মানুহৰ চৌপাশৰ পৰিৱেশত থকা বিভিন্ন পোক-পতংগৰ ভিতৰত অন্যতম হৈছে মাখি। জাবৰ-জোঁথৰত ই বেছিকৈ বংশবৃদ্ধি কৰে আৰু সেয়েহে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সূচক বুলি ইয়াক স্বাস্থ্যবিজ্ঞানীসকলে অভিহিত কৰে। মাখিৰ নানা প্ৰজাতি আছে যদিও আমাৰ পৰিৱেশত পোৱা প্ৰজাতিবিধৰ নাম হৈছে মুছকাছ্ ডামষ্টিকা।
সাধাৰণ বৈশিষ্ট্যবোৰঃ
ই এবিধ পতংগজাতীয় প্ৰাণী। ইয়াৰ দেহক তিনিটা ভাগত ভগোৱা হৈছে- মূৰ, বুকু আৰু পেট। মূৰত থকা প্ৰোবোস্কিছ নামৰ অংশৰ জৰিয়তে তৰল পদাৰ্থ শুহি ল’ব পাৰে। বুকুৰ দুয়োপিনে এযোৰ পাখি থাকে আৰু তিনিযোৰ ভৰি থাকে। গোটেই শৰীৰত থকা চুটি নোমবোৰৰ পৰা নিৰ্গত হোৱা আঠালেতীয়া ৰসে ৰোগ বিস্তাৰত অৰিহণা যোগায়। গ্ৰীষ্ম আৰু বাৰিষাত এনেবোৰ ৰোগৰ প্ৰকোপ বাঢ়ে।
জীৱন চক্ৰঃ চাৰিটা ভাগত বিভক্ত- (১) কণী, (২)পলু, (৩) লালুকী, (৪) প্ৰাপ্তবয়স্ক মাখি।
(১) কণীঃ প্ৰথমাৱস্থাত এজনী মাইকী মাখিয়ে জাবৰ-জোঁথৰ, গেলা-পচা ঠাইত এবাৰত ১৫০-২০০ টা কণী পাৰে। দেখাত এই কণীবোৰ বগা আৰু দীঘলে এক মিলিমিটাৰ। এজনী মাখিয়ে নিজৰ জীৱন কালত ৬০০-৯০০ কণী পাৰিব পাৰে। ২৪ ঘণ্টাৰ ভিতৰতে কণীবোৰ পলুলৈ পৰিৱৰ্তিত হয়।
(২) পলুঃ এইবোৰ দেখাত বগা বৰণৰ। পচা জৈৱ পদাৰ্থ ইহঁতে বৰকৈ খায় আৰু আকাৰত বাঢ়িবলৈ ধৰে। পূৰ্ণ পৰ্যায়ৰ এটি পলুৰ দৈৰ্ঘ্য প্ৰায় এক ইঞ্চি হয়। এইবোৰ জাবৰ-জোঁথৰৰ মাজত সোমাই থাকে। পৰৱৰ্তী পৰ্যায়লৈ (লালুকী উত্তৰণ ঘটাৰ সময়ত) ই শুকান ঠাইলৈ যায়। পৰিৱেশৰ উষ্ণতা আৰু খোৱাবস্তুৰ সহজলভ্যতাৰ ওপৰত নিৰ্ভৰ কৰি এই পৰ্যায়টো ২-৭ দিন থাকিব পাৰে।
(৩) লালুকীঃ ই দেখাত ডাঠ মুগা বৰণৰ আৰু ই ৩-৬ মিঃ মিঃ দীঘলীয়া হ’ব পাৰে।
(৪) প্ৰাপ্তবয়স্ক মাখিঃ গ্ৰীষ্মকালত কণীৰ পৰা এই পৰ্যায় পাবলৈ ৫-৬ দিন সময় লাগে যদিও কেতিয়াবা ৮-২০ দিন সময় লাগিব পাৰে। হিচাপ কৰি দেখা গৈছে যে এযোৰ মাখিয়ে এটা গ্ৰীষ্মকালত ৩২৫,৯২৩,২০০,০০০,০০০ টা কণী পাৰিব পাৰে। গ্ৰীষ্মকালত ১৫ দিন আৰু জাৰকালি ২৫ দিনতকৈ বেছি একোটা মাখি কাহানিও জীয়াই নাথাকে।
ৰোগৰ বিস্তাৰঃ
মাখিয়ে ৰোগ এনেদৰে বিয়পাব পাৰে-
(১) দৈহিক উপায়ঃ ইয়াৰ নোমাৰ ভৰি বা দেহৰ অন্যান্য অংশই বীজাণু কঢ়িয়াব পাৰে। শৰীৰৰ উপৰিভাগত থকা আঠাই বীজাণুসমূহ ধৰি ৰাখিবলৈ সহায় কৰে।
(২) বমিৰ টোপালঃ মাখিয়ে সঘনাই বমি কৰা এটা বদ অভ্যাস আছে। এনেদৰে মাখিয়ে খাদ্যবস্তুবোৰৰ সংস্পৰ্শলৈ আহিলে বীজাণুৰ দ্বাৰা দূষিত হয়।
(৩) মলত্যাগঃ মাখিয়ে প্ৰায়েই শৌচ কৰি থাকে। এনেদৰে খাদ্যবস্তুৰ ওপৰত মলত্যাগ কৰি ৰোগ বিয়পায়।
মাখিবাহি ৰোগঃ নানা ৰোগ সৃষ্টি হ’ব পাৰে। ইয়াৰ ভিতৰত উল্লেখনীয় হৈছে (১) ডায়েৰিয়া, (২) ডিচেণ্ট্ৰী, (৩) গেষ্ট্ৰোএণ্টেৰাইটিছ, (৪) সন্নিপাত জ্বৰ, (৫) কলেৰা, (৬) এমিবিয়াছিছ, (৭) কনজাংক্টিভাইটিছ (৮) ট্ৰোকোনো। প্ৰথম তিনিবিধ ৰোগৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে। এণ্টামিবা হিষ্টিঅ’লাইটিকা নামৰ এবিধ পৰজীৱীৰ আক্ৰমণৰ ফলত এমিবিয়াছছ হয়। এইবোৰ পৰজীৱী আকাৰত বীজাণুতকৈ ডাঙৰ যদিও খালী চকুৰে ইহঁতক দেখা নাযায়। মানুহৰ পেটৰ বৃহদান্ত্ৰৰ বেৰত ইহঁতে এক বিশেষ ধৰণৰ ঘাঁৰ সৃষ্টি কৰে। ঘাঁ হ’লে পেটৰ বিষ হয়। পেটটো ফুলি যায় আৰু বাৰে বাৰে বীজলুৱা ধৰণৰ শৌচ হয়। বহুতে ইয়াকে আমাশয় বুলি কয়। সংক্ৰমণৰ মাত্ৰা বা নিৰিখ বেছি হ’লে শৌচৰ লগত তেজ যাব পাৰে। কেতিয়াবা জ্বৰো হ’ব পাৰে। সৰহভাগ ক্ষেত্ৰতেই ৰোগে ক্ৰ’নিক বা পুৰাতন ৰূপ ধাৰণ কৰিব পাৰে। সামান্য ধৰণৰ হ’লেও ৰোগীয়ে বহুদিন জুৰি কষ্ট ভুগি থাকিব পাৰে। কেতিয়াবা ঢিলা শৌচ আৰু কেতিয়াবা কোষ্ঠকাঠিন্যতা দেখা দিব পাৰে। বদহজমৰ ভাব এটা থাকে, আভোক লাগিব পাৰে আৰু পেটৰ বিষো থাকে। দৈহিক ওজন কমি যাব পাৰে আৰু দুৰ্বলতা অনুভূত হয়।
এইটো অৱস্থাকে বহুতে এচিডিটি আৰু গেছ হোৱা বুলি এক ভ্ৰান্ত ধাৰণা লৈ থাকে। বহুতে আকৌ এই অৱস্থাটিক গেষ্ট্ৰিক বুলি এক পোছাকী নাম প্ৰদান কৰে। যিকোনো খলনায়কৰ লেখীয়াকৈ এমিবাৰো দুটা চেহেৰা থাকে। পেটত আক্ৰমণ চলোৱাৰ সময়ত এমিবা সচল- ক’বলৈ গ’লে চলন্ত জেলি। কিন্তু বংশ বিস্তাৰ কৰাৰ সময়ত বা কোনো বিপদৰ মুখামুখি হ’বলগীয়া হলে ই তেনেই ক্ষুদ্ৰাকৃতিৰ হৈ পৰে। প্ৰথম অৱস্থাটোক আখ্যা দিয়া হৈছে ট্ৰোফোজোইট আৰু পাছৰ অৱস্থাটো ছিষ্ট। শৌচৰ সৈতে দুয়োবিধেই নিৰ্গত হয়। আন্ত্ৰিক ৰোগ বা ডায়েৰীয়া ৫-৭ বছৰীয়া শিশুহঁতৰ মাজত বেছিকৈ হোৱা দেখা যায়। এই ৰোগৰ আৰম্ভণিতে বমি হয়। পাছলৈ বমি হয় যদিও পানীৰ দৰে পাতলীয়া শৌচ হৈ থাকে। এই অৱস্থাত চেনি আৰু নিমখ মিহলি পৰিষ্কাৰ পানী খুৱাই থাকিব লাগে। শৰীৰৰ পৰা যিমানখিনি পানী পায়খানাৰ জৰিয়তে ওলাই যায় তাতকৈ আধা লিটাৰ বেছিকৈ পানীয় খুৱাব লাগে। শৌচ চলি থকা অৱস্থাত বহুতে আৰু বেছিকৈ শৌচ হ’ব পাৰে বুলি শংকিত হৈ ৰোগীক একো খাবলৈ নিদিয়ে। এইটো অতি ভ্ৰান্ত ধাৰণা। একে লেথাৰিয়ে ঢিলা শৌচ হৈ থাকিলে ৰোগীৰ নিৰ্জল অৱস্থা হ’ব পাৰে আৰু তাৰ পাছত ৰোগীৰ দেহা চেঁচা পৰি মূৰ্ছা যাব পাৰে। সেয়েহে ৰোগীয়ে খাবলৈ ইচ্ছা নকৰিলেও জোৰ কৰি উপৰোক্ত পানী বা অ’ আৰ এছ ইলেকট্ৰ’ল মিহলি পানী খুৱাব লাগে। অতি সংকটাপন্ন ৰোগীক হস্পিতালত ভৰ্তি কৰি সিৰাইদি চেলাইন দিয়া হয়।
গৰমৰ দিনত অসম তথা ভাৰতৰ বিভিন্ন অঞ্চলত ডিছেণ্ট্ৰী ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। ‘ছিগেলা’ নামৰ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা এই ৰোগ পেটৰ কামোৰণিৰে আৰম্ভ হয়। বেছিলাৰী ডিছেণ্ট্ৰী হ’লে শৌচৰ লগতে কেঁচা তেজ নিৰ্গত হয়। লগতে জ্বৰ উঠিব পাৰে আৰু ৰোগীজন অত্যন্ত দুৰ্বল হৈ পৰে। বমি হোৱা দেখা যায়। এণ্টিবায়’টিক শ্ৰেণীৰ দৰব আৰু লগতে সিৰাইদি চেলাইন দিব লাগে।
টাইফয়ড ৰোগ হ’লে জ্বৰ উঠে, পেটত ৰঙচুৱা বৰণৰ গুটি ওলায়। ঢিলা শৌচৰ লগতে কোষ্ঠকাঠিন্যতাও দেখা যায়। ক্লোৰাম ফেনিকোল, চিপ্ৰোফ্লোচিন আদি দৰব এই ৰোগত অতি কাৰ্যকৰী।
লেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী
উৎস: অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 5/3/2020