মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষক ডাঃ লিণ্ডছে ফ্ৰেজাৰ আৰু তেওঁৰ দলটোৱে সন্ধান পাইছে যে কণী খোৱা অভ্যাসটো মহিলাৰ স্তন কেন্সাৰৰ প্ৰতিৰোধক হ’ব পাৰে।
তেওঁলোকে প্ৰমাণ পাইছে যে যিসকল যুৱতীয়ে নিয়মীয়াকৈ কণী খায় তেওঁলোকে জীৱনৰ পৰৱৰ্তী কালছোৱাত এই ৰোগৰ পৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম থাকে। তেওঁলোকৰ অধ্যয়নটোত এইটোও ধৰিব পৰা গৈছে যে কণীৰ উপৰি বনস্পতি চৰ্বি আৰু আঁহযুক্ত খাদ্যৰো প্ৰতিৰোধক গুণ থাকে। গৱেষণাটোত এইটোও কোৱা হৈছে যে স্তন কেন্সাৰত খাদ্যাভাসে এক বিশেষ ভূমিকা গ্ৰহণ কৰে।
চিকিৎসকসকলে মহিলাসকলক স্বাস্থ্যসন্মত আৰু সুষম আহাৰ খোৱাৰ পৰামৰ্শ সদায়েই দি আহিব লাগে বুলি গৱেষককেইজনে অনুভৱ কৰিছে। তেওঁলোকে আৱিষ্কাৰ কৰিছে যে যিসকল যুৱতীয়ে অধিক পৰিমাণত মাখন খোৱাটো পচন্দ কৰে তেওঁলোকৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ অধিক সম্ভাৱনা থাকে। অৱশ্যে গৱেষকৰ দলটোৱে এই বুলিও কৈছে যে তেওঁলোকৰ গৱেষণা এতিয়াও প্ৰাৰম্ভিক অৱস্থাতে আছে আৰু ইয়াৰ বাবে অধিক পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হ’ব। কিন্তু চিকিৎসকসকলে হয়তো এটা কথা ক’বলৈ পাহৰিলে, মহিলাসকলে লোকেল কণী খাব নে ফাৰ্মৰ কণী খাব।
হাইটেকৰ যুগত বিজ্ঞানীসকলে আনকি বেণ্ডেজটোকো সাধাৰণ অৱস্থাত ৰাখিব বিচৰা নাই। সেইবাবেই বেণ্ডেজকো হাইটেক কৰিহে উশাহ লৈছে। ব্ৰিটিছ বৈজ্ঞানিক দল এটাই ‘মিছকিন’ বা এনে এক জীৱন্ত বেণ্ডেজ বিকশিত কৰিছে যাক ৰোগীৰ শৰীৰৰ কোষৰ পৰা তৈয়াৰ কৰা হৈছে।
বিশেষকৈ জুয়ে পোৰা ৰোগী আৰু বহুমূত্ৰ ৰোগীক সোনকালে আৰোগ্য কৰিবলৈ এনে বেণ্ডেজ অতিশয় কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে।
ইতিমধ্যে ব্ৰিটিছ বাৰ্নছ এছ’চিয়েচনে এই জৈৱিক বেণ্ডেজ বজাৰত মুকলি কৰিছে।
‘মিছকিন’ তৈয়াৰ কৰিবলৈ প্ৰথমতে ছাল কোষক পৰীক্ষাগাৰত কালচাৰ কৰি এটা বিশেষ প্লাষ্টিকত ইয়াক বিকশিত কৰা হয়। থালৰ আকাৰৰ এই প্লাষ্টিকৰ তালিটো ছালত প্ৰলেপ দিয়াৰ লগে লগে ইয়াৰ পৰা ছালৰ কোষবোৰ ওলাই পোৰা বা আঘাতপ্ৰাপ্ত শৰীৰৰ অংশবোৰৰ ওপৰত নতুন ছালৰ স্তৰ গঠন কৰে।
কোষবোৰ জখম হোৱা অংশবোৰলৈ গতি কৰাৰ পাছতেই বেণ্ডেজটো ছয়- সাত দিনৰ পাছত আঁতৰাই দিয়া হয়। বিজ্ঞানীসকলক এই ‘মিছকিন’ তৈয়াৰ কৰিবলৈ প্ৰায় দহ বছৰ সময় আৱশ্যক হৈছিল যদিও ইয়াৰ দ্বাৰা ক্ষিপ্ৰ আৰোগ্যৰ কেইবাটাও প্ৰমাণ পোৱাৰ পাছত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে। দেহৰ ঘা শুকুৱাবলৈ বাৰু হাইটেক বেণ্ডেজৰ আৱিষ্কাৰ হ’লেই, কিন্তু সমাজ কলুষিত কৰা মানৱ মনত সৃষ্টি হোৱা ঘাবোৰ নাইকিয়া কৰিবলৈহে এক নতুন ধৰণৰ বেণ্ডেজৰ প্ৰয়োজন আছিল।
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/7/2020