প্ৰতিদিনে খাদ্য হিচাপে গ্ৰহণ কৰা সাধাৰণ ফল, শাক-পাচলি, শস্যৰ বীজ তথা মচলাত বহুতো উপাদান আছে, যিবোৰে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি প্ৰমাণ পোৱা গৈছে। সুষম খাদ্যত থকা উপাদানবোৰে কৰ্কট ৰোগ দূৰতে বিদূৰ কৰিব পাৰে। সাম্প্ৰতিক কালৰ আৰম্ভণিতে কৰ্কট ৰোগৰ কাৰক পদাৰ্থক আক্ৰমণ কৰাত বাধা দিবলৈ অথবা ইয়াক বিপৰীতমুখী কৰিবলৈ ৰাসায়নিক ব্যৱস্থাৰ বহুল প্ৰয়োগ ঘটিছে। কৰ্কট নামৰ মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰাৰ বেলিকা ই এবিধ সুলভ ব্যয়বহুল তথা সহজে প্ৰয়োগ কৰিব পৰা উপায় বুলি প্ৰতিপন্ন হৈছে।
মহামাৰী বিষয়ক বহুতো অধ্যয়নে সূচিত কৰা মতে ফল-মূল তথা শাক-পাচলিত থকা স্বাস্থ্য সুৰক্ষিত কৰা কাৰকবোৰে ৰোগ প্ৰতিৰোধ কৰে, যিবোৰে বিশেষকৈ কলিজাৰ বিকাৰ তথা কৰ্কট ৰোগ প্ৰতিহত কৰে। উদ্ভিদৰ পৰা আহৰণ কৰা স্বাস্থ্য সুৰক্ষিত কৰা পদাৰ্থবোৰ ৰাসায়নিক অনুমাত্ৰিক পোষক দ্ৰব্য তথা অপোষক যৌগ, যিবোৰ খাদ্যত ভৰপূৰ। পৰীক্ষা কৰি জনা মতে কৰ্কট ৰোগ নিয়ন্ত্ৰণ কৰা পোষক দ্ৰব্যবোৰ হ’ল স্থুলমাত্ৰিক পোষক, যেনে- চৰ্বি, কাৰ্বহাইড্ৰেট, প্ৰ’টিন, আঁহ তথা অনুমাত্ৰিক পোষক দ্ৰব্য, যেনে-ফলিক অম্ল, ৰিব’ফ্লেভিন, বিটা কেৰ’টিন, ৰেটিনল, আলফা টক’ফেনল, খাদ্যপ্ৰাণ খ-১২ কে ধৰি আন খাদ্যপ্ৰাণ তথা খনিজ লোণ, যেনে-ছেলেনিয়াম, দস্তা, মেগনেছিয়াম আৰু কেলচিয়াম। অৱশ্যে আমাৰ খাদ্যত থকা বহুতো আণৱিক উপাংশৰে কৰ্কট তথা উৎপৰিৱৰ্তন বিৰোধী ধৰ্ম বিদ্যমান। শাক-পাচলি, ফল-মূল, মাহজাতীয় শস্য, ধান জাতীয় উৎপাদন, মচলা তথা উদ্ভিদৰ পৰা আহৰণ কৰা আন খাদ্যত খাদ্যপ্ৰাণ তথা খনিজ লোণৰ উপৰি আন বহুতো ক্ষুদ্ৰমাত্ৰিক উপাদান থাকে, যিবোৰ জৈৱিকভাৱে পৰম সক্ৰিয়। কৰ্কট ৰোগ প্ৰতিৰোধী ৰাসায়নিকবোৰ বিভিন্ন ২৫ টা শ্ৰেণীত অন্তৰ্ভূক্ত, যিবোৰ শৰীৰৰ বাবে নিৰাপদ আৰু নামমাত্ৰ বিষাক্ত অথবা সমূলি বিহহীন। আমাৰ খাদ্যত থকা বহুতো অনুমাত্ৰিক পোষক দ্ৰব্য, যেনে-খাদ্যপ্ৰাণ ক, গ, ঙ, কেৰ’টিন, ছেলেনিয়াম আৰু কেলচিয়াম কৰ্কট ৰোগ প্ৰতিৰোধী গুণসমৃদ্ধ। মহামাৰী বিষয়ক অধ্যয়নে প্ৰতিপন্ন কৰা মতে, যিসকলে উপৰি উক্ত পোষক দ্ৰব্যবোৰ কম পৰিমাণে গ্ৰহণ কৰে তেওঁলোকহে কেতবোৰ কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে। খাদ্যত থকা বহুতো অপোষক দ্ৰব্য কৰ্কট প্ৰতিৰোধী গুণসম্পন্ন বুলি ঠাৱৰ কৰা হৈছে। বিগত কেইবছৰ মানৰ পৰা খাদ্য তথা কৰ্কট ৰোগৰ সম্পৰ্কৰ উহ বিচাৰি কৰা গৱেষণাৰ মাত্ৰা বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি ধানজাতীয় শস্য, শাক-পাচলি, ফল-মূল, কেতবোৰ পানীয় আদিত নানা তৰহৰ কৰ্কট ৰোগ প্ৰতিৰোধী উপাংশ থাকে। খাদ্য শস্য, গম, ধান, মাকৈ, বজ্ৰা আদি খাদ্যৰ প্ৰধান উৎস; যিবোৰৰ পৰা দেহে প্ৰ’টিন, খাদ্যপ্ৰাণ, শৰ্কৰা, খনিজ লোণ তথা ভক্ষ্য আঁহ আহৰণ কৰে। ভক্ষ্য আঁহে যদিও শক্তি অথবা কেলৰি প্ৰদান নকৰে নাইবা ই অপৰিহাৰ্য পোষক দ্ৰব্যও নহয় কিন্তু ই অন্ত্ৰৰ কাৰ্য্যৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ, কিয়নো অন্ত্ৰত বাহ লোৱা অণুজীৱে এইবোৰৰ কিম্বন ঘটাই স্নেহ অম্লত পৰিণত কৰে যিবোৰে শক্তি যোগান ধৰি এই অংগক কৰ্কট ৰোগ তথা আন বেমাৰ প্ৰতিৰোধ কৰে। অৱশ্যে অঁকাৰী চাউল তথা ভুচি সমৃদ্ধ আটাতহে ভক্ষ্য আঁহ প্ৰচুৰ। পিত পানীত থকা অম্ল অন্ত্ৰৰ কৰ্কট ৰোগৰ অন্যতম কাৰক বুলি বিবেচিত হৈছে, যাক প্ৰশমিত কৰি ভক্ষ্য আঁহে বিপদৰ আশংকা লাঘৱ কৰে। সজীৱ পাচলি, সেউজীয়া শাক-পাচলি, উৰহীজাতীয় ফল, বন্ধাকবি জাতীয় পাচলি, ফুলকবি, ব্ৰ’কলি আদি মানুহে সততে ব্যৱহাৰ কৰা খাদ্যই বেমাৰৰ সম্ভাৱনা নাকচ কৰে। গাজৰ, পিয়াঁজ, নহৰু, আলু, বেঙেনা, বিলাহী আদিত এনে কেতবোৰ অপোষক দ্ৰব্য আছে যিবোৰে কৰ্কট প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফলত থকা প্ৰতিজাৰক যৌগবোৰক থুলমূলকৈ পলিফেনল বুলি জনা যায়, যিবোৰে জাৰণজনিত চাপ হ্ৰাস কৰে। এই উপাদানবোৰৰ প্ৰতিজাৰক ধৰ্ম কৰ্কট বিৰোধী তথা বিষ-বিদনা প্ৰতিৰোধী গুণেৰে সু-সমৃদ্ধ। নেমুজাতীয় সকলো ফল, আঙুৰ, আপেল, আনাৰস, আহোম বগৰী তথা তৰমুজত অত্যাধিক পৰিমাণে ৰোগ প্ৰতিৰোধী উদ্ভিদজ ৰাসায়নিক দ্ৰব্য বিদ্যমান। আন সকলো ফল আনকি শুকান ফলতো বহু কৰ্কট প্ৰতিৰোধী কাৰক থকাৰ প্ৰমাণ পোৱা গৈছে।
ভাৰতীয় লোকে খাদ্যত ব্যৱহাৰ কৰা বিভিন্ন মচলাত ৰাসায়নিক উপাদান থাকে, যিবোৰ প্ৰতিজাৰক, উৎপৰিৱৰ্তন বিৰোধী তথা কৰ্কট প্ৰতিহত কৰা গুণসম্পন্ন। হালধি, আদা, লমং, গুৱামুৰি, সৰিয়হ, দালচেনি, তেজপাত, জালুক, এলাচি আদি প্ৰতিজাৰক তথা উৎপৰিৱৰ্তন বিৰোধী, আনকি কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
উদ্ভিদজ ৰাসায়নিকবোৰে বিভিন্ন উপায়েৰে ৰোগ প্ৰতিৰোধ কৰে, যিবোৰ অতি জটিল প্ৰক্ৰিয়া। বহুতো কাৰকে যুগপৎ কাৰ্য সম্পাদন কৰি সফলতা অৰ্জন কৰে। উদ্ভিদজ ৰাসায়নিকবোৰে দেহত দৰবৰ বিপাক ঘটোৱা উৎসেচক কমায় আৰু অপকাৰী পদাৰ্থৰ বিষ নাশ কৰে। কৰ্কটৰ কাৰকবোৰ স্থুলঅণু, যেনে- প্ৰ’টিন, ডি এন এ, আৰ এন এ আদিৰ লগত সংযুক্ত হৈ থাকে আৰু কোষৰ পৰিৱৰ্তন ঘটায় অথচ উদ্ভিদজ ৰাসায়নিক কৰ্কট কাৰকৰ লগত সংযোগ ঘটি কোষৰ পৰিৱৰ্তনত বাধা প্ৰদান কৰে। হায়দৰাবাদত থকা জাতীয় পৰিপুষ্টি প্ৰতিষ্ঠানত হালধি, নহৰু, পনৰু, খুতৰা, বন্ধাকবি আদিত থকা কৰ্কট প্ৰতিৰোধী পোষকহীন পদাৰ্থৰ ওপৰত বিস্তৃত গৱেষণা কৰিছে।
উদ্ভিদজ ৰাসায়নিকৰ উৎস |
|
ৰাসায়নিকৰ |
উৎস |
আঁহ |
খাদ্যশস্য, ফল, শাক-পাচলি। |
কেৰ’টিনয়ড |
হালধীয়া বা সুমথিৰা ৰঙৰ পাচলি, ঘন সেউজীয়া শাক-পাত, ফল-মূল। |
এলিয়াম যৌগ |
পিয়াঁজ, নহৰু। |
লুক’ছাইন’লেটছ |
বন্ধাকবি, ফুলকবি, মূলা চালগোম। |
টাৰ্পেনয়ডছ |
নেমু টেঙাৰ বাকলিসহ ফল। |
ফাইট’ইষ্ট্ৰ’জেল |
ধান, গম, মাকৈ, বজ্ৰা, মাহজাতীয় শস্য, চয়াবিন, বেঙেনা, বিলাহী, কল, আন ফল। |
প্ৰটিয়েজ ৰোধক |
ধান, গম, বাৰ্লি, ওট, চয়াবিন, কাজু বাদাম, লিচু। |
ফাইলিক অম্ল |
খাদ্য শস্য, তিল বীজ, বাদাম, চয়াবিন, কাজু বাদাম, লিচু। |
ফ্লেভয়নডছ |
ফল-মূল, শাক-পাচলি। |
ফেনল যৌগ |
ফল-মূল, শাক-পাচলি, গম, মাকৈ, চাহ, ধান। |
উদ্ভিদ ষ্টেৰলছ্ |
শাক-পাচলি। |
ছেপনিনছ্ |
চয়াবিন, কচু, গছ আলু। |
লিখক: আনন্দ দেৱ গোস্বামী, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 7/12/2020