অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্তন কৰ্কটক বাধা দিবলৈ খোজ কাঢ়ক

স্তন কৰ্কটক বাধা দিবলৈ খোজ কাঢ়ক

মহিলাসকলে প্ৰতিদিনে এঘন্টাকৈ খোজকঢ়াৰ জৰিয়তে স্তন কৰ্কট ৰোগৰপৰা হাত সাৰি থাকিব পাৰে।আটলান্টাৰ জৰ্জিয়াস্থিত ‘দ্য আমেৰিকান কেঞ্চাৰ ছ’চাইটী’ৰ গৱেষক ডাএলফা পেটেলে অতি শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নৰ আলমত এই কথা জানিব পাৰে। ডাএলফা পেটেল আৰু তেওঁৰ সহযোগীসকলে সুদীৰ্ঘ ১৭ বছৰ জুৰি ৫০ৰ পৰা ৭৮ বছৰ বয়সৰ ৭৩,০০০ গৰাকী মহিলাৰ ওপৰত কৰা অধ্যয়নৰ পিছত মানুহৰ জীৱনশৈলী আৰু কৰ্কট ৰোগৰ মাজত থকা সম্পৰ্কৰ বিষয়ে অৱহিত হয়। মুখ্য গৱেষক ডাএলফা পেটেলৰ মতে অধ্যয়নত সামৰি লোৱা প্ৰায় ৪৭ শতাংশ মহিলাই সপ্তাহত সাত ঘন্টাকৈ খোজ কাঢ়িছিল। বাকীখিনিয়ে প্ৰায় তিনি ঘন্টাকৈ খোজ কাঢ়িছিল। পিছত অধ্যয়ন কৰি গৱেষকগণে জানিব পাৰে য সপ্তাহত সাত ঘণ্টাকৈ খোজকঢ়া মহিলাসকলৰ স্তন কৰ্কট ৰোহৱাৰ আশ্ংকা ১৪ শতাংশ পৰ্যন্ত হ্ৰাস পাইছিল।উল্লেখযোগ্য যে অধ্যয়নত সামৰি লোৱা কোনো এগৰাকী মহিলাৰ ব্যায়াম কৰাৰ অভ্যাস নাছিল। গৱেষক ডা০ পেটেলৰ মতে এয়া অতিশয় আশাপ্ৰদ কথা যে এতিয়া খোজকঢ়াৰ অভ্যাসক ব্যায়ামৰ বিকল্পৰুপে ভবাটো সম্ভৱ হৈ উঠিছে। অৱশ্যে খোজকঢ়াৰ লগতে মহিলাসকলে সৰু-সুৰা ব্যায়ামো কৰিব পাৰিলে কেৱল স্তন কৰ্কট ৰোগেই নহয় আন কৰ্কট ৰোগৰপৰা হাত সাৰি থাকিবলৈ সক্ষম হ’ব। ডাএলফা পেটেল আৰু তেওঁৰ সহযোগীসকলৰ মতে অপসৃয়মান বয়সত মহিলাসকলে যিমানে বেছি শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব সিমানে কৰ্কট ৰোগৰ কেঁকোৰা চেপাৰপৰা হাত সাৰি থাকিবলৈ সক্ষম হ’ব।

 

উৎসঃ দৈনিক অসম, গুৱাহাটী

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate