শৰীৰৰ প্ৰয়োজনীয় অংগসমূহৰ ভিতৰত দাঁত দুপাৰিও অন্যতম। খদ্যবস্তু কামুৰি, চোবাই গুড়ি কৰি খোৱাৰ সোৱাদ আৰু মজা লোৱাৰ উপৰি, ই খাদ্যবস্তু হজম কৰাত এক বিশেষ ভূমিকা পালন কৰে।
দাঁতৰ মুখ্য কাম যদিও খাদ্যবস্তু কামুৰি চোবাই খোৱা, কথা বতৰা কওঁতে- শব্দৰ সঠিক উচ্চাৰণ আৰু কথনতো ইয়াৰ প্ৰভাৱ উল্লেখনীয়। তদুপৰি ব্যক্তিৰ শাৰীৰিক, মানসিক, আৰু সামাজিক স্বাস্থ্য গঠনত দাঁত দুপাৰীৰ অৱদান গুৰুত্বপূৰ্ণ। মানুহৰ দৈহিক সৌন্দৰ্য্যৰ প্ৰশ্নত আটাইতকৈ গুৰুত্বপূৰ্ণ স্নান দখল কৰিছে মানুহৰ মুখমণ্ডলে। সাধাৰণ মানুহে গোটেই শৰীৰটো সুন্দৰ কৰি ৰাখিবলৈ যিমান যতন কৰে, তাতোকৈ বহুগুণে চেষ্টা কৰে কেৱল মুখখন চকুত লগা কৰি ৰাখিবলৈ, কিয়নো সৌন্দৰ্য ৰক্ষাত দাঁতৰ ভূমিকা অপৰিসীম। দাঁত অবিহনে ব্যক্তিৰ সৌন্দৰ্য কল্পনা কৰিব নোৱাৰি। প্ৰত্যেক মানুহে নিজৰ বিচাৰ-বিবেচনা আৰু অভিজ্ঞতাৰ পৰা এইটো কথা জানে যে মুখৰ সৌন্দৰ্য বৃদ্ধি বা হ্ৰাস কৰাত দাঁত দুপাৰিয়ে প্ৰধান ভূমিকা লয়। মানুহৰ মুখত দাঁত নাথাকিলে সৌন্দৰ্যৰ যথেষ্ট হানি হয়। তদুপৰি দাঁত নাথাকিলে খোৱা-বোৱা, কথা বতৰা কোৱাতো ভীষণ অসুবিধা হয়। যিসকল ব্যক্তিৰ মুখত আংশিক বা সম্পূৰ্ণৰূপে দাঁত নাথাকে, সেইসকল ব্যক্তিয়ে কৃত্ৰিম দাঁত বা অত্যাধুনিক ব্যৱস্থাপনাৰ দ্বাৰা মুখৰ হনুত দাঁত সংস্থাপন কৰি ল’ব পাৰে। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে, নিতৌ নতুন সামগ্ৰী, আহিলা আৰু পদ্ধতিৰ আৱিষ্কাৰৰ ফলত, দন্ত চিকিৎসা-বিজ্ঞানত ‘ডেণ্টেল ইম্প্লাণ্ট’ নামৰ এক বিশেষ ডিভাইচৰ বহুল ব্যৱহাৰ হৈছে। এই পদ্ধতি বা ব্যৱস্থাপনাৰ জৰিয়তে, আংশিক বা সম্পূৰ্ণৰূপে দাঁত নথকা স্থান, হনুৰ হাড়ত একপ্ৰকাৰৰ স্ক্ৰু বা পিন সংস্থাপন কৰিব পাৰি। এনেধৰণৰ দাঁতে কৰ্যক্ষমতাৰ লগতে সৌন্দৰ্য-ৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়।
মানুহৰ মুখগহ্বৰত সাধাৰণতে দুই প্ৰকাৰৰ দন্ত-বিন্যাস বোলা হয়। প্ৰাৰ্থমিক বা অস্থায়ী দন্ত-বিন্যাস বোলা হয়। প্ৰাথমিক বা অস্থায়ী দন্ত-বিন্যাসত তলে-ওপৰে দুয়োপাৰি হনুত দহটা দহটা মুঠতে বিছটা দাঁত থাকে। প্ৰাথমিক বা অস্থায়ী দাঁতবোৰ সৰি যোৱাৰ লগে লগে সেইবোৰৰ স্থান অধিকাৰ কৰে দ্বিতীয় প্ৰকাৰৰ দন্ত-বিন্যাসে। ইয়াক স্থায়ী দন্ত-বিন্যাস বোলা হয়।
স্থায়ী দাঁতবোৰ ৬-৭ বছৰৰ পৰা গজা আৰম্ভ হয় আৰু ১৬-১৭ বছৰ বয়সত গজা সম্পূৰ্ণ হয়। অৱশ্যে অন্তিম পেষক দাঁতটো যাক জ্ঞান দাঁত বুলি কোৱা হয়, কেতিয়াবা ২০-২৫ বছৰৰ পিছতো গজা দেখা যায়। স্থায়ী দন্ত-বিন্যাসত তলে-ওপৰে দুয়োপাৰি হনুত ষোল্লটা ষোল্লটাকৈ মুঠ বত্ৰিছটা দাঁত থাকে। যদিও দ্বিতীয়বাৰ গজা দাঁতক্ স্থায়ী দাঁত বোলা হয়, তথাপি এই দাঁত সকলো মানুহৰ জীৱনজুৰি নাথাকে। বহুতো কাৰণত মানুহৰ দাঁত সৰে বা সৰাই হয়। যদিও আধুনিক চিকিৎসা-বিজ্ঞানে প্ৰাকৃতিক কলা সংৰক্ষণত যথেষ্ট গুৰুত্ব দিছে, তথাপি কেতিয়াবা কিছুমান সংকটকালীন পৰিস্থিতিত, যেনে- দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ দাঁতটো সংৰক্ষণ কৰিব নোৱাৰাকৈ ভাগি গ’লে, পায়েৰিয়া বা দাঁতৰ আলু বা মাৰিৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ দাঁতটো সম্পূৰ্ণৰূপে ভাগি গ’লে আৰু কেতিয়াবা কিছুমান ৰোগৰ বাবে, যেনে- জিভাৰ কেঞ্চাৰ, দাঁতৰ আলু বা মাৰিৰ কেঞ্চাৰ ৰোগ বা কোৱাৰিত হোৱা কেঞ্চাৰ ৰোগৰ বাবে ৰঞ্জন ৰশ্মি বা ৰেডিয়েচন থেৰাপী দিবলগীয়া হ’লে, ৰঞ্জন ৰশ্মি প্ৰয়োগৰ আগে আগে দাঁত উঠাই বা সৰাই পেলাবলগীয়া হয়। কেতিয়াবা আকৌ কিছুমান দাঁত মুখৰ হনুৰ ভিতৰত সোমাই থাকে, নগজে, আৰু কেতিয়াবা কিছুমান দাঁত জন্মগতভাৱেই নাথাকে।
অস্থায়ী বা গাখীৰ খোৱা দাঁতবোৰ মুখগহ্বৰত এক নিৰ্দিষ্ট সময়ৰ বাবেহে থাকে। অস্থায়ী দাঁতবোৰ স্থায়ী দাঁতবোৰৰ কাৰণে সঠিক স্থান নিৰ্ধাৰণ কৰে। স্থায়ী দাঁত গজাৰ সময় হোৱাৰ লগে লগে অস্থায়ী দাঁতবোৰ সৰি যায় আৰু সেই স্থান গ্ৰহণ কৰে স্থায়ী দাঁতবোৰে। ই এটা সৰল শাৰীৰিক প্ৰথা। যদি অস্থায়ী দাঁত নিৰ্দিষ্ট সময়ত নিজে লৰি সৰি নাযায়, তেতিয়া সেই স্থানত গজিব লগা স্থায়ী দাঁতবোৰ সঠিক স্থানত নগজিব বা দাঁতবোৰ বেঁকা-বেঁকিকৈ গজি মুখৰ সৌন্দৰ্য ম্লান কৰিব।
অস্থায়ী দাঁতেই হওক বা স্থায়ী দাঁতেই হওক, দাঁতৰ প্ৰধান কাম হৈছে খোৱাবস্তু ভালদৰে চোবাই খোৱা, কথা কোৱাত সহায় কৰা আৰু মুখৰ সৌন্দৰ্য বৃদ্ধি কৰা।
যি কাৰণতেই নহওক কিয়, মানুহৰ দাঁত যদি আংশিকভাৱে বা সম্পূৰ্ণৰূপে সৰি যায় বা সৰাই পেলাবলগীয়া হয়, তেন্তে মানুহে নানা অসুবিধা ভোগ কৰিবলগীয়া হয়। খোৱাবস্তু ভালদৰে চোবাই খাব নোৱাৰা হয়, ফলত হজম শক্তিৰ তাৰতম্য ঘটি পেটৰ বেমাৰ হয়, শব্দৰ শুদ্ধ বা স্পষ্ট উচ্চাৰণ কৰিব নোৱাৰা হয়। কথা কোৱাত অসুবিধা হয়। তদুপৰি দাঁতে এজন মানুহৰ সৌন্দৰ্য আৰু ব্যক্তিত্বত যথেষ্ট প্ৰভাৱ পেলায়। দাঁত নাথাকিলে মানুহ এজনৰ ব্যক্তিত্বত ঋণাত্মক প্ৰভাৱ পৰে। ইয়াৰ ফলত মানুহ হীনমন্যতাত ভোগাও দেখা যায়।
দাঁত নাথাকিলে মানুহৰ মুখৰ কাৰ্যক্ষমতা যথেষ্ট পৰিমাণে কমি যায় আৰু মুখৰ লম্বিক দীৰ্ঘতা আৰু কেন্দ্ৰীক সম্পৰ্কৰ তাৰতম্য ঘটি মুখৰ হনুৰ জোৰাত বিষ আৰু অস্বস্তি অনুভৱ কৰে। সেয়েহে আংশিকভাৱেই হওক বা সম্পূৰ্ণভাৱেই হওক দাঁত সৰাৰ পিছত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কৃত্ৰিম দাঁতৰ ভিতৰত সহায়ত পুনৰ সংস্থাপন কৰি ল’ব লাগে। আংশিকভাৱে উঠোৱা দাঁত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সংস্থাপন নকৰিলে উঠাই পেলোৱা দাঁতটো বা দাঁতবোৰৰ কাষৰ দাঁতবোৰ বেঁকা-বেঁকি হয়। দাঁতবোৰৰ মাজত ফাঁক হয় আৰু এই ফাঁকবোৰৰ মাজত খোৱাবস্তু সোমাই যোৱাৰ ফলত মানুহজনে অসুবিধা অনুভৱ কৰে। এনেদৰে অনবৰতে খোৱাবস্তু সোমাই থকাৰ কাৰণে কাষৰ দাঁতবোৰত দন্তক্ষয় বা দাঁতৰ মাৰি বা আলুৰ ৰোগৰ সৃষ্টি হ’ব পাৰে। কৃত্ৰিম দাঁত দুই ধৰণৰ-
য’ত ৰোগীৰ আংশিকভাৱে, মানে কেইটামান দাঁত নাথাকে।
য’ত ৰোগীজনৰ মুখগহ্বৰত এটাও দঁত নাথাকে।
আংশিকেই হওক বা সম্পূৰ্ণই হওক কৃত্ৰিম দাঁত দুই প্ৰকাৰৰ-
এই কৃত্ৰিম দাঁত এক্ৰিলিক ৰেজিন বা ধাতুৰ দ্বাৰা বনোৱা হয়, দাঁত আৰু আলু বা মাৰিৰ ৰং অনুযায়ী বগা বা পাতল গুলপীয়া ৰঙৰ এক্ৰিলিক ৰেজিন ব্যৱহাৰ কৰা হয়।
যিটো ৰোগীৰ মুখত দাঁতৰ সহায়ত নতুবা স্ক্ৰু পিন বা ইম্প্লাণ্টৰ সহায়ত ৰোগীয়ে খুলিব নোৱাৰাকৈ লগাই দিয়া হয়। দন্ত চিকিৎসকে অৱশ্যে প্ৰয়োজন অনুসৰি এই দাঁত খোলা-মেলা কৰিব পাৰে।
ৰোগীয়ে নিজে খুলিব নোৱাৰা কৃত্ৰিম দাঁতবোৰ সাধাৰণতে ধাতুৰ সহায়ত পৰ্চেলিন বা এক্ৰিলিক ৰেজিন নামৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা হয়। কৃত্ৰিম দাঁত সংস্থাপনৰ ক্ষেত্ৰত, দন্ত চিকিৎসা বিজ্ঞানৰ আধুনিকতম চিকিৎসা পদ্ধতি হৈছে ডেণ্টেল ইম্প্লাণ্ট। ডেণ্টেল ইম্প্লাণ্ট এনে এবিধ ‘ডিভাইচ’ বা সঁজুলি- যাক মুখৰ হনুৰ হাড়ত সংস্থাপন কৰি, তাৰ সহায়ত মুখত আংশিক বা সম্পূৰ্ণৰূপে নথকা দাঁত, কৃত্ৰিমভাৱে সংযোজন কৰিব পাৰি। হনুত সংস্থাপন কৰা ইম্প্লাণ্ট, দাঁতৰ শিপা বা ৰূট, মানে প্ৰাকৃতিক দাঁতৰ যিটো অংশ দাঁতৰ হনুত সোমাই থাকে, টিক তেনেদৰে কাম কৰে। দাঁতৰ ৰূট বা শিপাই, দাঁত এটাক সঠিক স্থানত সুদৃঢ়ভাৱে ধৰি ৰখাত সহায় কৰে। ঠিক তেনেদৰে ডেণ্টেল ইম্প্লাণ্টেও কৃত্ৰিম দাঁতক সঠিক স্থানত সুদৃঢ়ভাৱে ধৰি ৰাখে।
মুখগহ্বৰত সাধাৰণতে তিনি প্ৰকাৰৰ ইম্প্লাণ্ট ব্যৱহাৰ কৰা হয়।
ইম্প্লণ্ট কে’বা ধৰণৰো থাকে। তাৰ ভিতৰত ধাতু, সংমিশ্ৰিত নতুবা চেৰামিক্স বা পৰ্চেলিন (চীনামাটি)ৰ ইম্প্লাণ্ট বেছিকৈ ব্যৱহাৰ কৰা হয়।
ধাতুৰ ভিতৰত সৰ্বাধিক ব্যৱহাৰ কৰা হয়, তেনেকৈ সংমিশ্ৰিত ধাতু (কবাল্ট-ক্ৰমিয়াম-মলিবডেনাম)ৰ ইম্প্লাণ্টৰো চাহিদা বেছি। চেৰামিক্সৰ ভিতৰত ‘বায়’গ্লাছ’ আৰু এলুমিনিয়াম অক্সাইড ইমপ্লাণ্ট বেছিকৈ ব্যৱহাৰ কৰা হয়। কেতিয়াবা পৰিস্থিতি সাপেক্ষে পলিমাৰ বা কম্প’জিটৰ ডিভাইচো ইম্প্লাণ্ট হিচাপে ব্যৱহাৰ কৰা যায়।
যিটো ধাতুৰে বা পদাৰ্থৰেই তৈয়াৰী নহওক কিয়, ইম্প্লাণ্ট ডিভাইচৰ এনেদৰে ডিজাইন বা আৰ্হি তৈয়াৰ কৰা হয় যে হনুত সংস্থাপন কৰাৰ পাছত ইম্প্লাণ্টৰ চাৰিওকাষে ইয়াক সুদৃঢ়ভাৱে ধৰি ৰাখিবলৈ সাধাৰণ শাৰীৰিক প্ৰক্ৰিয়াৰে হাড়ৰ গঠন হয়। যদিওবা মানৱ শৰীৰত ইম্প্লাণ্ট হিচাপে এক বাহিৰা বস্তু সংস্থাপন কৰা হয়, কিন্তু ইয়াত ব্যৱহৃত জৈৱ পদাৰ্থ আৰু ডিজাইনৰ বাবে শৰীৰে ইয়াক প্ৰাকৃতিক কলাৰ নিচিনাকৈ গ্ৰহণ কৰে। ইম্প্লাণ্টৰ চাৰিওকাষে কোষ আৰু কলাৰ প্ৰাকৃতিক গঠন আৰু বাঢ়ন হয়। মুখৰ হনুত ইম্প্লাণ্ট বহুওৱাটো এটা সৰু অস্ত্ৰোপচাৰ বা ছাৰ্জাৰী। ইম্প্লাণ্ট ব্যৱস্থাৰ কৃতকাৰ্যতা বা সফলতা নিৰ্ভৰ কৰে হনুৰ হাড়ৰ মানক আৰু ঘনত্বৰ ওপৰত। গতিকে ইম্প্লাণ্টৰ কাৰণে ৰোগী নিৰ্বাচন কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগে। সকলো ধৰণৰ ৰোগীৰ ক্ষেত্ৰত ইম্প্লাণ্ট ব্যৱহাৰ কৰিব পাৰি যদিও শৰীৰৰ কিছুমান আভ্যন্তৰীণ ৰোগ, যেনে- ডায়েবেটিছ টাইপ-২, অন্ত্ৰীয় ৰোগ, কিছুমান ঔষধ গ্ৰহণ কৰি থাকিলে, যেনে- বিছফছফ’নেটছ, ৰাতি শোওঁতে দাঁত চোবাই বা কৰ্কৰাই থকা (ব্ৰাক্সিজিন বা ক্লেনচিং) ৰোগীৰ ক্ষেত্ৰত, ইম্প্লাণ্ট ব্যৱহাৰ কৰাৰ আগতে ভালদৰে এক্সৰে’, চিটি স্কেন, লেবৰেটৰী পৰীক্ষা আদি কৰোৱাই পুনৰ বিবেচনা কৰি চাব লাগে।
কৃত্ৰিম দাঁতৰ প্ৰকাৰ, সংখ্যা, ৰোগীৰ বয়স আদিৰ ওপৰত ভিত্তি কৰি মুখৰ হনুত কিমানসংখ্যাক ইম্প্লাণ্ট সংস্থাপন কৰা যাব তাৰ সংখ্যা নিৰ্ধাৰণ কৰা হয়। কিছু খৰচী যদিও ই এটা সম্পূৰ্ণ নিৰাপদ আৰু পাৰ্শ্ব-প্ৰতিক্ৰিয়াহীন ব্যৱস্থা। ইম্প্লাণ্টৰ কাৰ্যক্ষমতা আৰু কৃতকাৰ্যতাৰ হাৰ অতি উত্তম। ই প্ৰাকৃতিক দাঁতৰ নিচিনাকৈ কাম কৰে।
লেখিকাঃ ডাঃ ৰুবী কটকী, স্বাস্থ্য জিএনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 7/18/2020