আমাৰ পাকস্থলীৰ পৰা নিয়মিতভাৱে পাচক ৰস নি:সৰণ নহ’লে খাদ্য সম্পূৰ্ণভাৱে জীণ নাযায়। ফলত পাকস্থলীত খাদ্য পচিবলৈ আৰম্ভ কৰে। পাকস্থলীৰ মিউকাচ আৱৰণিত প্ৰদাহ হয় আৰু গেষ্ট্ৰাইঅটিচৰ ৰোগ আৰম্ভ হয়।
অতিৰিক্ত ঠাণ্ডা বা গৰম খাদ্য খালে, মছলাযুক্ত আহাৰ খালে, পচা মাছ-মাংস খালে, অনিয়মিতভাৱে মদ খালে, অতিৰিক্ত গৰমত আইচক্ৰীম খালে, অতিৰিক্ত পৰিশ্ৰমৰ অন্তত ঠাণ্ডা বস্তু খালে, তৰোপৰি অতিৰিক্ত মানসিক চিন্তা হ’লে, পৰিশ্ৰ্ম নকৰাকৈ সময় কটালে এই ৰোগ হোৱাৰ আশ্ংকা থাকে। এনিমিয়া, ব্ৰাইটডিজিজ, মাৰাচমাচ, থাইচিছ, অৰ্শ, বাত আদি ৰোগৰ উপসৰ্গ হিচাপেও গেষ্ট্ৰাইটিচ ৰোগ হ’ব পাৰে।
গেষ্ট্ৰাইটিচ হ’লে কেৱল ঔষধৰ দ্বাৰাই আৰোগ্য হয়।
ৰোগীয়ে নিজে স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব লাগে। সময় মতে আহাৰ খাব লাগে। পাকস্থলী খালী নাৰাখি ভোক লাগিলেই খাব লাগে। তেলত ভজা খাদ্য, ঘিউ, চৰ্বিযুক্ত খাদ্য, মছলাযুক্ত খাদ্য, জলকীয়া, চাহ ইত্যাদি খাব নালাগে। কিছুদিন সিদ্ধ খাদ্য খাব লাগে। তিতা, টঙা, চেনিচম্পা কল ইত্যাদি অপকাৰ কৰা খাদ্য খাব নালাগে।অমিতা, পোৰা কল, ৰঙা আলু খাব লাগে। ৰোগীয়ে প্ৰতিদিনে গাখীৰ খাব লাগে।
ক্ৰম অনুসৰি গেষ্ট্ৰাইটিছত ব্যৱহাৰ হোৱা কেইটিমান ঔষধ-ইত্যাদি।
উপকাৰী এটি ঔষধ
পেটৰ জটিল ৰোগত ব্যৱহাৰ হয়। অতিৰিক্ত চাহ-তামোল, পাণ, চূণ, চাধা খাই অজীৰ্ণ হ’লে খাদ্য খোৱাৰ পাছতে পেটত যন্ত্ৰণাদায়ক বিষ হ’লে, পায়খানা কঠিন হ’লে, ৰাতি টোপনি নধৰিলে, পাকস্থলীৰ মুখত কণীৰ দৰে গোটা বস্তুটো ওপৰলৈ উজাই আহিলে উক্ত ঔষধ ব্যৱহাৰ হয়। ৰোগীৰ হৃদপিণ্ডৰ ৰোগ থাকিলেও এই ঔষধে আৰোগ্য কৰাৰ ক্ষমতা আছে।
ৰোগীয়ে খাদ্য খালেই পাকস্থলীত খামোচ মাৰি ধৰা বিষ হয়। পেট জ্বলা-পোৰা কৰে। পেটৰ বিষ পিঠিলৈ পৰিচালিত হয়। পাকস্থলীত কণীৰ দৰে গোটা এটা গধুৰ বস্তু সকলো সময়তে থকাৰ অনুভৱ কৰে। পানী খোৱাৰ লগে লগে বমি হ’ব পাৰে। ৰোগীৰ পেটত গৰ-গৰ, কৰ কৰ শব্দ কৰে। কোনো ঠাণ্ডা খাদ্য খালে পাকস্থলীৰ বিষ উপশম পায়। এনেধৰণৰ পাকস্থলী ৰোগৰ লক্ষণ কেন্সাৰ ৰোগৰ লক্ষণো হ’ব পাৰে। সময়মতে লক্ষণৰ ওপৰত ঔষধ প্ৰয়োগ কৰিব পাৰিলে জটিল ধৰণৰ পাকস্থলীৰ ৰোগ আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে।
ডা: কৃষ্ণকান্ত দাস, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 10/6/2018