মানুহৰ যকৃতেই জীৱন। মানুহে খোৱা বস্তুবোৰ হজম হৈ শৰীৰত লগোৱাৰ বহু কাম যকৃতে কৰে। হজম হোৱাৰ কাম মুখৰ লালটিৰে আৰম্ভ হৈ পাকস্থলীৰ গেছট্ৰিক ৰস লগ লাগি খোৱা বস্তুবোৰ লুথুৰীৰ দৰে হৈ যায় যদিও শৰীৰৰ তেজৰ সৈতে, খাদ্যৰ সাৰ ভাগ মিহলি হৈ যাব পৰা অৱস্থা যকৃতত উৎপাদন হোৱা পিত্তৰসে কৰে। পিত্তৰস বাইল ঘন খাৰ জাতীয় জুলীয়া বস্তু(Thik Alkaline Fluid)। ই যকৃতত উৎপন্ন হয় আৰু যকৃততে লাগি থকা পিত্তস্থলী বা পিত্তাশয়ত জমা হৈ থাকে। এই পিত্তাশয়ক গলব্লাডাৰ বোলে।