আজিকালি বিশ্বজুৰি হৃদৰোগীৰ সংখ্যা দিনক দিনে অভাৱনীয় হাৰত বৃদ্ধি পাইছে।হৃদপিণ্ডটো পেশীৰে গঠিত শৰীৰৰ এটা মূল যন্ত্ৰ। ই দেখিবলৈ এজন মানুহৰ নিজৰ হাতৰ মুঠিটোৰ সমান হয়। হৃৎপিণ্ডৰ ভিতৰটো ফোঁপোলা আৰু ইয়াত চাৰিটা কোঠালি আছে। হৃৎপিণ্ডৰ প্ৰধান কাম হ’ল-শৰীৰৰ অপৰিষ্কাৰ ৰক্ত হাওঁফাওঁৰ সহায়ত শুদ্ধ কৰা আৰু শুদ্ধ ৰক্ত শৰীৰৰ সকলো স্থানতে সঞ্চালন কৰা।
পৰিশোধিত তেজ হাওঁফাওঁৰ পৰা হৃৎপিণ্ডৰ বাওঁ অলিন্দত সোমায়। এই অলিন্দ সংকুচিত হ’লে শোধিত তেজ বাওঁ নিলয়ত সোমাই যায়। অলিন্দ আৰু নিলয়ৰ মাজত এখন কপাট বা ঢাকনি থাকে। বাওঁ নিলয়ত তেজ সোমালে কপাট বা ঢাকনিখন সংকুচিত হয় আৰু মহাধমনীৰ ভালভ্খন খোল খায়। ইয়াৰ পিছত তেজ মহাধমনীৰে গৈ বিভিন্ন কোষ-কলা পায়গৈ আৰু তাত অক্সিজেনযুক্ত শোধিত তেজ যোগান ধৰে।
শৰীৰৰ বিভিন্ন দূষিত ৰক্ত নিম্ন মহাসিৰাৰে আৰু মগজুৰ পৰা উৰ্দ্ধ মহাসিৰাৰে হৃদযন্ত্ৰৰ সোঁ অলিন্দত আহি সোমায়। সোঁ অলিন্দ সংকুচিত হ’লে Tricuspid Valve খুলি তেজ সোঁ নিলয় পায়গৈ। সোঁ নিলয় সংকুচিত হ’লে পালমোনেৰী ভালভ্ খোল খাই পালমোনেৰী আৰ্টেৰীৰ মাজেদি তেজ হাওঁফাওঁত পৰিশোধিত হ’বলৈ গুচি যায়। এই পৰিশোধিত তেজ হাওঁফাওঁৰ সিৰাৰে বাওঁ নিলয়লৈ উভতি আহে। প্ৰাপ্তবয়স্ক এজনৰ হৃৎপিণ্ডটোৱে প্ৰতি মিনিটত এই প্ৰক্ৰিয়া ৫০ ৰ পৰা ৬০ বাৰকৈ সংকোচন-প্ৰসাৰণ কৰে। কিন্তু নৱজাতকৰ প্ৰতি মিনিটত ১৪০ বাৰ হয়। ডাঙৰ হৈ অহাৰ লগে লগে এই সংখ্যা কমি আহে।
প্ৰতি সংকোচনৰ সময়ত ৭০ মি:লি: তেজ পাম্প কৰি পঠিয়াই দিয়ে। সোঁ আৰু বাঁও ধমনীৰ মাজেৰেই হৃৎপিণ্ডৰ পেশীবোৰলৈ তেজ চলাচল সম্পন্ন হয়। এই ধমনীবিলাকৰ মাজেৰে তেজ চলাচল কৰাত ব্যাঘাত জন্মিলে হৃদৰোগৰ সমস্যাই দেখা দিয়ে। যিসকল ব্যক্তিৰ তেজত কলেষ্ট্ৰৰলৰ পৰিমাণ বেছি, তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি।
শৰীৰৰ ওপৰ অংশৰ যিকোনো অংশতে হৃৎপিণ্ডৰ বিষ হ’ব পাৰে। বুকুৰ মাজভাগৰ পৰা বাওঁফালে বিয়পি যায়। কেতিয়াবা হাতৰ আঙুলি পৰ্য্যন্ত বিষ হয়। হৃৎপিণ্ডৰ বিষ সকলোৰে যে একে হ’ব এনে নহয়। হৃৎপিণ্ডৰ কোন ফালৰ ধমনীত চৰ্বি জমা হৈছে, তাৰ ওপৰত বিষৰ স্থান আৰু লক্ষণ নিৰ্ভৰ কৰে। ইয়াৰ উপৰি কিমান ডাঙৰ ধমনী ক্ষতিগ্ৰস্ত হৈছে, তাৰ ওপৰত বিষৰ কাৰণ নিৰ্ভৰ কৰে। যদি একেবাৰে ডাঙৰ ধমনী নষ্ট হৈছে, তেতিয়া হ’লে ৰোগীৰ সংকটজনক অৱস্থা হ’ব পাৰে বা ৰোগী মৃত্যুমুখত পৰিবলগীয়া হ’ব পাৰে।
হৃৎপিণ্ডৰ ৰোগৰ হোমিঅ’পেথিক চিকিৎসাত উন্নত মানৰ চিকিৎসা আছে। এই চিকিৎসাত লক্ষণ অনুসৰি যদি চিকিৎসা কৰা হয়, অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব।
Agaricus Mus: হৃৎপিণ্ডৰ সকলো ধৰণৰ ৰোগত বয়সীয়া লোকসকলৰ হৃৎপিণ্ড কপাঁ, বুকু ধপধপোৱাৰ লগতে হাত-ভৰি কপাঁ, খোজকাঢ়োতে উজুটিয়াই ফুৰা ইত্যাদি জড়িত থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।
Conium Mac: এই ঔষধ ব্যৱহাৰ কৰা ৰোগীৰ শুলে ইকাটি-সিকাটি কৰিলে মূৰ ঘূৰায় আৰু অস্বাভাৱিক ঘাম দিনে-ৰাতিয়ে ওলায়।
Bromium: কুষ্টী, কঠোৰ ব্যায়াম কৰি হৃৎপিণ্ডৰ ৰোগ হ’লে এই ঔষধটো ব্যৱহাৰ কৰিব লাগে। শকত লোকসকলৰ হৃৎপিণ্ডত চৰ্বি জমা হৈ বুকু ধপধপালে বা আন ৰোগ হ’লে Bromium ব্যৱহাৰ কৰিব লাগে।
Lobelia: এই ঔষধ ব্যৱহাৰ কৰা ৰোগীৰ বুকুৰ মাজত গধুৰ বস্তুৰে হেঁচা মাৰি ধৰাত উশাহ লোৱাত কষ্ট হয়। কিছুমান ৰোগীৰ আকৌ স্বাভাৱিকভাৱে চলি থকা হৃৎপিণ্ডৰ ক্ৰিয়া মাজে মাজে বন্ধ হৈ যোৱা যেন অনুভৱ হয়।
Spigelia: এই ঔষধ হৃৎপিণ্ডৰ স্নায়ৱিক বেদনাত ব্যৱহাৰ কৰা বিশেষ লক্ষণ হ’ল-নাড়ীৰ ধমনীৰ গতিৰ লগত হৃৎপিণ্ডত খোঁচা-বিন্ধা কৰা বিষ হয়, লৰ-চৰ কৰিলে আৰু চেঁচা-জেকা বতৰত বিষ বৃদ্ধি হয়। এই ৰোগীৰ খোঁচা-বিন্ধা কৰা বিষ হৃৎপিণ্ডৰ ভিত্তিৰ (Base) ৰ পৰা বাওঁফালৰ কান্ধলৈকে পৰিচালিত হয়।
হৃৎপিণ্ডৰ ৰোগত আকুপাংচাৰ চিকিৎসাতো আৰোগ্য লাভ কৰিব পাৰি। এই বিন্দুবোৰ হ’ল- P6, H7, Ren.17, U.B.15, U.B.14। বুকু ধপধপালে- P4। হৃৎপিণ্ডৰ গতি কমি গ’লে H5, DU 25, কাঁহৰ লগত তেজ থাকিলে- LU6, U.B.17। পেট ফুলি থাকিলে- U.B.23, SP6 আদি। প্ৰতিদিনে ১৫-২০ মিনিট সময় তীব্ৰ উত্তেজনা দি চিকিৎসা কৰা হয়। এনেদৰে তিনি মাহমান কৰিলে অতি সোনকালে আৰোগ্য হ’ব।
বেছি তেল-মছলাযুক্ত খাদ্যৰ পৰা আঁতৰি থাকিব। ধুমপান নকৰিব। আহাৰ খাই শুই-বহি নাথাকিব। সৰু-সুৰা কাম-বন কৰিব। কাম নাথাকিলে ৰুমৰ ভিতৰতে ২০-২৫ মিনিট সময় খোজ কাঢ়িব। প্ৰতিদিনে পুৱা খোজকাঢ়িব আৰু ৩০ মিনিটমানকৈ ব্যায়াম কৰিব। মানসিক উদ্বেগ, উত্তেজনাৰ পৰা আঁতৰি থাকিব। এই নিয়ম-নীতিবোৰ মানি চলিলে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব।
লেখিকা: ডা: ডুলুমণি দাস, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 6/27/2020