ভূমিকা
- মেলেৰিয়া এটা জীৱননাশক আৰু পৰজীৱিজনিত ৰোগ। এই ৰোগ প্লাজম’ডিয়াম ভাইভক্স, প্লাজম’ডিয়াম ফেলছিপাৰোম, প্লাচম’ডিয়াম মেলেৰিয়া আৰু প্লাচম’ডিয়াম ওভালী নামৰ পৰজীৱিৰ দ্বাৰা হয়।
- এনোফিলিছ নামৰ মহে কামুৰিলে এই ৰোগৰ সংক্ৰমণ হয়।
- বিজাণু বাহক মহে কামোৰাৰ ১০-১৪ দিনৰ পাছত মানুহৰ দেহত এই ৰোগে দেখা দিয়ে।
- ভাৰতত দুটা ধৰণৰ মেলেৰিয়াৰ পৰজীৱি দেখা যায়। প্লাজম’ডিয়াম ভাইভক্স আৰু প্লাজম’ডিয়াম ফেলছিপাৰোম।
- মানুহৰ দেহত কেইবাটাও পৰ্য্যায় অতিক্ৰম কৰি এই পৰজীৱিৰ জটিল পৰিৱৰ্তনেৰে জীৱনচক্ৰ সম্পূৰ্ণ কৰে।
- মানুহৰ দেহত এই পৰজীৱিবোৰে জীৱনচক্ৰ, যকৃত কোষ আৰু লোহিত কোষত সম্পূৰ্ণ কৰে।
- প্লাজম’ডিয়াম ফেলছিপাৰোমৰপৰা সংক্ৰমণ হোৱা মেলেৰিয়া সকলোতকৈ ভয়াৱহ।
মেলেৰিয়াৰ লক্ষণ
- মূৰৰ বিষ, জ্বৰ, বমি, বমিভাৱ আৰু আন ফ্লুৰ দৰে লক্ষণে দেখা দিয়ে।
- এই পৰজীৱিবোৰে লোহিত ৰক্ত কণিকা আক্ৰমণ কৰি ধ্বংস কৰি পেলায়। ইয়াৰ ফলত এনিমিয়া, অলপতে ভাগৰ লগা আৰু চেতনা কমি যোৱা আদি হয়।
- পৰজীৱিবোৰ তেজৰ জৰিয়তে মগজু আৰু শৰীৰৰ আন অংগলৈ বিয়পি পৰে।
- গৰ্ভৱতী অৱস্থাত এই ৰোগ হ’লে মাক, ভ্ৰুণ আৰু নৱজাতকৰ জীয়াই থকাৰ সম্ভাৱনা কমি যায়। মেলেৰিয়া হ’লে গৰ্ভৱতীগৰাকী সোনকালে ভাল হৈ নুঠে, ফলত মেলেৰিয়াৰ বিজাণুৱে ভ্ৰুণটোৰ মাৰাত্মকভাৱে ক্ষতি কৰে।
মেলেৰিয়াৰ জটিল আৰু মাৰাত্মক লক্ষণ
প্ৰথম কথা হ’ল মেলেৰিয়া ৰোগৰ লক্ষণবোৰ চিনাক্ত কৰা, যাতে অতি শীঘ্ৰে আক্ৰান্ত ব্যক্তিৰ চিকিৎসা আৰু যত্ন ল’ব পৰা যায়। কোনো কঠিন ৰোগৰ ফলত হোৱা জ্বৰ, বা জ্বৰ হ’ব পৰা আন ৰোগ বা আনুসাংগিক মেলেৰিয়া যিয়েই নহওঁক ইয়াৰ চিনাক্তকৰণ প্ৰথম কথা। লক্ষণবোৰৰ ভিতৰত অতিপাত জ্বৰ আৰু তলত উল্লেখ কৰা উপসৰ্গবোৰৰ এটা থাকিব:
- বহি থাকিব নোৱাৰা, মাজে মাজে চেতনাহীন হোৱা।
- উশাহ লওঁতে কষ্ট পোৱা।
- অধিক ৰক্তহীনতা।
- গাঁৰ কিছুমান অংগৰ বিষ।
- জুলীয়া পান কৰিব নোৱাৰা, বমি হোৱা।
- মলমূত্ৰৰ পৰিমাণ কমি যোৱা।
যিবোৰ ৰোগীয়ে বহিব নোৱাৰে বা উশাহ লওঁতে কষ্ট পায় তেওঁলোকে পেৰেণ্টিয়েল এন্টি মেলেৰিয়া আৰু বিজাণুনাশক চিকিৎসা কৰা উচিত। প্ৰচলিত চিকিৎসাৰ সলনি নিৰ্দিষ্ট ৰোগৰ চিকিৎসা কৰিব লাগে। তেজ, প্ৰস্ৰাৱ আদি নিয়মীয়াকৈ পৰীক্ষা কৰোৱাব লাগে। পাকস্থলীৰ ৰক্তপাত হ’ব পৰা ঔষধ ব্যৱহাৰ কৰিব নালাগে।
জটিল অৱস্থাত ৰোগীৰ হ’ব পৰা বিপদ
- এই ৰোগ কমকৈ সোঁচৰা অঞ্চলবোৰ- সকলো বয়সৰ লোকৰ এই ৰোগ হ'ব পাৰে। তথাপিও প্ৰাপ্তবয়স্ক লোকসকলৰ এই ৰোগ বেছিকৈ হয়। উত্তৰ পূৰ্বাঞ্চল, উৰিষ্যা, ছত্তিচগড়, মধ্য প্ৰদেশত এই ৰোগৰ প্ৰকোপ অধিক। আন আন অঞ্চলত এই ৰোগৰ প্ৰকোপ কম।
- বেছি প্ৰকোপ থকা ঠাইৰ ৫ বছৰৰ কম বয়সৰ শিশু, পৰ্য্যটক, প্ৰৱজক শ্ৰমিক, গৰ্ভৱতী মহিলা এইৰোগত বেছিকৈ আক্ৰান্ত হয়।
- গৰ্ভৱতী মহিলা এইৰোগত বেছিকৈ আক্ৰান্ত হয়। গৰ্ভৱতী মহিলাৰ এই ৰোগ হ’লে সোনকালে ভাল নহয়, ফলত বিজাণুবোৰে ভ্ৰুণটোৰ ভয়াৱহ ক্ষতি কৰে।
মেলেৰিয়াৰ বাহক
- মেলেৰিয়াৰ বহুতো বাহক আছে।
- এনোফিলিছ চুলিচিফ’চিছ মেলেৰিয়াৰ মুল বাহক।
- ই সৰু বা মধ্যম জোখৰ মহ আৰু কিউলেক্সৰ দৰে।
১) খোৱাৰ ধৰণ-
- এইবোৰ জু’ফিলিক প্ৰজাতিৰ।
- এইবোৰে খাদ্যৰ বাবে সদায় মানুহৰ ওপৰত নিৰ্ভৰ কৰে।
২) বিশ্ৰামৰ ধৰণ-
- মানুহৰ ঘৰত আৰু গোহালীত দিনৰ ভাগত এই মহে বিশ্ৰাম লয়।
৩) বংশ বৃদ্ধিৰ স্থান-
- বৰষুণৰ পানী জমাহৈ সৃষ্টি হোৱা পুখুৰী, নলা, জমাহৈ থকা পানী, ধানখেতি, কেঁচা কুঁৱা আদিত বাৰিষা বংশ বৃদ্ধি কৰে।
- বাৰিষা কালত বেছিকৈ বংশবৃদ্ধি হয়।
৪) কামোৰাৰ সময়-
- প্ৰত্যেক প্ৰজাতিৰ মহৰ কামোৰাৰ সময় বেলেগ বেলেগ। খুব সহজেই ইহঁতে পৰিৱেশৰদ্বাৰা প্ৰভাৱিত হয়।
- বেছিভাগ মহেই (এনোফেলিছ, কিউলেক্স) সন্ধিয়াৰ পাছত কামোৰে। শীতকালত গ্ৰীষ্মকালতকৈ কিছু আগতে কামোৰে। তথাপিও ইহঁতৰ প্ৰজাতিৰ ভিত্তিত কামোৰাৰ সময় বেলেগ বেলেগ হয়।
বিভিন্ন ৰাজ্যত মেলেৰিয়াৰ স্থিতি
২০০৪ চনৰ মেলেৰিয়াৰ তথ্যমতে উৰিষ্যা, গুজৰাট, ছত্তিচগড়, পশ্চিমবংগ, মিজোৰাম, ঝাৰখণ্ড, মেঘালয়, কৰ্ণাটক, ত্ৰিপুৰা আৰু অসমত বেছিকৈ মেলেৰিয়া হয়। উৰিষ্যাত আটাইতকৈ বেছি লোকৰ মেলেৰিয়াত প্ৰাণ যায়। ইয়াৰ পিছতে ক্ৰম অনুসৰি পশ্চিমবংগ, মিজোৰাম, ঝাৰখণ্ড, মেঘালয়, কৰ্ণাটক, ত্ৰিপুৰা আৰু অসমত মৃত্যুৰ তথ্য পোৱা যায়।
উত্স: আইএনডিজি দল।