শেহতীয়াকৈ ভাৰতৰ অন্য ৰাজ্যবোৰৰ লগতে অসমতো ডেংগুৰ প্ৰকোপ বৃদ্ধি পাইছে। ডেংগু আক্ৰান্ত লোকৰ স্ংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে। আনকি ডেংগুত প্ৰাণো হেৰুৱাইছে কেইবাজনো লোকে। চৰকাৰী তথ্য অনুসৰি এই বৰ্ষত বৰ্তমানলৈ ভাৰতত ১৭,০০০ লোক ডেংগু আক্ৰান্ত হোৱা বুলি কোৱা হৈছে। যদিও ইয়াৰ স্ংখ্যা বহু বেছি হব। উল্লেখ্য যে এক-তৃতীয়াংশ লোকৰে ডেংগুত আক্ৰান্ত হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাযায়। অৱশ্যে মৃত্যুৰ হাৰ কম। মাথোঁ এক শতাংশ ৰোগীৰহে মৃত্যু ঘটে। কিন্তু ডেংগু যদি দ্বিতীয় বা তৃতীয়বাৰৰ বাবে হৈছে, তেতিয়া হ’লে ৰোগীৰ মৃত্যু নিশ্চিত। অকল ভাৰততে যে ডেংগু হৈছে এনে নহয়। প্ৰায় ১০০ খন দেশতে ডেংগুৰ প্ৰকোপ বৃদ্ধি পাব ধৰিছে। বছৰি ৫০-১০০ নিযুতলোক এইবোৰ দেশত ডেংগুত আক্ৰান্ত হয়। ইয়াৰে প্ৰায় ২০ হাজাৰ লোকৰ ডেংগুত মৃত্যু ঘটে। অৱশ্যে মেলেৰিয়া আৰু যক্ষ্মা ৰোগীৰ তুলনাত ডেংগুত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ স্ংখ্যা বৰ্তমানো অধিক। মেলিৰিয়াত সমগ্ৰ বিশ্বত প্ৰতি বছৰে ৮,০০,০০০ লোকৰ মৃত্যু ঘটাৰ লগতে অকল ভাৰতত ৫০,০০০ লোকৰ মৃত্যু ঘটে। একেদৰে সমগ্ৰ বিশ্বত প্ৰতিবছৰে প্ৰায় ১.৫ নিযুত লোকৰ মৃত্যু ঘটে যক্ষ্মা ৰোগত। ভাৰতত বছৰি ৩,০০,০০০ অধিক লোক যক্ষ্মা ৰোগত মৃত্যু মুখত পৰে। সমগ্ৰ বিশ্বত ডেংগু ব্যাপকভাৱে বৃদ্ধি পোৱাৰ কেইবাটাও কাৰণ ইতিমধ্যে চিকিৎসকসকলে নিৰ্ণয় কৰিছে। ইয়াৰ প্ৰধান কাৰণটো হৈছে বতৰৰ পৰিবৰ্তন। তাপমাত্ৰাৰ পৰিৱৰ্তনৰ লগত ডেংগুৰ সম্পৰ্ক আছে। দ্বিতীয় কাৰণটো হৈছে ঘৰৰ চৌপাশে পানী জমা হৈ থাকিব পৰা বিভিন্ন পেলনীয়া সা-সামগী, যেনে-ঢাকনি নোহোৱা পানীৰ টেংকি, পেলাই দিয়া টায়াৰ আদি। এইবোৰ পেলনীয়া বস্তুত্ত পানী জমা হৈ থাকিলে সহজে ডেংগুমহে বিস্তাৰ কৰিব পাৰে।
যিবোৰ দেশে ডেংগু নিয়ন্ত্ৰণ কৰিব পাৰিছে, তেওঁলোকে কঠোৰভাৱে কিছুমান স্বাস্থ্য নীতি গ্ৰহণ কৰিব লগাত পৰিছে। বিশেষকৈ ৰাজহুৱা স্বাস্থ্য বিভাগৰ কঠোৰ নীতি, ব্যাপক সজাগতাৰ বাবে উক্ত দেশবোৰত ডেংগু নিয়ন্ত্ৰণ কৰা সম্ভৱপৰ হৈছে। আনহাতে চহৰাঞ্চলত পৌৰ নিগমৰ বাবে ডেংগু নিয়ন্ত্ৰণ কৰা এক ডাঙৰ প্ৰত্যাহবান।
উল্লেখ্য যে ডেংগু এডিছ ইজিপ্তি নামৰ মহবিধৰ দ্বাৰা বিয়পে। ডেংগু প্ৰথম আফ্ৰিকাত আৰম্ভ হয়। ইয়াৰ পিছত গ্ৰীস্ম প্ৰধান দেশবোৰত ডেংগু বিয়পি পৰে। এডিছ ইজিপ্তি নামৰ মহবিধে ডেংগুৰ ভাইৰাছ এজন লোকৰ পৰা আন এজন লোকলৈ বিয়পায়। উল্লেখ্য যে ঠাণ্ডা পৰিৱেশত ডেংগুৰ বীজাণু তিষ্ঠিব নোৱাৰে। ইয়াৰ লগতে ডেংগু মহ মাৰিবলৈ হ’লে বা এইৰোগ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে মানুহৰ মাজত ব্যাপক সজাগতাৰ প্ৰয়োজন। ভাৰতত বিশেষকৈ নতুন্ দিল্লীত এডিছ এলবোপিকটাছ নামৰ মহবিধৰ বাবে ডেংগু বিয়পি পৰা বুলি জানিব পৰা গৈছে। এই মহবিধ পূব আৰু দক্ষিণ-পূব এছিয়াত প্ৰথম উৎপত্তি হৈছিল। উল্লেখ্য যে এডিছ এলিবোপকটাছ নামৰ মহবিধে যিকোনো পৰিৱেশৰ সৈতে খাপ খুৱাই ল’ব পাৰে। আনহাতে এই মহবিধ ধোৱা দি, স্প্ৰে দি মাৰিব নোৱাৰি বুলি কৈছে দিল্লী পৌৰ নিগম কতৃপক্ষই। চিকিৎসকসকলে এডিছ ইজিপ্তি আৰু এডিছ এলবোপিকটাছৰ মাজত চৰিত্ৰিক বৈশিষ্ট নথকা বুলি মন্তব্য কৰিছে। কিন্তু দুয়োবিধ মহে ডেংগুৰ বিজাণু কঢ়িয়াই। এইমছৰ এজন চিকৎসকে সদৰী কৰা অনুসৰি এই দুয়োবিধ মহৰে কামোৰাৰ পদ্ধতি কিন্তু বেলেগ বেলেগ। উল্লেখ্য যে এডিছ এলবোপিকটাছ মহ ঠাণ্ডা ঠাইতো বংশ বিস্তাৰ কৰিব পাৰে। কিন্তু এডিছ ইজিপ্তি নামৰ মহবিধে ঠাণ্ডা পৰিৱেশত থাকিব নোৱাৰে। শেহতীয়াকৈ অসমতো ডেংগুৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগে উঠি-পৰি লাগিছে। কিন্তু মানুহৰ মাজত ব্যাপক সজাগতা অবিহনে এই ৰোগ ৰোধ কৰা সম্ভৱ নহয়। উল্লেখ্য যে মেলেৰিয়া, যক্ষ্মা, ডায়েৰিয়া আদি ৰোধৰ বাবে চৰকাৰীভাৱে বিভিন্ন্ ব্যৱস্থা হাতত লোৱা হৈছে যদিও ডেংগু প্ৰতিৰোধৰ বাবে সীমিত কাৰ্যব্যৱস্থাহে লোৱা হৈছে। সেয়ে এইক্ষেত্ৰত প্ৰতিজন লোকে সজাগ হোৱা উচিত। উল্লেখ্য যে এডিছ ইজিপ্তি নামৰ মহবিধে বেছি দূৰলৈ উৰি যাব নোৱাৰে। মাথো ১০০ মিটাৰমান উৰিব পাৰে।
স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 6/27/2020
ডেংগু জ্বৰ
ডেংগু এবিধ সোঁচৰা বেমাৰ। এই শিতানত ডেংগু ৰোগৰ বিষয়...
মহে বিয়পোৱা ৰোগ ডেংগু
মহৰ বিৰুদ্ধে চীন দেশৰ গৱেষণা