অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাপানীছ এনকেফেলাইটিছ

জাপানীছ এনকেফেলাইটিছ

এইটো এটা জনস্বাস্থ্যৰ প্ৰ্তি যথেষ্ঠ গুৰুত্ব তথা ভাবুকি থকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত বেমাৰ।এই বেমাৰ প্ৰথমে ১৯২৮ চনত জাপানত ধৰা পৰিছিল।দক্ষিন-পূৱ এছিয়া মহাদেশৰ প্ৰায়বোৰ দেশত এই বেমাৰৰ প্ৰাদুৰ্ভাৱ আছে।আমাৰ ভাৰতবৰ্ষত অসমকে ধৰি বহুকেইখন ৰাজ্য যেনে-অৰুনাচল প্ৰদেশ, বিহাৰ, উত্তৰ প্ৰ্দেশ, তামিলনাডু, কৰ্নাটক, গোৱা, পশ্চিমবংগ ইত্যাদি ৰাজ্যত এই ৰোগ বিদ্যামান। অসমৰ বৰ্তমান গোটেই কেইখন দেশতে এই বেমাৰৰ প্ৰাৰ্দুভাৱ আছে।

মূলত এই বেমাৰ এবিধ FLavi নামৰ ভাইৰাছৰ দ্বাৰা হয়।কিউলেক্স মহে এই বেমাৰৰ বীজানু কঢ়িয়াই।মূলত গাহৰি ঘোৰাঁ আৰু মানুহৰ গাত এই বেমাৰৰ লক্ষন সমূহ দেখুওৱাই আৰু এই বেমাৰৰ দ্বাৰা আক্ৰান্ত বেমাৰীৰ শতকৰা ২৫-৫০ শতাংশ মৃত্যুমুখত পৰে।

এই বেমাৰৰ মূল বাহক হৈছে বগলী জাতীয় কলামুছৰী।এই চৰাই বিধে বেমাৰৰ ভাইৰাছ কঢ়িয়াই আনে আৰু কিউলেক্স জাতীয় মহে এই ভাইৰাছবিধৰ কলামুছুৰীৰ গাৰ পৰা মানুহ গাহৰী ঘোঁৰা বা অন্যান্য জীৱ জন্তৰ গালৈ বিয়পায়।

সাধাৰনতে বাৰিষাকালত যেতিয়া খেতিপথাৰ পানীৰে উপচি পৰে তেতিয়া কিউলেক্স মহে কণী পাৰে সিহতৰ বংশ বিস্তাৰ কৰে আৰু তাতে কলামুছুৰী/বগলী জাতীয় চৰাই আহি যেতিয়া পৰে তাৰপৰা এই মহবিধে ভাইৰাছটোৰ দ্বাৰা সংক্ৰমিত হয়।এই সংক্ৰ্মিত কিউলেক্স মহবিধে গাহৰি/মানুহ বা অন্যান্য জীৱ জন্তক কামুৰিলে এনকেফেলাইটিছৰ লক্ষনে দেখা দিয়ে।গাহৰীয়ে এই বেমাৰ বিধ বিয়পোৱাত সহায় কৰে।কিন্ত নিজে ইমান বেছি সংক্ৰমিত নহয়।সেইকাৰনে আমি মানুহৰ বাসস্থানৰ পৰা নিৰাপদ দূৰত্বত অতিকমেও ১০০ মিটাৰ দূৰতহে গাহৰি গড়াল সজাব লাগে।গাহৰি গড়ালটো সদায় চাফ-চিকুনকৈ ৰাখিব লাগে।পাৰিলে পটাচ,ফেনাইল আদি দি দৈনিক পৰিস্কাৰ কৰিব লাগে যাতে মহে কণী পাৰি তাৰ বংশ বৃদ্ধি কৰিব নোৱাৰে।পুৱা গধুলি মহ খেদিবৰ কাৰনে ধোৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে।সাধাৰনতে এই কিউলেক্স মহে গধুলি হোৱাৰ আগে আগে কামোৰে।গতিকে সেই সময়খিনিত আমি ঘৰত ধোৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে।মহৰ কামোৰৰ পৰা হাত সাৰি থাকিবৰ কাৰনে আঠুৱা লগাব পাৰো।গাহৰীৰ গড়ালতো আমি আঠুৱা লগাব পাৰো।নতুবা বজাৰত উপলদ্ধ বিভিন্ন ধৰনৰ মহেখেদা দৰৱ বিলাকো এই ক্ষেত্ৰত উপযোগী প্ৰমানিত হৈছে।

গাহৰীৰ গড়ালত ওচৰত আমি গৰু ছাগলী বা অন্যান্য জীৱ জন্ত ৰাখিব বা পুহিব পাৰো যাতে কিউলেক্স মহবিধে গাহৰিক কামুৰি আহি মানুহৰ পৰিৱৰ্তে গৰু ছাগলী বা অন্যান্য জীৱ জন্ত ৰাখিব বা পুহিব পাৰো যাতে কিউলেক্স মহবিধে গাহৰিক কামুৰি আহি মানুহৰ পৰিৱৰ্তে গৰু ছাগলী বা অন্যান্য জীৱ জন্তক কামোৰে।গৰু ছাগলী বা অন্যান্য জীৱ জন্তৰ ক্ষেত্ৰত এই বেমাৰটো মানুহৰ দৰে মাৰাত্মক/ভয়াবহ নহয়।পাৰিলে গাহৰিৰ গড়ালৰ ওচৰত ঘোৰাঁ পুহিব নালাগে।কাৰন দুয়োটাই এই বেমাৰ বিয়পোৱাত সহায় কৰে।

গাহৰীৰ ক্ষেত্ৰত এনকেফেলাইটিছ হলে মাইকী গাভনী গাহৰীয়ে গৰ্ভপাত কৰে,মৰা পোৱালী জন্ম দিয়ে, জ্বৰউঠে, দুৰ্বল পোৱালী জন্ম দিয়ে আৰু দুই তিনি দিনত কিছু সংখ্যক গাহৰি মৃত্যুমুখত পৰে।ঘোৰাৰঁ ক্ষেত্ৰত জ্ব্ৰৰ, মুখমণ্ডলত পেৰালাইছিছ আদি লক্ষন দেখুৱাই যদিও মাৰাত্মক নহয়।

সেয়েহে এনকেফেলাইটিছ হোৱা অঞ্চলত বিশেষকৈ বাৰিষাকালত যদি গাহৰিৰ গৰ্ভপাত বা মৰাপোৱালী বা দুৰ্বল পোৱালী জন্ম দিয়ে বা গাহৰিৰ জ্বৰ উঠি থাকে তেতিয়া হলে পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰাব লাগে।তাৰোপৰি মহক প্ৰ্তিৰোধ কৰিব পৰা ওপৰত উল্লেখিত ব্যৱস্থা সমূহ গ্ৰহন কৰিব লাগে।

শেষত কও যে মহৰ প্ৰ্তিৰোধক অন্যান্য ব্যৱস্থা এনকেফেলাইটিছ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায়।

ডা: ইন্দ্ৰ্জিত নাথ।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate