কৰ্কট কেৱল এটা ৰোগ নহয়। ই বহু ধৰণৰ ৰোগৰ সমষ্টি। ১০০ তকৈ অধিক ধৰণৰ কৰ্কট ৰোগ আছে। বেছিভাগ কৰ্কট ৰোগৰ নামেই মানুহৰ অংগ বা দেহৰ কোষত আৰম্ভ হোৱাৰ ওপৰত নিৰ্ভৰ কৰি ৰখা হয়। উদাহৰণস্বৰূপে, মলভাণ্ডাৰত আৰম্ভ হোৱা কৰ্কট ৰোগক মলভাণ্ডাৰ কৰ্কট ৰোগ, ছালৰ বেচেল কোষত আৰম্ভ হোৱা কৰ্কট ৰোগক বেচেল চেল কাৰ্চিন’মা আদি বোলা হয়।
যেতিয়া কোনো ৰোগৰ ফলত অস্বাভাৱিক আৰু নিয়ন্ত্ৰণহীনভাৱে দেহৰ কোষবিলাক বৃদ্ধি হ’বলৈ ধৰে আৰু আন কলাসমূহক আক্ৰমণ কৰে তাকেই কৰ্কট ৰোগ বোলা হয়। তেজ আৰু লিম্ফ প্ৰক্ৰিয়াৰ দ্বাৰা কৰ্কট কোষবোৰ দেহৰ আন আন অংগলৈ বিয়পি পৰিব পাৰে।
শৰীৰৰ জীৱনৰ প্ৰাথমিক একক কোষত কৰ্কট ৰোগ আৰম্ভ হয়। কৰ্কট ৰোগক বুজি পাবলৈ হ’লে এটা স্বাভাৱিক কোষ কেনেকৈ কৰ্কট কোষলৈ পৰিৱৰ্তন হয় সেইটো জানিবলৈ সহায়ক হ’ব।
শৰীৰটো বহু বিভিন্ন ধৰণৰ কোষসমূহেৰে গঠিত হয়। শৰীৰৰ সু-স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰিতভাৱে এই কোষসমূহ বৃদ্ধি পায় আৰু বিভাজিত হৈ অধিক কোষৰ সৃষ্টি কৰে। যেতিয়া কোষসমূহ বৃদ্ধ হয় বা কিবা কাৰণত ধ্বংস হয় তেতিয়া এইবোৰৰ মৃত্যু হয় ইয়াৰ ঠাইত নতুন কোষৰ সৃষ্টি হয়।
তথাপিও কেতিয়াবা এই ক্ৰম অনুসৰি থকা প্ৰক্ৰিয়াত বিসংগতি ঘটে। কোষৰ জিনগত সামগ্ৰী (ডিএনএ) কেতিয়াবা ধ্বংস হ’ব পাৰে বা সলনি হ’ব পাৰে, ৰূপান্তৰ হোৱাৰ ফলত কোষৰ স্বাভাৱিক বৃদ্ধি আৰু বিভাজনত প্ৰভাৱ পেলাব পাৰে। যেতিয়া এনে হয় তেতিয়া কোষবোৰৰ সময়ত মৃত্যু নহয় আৰু শৰীৰটোক প্ৰয়োজন নথকা অৱস্থাতো নতুন কোষৰ সৃষ্টি হয়। এনে অতিৰিক্ত আৰু অপ্ৰয়োজনীয় নতুন কোষবোৰে এটা মাংসপিণ্ডৰ সৃষ্টি কৰে। এইবোৰকে টিউমাৰ বোলা হয়। সকলোবোৰ টিউমাৰেই কৰ্কট ৰোগ নহয়, টিউমাৰবোৰ ক্ষতিকাৰক নহ’বও পাৰে বা ক্ষতিকাৰক মেলিগনেন্টো হ’ব পাৰে।
বেছিভাগ ক্ষেত্ৰতে এই লক্ষণসমূহ কৰ্কট ৰোগৰ বাবেই যে হৈছে সেইটো নহয়। এনেবোৰ লক্ষণ টিউমাৰ বা আন সমস্যাৰ বাবেও হ’ব পাৰে। কেৱল চিকিৎসকেহে নিশ্চিতভাৱে ক’ব পাৰিব। যদি কোনো ব্যক্তিৰ এনে লক্ষণসমূহ থাকে বা স্বাস্থ্য সম্পৰ্কীয় আন পৰিৱৰ্তন দেখা যায় তেন্তে ৰোগ নিৰ্ণয়ৰ বাবে চিকিৎসকৰ কাষ চাপিব লাগে আৰু যিমান শীঘ্ৰে সম্ভৱ হয় চিকিৎসা কৰাব লাগে। সাধাৰণতে কৰ্কট ৰোগৰ প্ৰাথমিক অৱস্থাত কোনো বিষ অনুভূত নহয়। যদিহে আপোনাৰ এই লক্ষণবোৰে দেখা দিছে তেন্তে বিষ উপলব্ধি কৰালৈকে অপেক্ষা কৰি নাথাকি চিকিৎসকক দেখুৱাওঁক।
ৰোগ নিৰ্ণয় কৰাত চিকিৎসকক তেজ, প্ৰস্ৰাৱ বা শৰীৰৰ আন জুলীয়া পদাৰ্থৰ পৰীক্ষাই সহায় কৰে। এই পৰীক্ষাসমূহে শৰীৰৰ অংগসমূহে কেনেদৰে কাম কৰি আছে সেইটো দেখুৱাই। আকৌ কিছুমান পদাৰ্থৰ পৰিমাণ অতি বেছিকৈ থাকিলেও কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। এই পদাৰ্থসমূহক টিউমাৰ সৃষ্টিকাৰী বুলি কোৱা হয়। তথাপিও পৰীক্ষাগাৰত অস্বাভাৱিক ফলাফল পোৱাটোও কৰ্কট ৰোগৰ নিশ্চিত লক্ষণ নহয়। চিকিৎসকে কেৱল পৰীক্ষাগাৰৰ পৰীক্ষাসমূহৰ ওপৰতেই কৰ্কট ৰোগ নিৰ্ণয় কৰিব নোৱাৰে।
শৰীৰৰ ভিতৰৰ ছবিয়ে চিকিৎসকক টিউমাৰ আছেনে নাই সেইটো নিৰ্ণয় কৰাত সহায় কৰে। এই ছবিসমূহ বিভিন্ন ধৰণে তুলিব পৰা যায়।
বেছিভাগ ক্ষেত্ৰতে কৰ্কট ৰোগ নিৰ্ণয়ৰ বাবে চিকিৎসকে বায়’প্সি কৰাৰ প্ৰয়োজন হয়। বায়’প্সিত চিনাক্ত কৰা টিউমাৰৰ কলাৰ পৰা সৰু অংশ লোৱা হয় আৰু পৰীক্ষাগাৰলৈ পঠিওঁৱা হয়। পৰীক্ষকে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এই কলা পৰীক্ষা কৰে।
বায়প্সি: কলাৰ নমুনা কেইবাটাও ধৰণে ল’ব পাৰি।
১৮এফ ছডিয়াম ফ্ল’ৰাইড ব’ন স্কেন
এইটো কি?
১৮এফ ছডিয়াম ফ্ল’ৰাইড ব’ন স্কেন হ’ল পিইটি-চিটি স্কেনাৰেৰে কৰা এক স্বয়ং সম্পূৰ্ণ হাড়ৰ চাইটিগ্ৰাফি। আন পাৰমাণৱিক এমডিপি ব’ন স্কেন আদিৰ তুলনাত এইটো অতিশয় স্পৰ্শকাতঁৰ আৰু উন্নত পৰীক্ষা। তলত উল্লেখ কৰা ৰোগৰ অৱস্থাতো ইয়াত ব্যৱহাৰ কৰিব পাৰি:
গতানুগতিক হাড় স্কেনৰ লগত ইয়াৰ পাৰ্থক্য কি?
১৮এফ ছডিয়াম ফ্ল’ৰাইড হাড় স্কেন যে গতানুগতিক এমডিপি হাড় স্কেনতকৈ হাড়ৰ ঘাঁ প্ৰাৰম্ভিক সময়তে নিৰ্ণয় কৰাত অতি উন্নত তাৰ যথেষ্ট লিখিত প্ৰমাণ পোৱা গৈছে।
এইটো কেনেকৈ কৰা হয়?
এই পৰীক্ষাৰ বাবে প্ৰস্তুতি কেনেদৰে কৰা হয়?
১) চিকিৎসকে পৰামৰ্শ প্ৰদান নকৰিলে এই স্কেন গৰ্ভৱতী মহিলাক কৰা নহয়। অনুগ্ৰহ কৰি পৰীক্ষাৰ আগতে সকলো ব্যক্তিগত তথ্য চিকিৎসকক জনাওঁক।
২) স্তনপান কৰায় থকা মহিলাক এই বেজী প্ৰদান কৰিলে গোটেই দিনটো শিশুক স্তনপান কৰোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হয়।
ইয়াৰ কাৰ্য্যপ্ৰণালী কেনেধৰণৰ?
৬৮ গালিয়াম দিঅটিএ পেপটাইড
পিইটি/চিটি স্কেন
৬৮ গালিয়াম দিঅটিএ পেপটাইড পিইটি/চিটি স্কেন নিউৰ’ এণ্ডক্ৰাইন টিউমাৰৰ ৰোগ নিৰ্ণয় আৰু ব্যৱস্থাপনাৰ বাবে চূড়ান্ত ব্যৱস্থা।
নিউৰ’ এণ্ডক্ৰাইন টিউমাৰবোৰ কি?
এনে টিউমাৰবোৰে পূৰ্ব প্ৰভাৱশালী অংগসমূহ যেনে জিআইটি, অগ্নাশয়, হাওঁফাওঁ ইত্যাদিক প্ৰভাৱিত কৰে।
জিআইটি আৰু হাওঁফাওঁত কাৰ্চিনইদ টিউমাৰ, অগ্নাশয়ত ইনচুলিমনমাচ, গেষ্ট্ৰিনমাচ আদি এনে ধৰণৰ টিউমাৰৰ নাম। এনেবোৰ টিউমাৰ থকা কিছুমান ৰোগীৰ অত্যন্ত পেটচলা, পনীয়া পায়খানা হোৱা আদি ধৰণৰ লক্ষণে দেখা দিয়ে আৰু এইবোৰক চিকিৎসাগতভাৱে কাৰ্চিনইদ চিনদ্ৰম শ্ৰেণীত ভাগ কৰা হৈছে।
৬৮ গালিয়াম দিঅটিএ পেপটাইড পিইটি/চিটি স্কেন কি?
৬৮ গালিয়াম দিঅটিএ পেপটাইড হ’ল এবিধ কম সময় সক্ৰিয় হৈ থকা ৰেডিঅ’ নিউক্লাইড যিয়ে নিউৰ’ এণ্ডক্ৰাইন টিউমাৰ গোটৰ টিউমাৰসমূহত জমা হয়। এনে ধৰণৰ টিউমাৰসমূহ নিৰ্ণয় কৰিবলৈ, ৰোগৰ অৱস্থা নিৰ্ণয় কৰিবলৈ আৰু চিকিৎসাৰ বিকল্পসমূহৰ সিদ্ধান্ত ল’বলৈ এইবোৰ ব্যৱহাৰ কৰা হয়।
৬৮ গালিয়াম দিঅটিএ পেপটাইড প্ৰদান কৰাৰ পিছত পিইটি/চিটি স্কেন কৰাটোকেই ৬৮ গালিয়াম দিঅটিএ পেপটাইড পিইটি/চিটি স্কেন বোলা হয়।
আন চিটি স্কেন আৰু এমআৰআই বোৰৰ লগত ইয়াৰ তুলনা বা পাৰ্থক্যবোৰ কি?
নিউৰ’ এণ্ডক্ৰাইন টিউমাৰৰ ক্ষেত্ৰত গতানুগতিক ফটো তোলা চিটি আৰু এমআৰআই বোৰতকৈ ইয়াক অধিক কাৰ্য্যকৰী আৰু উচ্চ মাত্ৰাৰ স্পৰ্শকাতঁৰ আৰু সুনিৰ্দিষ্ট বুলি প্ৰমাণিত হৈছে। ই চিকিৎসাৰ বিকল্পসমূহৰ সিদ্ধান্ত লোৱাত সহায়ক হোৱাৰ লগতে চিকিৎসাৰ সঁহাৰি ভালদৰে জানিব পৰাত সহায় কৰে।
পৰীক্ষাৰ পূৰ্বে ল’ব লগা সতৰ্কতাসমূহ কি?
যদিহে ৰোগীয়ে ইতিমধ্যেই চিটি স্কেনৰ ৰোগ নিৰ্ণয় কৰিছে তেন্তে কোনো ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন নাই৷ কিন্তু যদিহে ৰোগীক ৬৮ গালিয়াম পিইটি ৰ লগত চিইচিটি ৰ প্ৰয়োজন হয় তেন্তে দুঘন্টা অনাহাৰে থকাটো বাধ্যতামূলক।
ইয়াৰ পাৰ্শ্ব প্ৰভাৱসমূহ কি কি?
৬৮ গালিয়াম দিঅটিএ পেপটাইড সম্পূৰ্ণ নিৰাপদ। ইয়াৰ কোনো পাৰ্শ্ব প্ৰভাৱ নাই।
পিইটি-চিটি ব্যৱহাৰৰ নিৰ্দেশনা
চিকিৎসাগত অৱস্থা |
সংকেত |
পিইটি-চিটি কেতিয়া ব্যৱহাৰ কৰিব |
অনক’লজিকেল মগজু টিউমাৰ |
ৰেডিয়েছনৰ পাছত পুনৰাবৃত্তি হৈছেনে সেয়া চাবলৈ মূল্যায়ন |
|
মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগ |
অৱস্থা, পুনৰাৱস্থা, টিএক্স পৰ্য্যবেক্ষণ ৰেডিয়েছন চিকিৎসাৰ পৰিকল্পনা। |
|
থাইৰয়ড কৰ্কট ৰোগ |
ৰিষ্টেজিঙ ইন আয়ডিন নিগেটিভ মেটাছটাছেছ টিএক্স মনিটৰিং |
|
চলিটেৰি পালমোনেৰি ন’ডিউল |
কেৰেক্টাৰাইজ: বেনিঙ ভাৰ্চেছ মেলিগনেন্ট |
|
হাওঁফাওঁৰ কৰ্কট ৰোগ |
ডাইগনোছিছ, ষ্টেজিঙ, ৰিষ্টেজিঙ, টিএক্স মনিটৰিঙ ৰেডিয়েছন ট্ৰিটমেন্ট প্লেনিঙ |
|
ইচ’ফাগেল কেন্সাৰ |
ষ্টেজিঙ, ৰিষ্টেজিঙ, টিএক্স মনিটৰিঙ ৰেডিয়েছন ট্ৰিটমেন্ট প্লেনিঙ |
|
স্তনৰ কৰ্কট ৰোগ |
ডব্লিউ/বি ষ্টেজিঙ, ৰিষ্টেজিঙ, টিএক্স মনিটৰিঙ |
|
কল’ৰেক্টেল কেন্সাৰ |
ষ্টেজিঙ, ৰিষ্টেজিঙ, টিএক্স মনিটৰিঙ |
|
ৰিপ্ৰডাক্টিভ ট্ৰেক টিউমাৰ ফিমেল: ১) চাৰ্ভিকেল এণ্ড এণ্ডমেট্ৰিকেল কেন্সাৰ ২) অভাৰিয়ান কেন্সাৰ মেল: ১) টেষ্টিকুলাৰ ২) পেনিলা প্ৰোষ্টেট |
ইনিচিয়েল ষ্টেজিঙ, ৰিষ্টেজিঙ ৰেডিয়েছন ট্ৰিটমেন্ট প্লেনিঙ ইনিচিয়েল ষ্টেজিঙ ৰিষ্টেজিঙ টিএক্স মনিটৰিঙ ৰিষ্টেজিঙ
ইভালুয়েছন অফ লাম্প ন’ডাল মাচেছ ডিটেক্টেড অন চিটি/এমআৰআই |
|
লাম্ফোমাছ |
ষ্টেজিঙ, ৰিষ্টেজিঙ, টিএক্স মনিটৰিঙ |
|
নিউৰ’লজি এপিলেপ্সি/ৰিফ্ৰেক্ট’ৰি চেইজাৰছ |
প্ৰি-চাৰ্জিকেল ল’কেলিজেছন অফ ফোচি |
|
ডিমেনচিয়া |
ডাইগন’চিছ
ডিফাৰেন্টচিয়েট ফ্ৰম পাৰ্কিনছনছ প্লাছ চিনদ্ৰমছ |
|
কাৰ্ডিঅ’লজি ইচেমিক হাৰ্ট ডিজিজ ডাইলেটেড কাৰ্ডিঅমায়োপাথি আইডিঅপাথিক ভেনট্ৰিকুলাৰ টেছিকাৰ্ডিয়া, কাৰ্ডিয়াক চাৰকইদোছিছ |
মায়োকাৰ্ডিয়েল আইচেমিয়া মায়োকাৰ্ডিয়েল ভায়েবিলিটি টু ডাইগনোছ ইনফ্লেমেটৰি মায়োকাৰ্ডিটিছ |
|
হাড় স্কেন ছডিয়াম ফ্লৰাইড এফ১৮ পিইটি-চিটি স্কেন |
অল কমন কেন্সাৰছ
অৰ্থোপেডিক কণ্ডিছনছ-ব’ন ফ্ৰেকছাৰছ, টিউমাৰছ, ইনফেকশ্যনছ |
|
নন অনক’লজিকেল এফডিজি এপ্লিকেচনছ ইনফেকচনছ |
পিঅ অৰ্থোপেডিকছ |
টু আইডেন্টিফাই দা ইটিঅল’জি অফ ফেভাৰ ডায়েবেটিক ফুট, ইনফেক্টেড প্ৰোছথেছিছ |
নিউট্ৰোপেনিয়া আৰু সংক্ৰমণৰ আশংকা
নিউট্ৰোপেনিয়া কি?
তেজত শ্বেতৰক্ত কণিকাৰ পৰিমাণ কমি যোৱাটোকে নিউট্ৰোপেনিয়া বোলা হয়। সংক্ৰমণৰ পৰা শৰীৰটোক এই কোষবিলাকে প্ৰতিৰক্ষা প্ৰদান কৰে। সাধাৰণতে কেম’থেৰাপী প্ৰদান কৰাৰ পিছত নিউট্ৰোপেনিয়া হোৱা দেখা যায় আৰু ইয়াৰ ফলত সংক্ৰমণৰ আশংকাও বৃদ্ধি পায়।
কেম’থেৰাপী কিয় নিউট্ৰোপেনিয়াৰ কাৰণ হয়?
কৰ্কট ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰা ঔষধসমূহে দ্ৰুতভাৱে বৃদ্ধি পোৱা শৰীৰৰ ভাল আৰু বেয়া দুয়োবিধ কোষেই মাৰি পেলায়। এইবোৰে কৰ্কট কোষসমূহৰ লগতে শ্বেতৰক্ত কোষবোৰো মাৰি পেলায়।
মোৰ নিউট্ৰোপেনিয়া হোৱা বুলি কেনেদৰে গম পাম?
আপোনাৰ চিকিৎসক বা নাৰ্চে আপোনাক জনাব। যিহেতু কেম’থেৰাপী প্ৰদান কৰাৰ পিছত নিউট্ৰোপেনিয়া হোৱাটো স্বাভাৱিক সেয়েহে আপোনাৰ চিকিৎসকে নিউট্ৰোপেনিয়া হৈছেনে নাই সেয়া জানিবলৈ আপোনাৰ তেজ পৰীক্ষা কৰিব।
মোৰ কেতিয়া নিউট্ৰোপেনিয়া হোৱাৰ সম্ভাৱনা অধিক হয়?
কেম’থেৰাপী প্ৰদান কৰাৰ ৭-১২ দিনৰ ভিতৰত স্বাভাৱিকতেই নিউট্ৰোপেনিয়া হয়। অৱশ্যে প্ৰদান কৰা কেম’থেৰাপীৰ ওপৰত নিৰ্ভৰ কৰি এই সময় ভিন্ন হ’ব পাৰে। আপোনাৰ শৰীৰত শ্বেতৰক্ত কণিকাৰ সংখ্যা কেতিয়া আটাইতকৈ নিম্নতম হ’ব সেয়া আপোনাৰ চিকিৎসক বা নাৰ্চে আপোনাক জনাব। এই সময়ছোৱাত আপুনি সংক্ৰমণৰ লক্ষণবোৰৰ সম্পৰ্কে সজাগ হৈ থাকিব লাগিব।
মই কেনেকৈ নিউট্ৰোপেনিয়া প্ৰতিৰোধ কৰিব পাৰিম?
আপুনি নিউট্ৰোপেনিয়া হোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ বিশেষ একো কৰিব নোৱাৰে৷ কিন্তু যেতিয়া শ্বেতৰক্ত কণিকাৰ পৰিমাণ কম থাকে তেতিয়া যাতে সংক্ৰমণ নহয় সেই আশংকা কমাই ৰাখিব পাৰে।
মই কেনেকৈ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিম?
আপোনাৰ চিকিৎসকে প্ৰদান কৰা চিকিৎসাৰ উপৰিও তলত দিয়া পৰামৰ্শবোৰ মানি চলিলে সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক হ’ব।
জৰুৰীকালীন কোঠালৈ যাব লগা হ’লে মই কি কৰিব লাগিব?
কেম’থেৰাপী প্ৰদান কৰা কৰ্কট ৰোগীয়ে অপেক্ষা কক্ষত অধিক সময়ৰ বাবে বহি থাকিব নালাগে। যেতিয়া কেম’থেৰাপী গ্ৰহণ কৰি থাকিব সেই সময়ত জ্বৰ উঠাতো সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। সংক্ৰমণ তৎকালে অতি জটিল হৈ পৰিব পাৰে। যেতিয়া আপুনি এনে কোঠাত প্ৰৱেশ কৰিব তেতিয়া আপুনি স্পষ্টকৈ জনাব লাগে যে আপুনি কেম’থেৰাপী ব্যৱহাৰ কৰি আছে আৰু আপোনাৰ জ্বৰ উঠিও আছে৷ এইটো সংক্ৰমণৰ লক্ষণ হ’বও পাৰে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
কৰ্কট ৰোগৰ চিকিৎসা