অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হেপাটাইটিছ প্ৰতিৰোধ

হেপাটাইটিছ প্ৰতিৰোধ

 

সমগ্ৰ বিশ্বতে প্ৰতিবছৰে বহু নিযুত লোক হেপাটাইটিছ  ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰ বহুসংখ্যক লোকৰ এই ৰোগত মৃত্যু হয়।হেপাটাইটিছ ‘এ’ ,’বি’, ‘চি’, ‘ডি’, ‘ই’ আৰু ‘জি’ ভাইৰাছৰ স্ংক্ৰমণৰ বাবে মানৱ শৰীৰৰ অতি গুৰুত্বপুৰ্ণ অংগ যকৃতত হোৱা এবিধ প্ৰদাহজনিত ৰোগ হ’ল ভাইৰেল হেপাটাইটিছ।সাধাৰণতে হেপাটাইটিছ ‘এ’ আৰু ‘এ’ ভাইৰাছে ‘একিউট হেপাটাইটিছ’ৰোগ সৃষ্টি কৰে।এই ভাইৰাছ মিহলি দুষিত খাদ্য আৰু পানী খালে এইবিধ  ভাইৰেল হেপাটাইটিছ ৰোগ হয়।ই কম দিনৰ বাবে থাকে আৰু তুলনামুলকভাৱে কম ভয়াৱহ।কিন্তু,হেপাটাইটিছ ‘বি’, ‘চি’ আৰু ‘ডি’ ভাইৰাছৰ স্ংক্ৰমণৰ বীবে হোৱা হেপাটাইটিছ যথেষ্ট জটিল আৰু ভয়াৱহ।আজিৰ তাৰিখত সমগ্ৰ বিশ্বত প্ৰায় ৫০০ নিযুত লোক হেপাটাইটিছ ‘বি’ আৰু’চি’ ভাইৰাছৰদ্বাৰা আক্ৰান্ত হয় প্ৰায় ১.৫ নিযুত হেপাটাইটিছ ৰোগীৰ বছৰি মৃত্যু হয়।প্ৰতি ১২ জন লোকৰ ভিতৰত এজন লোকৰ হেপাটাইটিছ  ‘বি’ বা ‘চি’ ৰোগত আক্ৰান্ত হোৱাৰ আশ্ংকা থাকে। বিশ্ব স্বাস্থ্য স্ংস্থাৰ মতে,হেপাটাইটিছ ‘বি’ ভাইৰাছৰদ্বাৰা স্ংঘটিত হেপাটাইটিছ ‘বি’ ৰোগত বিশ্বত অতি কমেও  দুশ কোটি লোক আক্ৰান্ত হৈ আছে আৰু ইয়াৰ প্ৰায় ৩৬০ নিযুত লোকৰ অৱস্থা গুৰুতৰ।ভাৰতবৰ্ষত প্ৰায় ৩৭ নিযুত লোক হেপাটাইটিছ ‘বি’ ভাইৰাছৰদ্বাৰা আক্ৰান্ত। প্ৰতিবছৰে সমগ্ৰ বিশ্বতে হেপাটাইটিছ ‘বি’  ৰোগত আক্ৰান্ত প্ৰায় ৬ লাখ লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হয়। হেপাটাইটিছ ‘চি’ ভাইৰাছৰদ্বাৰাই গোটেই বিশ্বতে প্ৰায় ১৮৫ নিযুত আৰু ভাৰতবৰ্ষত প্ৰায়  ১২ নিযুত লোক আক্ৰান্ত হৈ আছে।ভাৰতৰ ভিতৰত সৰ্বাধিক স্ংক্ৰমণ থকা ৰাজ্য দুখন হ’ল পঞ্জাব (৫.২ শতাংশ) আৰু অৰুণাচল প্ৰদেশ(৭.২৯ শতাংশ)।বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে ৯৬ হাজাৰ লোকৰ হেপাটাইটিছ ‘চি’ৰ সংক্ৰমণৰ ফলত মৃতুয় হয়।

হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছ এই ৰোগত আক্ৰান্ত লোকৰ তেজ,দেহৰ নানাবিধ ৰস ,বীৰ্য ,যোনীৰস,লেলাউটি আদিত থাকে।এই ভাইৰাছবোৰৰদ্বাৰা সংক্ৰমিত লোকৰ তেজ বা এনেবোৰ দেহৰস যদি সুস্থ লোকৰ শৰীৰত প্ৰৱেশ কৰে ,তেন্তে সেই লোকজন এইবোৰ ভাইৰাছৰদ্বাৰা সংক্ৰমিত হ’ব পাৰে।এই ভাইৰাছবোৰৰদ্বাৰা সংক্ৰমিত লোকহে এই ভাইৰাছ বিয়পোৱা একমাত্ৰ উৎস। হেপাটাইটিছ ‘বি’ আৰু ‘চি’ অসুৰক্ষিত যৌন সম্পৰ্ক ,অসুৰক্ষিত ৰক্ত গ্ৰহণ ,দেহৰসৰ মিলন,বীজাণুমুক্ত নকৰা একেটা বেজীকে দুই- তিনিজনে ব্যৱহাৰ কৰা ,একেটা বেজীৰে টাটু কৰা আৰু স্ংক্ৰমিত মাতৃৰপৰা গৰ্ভৰ সন্তানলৈ বিয়পিব পাৰে।শল্য চিকিৎসক ,প্ৰসুতি চিকিৎসক ,দন্ত চিকিৎসক ,চিকিৎসা সেৱাৰ সৈতে জড়িত ব্যক্তি,যৌন কৰ্মী,নাপিত বেজীৰে ড্ৰাগছ লোৱা ব্যক্তি আৰু এই ভাইৰাছৰদ্বাৰা স্ংক্ৰমিত মাতৃৰ কেঁচুৱা আদি হেপাটাইটিছ ‘বি’ আৰি’চি’ ভাইৰাছৰদ্বাৰা স্ংক্ৰমিত হোৱাৰ আশ্ংকা অধিক।হেপাটাইটিছ ‘বি’ ৰদ্বাৰা সংক্ৰমিত লোক হেপাটাইটিছ ‘ডি’ৰদ্বাৰাও সংক্ৰমিত হ’ব পাৰে।বহুতো এইচ আই ভি আক্ৰান্ত ৰোগী হেপাটাইটিছ ভাইৰাছৰদ্বাৰাও সংক্ৰমিত হোৱা দেখা যায়।

হেপাটাইটিছ ‘বি’,’চি’ আৰু ‘ডি’ ভাইৰাছ সংক্ৰমণ এক নীৰৱ ঘাতক।এনে ‘হেপাটাইটিছ’ ৰোগ ভয়াৱহ হোৱাৰ মুলতে হ’ল, এই ৰোগত আক্ৰান্ত লোকসকলৰ শৰীৰত প্ৰথম অৱস্থাত কোনো ধৰণৰ বিশেষ লক্ষণ প্ৰকাশ নাপায়।ফলত ৰোগীয়ে গম নোপোৱাকৈয়ে লিভাৰটো নষ্ট হ’বলৈ আৰম্ভ কৰে আৰু পিছলৈ লিভাৰ চিৰোছিছ, লিভাৰৰ কৰ্কট ৰোগ আৰু লিভাৰ ফেইলৰ আদি হৈ ৰোগীৰ জীৱনলৈ সংশয় নামি আহে।পিছলৈ লিভাৰ প্ৰতিষ্ঠাপন কৰাব লগাও হ’ব পাৰে।সাধাৰণতে অন্তিম পৰ্যায়তহে এই ৰোগ ধৰা পৰে আৰু তেতিয়ালৈকে চিকিৎসকৰ কৰিবলগীয়া একো নাথাকে।সেয়েহে বহু ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হয়।উল্লেখযোগ্য যে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ সমগ্ৰ বিশ্বৰ বাবে এইডছতকৈও বেছি ভয়াৱহ। এইচ আই ভি ৰোগতকৈ  হেপাটাইটিছ ‘বি’ ১০০০ গুণে অধিক স্ংক্ৰামক আৰু ই বিশ্বৰ অষ্টম হত্যাকাৰী ৰোগ।

কিন্তু ভাইৰেল হেপাটাইটিছ ৰোগ প্ৰতিৰোধযোগ্য আৰু আৰম্ভণিতে চিকিৎসা কৰিলে জটিলতা আঁতৰাব পাৰি। হেপাটাইটিছ ‘এ’আৰু ‘বি’ ৰ প্ৰতিৰোধৰ বাবে ভেকচিন দিলেই হয়।হেপাটাইটিছ ‘বি’,’চি’ আদি ৰোগ প্ৰতিৰোধৰ বাবে দাঢ়ি খুৰোৱা ব্লেড আনে ব্যৱহাৰ কৰাৰ পিছত ব্যৱহাৰ কৰিব নালাগে,ডিছপোজেবল ছিৰিঞ্জহে ব্যৱহাৰ কৰিব লাগে,টাটু কৰিব নালাগে,পৰীক্ষা কৰা ৰক্তহে গ্ৰহণ কৰিব লাগে,আনৰ তেজ বা ৰক্তজাত সামগ্ৰী খালী হাতেৰে চুব নালাগে,অসুৰক্ষিত যৌন সংগম কৰিব নালাগে,আনৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব নালাগে,পৰিষ্কাৰ –পৰিচ্ছন্নতা ৰক্ষা কৰি সদায় হাত ভালকৈ ধুই আহাৰ খাব লাগে,স্বাস্থ্যসন্মত জীৱন যাপন কৰিব লাগে,মদ্যপান ত্যাগ কৰি স্বাস্থ্যসন্মত খাদ্য খাব লাগে আৰু দুষিত খাদ্য ,পানী আদি খাব নালাগে।

 

লেখক: ধৰ্মকান্ত কুম্ভকাৰ (দৈনিক অসম)

 

 

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate