মূত্ৰনলীৰ প্ৰদাহত পূঁজ ওলোৱাক ইউৰিথ্ৰাইটিছ বুলি কোৱা হয়। এই ৰোগত মূত্ৰনলীহে আক্ৰান্ত হয়।
মূত্ৰনলীত গনোকক্কাছ নামৰ বীজাণুৰ অনুপ্ৰৱেশৰ পৰা, ঘনাই ক্যাথিটাৰৰ দ্বাৰা প্ৰস্ৰাৱ কৰোৱাৰ পৰা, আঘাত লগা, চাইকেল চলোৱাৰ পৰা ঘনাই শুক্ৰ বাহিৰ কৰা, গণোৰিয়া, চিফিলিছ আৰু বৃক্কত পাথৰ থকাৰ পৰা আদি।
ইউৰিথ্ৰাইটিছ হ’লে প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা কৰে। ফোটা ফোটাকৈ প্ৰস্ৰাৱ ওলায়। কিন্তু মূত্ৰ পাথৰিৰ দৰে কঁকালত, তলপেটত আৰু ব্লাডাৰত বিষ নাথাকে। প্ৰস্ৰাৱ ছেদেলি-ভেদেলি হৈ ওলায়। পাত্ৰত প্ৰস্ৰাৱ কৰিলে তলত পূঁজ দেখিবলৈ পোৱা যায়। মূত্ৰনলীৰ প্ৰদাহত হোমিঅ’ চিকিৎসাত উন্নতমানৰ চিকিৎসা আছে। এই চিকিৎসাত লক্ষণ মতে ঔষধ ব্যৱহাৰ কৰিলে অতি সোনকালে ৰোগ আৰোগ্য হয়। এই ঔষধবোৰ হ’ল-
Berberis Vulgaris: এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ঘনাই প্ৰস্ৰাৱ লগা, বৃক্কত বুদ বুদ কৰে, পাত্ৰত প্ৰস্ৰাৱ কৰিলে তলত পূঁজ পৰি থাকে, প্ৰস্ৰাৱ কৰাৰ পিছতো প্ৰস্ৰাৱ ৰৈ থকা যেন অনুভৱ হয়, প্ৰস্ৰাৱত জ্বলা-পোৰা আৰু বিষ হয়।
Cantharides: সমগ্ৰ মূত্ৰযন্ত্ৰত কটা-ছিঙাৰ দৰে ভয়ানক জ্বলা-পোৰা কৰে, প্ৰস্ৰাৱ কৰোঁতে কষ্ট হয়, প্ৰস্ৰাৱৰ খুব জোৰ দিব লগা হয় আৰু ক’লা প্ৰস্ৰাৱ হয়।
Thuja: মূত্ৰনলী ফুলি উঠে আৰু ঘনাই প্ৰস্ৰাৱ হয়। প্ৰস্ৰাৱ কৰাৰ পিছত কটা-ছিঙাৰ দৰে বিষ ধৰে আৰু মূত্ৰবেগ সহ্য কৰিব নোৱাৰা অৱস্থা হয়।
Arnica-Mont: এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ আঘাত বা চাইকেল চলোৱা আদি কাৰণত ইউৰিথ্ৰাইটিছ হ’লে এই ঔষধৰ 1 (m) বেজী দিলে ১০/১৫ মিনিট পিছৰ পৰাই আৰাম পায়।
Petroselium: এই ঔষধ ব্যৱহাৰ হোৱা প্ৰধান লক্ষণ হ’ল হঠাৎ প্ৰস্ৰাৱ কৰিব লাগে। এক মুহুৰ্তও ৰ’ব নোৱাৰে, কাপোৰ-কানিয়ে প্ৰস্ৰাৱ ওলাই যোৱাৰ দৰে লাগে।
অধিক জ্বলা-মছলাযুক্ত খাদ্য, টান বস্তু খাব নালাগে। একেৰাহে বহুত সময় চাইকেল চলাব নালাগে। এই ৰোগত অতিৰিক্ত ঠাণ্ডা পানী খাব লাগে। যেনে-ডাবৰ পানী, মিচিৰি পানী, ফলৰ ৰস, বাৰ্লি, গাখীৰ, ভাত খাব লাগে। নিচাজাতীয় বস্তু খাব নালাগে আৰু ৰাতি টোপনি ক্ষতি কৰিব নালাগে।
লেখিকা: ডা: ডুলুমণি দাস, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 6/25/2020