স্নায়ু হ’ল মানৱ শৰীৰৰ অভ্যন্তৰত আৱৰি ৰখা সূক্ষ্ম সূতাৰ দৰে এক প্ৰকাৰৰ তৈলযুক্ত পদাৰ্থৰে পূৰ্ণ ফোঁপোলা নদী। আমাৰ শৰীৰত অসংখ্য স্নায়ু আছে। স্নায়ুৰ সহায়তে শৰীৰৰ অংগ-প্ৰত্যংগবোৰ পৰিচালিত হয়। স্নায়ুবোৰ দুৰ্বল হ’লে নানা ৰোগৰ লক্ষণে দেখা দিয়ে। যেনে-মূৰ-ঘূৰণি, দেহৰ যিকোনো ঠাই স্পন্দিত হোৱা, হাত-ভৰি জিনজিনোৱা, মূৰ্চ্ছা যোৱা আদি। শৰীৰৰ যিকোনো বাৰ্তা স্নায়ুৰ দ্বাৰা স্নায়ুকেন্দ্ৰলৈ যায়। এই স্নায়ুবোৰ দুৰ্বল হোৱা ৰোগক নেউৰাচথেনিয়া বুলি কোৱা হয়। স্নায়ু দুৰ্বলতাক দুটা ভাগত ভাগ কৰা হৈছে-চেৰিবেল নিউৰাস্থোনিয়া, স্পাইনেল নিউৰাস্থোনিয়া।
এই ৰোগ কেতিয়াবা শৰীৰত হঠাতে দেখা দিব পাৰে। কেতিয়াবা ই ৰোগীজনক লাহে লাহে আক্ৰমণ কৰে।
স্নায়ুৰোগে সাধাৰণতে হাত-ভৰি বা শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াত বিজুতি ঘটায়। খাদ্যপ্ৰাণৰ অভাৱ, ভাইৰাচ তথা বীজাণুৰ আক্ৰমণ বা ডায়েবেটিছৰ বাবেও স্নায়ুৰোগ হ’ব পাৰে। এই ৰোগত ভোগা ৰোগীৰ সদায় মূৰত গৰম ভাৱ অনুভৱ হয়, মূৰৰ বিষ হয়, বিষ কেতিয়াবা মূৰৰ আগফালে, কেতিয়াবা মূৰৰ পাছফালে, আকৌ কোনো সময়ত গোটেই মূৰলৈ বিষ বিস্তৃত হ’ব পাৰে। মাজে-সময়ে ৰোগীৰ বমি হয়। এইদৰে কিছুদিনৰ পিছত দৃষ্টিশক্তি কমি আহে। চকুৰ সন্মুখত কীট-পতংগ উৰি ফুৰা যেন অনুভৱ হয়। কাণত নানান শব্দ হয়। কোনো খাদ্যত সোৱাদ নাপায়।
কাৰণ: স্নায়ু দুৰ্বলতা ৰোগত অজীৰ্ণ, অম্লতা আদিয়ে দেখা দিয়ে। কোনো খাদ্য খালেই পেটৰ ৰোগ হয়, পেট ফুলে, মাজে মাজে শৌচ কঠিন আৰু কেতিয়াবা ঢিলা হয়। স্নায়ু দুৰ্বলতাৰ কাৰণে হাত-ভৰি শিৰামূৰিয়ে ধৰে। স্নায়ু দুৰ্বলতাৰ কাৰণে গোটেই শৰীৰত বিশেষকৈ পিঠি আৰু মেৰুদণ্ডত বিষ হয়। স্নায়ু দুৰ্বলতাৰ কাৰণে মনৰ গতি নানাফালে পৰিচালিত হয়। স্মৃতিশক্তি কমি আহে। কেতিয়াবা পঢ়া-শুনা কৰিলেও মনত নাথাকে, আনকি লিখিবলৈ অক্ষম হয়। কেতিয়াবা কোনো কথা পাতি থাকিলে মূল কথাটো পাহৰি বেলেগ কথা ক’বলৈ আৰম্ভ কৰে। অনবৰত ৰোগীৰ মনত ভয় ভাৱ থাকে। অত্যাধিক শুক্ৰক্ষয়, হস্তমৈথুন, অধিক সময় কামত মগ্ন থকা, ইন্দ্ৰিয় উত্তেজনা, স্বপ্নদোষ, দ্ৰুত বীৰ্য স্খলন, অত্যাধিক চিন্তা, অধিক কৰ্মব্যস্ততা, বিশ্ৰামৰ অভাৱ, দীৰ্ঘদিনীয়া ৰোগ, কম সময়ত বিয়া পতা আদি কাৰণতো স্নায়ু দুৰ্বলতা হ’ব পাৰে।
মহিলাৰ ক্ষেত্ৰত অতি ৰজ:স্ৰাৱ, বহু সন্তানৰ মাতৃত্ব, অতিমাত্ৰা স্তন্যদান, বগাস্ৰাৱ আদিৰ কাৰণতো স্নায়ু দুৰ্বলতা হ’ব পাৰে।
স্নায়ু দুৰ্বলতা ৰোগক হোমিঅ’ চিকিৎসাত ৰোগৰ লক্ষণ অনুসাৰে যদি চিকিৎসা কৰা হয় অতি সোনকালে নিৰাময় হ’ব। হোমিঅ’ ঔষধবোৰ হ’ল: কেলকেৰিয়া কাৰ্ব, এচিড ফোচ, এচিড পিক্ৰিকাম, কালি ফোচ, কালি ব্ৰোমাটুম, ইগনেচিয়া আদি।
স্নায়ু দুৰ্বলতাত হোমিঅ’ চিকিৎসা কৰাৰ উপৰিও আকুপাংচাৰ চিকিৎসা কৰিও ৰোগ আৰোগ্য কৰিব পাৰি। আকুপাংচাৰ বিন্দুবোৰ হ’ল: H-7, P-6, K-3, DU-20, Ren-12 আৰু Ren-6 আদি। ইয়াৰ লগতে হাম্মাৰিং আৰু মক্সিবাশ্বন চিকিৎসাও কৰা হয়। এই বিন্দুবোৰত প্ৰতিদিনে ১৫-২০ মিনিট সময় মৃদু উত্তেজনা দি ৰোগীক চিকিৎসা কৰা হয়। এনেকৈ চাৰি-পাঁচটামান কোৰ্চ সম্পূৰ্ণ কৰাৰ পিছতে ৰোগী অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব।
শৰীৰ সুস্থ নোহোৱালৈকে কঠিন পৰিশ্ৰম কৰিব নালাগে। পুষ্টিকৰ আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। বেছি জলা-মছলাযুক্ত খাদ্য খাব নালাগে। সেউজীয়া শাক-পাচলি আৰু ফলমূল যথেষ্ট পৰিমাণে খাব লাগে। পুৱা-গধূলি প্ৰতিদিনে ২০ মিনিটমান সময় খোজকাঢ়িব লাগে। স্নায়ু দুৰ্বলতাত ৰোগীয়ে নীতি-নিয়মবোৰ মানি চলিলে অতি সোনকালে আৰোগ্য হ’ব পাৰিব।
লেখিকাৰ নাম: ডা: ডুলুমণি দাস
শেহতীয়া উন্নীতকৰণ: : 7/15/2020