষুদ্ৰান্ত্ৰৰ মাজেদি খাদ্যবস্তু যোৱাত বাধা কৰি দিয়ে। ৰোগীৰ বমি হয়। পেটত পেলু থাকিলে ল’ৰা-ছোৱালীৰ পেটত পেলু বেছি হ’লে মানুহটো ক্ষীণাই যায় আৰু পেটটো ডাঙৰ দেখায়।
কাৰণ:
পেলুৰ আক্ৰমণ আন ৰোগীৰ পৰা সংক্ৰমিত হৈ যায়। খোৱা বস্তুৰ মাধ্যমেৰে বা আনে ব্যৱহাৰ কৰা কানি-কাপোৰ ব্যৱহাৰ কৰিলে(সূতাপেলুত) সংক্ৰমিত হ’ব পাৰে।
চিকিৎসা:
2. আধা গ্ৰাম যনীচূৰ্ণৰ সৈতে অলপমান বিটলোণ(কৃত্ৰিম লোণ) অলপমান সামান্য গৰম পানীত লৈ ৰাতি সৰু ল’ৰা-ছোৱালীক খুৱালে কৃমিবোৰ মৰি ৰাতিপুৱা শৌচৰ লগত ওলাই যায়। ডাঙৰেও খাব পাৰি তেতিয়া ১ গ্ৰাম যনীচূৰ্ণৰ সৈতে শিশুতকৈ দুগুণ বিট লোণ খাব লাগিব। চূৰ্ণবোৰ মুখত লৈ পাছত পানীমুখত দিব। যনীচূৰ্ণ শিশুই ৬০ মি:লি: আৰু ডাঙৰে ১২৫ মি:লি: ঘোলৰ লগতো খাব পাৰে। কৃমিৰ বাবে হোৱা সমস্ত বিকাৰ দূৰ হৈ যাব।
3. দুই-তিনিটামান ডাঙৰ ডাঙৰ বিলাহী বেঙেনা, অলপ সৈন্ধৱ লোণ আৰু সামান্য জালুকৰ গুড়ি ছটিয়াই আবেলি ৪ মান বজাত নিতৌ এবাৰকৈ ২-৩ সপ্তাহমান খালে পেটৰ সমস্ত কৃমি বিনাশ হ’ব। বিলাহী খোৱাৰ দুঘন্টা আগত আৰু পাছত একো খাব নালাগে।
অপথ্য:
বিভিন্ন মিঠাই, লুজন, চকোলেট খোৱা নিষেধ। ছেনিটাৰি পায়খানা হাঁকোটা পেলু নিৰ্মূল কৰাৰ একমাত্ৰ উপায়।
লেখক:ব্ৰজনাথ শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 2/9/2023