অৰ্শৰোগক ইংৰাজীত Piles শব্দটো গ্ৰীক শব্দ ‘Pila’ শব্দৰ বৈজ্ঞনিক নাম হ’ল Haemorroides। ই গ্ৰীক ‘Haima’ আৰু ‘Rhoos’ শব্দ দুটাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল Haima মানে তেজ আৰু Rhoos মানে বৈ থকা।
অৰ্শৰোগ আন ভিতৰুৱা ৰোগৰ পৰাহে সৃষ্টি হয়। অৰ্শৰোগীৰ গুহ্যদ্বাৰত আঙুৰৰ থোপাৰ দৰে মাংসপিণ্ডৰ থোপা গঠন হৈ গুহ্যদ্বাৰ ফুলি উঠে। সেই থোপাবোৰ ফাটি কিছুমান ৰোগীৰ তেজ ওলায়। কিছুমানৰ তেজ নোলায়। কিছুমাণ ৰোগীৰ গুহ্যদ্বাৰত বিষ আদি নাথাকে যদিও শৌচৰ শেষত টোপ টোপকৈ বা ফিচকাৰী মৰাৰ দৰে তেজ পৰে। অৰ্শৰোগৰ আৰম্ভনিতে শৌচ কৰোতে , কৰাৰ আগতে বা শৌচ কৰি উঠাৰ পিছত অসহ্য বিষ হয়। অৰ্শ ৰোগীৰ গুহ্যদ্বাৰৰ ভিতৰফালে আঙুৰৰ দৰে হয়। অৰ্শ ৰোগীৰ গুহ্যদ্বাৰৰ ভিতৰফালে আঙুৰৰ দৰে হোৱা মাংসপিণ্ডবোৰ শৌচ কৰোতে বাহিৰলৈ ওলায় আহে। সহজে ভিতৰলৈ সোমাই নাযায়। আঙুলিৰে হেঁচা মাৰি ভিতৰলৈ সুমুৱাব লাগে। নতুন অৱস্থাত টান মাংশপিণ্ডবোৰ ভিতৰলৈ ঠেলি দিলে সাংঘাতিক বিষ হয়। কিছুমান অৰ্শৰোগীৰ অৰ্শ গুহ্যদ্বাৰ ভিতৰত হয়। মাজে মাজে তেজ ওলাই থাকে আৰু শৌচ কৰোতে অসহ্য বিষ হয়। লগতে যদি শৌচ কঠিন হয় তেন্তে প্ৰচণ্ড বিষ হয়। কিছুমান অৰ্শৰোগীৰ অৰ্শ গুহ্যদ্বাৰৰ সন্মুখত ওলমি থকা মাংসপিণ্ডবোৰ ফাটি ঘাঁ হয়। অনবৰত তেজ, পূঁজ বা জুলীয়া পদাৰ্থ্ ওলাই থাকে। কিছু লোকৰ শৌচৰ আকাৰ ডাঙৰ হোৱাৰ কাৰণে গুহ্যদ্বাৰত ফাট মেলে।
অৰ্শৰোগ এটা জটিল ৰোগ যদিও উপযুক্ত নিয়ম-নীতি মানি চলিলে হোমিঅ চিকিৎসাৰে ৰোগৰপৰা পৰিত্ৰাণ পাব পাৰি।
এই বিন্দুসমূহত প্ৰতিদিনে তীব্ৰ উত্তেজনা দি চিকিৎসা কৰা হয়। এই চিকিৎসা ১৫-২০ মিনিট সময় কৰা হয়। তাৰ লগতে মক্সিবাশ্বনো কৰা হয়।
অৰ্শৰোগত হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা কৰাৰ উপৰি কেঁচুমটাৰ বাষ্প ল’ব পাৰে।
শুকান ৪-৫ ডোখৰ কেঁচুমটা জুইত ৰঙা হ’বলৈ দিব লাগে। ৰঙা হ’লে এটা সৰু (গাখীৰৰ টিনৰ সমান)টিনত সেই ৰঙা হোৱা কেঁচুমটা কেইডোখৰ সুমুৱাই ল’ব লাগে। টিনত সুমুৱাই লগে লগে কিছু মিটাতেল টিনটোৰ ভিতৰত কেঁচুমটাৰ ওপৰত ঢালি দিব লাগে।
এইদৰে মিঠাতেল ঢালি দিয়াৰ লগে লগে বাষ্প হৈ ধোঁৱা ওলাব। সেই ধোঁৱা যিমান গৰম সহ্য কৰিবপৰা যায়সিমান গৰম শৌচ কৰাৰ দৰে বহি বাষ্প ল’ব লাগে। এবাৰ বাষ্প লোৱা কেঁচুমটা পুনৰ ব্যৱহাৰ কৰিব নালাগে। এনেদৰে ৰাতি তিনি চাৰিৰাৰ একে লেথাৰিয়ে বাষ্প ললে অতি কম দিনৰ ভিতৰত অৰ্শৰোগ আৰোগ্য হয়। অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয়। অৰ্শৰোগ আৰোগ্য হলেও শৰীৰৰ ভিতৰুৱা ৰোগসমূহ সম্পূৰ্ণ আৰোগ্য নোহোৱালৈকে হোমিঅ’ ঔষধ খাব লাগে। এই চিকিৎসাবোৰৰ উপৰি কুচিয়া মাছ মানিমুনি শাকৰ লগত এসপ্তাহমান দিনে দুবাৰকৈ আঞ্জা ৰান্ধি খালেও অৰ্শৰোগ সম্পূৰ্ণ আৰোগ্য হয়।
অৰ্শৰোগত বেছি মছলাযুক্ত খাদ্য খাব নালাগে। সদায় সহজে হজম হোৱা খাদ্য খাব লাগে। মদ এই ৰোগৰ প্ৰধান শত্ৰু। মদ খালে এই ৰোগ বহুত বাঢ়ি যায়। বাইক চলোৱা, চাইকেল চলোৱা, গাড়ীত বেছি ভ্ৰমণ কৰাৰ পৰা আঁতৰি থাকিব লাগে। বিষ হৈ থাকিলে আসন কৰি বহিব নালাগে। সদায় অলপ সময় খোজ কাঢ়িব লাগে। পানী বেছিকৈ খোৱাৰ অভ্যাস কৰিব লাগে। সদায় সেউজীয়া শাক পাচলি, দৈৰ ঘোল, বেলৰ চৰবত, পকা কল আদি নিয়মীয়াকৈ খাব লাগে। কেতিয়াও শৌচৰ বেগ ধৰি ৰাখিব নালাগে। উপবাসে থকা, ৰাতি উজাগৰে থকা, সহবাস আদিৰপৰা বিৰত থাকিব লাগে। তদুপৰি নাৰিকলৰ পানী, ফলৰ ৰস, বেল, কঁচু, পকা অমিতা আদি খোৱাৰ অভ্যাস কৰিব লাগে। সদায় শৌচ-প্ৰস্ৰাৱ খোলোচা ৰাখিবলৈ চেষ্টা কৰিব লাগে।
উৎসঃ ডা০ ডুলুমণি দাস
শেহতীয়া উন্নীতকৰণ: : 3/19/2020
অৰ্শৰোগ :