মাতৃত্ব অৰ্জন কৰাটো প্ৰতিগৰাকী মহিলাৰ জীৱনৰ আকাংক্ষিত মুহূৰ্ত। কিন্তু শৰীৰতন্ত্ৰৰ কাৰ্যপ্ৰণালীৰ বিস্ংগতিৰ ফলত দীৰ্ঘদিন ধৰি ডিম্বাণু ক্ষৰণ বন্ধ হৈ থাকিলে তাক বন্ধ্যাত্ব্ বুলি কোৱা হয়। প্ৰতিগৰাকী মহিলা এটা বয়সত ঋতুপ্ৰাপ্তি হয় আৰু ২৮ দিনীয়া সময়ৰ পৰিক্ৰমা বেছিভাগ মহিলাৰে থাকে। মহিলা এগৰাকীৰ মাহে মাহে যোনিদ্বাৰেদি তেজ নিৰ্গত হোৱাৰ প্ৰক্ৰিয়াক ঋতুস্ৰাৱ বুলি কোৱা হয়। ঋতুস্ৰাৱ কিন্তু কেইবাটাও গ্ৰন্থিৰ্ পৰা নিৰ্গত হোৱা হৰম’নৰ জটিল প্ৰক্ৰিয়াৰ পৰাহে হোৱা দেখা যায়। হাইপোথেলামাছৰ পৰা GnRH নামৰ হৰম’নৰ প্ৰভাৱত পিটুইটেৰীৰ পৰা LH আৰু FSH নামৰ হৰম’ন নিৰ্গত হয়। এই হাইপোথেলামাছৰ GnRHৰ বিস্ংগতি হোৱাৰ ফলত মাহেকীয়া হোৱাৰ সময়ত তলপেটত খামুচি ধৰা বিষ হয়। বিষ হ’লে বমি বমি ভাব হোৱা দেখা যায়। মূৰ ঘুৰোৱা আদি উপসৰ্গই দীৰ্ঘদিন ধৰি দেখা দিয়ে। এইদৰে দীৰ্ঘদিন কোনো মহিলাৰ জৰায়ুৰ বিস্ংগতি দেখা দিলেও বন্ধ্যাত্ব হোৱা দেখা যায়।এগৰাকী মহিলাৰ শাৰীৰিক আৰু মানসিক দিশ সঠিক থাকিলেহে শৰীৰ সতেজ কৰি ৰাখিব পাৰি। দেহৰ ওজন সঠিকভাৱে নাথাকিলে শৰীৰ সতেজ হৈ নাথাকে। মহিলাসকলৰ লিউটিনাইজিং হৰম’ন মাত্ৰাধিক হ’লে মহিলাসকল শকত হোৱা দেখা যায়। শৰীৰৰ ওজন বেছি হোৱা বাবে ডিম্বাণু ক্ষৰণৰ হাৰ কমি যায় আৰু বন্ধ্যাত্ব হ’ব পাৰে। কেতিয়াবা কেতিয়াবা মহিলাসকলৰ ডিম্বকোষ বা প্ৰজনন অংগ কোনো কাৰণত বিকাশগ্ৰস্ত হয়। জৰায়ুৰ অভ্যন্তৰৰ কোমল মাংসপেশীৰ পৰা বিভিন্ন্ কাৰণত একাধিক টেমুনা, গঠিত হৈ মাহেকীয়া দীৰ্ঘদিন ধৰি হোৱা দেখা যায়। এই Fibromyoma ৰ বাবে জৰায়ুৰ মুখ বন্ধ হৈ যায় আৰু বন্ধ্যাত্ব হোৱা দেখা যায়। ভাৰতবৰ্ষত মহিলাসকলৰ এই ৰোগটো হোৱাৰ বহুত কাৰণ আছে। প্ৰথমে মহিলাসকলে নিজৰ স্বাস্থ্যটোৰ প্ৰতি সজাগ নহয়। তাৰ ফলত Fibromyoma জৰায়ু কেন্সাৰলৈ পৰিৱৰ্তিত হয়। বৰ্তমান গোটেই পৃথিৱীত প্ৰতিবছৰে দহ লাখৰো বেছি মহিলা এই ৰোগত আক্ৰান্ত হয়। আকৌ এই মহিলাসকলৰ তিনি চতুৰ্থাংশই হ’ল ভাৰতৰ নিচিনা উন্নয়নশীল দেশৰ। সম্পূৰ্ণ নাৰী কোন? চিকিৎসা-বিজ্ঞানৰ ভাষাত সম্পূৰ্ণ নাৰীৰ স্ংজ্ঞা ঠিক এনেধৰণৰ—যাৰ শৰীৰত ক্ৰ্ম’জমৰ স্ংখ্যা ৪৬ এক্স (x), যাৰ জননাংগ আৰু যৌনাংগৰ গঠন যথাযথ অ’ভেৰীৰ পৰা হৰম’নৰ ক্ষৰণ ঠিকমতে হয় সেইবোৰ যাৰ বাবে শৰীৰত তেওঁ এগৰাকী সম্পূৰ্ণ নাৰী। কিন্তু যদি দীৰ্ঘদিন ধৰি ক্ষৰণ হয়, তেতিয়া মহিলাসকলৰ হাইপোথেলামাছ পিটুইটেৰী গ্ৰন্থিৰ ক্ৰিয়া-বিক্ৰিয়াই ইয়াৰ বাবে প্ৰধানকৈ দায়ী আৰু ডিম্বাণু ক্ষৰণ বন্ধ হোৱাৰ ফলত শৰীৰত বৃদ্ধি পোৱা আৰু সঞ্চিত হোৱা এষ্ট্ৰোজেন হৰম’নৰ প্ৰভাৱতে নাৰীৰ প্ৰজনন তন্ত্ৰৰ সেই পৰিৱৰ্তন বিলাক দেখা দিয়ে। এই বেমাৰটোক পলিচিষ্টিক অ’ভেৰিয়ান ডিজিজ বুলি কোৱা হয়। পলিচিষ্টিক অ’ভেৰিয়ান ডিজিজত ফলিকুলাৰ ষ্টিমুলেটিং হৰম’ন নিয়মীয়া যোগান ব্যাহত হোৱাৰ ফলত ফলিকুলবিলাক প্ৰায় ৬ৰ পৰা ৮ মি;মি; পৰ্যন্ত বৃদ্ধি পায়। এই হৰম’নবিলাক অপৈণত অৱস্থাতে থাকি যায় আৰু বন্ধ্যাত্ব দেখা যায়।আমাৰ দেশত এতিয়াও কিছুমান অন্ধবিশ্বাস আছে যে যিবোৰ মহিলাই ল’ৰা-ছোৱালী জন্ম দিব নোৱাৰে সেই বন্ধ্যাত্ব মহিলাক ৰাতিপুৱা দেখিলে দিনটো শুভ নহয়। এই কু-অন্ধবিশ্বাসসমূহৰ কোনো বৈজ্ঞানিক দৃষ্টিভ্ংগী নাই। ১৭ শশতিকাৰ প্ৰখ্যাত জাৰ্মান চিকিৎসক মহাত্মা চেমুৱেল হ্যানিমানেই বন্ধ্যাত্ব মহিলাৰ চিকিৎসাৰ কথা কৈছে। অভিজ্ঞ হোমিঅ’পেথিক চিকিৎসাৰ দ্বাৰা বন্ধ্যাত্ব নিৰ্মূল কৰিব পাৰি। হোমিঅ’পেথিক চিকিৎসা-পদ্ধতিত ৰোগীৰ লক্ষণৰ স’তে ঔষধৰ লক্ষণসমূহ হুবহু একে হ’লেহে ৰোগ নিৰাময় হয়। তলত কিছুমান ঔষধৰ নাম বন্ধ্যাত্ব আৰোগ্য হোৱাত সফল পোৱা যায়।
KREOSOTUM
বহুদিন ধৰি বগাস্ৰাৱ হোৱা, ঋতুস্ৰাৱৰ সময়ত আৰু পিছত বেদনা আৰু যোনিমুখত ভয়ানক খজুৱতি হয়। জৰায়ুৰ অভ্যন্তৰৰ Fibromyoma গঠিত হৈ বগাস্ৰাৱ বেছি হয়। প্ৰস্ৰাৱৰ সময়ত আৰু পিছত চিৰিঙ্গালি দিয়া আৰু পুৰণি বিষ হয়। বগাস্ৰাৱ অতি দুৰ্গন্ধ, স্ৰাৱ শুকালে কাপোৰত হালধীয়া ডাঠ দাগ পৰে। যোনিমুখৰ কেন্সাৰ ৰোগৰ এই ঔষধ বৰ উপকাৰী।
SEPIA
অত্যন্ত বিষণ্ণ আৰু কান্দোন স্বভাৱ। অকলে থাকিবলৈ ভয় কৰে, মানুহ আৰু বন্ধুৰ সৈতে দেখা কৰাত ভয় কৰে। ভয়ত জৰায়ুৰ ৰোগ হোৱা দেখা যায়। বেছি সময় কাপোৰ ধোৱাৰ পিছত জৰায়ুৰ বেমাৰ বেছি হয়। অতি সহজতে ঠাণ্ডা লাগে। বগাস্ৰাৱ হোৱাৰ সময়ত শৰীৰ বৰ দুৰ্বল অনুভৱ কৰে। সহজতে মূৰ্চ্ছা যায়। সদায় মুখ আৰু মূৰ গৰম হোৱাৰ লগতে ভয় ভাব হয়। ইয়াক ধুবুনীৰ দৰৱ বোলা হয়, কাৰণ ৰোগী বেছি সময় কাপোৰ ধোৱাৰ পিছত বেমাৰ বৃদ্ধি হয়। এণ্ডোমিট্ৰাইটিছ জৰায়ুৰ বগাস্ৰাৱত পিঠিৰ বিষ বেছি দেখা দিয়ে।
Thalaspi Bura Pastoris
সৰহ পৰিমাণে স্ৰাৱ হয় আৰু বহুদিনলৈ ঋতু স্ৰাৱ হৈ থাকে। ক’লা গোট মৰা প্ৰচুৰ ৰক্তস্ৰাৱ হয়। জৰায়ু নিস্কিতাৰ কাৰণে ৰক্তস্ৰাৱ বন্ধ কৰিব নোৱাৰে। একেৰাহে Thalaspi Q তিনিমাহ খালে জৰায়ু কেন্সাৰৰ ঘা শুকাই যায় আৰু বন্ধ্যাত্বৰ পৰা ৰক্ষা পোৱা দেখা যায়।
MEDORRHINUM
যিসকল মহিলাৰ ডিম্বকোষৰ লক্ষণ বন্ধ হৈ যোৱাৰ পথত তেনে মহিলাৰ কাৰণে বৰ ভাল কাম কৰে। ডিম্বকোষত চিষ্ট থকিলেও কাম কৰে। গাঁঠি বাত, সিৰৰ বিষ বা মেৰুমজ্জা আৰু ইয়াৰ শ্লেমাবৰণ ৰোগত ভাল ফল পোৱা যায়। সদায় ক্লান্তি, জীৱনী শক্তিৰ সৰ্বাঙ্গীন অৱসন্নতা। নকন্দাকৈ কথা পাতিব নোৱাৰে। সদায় মৃত্যুৰ সময় পূৰ্বাভাস কৰে। অতিৰিক্ত, অধৈৰ্য, খিংখিঙীয়া মেডবিয়ামে হাইপোথেলামাছৰ বিস্ংগতি নোহোৱা কৰি সন্তান জন্ম দিয়াত সহায় কৰে। মাহেকীয়া ঋতুস্ৰাৱ নিয়মিত কৰে আৰু গৰ্ভাধাৰণ কৰাত সহায় কৰা দেৰখা যায়।
PLSATILLA
অনিয়মিত ঋতুস্ৰাৱ, দীৰ্ঘদিন ধৰি মাহেকীয়া হোৱাৰ সময়ত তলপেটত বিষ হোৱা, মাহেকীয়াৰ সময়ত বিষত বমি হোৱা, মাহেকীয়াৰ বিষ লাহে লাহে আহে আৰু হঠাৎ বিষ কমি যায়। সকলো মহিলাৰ কাৰণে এই ঔষধ উপযোগী। বিশেষকৈ বিয়া হোৱাৰ আগতে ডিম্বাণুৰ বিষংগতি হ’লে পালছেটিলাই বৰ ভাল কাম কৰে। বগাস্ৰাৱ, কণীৰ বিজলৰ নিচিনা বগাস্ৰাৱ হ’লে। মাহেকীয়াৰ সময়ত তলপেটতৰ বিষত কান্দি থকা ছোৱালীৰ বাবে বৰ উপযোগী। Fibroid Tumour যদি জৰায়ুৰ মুখত থাকে, তেন্তে এই ঔষধবোৰ সফল হোৱা দেখা যায়। সাধাৰণতে যি মহিলা সহজে স্নেহশীল, শান্ত, নম্ৰ, ভয়াতু আৰু সকলো কথাতে বাধ্য হোৱা প্ৰকৃতিৰ, তেনে মহিলাৰ বাবে এই ঔষধ ফলদায়ক।
শেষত এটা কথা ক’ব পাৰো যে বন্ধ্যাত্বৰ কাৰণ আৰু নিৰাময় যথেষ্ট জটিল। এজন অভিজ্ঞ হোমিঅ’পেথিক চিকিৎসকে সম্পূৰ্ণ মানসিক শক্তি, বুদ্ধি, গৱেষণা, অধ্যয়ণ প্ৰয়োগ কৰিলে বন্ধ্যাত্ব আৰোগ্য কামনা কৰিব পাৰি। এই ক্ষেত্ৰত ৰোগীৰ পৰা চিকিৎকে সহায়-সহযোগিতা কামনা কৰে। চিকিৎসকে ৰোগীৰ পৰা আস্থা, ধৈৰ্য আৰু নিয়মানুৱৰ্তিতা বিচাৰে। বন্ধ্যাত্বৰ প্ৰতিটো লক্ষণ ভালদৰে অধ্যয়ণ কৰি চিকিৎসা কৰিলে আৰোগ্য হোৱা দেখা যায়।
লেখক : ডা: এছ এ আহমেদ,
উৎস : স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 6/27/2020