অন্ত্ৰনলীৰ একেবাৰে তলৰ অংশক কোৱা হয় বৃহদন্ত্ৰৰ। এই বৃহতন্ত্ৰৰ তিনিটা অংশৰ এটাক কোৱা হয় ক’লনঃ আন দুভাগ হ’ল চিকাম আৰু ৰেকটাম। মধ্যবিত্তসকলৰ মাজত আজিকালি এই ক’লন অংশত হোৱা কেন্সাৰৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিজ্ঞানীসকলে কৈছে যে ভিটামিন-ডিয়ে কেন্সাৰ প্ৰতিৰোধক হিচাপে কাম কৰে আৰু গাখীৰ হৈছে ভিটামিন ডি’ৰ ভাল উৎস। ‘য়োগহাৰ্ট’ নামৰ গাখীৰৰ পৰা তৈয়াৰ কৰা দৈজাতীয় খাদ্য ক’লন কেন্সাৰ প্ৰতিৰোধৰ বাবে বিশেষ উপকাৰী বুলি বিবেচিত হৈছে। লেক্ট’বেচিলাছ এচিদ’ফিলাছ নামৰ গাখীৰক দৈ কৰা বেক্টেৰিয়াবিধ সংযোগ কৰি তৈয়াৰ কৰা ‘য়োগহাৰ্ট’ নামৰ খাদ্যবিধে ৪০ শতাংশ ক’লন কেন্সাৰৰ ঘটনা হ্ৰাস কৰিব পাৰে বুলি বিজ্ঞানীসকলে নিশ্চিত হৈছে। আমাৰ পৰিৱেশত উল্লেখিত বেক্টেৰিয়াৰ দ্বাৰা বিশেষভাৱে তৈয়াৰ কৰা ‘য়োগহাৰ্ট’ উপলব্ধ নহয় যদিও সাধাৰণভাৱে পোৱা দৈজাতীয় খাদ্যয়ো এই প্ৰয়োজন বহুখিনি পূৰণ কৰিব পাৰে।
ক’লন কেন্সাৰজনিত ৰোগৰ বাবে অৱশ্যে মাংস আৰু মাংসৰ জৰিয়তে পোৱা চৰ্বি মুঠেও উপকাৰী নহয়। ইটোৰ পাছত সিটো অধ্যয়নে এই কথা প্ৰমাণ কৰিছে যে যিবিলাক দেশত মাংস আৰু মাংসজাত চৰ্বিৰ ব্যৱহাৰ অধিক, সেইবোৰ দেশত ক’লন কেন্সাৰৰ মাত্ৰা সৰ্বাধিক।
বিশেষকৈ জন্তুৰ মাংস আৰু এলক’হলে ক’লন কেন্সাৰৰ সম্ভাৱনা বঢ়ায়। আমেৰিকাৰ কৃষি বিভাগৰ ঔষধি উদ্ভিদৰ বিশেষজ্ঞ হিচাপে সেৱা আগবঢ়োৱা ডাঃ জিম ডিউকৰ পৰিয়ালৰ বুৰঞ্জীত ক’লন কেন্সাৰৰ এক ইতিহাস আছিল। অন্ত্ৰনলীত হোৱা এই বইলৰ জৰিয়তে তেওঁৰো ক’লন কেন্সাৰৰ বীজ ৰোপণ হৈছিল। কিন্তু উচ্চ আঁহযুক্ত শাক-পাচলি গ্ৰহণ কৰি আৰু মাংসজাতীয় খাদ্য সম্পূৰ্ণৰূপে বৰ্জন কৰি তেওঁ মুক্ত জীৱন যাপন কৰিব পাৰিছিল।
উৎসঃ দেওবৰীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 6/27/2020