মহে বিয়পোৱা অন্যতম আতংক সৃষ্টিকাৰী এটা ৰোগ হ’ল চিকুনগুণিয়া। কোনো ধৰণৰ বিশেষ চিকিৎসা নথকা ই এক প্ৰকাৰৰ ভাইৰাচজনিত ৰোগ।
এডিচ ইজিপ্তি নামৰ মহবিধে এই ৰোগটো বিয়পায়। যদিও ৰোগটো সিমান বেছি মাৰাত্মক নহয়, অৰ্থাৎ ৰোগাক্ৰান্ত লোক বেছি সংখ্যকে আৰোগ্য হয়, তথাপি ৰোগটোৰ দ্বাৰা আক্ৰান্ত লোকসকল আৰ্থিক তথা শাৰিৰীকভাৱে অশেষ ক্ষতিৰ সন্মুখীন হয়।
চিকুনগুণিয়া হোৱা বুলি সন্দেহ কৰা লোকৰ তেজ পৰীক্ষা কৰা এন.আই.চি.ডি. নামৰ প্ৰতিষ্ঠানটোৰ বিজ্ঞানীসকলে সন্দেহ কৰিছে যে পূব আফ্ৰিকাৰ ভাইৰাচ এবিধৰ সৈতে ভাৰতৰ ভাইৰাচবিধৰ সংমিশ্ৰণ ঘটিছে আৰু সেয়ে ৰোগটোৱে মহামাৰীৰ ৰূপ লৈছে।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা: অন্বুমণি ৰামদছে প্ৰকাশ কৰা মতে, প্ৰতিৰোধ ব্যৱস্থাই এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়।
চিকুনগুণিয়া নামৰ ৰোগটোৰ প্ৰতিৰোধৰ কাৰণে কোনো ধৰণৰ ছিটা আদি আৱিষ্কাৰ হোৱা নাই। একমাত্ৰ পেৰাচিটামল আৰু যথেষ্ট পৰিমাণে মুখেৰে খুওৱা পনীয়া দ্ৰব্যই মানুহক এই ৰোগৰ পৰা বচাব পাৰে। ডেংগুৰ দৰে এই ৰোগটোও কেৱল দিনত কামোৰা মহৰ কাৰণে হয়, সেয়ে আঁঠুৱা তৰি শুলেও এই ৰোগ প্ৰতিৰোধ নহয়। সেয়ে জনসাধাৰণ নিজে নিজে কিছু সাৱধান হোৱা দৰকাৰ। ৰাইজে নিজৰ ঘৰৰ চৌপাশে আৰু ঘৰৰ ভিতৰতো অব্যৱহৃত বা দীৰ্ঘদিন ধৰি পেলাই থোৱা পাত্ৰ, ফুলদানী আদিত কেতিয়াও পানী জমা হ’বলৈ নিদিব। আনকি কুলাৰ, এ.চি.চেম্বাৰ আদিতো কোনো কাৰণতো পানী জমা হ’বলৈ নিদিবৰ বাবে ৰাজ্য প্ৰশাসনবিলাকে জনসাধাৰণক সততে সোঁৱৰাই থাকিল। কাৰণ এনে ধৰণৰ পানী জমা হোৱা পাত্ৰবিলাকতে এডিচ জাতৰ মহে কণী পাৰি পোৱালি জগায়। দিল্লীৰ মূলচান্দ হস্পিতালৰ ডা: কে কে আগৰৱালে দিল্লীত পোন প্ৰথমবাৰৰ বাবে বি ৰবি ছন্দৰ নামৰ লোকজনৰ শৰীৰত চিকুনগুণিয়া ধৰা পেলায়।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, চিকুনগুণিয়া ৰোগটো যদিও ভাৰতত বত্ৰিশ বছৰৰ পিছত পুনৰ দেখা দিছে, তথাপি এই ৰোগটোক বিশ্ব বেংকৰ অধীনস্থ ইন্টিগ্ৰেটেড ডিজিজ ছাৰ্ভিলেন্স প্ৰগ্ৰেমৰ অন্তৰ্ভুক্ত কৰা হৈছে। ৰোগটো নিৰ্মূলকৰণৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ত কোনো ধৰণৰ আঁচনি এতিয়ালৈকে লোৱা হোৱা নাই। আই.চি.এ.আৰে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ সহযোগত ৰোগটো প্ৰতিৰোধৰ কাৰণে প্ৰতিষেধক ছিটা উদ্ভাৱন গৱেষণা কৰি আছে বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।
বিশেষ ধৰণৰ কোনো চিকিৎসা নাই। সাধাৰণতে পেৰাচিটামল জাতীয় ঔষধ প্ৰয়োগ কৰা হয়। কোনো ধৰণৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ হোৱা নাই।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
চিকুনগুনিয়া এটা ভয়ংকৰ ৰোগ, কিন্তু মাৰাত্মক নহয়।...