বৰ্তমান অধিকাংশ মহিলাই এটি ৰোগত আক্ৰান্ত হয়, যিটোৱে জীৱনটো দুৰ্বিসহ কৰি তোলে। কোনো চিকিৎসাতে এই ৰোগটো উপশম হ’ব নোখোজে। -সেই ৰোগটো হ’ল ‘লিউকোৰিয়া’ বা ‘বগাস্ৰাৱ’। লিউকোৰিয়া বা বগাস্ৰাৱ হ’ল যোনিৰে নি:সৰিত এবিধ স্ৰাৱ। যেতিয়া যোনিৰে অতিৰিক্ত পৰিমাণে বগা ৰঙৰ এই স্ৰাৱ নি:সৰিত হয় তাক লিউকোৰিয়া বা শ্বেতপ্ৰদ বোলে।
বগাস্ৰাৱ নতুন বা পুৰণা দুই ধৰণৰ দেখা যায়। শৰীৰ উত্তেজিত হ’লে বা অন্য কোনো কাৰণতো কেতিয়াবা মাজে মাজে অলপ অলপ বগা স্ৰাৱ হয়। কিন্তু এই স্ৰাৱ এদিন বা দুদিনৰ ভিতৰত ঠিক হৈ যায়। এনে স্ৰাৱৰ ক্ষেত্ৰত চিকিৎসাৰ প্ৰয়োজন নাই। কিন্তু যদি এই স্ৰাৱ দীৰ্ঘসদীন ধৰি চলি থাকে, তেতিয়াহ’লে চিকিৎসাৰ বিশেষ প্ৰয়োজন হয়।
ৰোগৰ কাৰণ
- বংশগতভাৱে যাৰ মাক আৰু বাই-ভনীৰ এই ৰোগ থাকে, তেওঁলোকৰ সন্তানৰো এই ৰোগ হোৱাৰ আশ্ংকা থাকে। যিসকল মাক-দেউতাক চাইকোটিক দোষযুক্ত, তেওঁলোকৰ কন্যা সন্তানৰ মাজত বগাস্ৰাৱ বেছিকৈ হোৱা দেখা যায়।
- যিসকল মহিলাৰ আগতে এই ৰোগ নাছিল, কিন্তু বিয়াৰ পিছত বগাস্ৰাৱৰ সমস্যাই দেখা দিছে, এনেক্ষেত্ৰত বুজিব যে সেই মহিলাগৰাকী স্বামীৰ পৰা চাইকোটিক দোষযুক্ত হৈছে।
- পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, প্ৰজনন তন্ত্ৰত নানা প্ৰকাৰৰ বীজাণুৰ আক্ৰমণ, গণোৰিয়া বা চিফিলিচৰ দোষ, বাৰে বাৰে গৰ্ভপাত কৰোৱা, ৰক্তাল্পতা, অপুষ্টি প্ৰজনন তন্ত্ৰত ইনফেকচন বা কেন্সাৰ আদি কাৰণত মহিলাৰ বগা স্ৰাৱৰ সমস্যাই দেখা দিয়ে।
বগাস্ৰাৱৰ লক্ষণ
- এই ৰোগৰ প্ৰধান লক্ষণ হ’ল যোনিদ্বাৰেৰে একপ্ৰকাৰৰ স্ৰাৱহৈ থাকে। এই স্ৰাৱৰ ৰ্ং বগা, সামান্য হালধীয়া, সামান্য ৰঙচুৱা বা সেউজীয়া হ’ব পাৰে।
- স্ৰাৱ চলি থাকিলে সাধাৰণতে কোনো ধৰণৰ জ্বলা-যন্ত্ৰণা নহয়। কোনো কোনো সময়ত যোনিপথ স্ংক্ৰমিত হয়।
- দীৰ্ঘদীন ধৰি স্ৰাৱ হৈ থাকিলে শৰীৰ লাহে লাহে শুকাই যায়। অজীৰ্ণতাই দেখা দিয়ে, ওজন হ্ৰাস পায়। মেজাজ খিংখিংয়া হয়। মাজে মাজে মূৰ ঘুৰায় আৰু তলপেটত বিষ হয়।
- স্ৰাৱত দুৰ্গন্ধৰ লগতে খজুৱতিও থাকে। বেছিভাগৰে যোনিদ্বাৰত ঘা হৈ যায়। এই স্ৰাৱ কাপোৰত লাগিলে দাগ ৰৈ যায় আৰু ধুলেও এই দাগ সহজতে আঁতৰি নাযায়।
- বগাস্ৰাৱ কম বয়সীয়া ছোৱালীৰো হ’ব পাৰে যদিও তেওঁলোকৰ ক্ৰিমিৰ কাৰণতে এই ৰোগ হয়।
- বেছিভাগ মহিলাৰ ঋতুস্ৰাৱ হঠাৎ বন্ধ হৈ গৈ কেৱলমাত্ৰ বগাস্ৰাৱহে হোৱা দেখা যায়। আৰু কেতিয়াবা ঋতুৰ দহদিন পিছত বগাস্ৰাৱ প্ৰৱল ৰুপত হোৱা দেখা যায়, আনকি এই স্ৰাৱ ভৰিয়েদি বৈ যায়।
- দীৰ্ঘদীন ধৰি এই ৰোগত ভুগি থাকিলে চাৰ্ভাইকেল কেন্সাৰ আৰু আলচাৰ হ’ব পাৰে।
প্ৰতিৰোধ
- পৰিস্কাৰ পৰিচ্ছন্নতা অটুট ৰখাৰ বাবে সতৰ্ক হোৱা জৰুৰী।
- সহবাসৰ সময়ত কনডম ব্যৱহাৰ কৰাটো একান্ত প্ৰয়োজন।
- বয়সীয়াল্ মহিলাসকলে নিজৰ শৰীৰ আৰু স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব লাগে। সময়মতে মাহেকীয়া ঋতুস্ৰাৱ হৈছে নে নাই বা পৰিমাণ ঠিকে আছে নে নাই, তাৰ প্ৰতি চকু ৰাখিব।
- ৰক্তপাত, কৃমি ৰোগ থাকিলে, সেইবোৰৰ চিকিৎসা কৰাব।
- পুখুৰীত গা নুধুলেই ভাল। যদি গা ধুবই লাগে তেনেহ’লে পুখুৰীৰ পানী পৰিস্কাৰ আছে নে নাই, চাই ল’ব।
- পুষ্টিজাতীয় আৰু সুষম আহাৰ দৈনিক খোৱা উচিত।
- ঋতুস্ৰাৱৰ সময়ত যিসকল চেনিটাৰি নেপকিন ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়, তেওঁলোকে ব্যৱহাৰ কৰা কাপোৰ উপযুক্তভাৱে পৰিস্কাৰ কৰি, ভালদৰে ৰ’দত শুকুৱাই ব্যৱহাৰ কৰিব।
- জন্মনিৰোধক্ টেবলেট খোৱাৰ ফলত যদি বগাস্ৰাৱ হয়, তেতিয়াহ’লে কিছুদিনৰ কাৰণে এই টেবলেট খোৱাতো বন্ধ কৰিব লাগে।
- চিকিৎসকৰ সন্মুখত এই ৰোগটি সম্পৰ্কে নিৰ্ভয়ে, খোলামনে আৰু বিস্তৃতভাৱে বৰ্ণনা কৰিব।
হোমিওপেথিক চিকিৎসা
লিউকোৰিয়া মহিলাসকলৰ এবিধ লজ্জাজনক ৰোগ। হোমিও চিকিৎসা হৈছে লক্ষণভিত্তিক চিকিৎসা। চিকিৎসকৰ পৰামৰ্শ অনুসৰি তলত দিয়া ঔষধসমূহ ব্যৱহাৰ কৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা আছে। যেনে-কেলকেৰিয়া কাৰ্ব, পালচেটিলা, এলুমিনা, বোৰাক্স, কোনিয়াম, প্লেটিনা, চাবাইনা, কলোফাইলাম, চেপিয়া, মেডোৰিনাম, চালফাৰ, থুজা ইত্যাদি। এই ঔষধসমূহ নিজে কিনি আনি নাখাব, নহ’লে হিতে বিপৰীত হ’ব।
লেখক: ডা: শ্ৰীদীপ ৰায়, স্বাস্থ্য আৰু দীৰ্ঘজীৱন