কৰ্কট ৰোগৰ চিনাক্তকৰণ যিমান সোনকালে সম্ভৱ হৈ উঠে সিমানেই ৰোগীজন সম্পূৰ্ণকৈ আৰোগ্য হৈ উঠাৰ পথ প্ৰশস্ত হৈ পৰে। এই ক্ষেত্ৰত এক আশাৰ কিৰণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লণ্ডনস্থিত ইম্পিৰিয়েল কলেজৰ গৱেষক ডাঃ ডোল্টন টাকাট্ছে। গৱেষক ডাঃ টাকাট্ছে আই নাইফ নামেৰে এনে এবিধ প্ৰযুক্তি উদ্ভাৱন কৰি উলিয়াইছে যাৰ দ্বাৰা অতি সহজে কৰ্কট কোষ চিনাক্তকৰণ সম্ভৱ হৈ উঠিব। শৰীৰৰ যিকোনো ঠাইত হোৱা টিয়মাৰ তথা টেমুনা আদি প্ৰত্যক্ষ কৰা মাত্ৰেই চিকিৎসকৰ পক্ষে এই কথাটো ঠাৱৰ কৰা টান হৈ পৰে যে সেয়া কৰ্কট কোষেৰে তৈয়াৰী হয় নে নহয়। সাধাৰণতে চিকিৎসকে ৰোগীৰ টিউমাৰৰ কিছু কোষ সংগ্ৰহ কৰি তাৰ পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰাহে জ্ঞাত হয় যে সেইটো কৰ্কট কোষযুক্ত হয় নে নহয়। ইয়াকে জানিবৰ বাবে চিকিৎসকক পেথলেবত আধা ঘণ্টা সময়ৰ প্ৰয়োজনো হয়। কিন্তু এতিয়াৰপৰা আই নাইফৰ জৰিয়তে নিমিষতে এয়া ক’ব পৰাটো সম্ভৱ হ’ব যে টিউমাৰ কৰ্কট কোষযুক্ত হয় নে নহয়। গৱেষক ডাঃ টাকাট্ছৰ মতে আই নাইফ টিউমাৰৰ সংস্পৰ্শলৈ অহা মাত্ৰেই এই কথা জানিব পৰা যাব যে ই কৰ্কট কোষ বিশিষ্ট হয় নে নহয়, লগতে ই শৰীৰৰ কোন কোন অংশত সিঁচৰতি হৈ পৰিছে। ফলত কৰ্কট ৰোগ চিনাক্তকৰণৰ হেতু ৰোগীক বাৰে বাৰে অস্ত্ৰোপচাৰ কৰিবলগা পৰিস্থিতিতো এতিয়াৰেপৰা বিৰাম চিহ্ন পৰিব।
উৎসঃ অসমীয়া প্ৰতিদিন
শেহতীয়া উন্নীতকৰণ: : 4/17/2020
কৰ্কট ৰোগ, সাৱধানতা, চিকিৎসা সংক্ৰমণ তথা প্ৰতিকাৰৰ...
‘এপল’ হাস্পতালৰ মূল উদ্দেশ্য হৈছে মূৰ আৰু ডিঙিৰ কৰ...
কেন্সাৰ সম্পৰ্কে মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰসমূহ
ভয়াৱহ কেন্সাৰ আৰু ইয়াৰ প্ৰতিৰোধ সজাগতাৰ বিষয়ে লিখা...