আজিকালি বহু লোকেই গাউট ৰোগত ভুগি অশান্তি আৰু যন্ত্ৰণাময় জীৱন কটাবলগীয়া হয়। এই অসুখটো খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি গ’লে গাউট বা গাঁঠিবাত বা গাউট মধ্য বয়সৰ বা বয়সীয়া লোকসকলৰ মাজত বেছিকৈ হোৱা দেখা যায়। শৰীৰৰ যিকোনো গাঁঠিতে এই ৰোগ হ’ব পাৰে। গাঁঠিবাত হ’ল অকস্মাতে এটা গাঁঠি ফুলি উঠে আৰু অসম্ভৱ বিষ হয়। ই বৰ যন্ত্ৰণাদায়ক। গাঁঠিটোত ইমানেই হয় যে হাতেৰেও চুব নোৱাৰি বা কাপোৰখনো চোঁচৰাই নিব নোৱাৰি। বিষ হোৱা ঠাইডোখৰৰ পৰা ছাল এৰি যোৱাৰ নিচিনা হয়। এই ৰোগত আক্ৰান্ত হোৱা গাঁঠিবোৰ হ’ল-ভৰিৰ বুঢ়া আঙুলি, ভৰিৰ পানী গাঁঠি, আঁঠু, হাতৰ আঙুলি গাঁঠি, হাতৰ মণিবদ্ধ, হাত আৰু বাহুৰ সংলগ্ন গাঁঠিত।
ইউৰিক এচিড হ’ল দেহত উৎপন্ন হোৱা এবিধ পদাৰ্থ। আমি খাই থকা খাদ্যত পোৱা পিউৰিনবোৰ যেতিয়াই সম্পূৰ্ণৰূপে হজম হয়, তেতিয়া এচিড জাতীয় কিছুমান ৰাসায়নিক দ্ৰব্য গঠন হয় আৰু সেইবোৰেই ইউৰিক এচিডৰ ৰূপ লয়। শৰীৰত স্বাভাৱিক পৰিমাণত থকা ইউৰিক এচিডবোৰ আমাৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। ই এন্টি অক্সিডেন্টৰ কাম কৰে আৰু তেজৰ চলাচল নিয়মীয়া কৰে। সেয়ে আমি ইউৰিক এচিড সীমিত মাত্ৰাত থাকিবৰ বাবে অধিক ইউৰিক এচিড উৎপন্ন হোৱা খাদ্যৰ পৰা আতঁৰি থাকিব লাগে। ইউৰিক এচিডবোৰ যকৃতৰ মাজেদি পাৰ হৈ তেজৰ সোঁতত মিহলি হয়। পৰিষ্কাৰ কৰা ইউৰিক এচিডৰ পৰিমাণ বেছি হ’লে পিছলৈ গাউট বা গাঁঠিবাত হ’ব পাৰে। কেতিয়াবা আকৌ কোনো এজন ব্যক্তিৰ শৰীৰত অধিক মাত্ৰাত ইউৰিক এচিড থাকিলেও তেওঁৰ গাউট বা গাঁঠিবাত নহ’বও পাৰে। আনহাতে, গাউটত আক্ৰান্ত ব্যক্তিৰ শৰীৰতো ইউৰিক এচিডৰ মাত্ৰা কমিও থাকিব পাৰে। দেহত ইউৰিক এচিডৰ মাত্ৰাতকৈ ইউৰিক এচিডৰ তাৰতম্য (হঠাতে বেছি বা কম হোৱা) ওপৰতহে গাউট হোৱাত নিৰ্ভৰ কৰে।
সাধাৰণতে গাউট প্ৰথম অৱস্থাত বুঢ়া আঙুলিৰ গাঁঠিত হয়। হঠাতে গাঁঠিটো ফুলি যায় আৰু অসম্ভৱ বিষ হয়। ৰোগ বেছি হ’লে প্ৰথমে জ্বৰ, ঘাম ওলোৱা, ভোক নলগা, প্ৰস্ৰাৱ ৰংচুৱা হোৱা আদি লক্ষণে দেখা দিয়ে।
এই ৰোগত গাঁঠিবোৰত ইউৰিক এচিডৰ দানা জমা হয়। ‘টফি’ নামৰ ইউৰিক এচিডৰ দানা আঙুলিৰ গাঁঠি আৰু কাণৰ বাহিৰৰ অংশত জমা হৈ গাঁঠিবোৰ বিকৃত আকাৰৰ হৈ যায়। তদুপৰি ৰোগীজনৰ বৃক্ক আক্ৰান্ত হৈ পাথৰ জমা হ’ব পাৰে। বৃক্ক একেবাৰে নষ্ট হৈও যাব পাৰে।
গাঁঠিবাত সাধাৰণতে মদ, মাংস অতিৰিক্ত চেঁচা মাটিত শুলে, অতিৰিক্ত জেকা ঠাইত বাস কৰিলে, অতিৰিক্ত ঠাণ্ডা লগালে, সীহেৰে তৈয়াৰী যন্ত্ৰৰ দ্বাৰা কাম কৰিলে, অজীৰ্ণ, অম্লৰ দোষ, শৌচ কঠিন হোৱা ইত্যাদি কাৰণত হয়। বংশগত দোষৰ পৰা চিফিলিছ, গণৰীয়াৰ পৰাও গাঁঠিবাত বেমাৰ হয়।
গাঁঠিবাত বেমাৰত লক্ষণ অনুসাৰে যদি হোমিঅ’ চিকিৎসা কৰা হয়, তেতিয়া হ’লে অতি সোনকালে আৰোগ্য লাভ কৰিব। হোমিঅ’ ঔষধবোৰ হ’ল-
Rhododendron: ভৰিৰ বুঢ়া আঙুলিৰ গাঁঠিবাত এই ঔষধটো ব্যৱহাৰ হয়। এই ঔষধটো ব্যৱহাৰ কৰি সম্পূৰ্ণ আৰোগ্য লাভ কৰিবলৈ Medorrthinum ব্যৱহাৰ কৰিব পাৰে।
Ledum: ভৰিৰ গোৰোহাৰ গাঁঠিবাতত এই ঔষধটো ব্যৱহাৰ কৰিব লাগে। এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীয়ে ভৰিৰ গোৰোহা চেঁচা পানীত সুমুৱাই থ’লে আৰাম পায়।
Antim Crude: ভৰিৰ সৰু গাঁঠিতকৈ ভৰিৰ তলুৱা অতিৰিক্ত ফুলিলে, বিষালে, খোজকাঢ়িব নোৱাৰিলে Antim Crude ব্যৱহাৰ কৰা হয়।
Maganum Mur: ভৰিৰ গাঁঠিত আৰু ভৰিৰ হাড়বোৰত বিষ হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয়।
গাঁঠিবাতৰ নিৰ্ভৰযোগ্য চিকিৎসা হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিকল্প চিকিৎসা। এই বিকল্প চিকিৎসাৰ ভিতৰত চীনদেশীয় আকুপাংচাৰ চিকিৎসা পদ্ধতি অন্যতম। তলত উল্লেখিত শৰীৰৰ কিছুমান বিন্দুত চিকিৎসা কৰিলে দ্ৰুতগতিত ৰোগ আৰোগ্য হয়। বিন্দুসমূহ হ’লে-
হাতৰ কিলাকুটিৰ বিন্দু
L.I.11,L.I.13,L.U.5,H.3.G.B.34,S.I.5 আদি।
হাতৰ মণিবন্ধৰ গাঁঠি
L.I.11,S.I.6,P.7,L.I.4 ইত্যাদি।
আঁঠুৰ বিন্দু
St. 34, Sp 10, St. 35, G.B.33, G.B. 34, St. 36, U.B. 40, Sp. 6 ইত্যাদি। ইয়াৰ লগতে হাম্মাৰিং, মক্সিবাশ্বন আদি পদ্ধতি প্ৰয়োগ কৰিলে ৰোগ আৰোগ্য সোনকালে হয়। প্ৰতিদিনে ১৫/২০ মিনিট সময় মৃদু উত্তেজনা দি ৰোগীক চিকিৎসা কৰা হয়। দহটামান ক’ৰ্ছত সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পাৰিব।
আমলখি, শিলিখা, নেমু টেঙা, খুতৰা শাক, জিলমিল, মানিমুনি, ৰবাব টেঙা, নৰসিংহ, তিয়ঁহ, চজিনা আদি।
বিন, মটৰ, বেঙেনা, মচুৰ মাহ, ফুলকবি, পালেং, কাঠফুলা, বিয়েৰ, ফাষ্ট ফুড আদি। প্ৰাথমিক চিকিৎসা হিচাপে কাজি নেমুৰ ৰস কুহুমীয়া গৰম পানীৰ লগত দিনে দুবাৰ বা তিনিবাৰকৈ মিহলাই খাব পাৰে। এনেকৈ খাই থাকিলেও ইউৰিক এচিডৰ পৰিমাণটো কমাই দিয়ে।
বেছি জ্বলা-মছলাযুক্ত খাদ্য খাব নালাগে। অতিৰিক্ত চৰ্বিযুক্ত মাংস, মদ আদি খাব নালাগে। পাৰিলে দিনটোৰ ভিতৰত এক, দুই লিটাৰ পানী খাব পাৰে। ওজন কমাওক। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব। স্বাস্থ্যকৰ সুষম আহাৰ খাওক। এইবোৰ নিয়ম-নীতি মানি চলিলে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব।
লেখিকা: ডা: ডুলুমণি দাস, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018