অসমত প্ৰতি বছৰে বাৰিষা কালত জাপানী এনকেফেলাইটিছ নামৰ প্ৰাণনাশক ৰোগবিধে ভয়াবহ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে। এই ৰোগবিধে মানুহৰ জীৱনলৈ প্ৰাণনাশৰ ভাবুকি মাতি আনে। এই তথ্য মতে, ২০০৮ চনৰপৰা ২০১৪ চনলৈ বিগত সাত বছৰত অসমত জাপানী এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা আছিল ২০৪৫ জন। ২০১৪ চনত অসমত সৰ্বমুঠ ৪২১ জন ব্যক্তিয়ে জাপানী এনকেফেলাইটিছ আৰু এনেকেফেলাইটিছ সদৃশ ৰোগত মৃত্যুবৰণ কৰিছিল। ইয়াৰে ১৩২ জন জাপানী এনকেফেলাইটিছ আৰু ২৮৯ জনে এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যুবৰণ কৰিছিল। বিগত ২০১৫ চনত সমগ্ৰ অসমত মুঠ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ব্যক্তি ১৭৫৫ জনৰ ভিতৰত ৬৬৯ জন জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ব্যক্তি আছিল। এই বছৰো বাৰিষা অহাৰ লগে লগে অসমৰ বিভিন্ন জিলাত জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। এতিয়ালৈকে সমগ্ৰ অসমতে সৰ্বমুঠ ৩৭৪ জন ব্যক্তি জাপানী এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৩ জনে মৃত্যুবৰণ কৰিছে।
ফ্লেভিভিৰিডি পৰিয়ালৰ অন্তৰ্ভুক্ত জাপানী এনকেফেলাইটিছ নামৰ ভাইৰাছবিধে মানুহৰ শৰীৰত প্ৰৱেশ কৰি এই ৰোগৰ সৃষ্টি কৰে। এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত প্ৰতি দুশৰপৰা তিনিশ ব্যক্তিৰ বিপৰীতে এজনৰ শৰীৰত ই প্ৰাণনাশক ৰোগ হিচাপে দেখা দিয়ে। এই ৰোগত অতিমাত্ৰা জ্বৰ হয় আৰু ভাইৰাছবিধে মগজু আক্ৰমণ কৰি নানা স্নায়ুজনিত সমস্যাৰ সৃষ্টি কৰে। জীৱনত এবাৰ এই ৰোগ হ’লে ব্যক্তিজনে গোটেই জীৱন এই ৰোগবিধ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা অৰ্জন কৰে। কিন্তু পৰিতাপৰ কথা, এই ৰোগত আক্ৰান্ত প্ৰায় ৬০ শতাংশ ব্যক্তিয়ে মৃত্যুমুখত পৰে। সাধাৰণতে যদিও গাহৰি বা বগলী চৰাইৰ দেহত এইবিধ ভাইৰাছ আশ্ৰয় লৈ থাকে, তথাপি সিহঁতৰ শৰীৰত এই ভাইৰাছবিধে কোনো ৰোগৰ সৃষ্টি নকৰে। মানুহৰ বাদে পোহনীয়া জন্তু ঘোঁৰা আৰু গৰুক আক্ৰমণ কৰি এই ভাইৰাছবিধে ৰোগ সৃষ্টি কৰিব পাৰে। এছিয়া মহাদেশৰ দক্ষিণ আৰু দক্ষিণ-পূবৰ দেশবোৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। লক্ষণীয়ভাৱে ইছলাম ধৰ্মাৱলম্বী লোক বাস কৰা দেশবোৰত(যিহেতু গাহৰি নাথাকে)এই ৰোগৰ প্ৰাদুৰ্ভাৱ কম। ভাৰতবৰ্ষৰ তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, অসম আদি ৰাজ্যবোৰত এই ৰোগ অধিক হোৱা দেখা যায়।
কিউলেক্স প্ৰজাতিৰ মহৰদ্বাৰা এই ভাইৰাছ মানুহৰ দেহত প্ৰৱেশ কৰে। Culex tritaeniorhynchus, C.vishnui, C.gelidus মহ বিশেষকৈ দায়ী। সাধাৰণতে কিউলেক্স প্ৰজাতিৰ মাইকী মহে জীৱ-জন্তুক কামুৰি তেজ খায়, মানুহক কমকৈ কামোৰে। কিন্তু মহবিধৰ পৰিমাণ ভয়ানকভাৱে বৃদ্ধি হ’লে, মানুহকো কামুৰি তেজ খায়। ভাইৰাছ বহনকাৰী গাহৰি, বগলী চৰাই আদিক কামুৰি মানুহক কামুৰিলে এই ভাইৰাছ মহটোৰ লেলাউটিৰ সৈতে মানুহৰ দেহত প্ৰৱেশ কৰে। আক্ৰান্ত ব্যক্তিক কামুৰি, এই মহে অন্য সুস্থ মানুহক কামুৰিলে এই ৰোগ বিয়পিব নোৱাৰে। গৰ্ভৱতী মহিলা আক্ৰান্ত হ’লে, ই গৰ্ভত থকা সন্তানলৈকে বিয়পিব পাৰে।
জাপানী এনকেফেলাইটিছ ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ ৫ৰ পৰা ১৫ দিনৰ পিছতে আক্ৰান্ত ব্যক্তিজনৰ কঁপনিসহ অতিমাত্ৰা জ্বৰ উঠে। মূৰৰ বিষ, হাত-ভৰিৰ বিষ, গাঁঠিৰ বিষ, বমি ভাব, বমি হোৱা, মূৰ ঘূৰণি আদি হয়। একৰপৰা ছদিনলৈকে থকা এই লক্ষণবোৰ অন্য সাধাৰণ ভাইৰাছজনিত জ্বৰৰ সৈতে একে। ছদিনমানৰ পিছত জ্বৰৰ লগতে নানা স্নায়ুজনিত সমস্যাই দেখা দিয়ে। ৰোগীয়ে মূৰটো ইকাটি-সিকাটি কৰিব নোৱাৰা হয়, গাঁঠিবোৰ কোঁচাব নোৱাৰা হৈ পৰে আৰু লাহে লাহে শৰীৰ অসাৰ হৈ পৰে। এই অৱস্থাক একুইট এনকেফেলাইটিছ অৱস্থা বুলি কোৱা হয়। শেহলৈ ৰোগী অজ্ঞান হৈ পৰে। এনে অৱস্থাত মৃত্যুৰ হাৰ বেছি। শিশুসকলৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অধিক হোৱা দেখা যায়। কিবা প্ৰকাৰে ৰোগী বাচি গ’লেও স্নায়ৱিক দুৰ্বলতা, কাণেৰে কম শুনা, শৰীৰ বিকলতা আদি ৰৈ যাব পাৰে।
যিহেতু প্ৰাৰম্ভিক অৱস্থাত জাপানী এনকেফেলাইটিছৰ লক্ষণ সাধাৰণ ভাইৰাছজনিত জ্বৰৰ সৈতে একে, সেয়েহে ইয়াক প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰা টান। ৰোগীৰ তেজ বা CSF-ৰ IgM Capture ELISA পৰীক্ষা কৰি এই ভাইৰাছবিধৰ বিৰুদ্ধে সৃষ্টি হোৱা এণ্টিবডি চিনাক্ত কৰা হয়। তদুপৰি Indirect Fluorescent Antibody Staining(IFAS)পদ্ধতিৰদ্বাৰা এই ভাইৰাছবিধৰ এণ্টিজেন নিৰ্দ্ধাৰণ কৰিব পৰা যায়।
জাপানী এনকেফেলাইটিছৰ কোনো নিৰ্দ্দিষ্ট চিকিৎসা নাই। ৰোগীক Supportive চিকিৎসা দিয়া হয়। জ্বৰ কমোৱা দৰব, মস্তিষ্কৰ ফুলি যোৱা অৱস্থা কমাবলৈ মেনিট’ল ছেলাইন দিয়া হয়। ডিহাইড্ৰেচন কমাবলৈ আৰু পৰিপুষ্টি যোগান ধৰাৰ বাবে ছেলাইন দিয়া হয়। সাধাৰণ ৰোগীক পুষ্টিকৰ, সহজে হজম হোৱা খাদ্য খাবলৈ দিয়াৰ লগতে জিৰণি ল’বলৈ দিয়া হয়। ৰোগী অজ্ঞান হ’লে নাকেৰে পাইপ দি জুলীয়া খাদ্য দিব লাগে আৰু প্ৰস্ৰাৱৰ বাবে কেথেটাৰ দিব লাগে। ৰোগীক ICUত ৰাখি চিকিৎসা কৰিব লগাও হ’ব পাৰে। ভাইৰাছৰ বৃদ্ধি ৰোধ আৰু মস্তিষ্কক সুৰক্ষা দিবপৰা দৰব ৰ’জমেৰিনিক এচিড, অৰ্কটিজেনিম, কাৰফুমিন আদিৰ অধ্যয়ন অন্য প্ৰাণীৰ ওপৰত চলাই থকা হৈছে। বৰ্তমানলৈ মানুহৰ ওপৰত প্ৰয়োগ কৰিব পৰা দৰব সৃষ্টি হোৱা নাই।
যিহেতু জাপানী এনকেফেলাইটিছৰ কোনো নিৰ্দ্দিষ্ট চিকিৎসা নাই, সেয়েহে প্ৰতিৰোধেই ইয়াৰ একমাত্ৰ ভৰসা। প্ৰতিৰোধৰ বাবে প্ৰথমে মহে আশ্ৰয় ল’ব পৰা গাহৰিৰ গঁৰাল বাসস্থানৰপৰা দূৰৈত সাজিব লাগে। গাহৰিৰ গঁৰালত ধোঁৱা আদি দি থাকিব লাগে আৰু মহ পাৰ হ’ব নোৱাৰা জালেৰে গঁৰাল ঢাকি ৰাখিব লাগে। এই ৰোগে মহামাৰী ৰূপ ল’লে আক্ৰান্ত গাহৰি বধ কৰিব লগা হ’ব পাৰে। আনহাতে, কিউলেক্স মহ যাতে বৃদ্ধি হ’ব নোৱাৰে তাৰ বাবে বাসস্থানৰ চাৰিওফালে চাফ-চিকুণকৈ ৰাখিব লাগে আৰু পানী জমা হ’ব দিব নালাগে। মালাথিয়ন, ডি ডি টি আদি ৰাসায়নিক কীটনাশক দৰব স্প্ৰে অথবা ফ’গিং কৰি ছটিয়াই কিছু পৰিমাণে মহ কমাব পাৰি। যিহেতু এই মহবিধ খেতিপথাৰ আদিত বহু এলেকা ব্যাপি থাকে, সেয়েহে ৰাসায়নিক কীটনাশক দৰবৰ ব্যৱহাৰ খৰচী হয় আৰু ফলপ্ৰসূ নহয়। মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ দিন বা ৰাতি শোৱা সময়ত আঁঠুৱা তৰি শুব লাগে। আঁঠুৱা বগা(মহ দেখাৰ বাবে), ০.৪৭২৫ ইঞ্চিতকৈ কম আকাৰৰ ছিদ্ৰযুক্ত আৰু কীটনাশক দৰবযুক্ত(Insecticide treated net-ITN)হ’লে ভাল। মহৰ কামোৰৰপৰা বাচি থাকিবলৈ হাত দীঘল চোলা, দীঘল পেণ্ট, বুটজোতা পিন্ধাৰ উপৰি মহ খেদা ধূপ, ধূনা, ধোঁৱা আদি ব্যৱহাৰ কৰিব লাগে। ভেকচিন বা ছিটা জাপানী এনকেফেলাইটিছ প্ৰতিৰোধৰ এক ফলপ্ৰসূ উপায়।
বৰ্তমান সময়ত তিনি প্ৰকাৰৰ জাপানী এনকেফেলাইটিছ ভেকচিন বজাৰত উপলব্ধ। সেইবোৰ হ’ল-SA-14-14-2, IC5I(অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত JESPECT আৰু অন্য ঠাইত IXIARO হিচাপে বজাৰত উপলব্ধ আৰু Chimeri-Vax-JE(IMOJEV হিচাপে বজাৰত উপলব্ধ)। ১৯৮৮ চনত চীনত প্ৰয়োগ আৰম্ভ হোৱা SA-14-14-2 ভেকচিন বিধ সুলভ। এই ভেকচিনবোৰ জেনোটাইপ-III ভাইৰাছৰ ওপৰত প্ৰতিষ্ঠিত। ভেকচিনবোৰ Subcutenous injection হিচাপে দিয়া হয়। বেজী দিয়া ঠাইত বিষ হোৱা, আৰ্টিকেৰিয়া আদি ইয়াৰ পাৰ্শ্বক্ৰিয়া। এই ভেকচিনবোৰে মানুহক কিমান দিনলৈকে ৰোগ প্ৰতিৰোধ কৰি ৰক্ষা কৰে সঠিককৈকোৱা টান। তথাপি ভেকচিন লোৱাৰ পিছত দুইৰপৰা তিনি বছৰ ভাইৰাছ এণ্টিজেন নিউট্ৰেলাইজ কৰা এণ্টিবডি মানুহৰ শৰীৰত থাকে। জাপানী এনকেফেলাইটিছৰ ভেকচিন প্ৰাথমিক ড’জ লোৱাৰ দুসপ্তাহ পিছত আকৌ এটা ল’লে ছমাহমান পিছত ৰোগ প্ৰতিৰোধ শক্তি আহৰণ হয়। এবছৰ পুৰ হোৱাৰ আগেয়ে আৰু এটা ভেকচিন ল’লে তিনিবছৰ পৰ্যন্ত ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। সেয়েহে তিনি বছৰ পাছত বুষ্টাৰ ড’জ ল’ব লাগে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ, নেচনেল ইনষ্টিটিউট অব্ ভাইৰোল’জী আৰু ভাৰত বায়’টেক লিমিটেডে সামূহিক প্ৰচেষ্টাৰে SA-14-14-2 প্ৰজাতিৰ ভেকচিন Jenvacৰ তৈয়াৰ আৰম্ভ কৰিছে। জাপানী এনকেফেলাইটিছ ভেকচিন যিকোনো বয়সৰ ব্যক্তিয়ে ল’ব পাৰে। ভ্ৰমণকাৰীয়ে সুৰক্ষা পাবলৈ এই ৰোগ অধ্যূষিত ঠাইলৈ যোৱাৰ আগেয়ে প্ৰাথমিক ড’জ ভেকচিন ল’লে সুৰক্ষা পায়। প্ৰাথমিক ড’জ লোৱাৰ ১২ৰ পৰা ১৮ মাহত প্ৰথম বুষ্টাৰ ল’ব আৰু ৪ বছৰত দ্বিতীয় বুষ্টাৰ ল’ব লাগে।
লেখক: ড° ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/25/2020
অ-সম অসম
অসম নামৰ ব্যুৎপত্তি
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ