মুখত জমা হৈ থকা বীজাণুবোৰৰ বাবেই দাঁতৰ ৰোগ হয়। মন কৰিবলগীয়া কথা হ’ল এই বীজাণুবোৰ কেতিয়াও সম্পূৰ্ণৰূপে ধ্বংস কৰিব নোৱাৰি কেৱল তাৰ উপস্থিতিহে কমাব পাৰি। সেয়ে ব্ৰাচ কৰোতে সদায় মনপুতি বৈজ্ঞানিক পদ্ধতিৰে কৰিলেহে তাৰ সুফল পোৱা যায়। দিনটোত কমেও দুইৰ পৰা তিনিবাৰ ব্ৰাচ কৰাটো আৱশ্যক। এবাৰত কমেও তিনি মিনিট মান সময়ৰ প্ৰয়োজন হয়। এটা কথা জানি থোৱা ভাল যে এডাল ব্ৰাচ ৩ মাহ মানতকৈ বেছিদিন ব্যৱহাৰ কৰিলে সুফল পোৱা নাযায়। সাধাৰণতে বজাৰত পোৱা ব্ৰাচবোৰ মধ্যম জোৰ সম্বলিত হ’লে ভাল হয়। আলুৰ বেমাৰ হৈ থকা অৱস্থাত অতি কোমল ব্ৰাচ ব্যৱহাৰ কৰিব লাগে আৰু পৰামৰ্শ অনুযায়ী চিকিৎসাৰ পিছত মধ্যম নাইবা কিছু টান ব্ৰাচ ব্যৱহাৰ কৰিব পাৰি। ব্ৰাচ সদায় বিজ্ঞানসন্মতভাৱে টুথপেষ্টৰ সহায়ত আলুৰ পৰা দাঁতলৈ ঘঁহাৰ অভ্যাস কৰিব লাগে। এই বিষয়ে ভালদৰে জানিবলৈ অভিজ্ঞ দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ দৰকাৰী। আজিকালি গাৱে-ভুৱে নাইবা (ভুৱা চিকিৎসক)সাধাৰণ মানুহেই দাঁতৰ ডাক্তৰ হিচাপে নামলৈ চিকিৎসা প্ৰদান কৰি থকা দেখা যায়। এইবোৰৰ পৰা সদায়েই আতঁৰত থাকিবলৈ পৰামৰ্শ আগবঢ়ালো। কোনোবা ক্লিনিকলৈ গ’লে চিকিৎসকজনৰ নামফলক আৰু ব্যৱস্থা পত্ৰ ভালদৰে পৰীক্ষা কৰিহে চিকিৎসা লোৱাটো বাঞ্ছনীয়। ফলক নাইবা ব্যৱস্থা পত্ৰত থকা ডিগ্ৰী চাবলৈ নাপাহৰিব, প্ৰকৃত চিকিৎসকৰ নামৰ লগত বি.ডি.এচ নাইবা এম.ডি.এচ নামৰ ডিগ্ৰীহে থাকিব আৰু পঞ্জীয়ন নম্বৰৰ কাষত ‘A’ বুলি লিখা থাকিব। ভুৱা চিকিৎসক আজিকালি চাৰিওফালে পিয়াপি দি ফুৰিছে সেয়েহে সাৱধান হোৱা উচিত নহ’লে অকালতে ‘দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিব লগা হ’ব পাৰে।’
পেৰিঅ’দন্তাইটিছ ৰোগৰ কাৰণ সম্পৰ্কে কিছু জনা দৰকাৰ যে মুখত জমা হোৱা বীজাণুবোৰ এঠালতীয়া এইবোৰত মিউক’প্ৰটিন নামেৰে এবিধ পদাৰ্থ দাঁতৰ ওপৰত পৰি ৰয় আৰু তাৰ লগে লগে ভালদৰে চাফা নোহোৱাৰ ফলত আলু আৰু দাঁতত জমা হোৱা মলি, মুখৰ বীজাণু খাদ্যবস্তু বহুদিনলৈ থকাৰ ফলত টান হৈ মাটিৰ বা চূণৰ দৰে আৰু শেষত শিলৰ দৰে টান এবিধ পদাৰ্থলৈ ৰূপান্তৰিত হয়। ইয়াক কোৱা হয় ‘কেলকুলাচ বা টাৰটাৰ’ এই কেলকুলাচবোৰ বৈজ্ঞানিক পদ্ধতিৰে গুচাই নল’লে দাঁতৰ হাড়বোৰ চুটি হ’বলৈ আৰম্ভ কৰে অৰ্থাৎ যি হাড়ৰ সহায়ত দীঘল দাঁত এটা হাড়ত পোত গৈ লিগামেন্টৰ সহায়ত সবল ভাৱে লাগি থাকে। দাঁতৰ পৰা এই ‘টাৰটাৰৰ্বোৰ চাফা কৰা পদ্ধতিটোক স্কেলিং বুলি কোৱা হয়। আলট্ৰাচনিক যন্ত্ৰৰ সহায়ত অতি কম সময়ত আৰু বিষ অনুভৱ নকৰাকৈয়ে চাফা কৰাৰ সু-ব্যৱস্থা উচ্চমানৰ ক্লিনিক বা চিকিৎসালয়বোৰত উপলব্ধ। এনে অৱস্থাত সাধাৰণতেই মানুহে দাঁতৰ আলুত বিষ অনুভৱ নকৰে সেয়ে ই ভয়াৱহ ৰোগ হিচাপে চিহ্নিত হয়।। কালক্ৰমত হাড়বোৰ চুটি হোৱাৰ ফলত মানুহৰ দাঁত লৰিবলৈ ধৰে আৰু শেষত নিজে সৰি পৰে। এটা মন কৰিবলগীয়া কথা হ’ল সাধাৰণতে ভবাৰ দৰে মানুহৰ দাঁত নিজেই লৰি নাযায়, যায় কেৱল দুৰ্ঘটনা বা পেৰিঅ’দন্তাইটিছৰ ফলতহে।
আমাৰ দেশত এতিয়াও দন্ত চিকিৎসাৰ বিষয়ে গুৰুত্ব দিয়া দেখা নাযায়। অভিভাৱক সকলেও ল’ৰা-ছোৱালীক জন্মৰ পিছৰে পৰা দন্ত চিকিৎসকক দেখুওৱাৰ অভ্যাস গঢ়ি উঠা নাই। দাঁতৰ ৰোগৰ বিষয়ে প্ৰতিজন মানুহৰ সম্যক জ্ঞানৰ প্ৰয়োজন। সুশ্ৰী আৰু সু-স্বাস্থ্যবান দাঁত মুখৰ গৰাকী হ’বলৈ হ’লে প্ৰতিজন ব্যক্তিয়ে প্ৰতি ছয় মাহৰ মূৰে মূৰে দন্ত চিকিৎসকৰ দ্বাৰা মুখ গহ্বৰ আৰু দাঁতৰ পৰীক্ষা কৰোৱাটো অতিকৈ প্ৰয়োজনীয়। এই খিনিতে ক’বলৈ বিচাৰিছো যে দুৰ্ঘটনাবশত মুখৰ পৰা দাঁত সম্পূৰ্ণৰূপে ওলাই আহিলে দাঁতটো বা দাঁত কেইটা পেলাই নিদি কেঁচা গাখীৰত ডুবাই নাইবা মুখৰ ভিতৰতেই বা গালৰ চেপত লৈ চিকিৎসকৰ ওচৰ চাপিব লাগে, তেনে অৱস্থাত ৰি-ইমপনটেচনৰ সহায়ত দাঁতবোৰ কাৰ্য্যক্ষম কৰি তুলিব পৰা যায়।
বজাৰত বিভিন্ন দাঁত চাফা কৰা মাধ্যম পোৱা যায় যেনে টুথব্ৰাচ, টুথপিক, ডেন্টেল ফ্লচ আদিয়েই প্ৰধান। এই মাধ্যমবোৰৰ প্ৰকৃত ব্যৱহাৰ আৰু ব্যৱহাৰৰ পদ্ধতি অভিজ্ঞ দন্ত চিকিৎসকৰ পৰা জানি ল’ব লাগে। প্ৰতিবাৰ গ্ৰহণ কৰা গুৰু আহাৰৰ পিছতেই দাঁত ভালদৰে চাফা কৰিব লাগে। লঘু আহাৰ হিচাপে খোৱা মিঠা বা এঠালতীয়া খাদ্যবস্তু দাঁতত লাগি ধৰে আৰু বীজাণুৰ বংশবৃদ্ধিত যথেষ্ট সহায় কৰে। দাঁত চাফা কৰাৰ পিছত দাঁতৰ আলুত আঙুলিৰে মালিচ কৰিলে আলুৰ তেজ চলাচলত সুবিধা হয় ফলত দাঁতৰ আলুত কিছুমান ৰোগে আক্ৰমণ কৰিব নোৱাৰে।
দাঁত ক’লা পৰি গ’লে বা ছিদ্ৰ হ’লে, দাঁতৰ আলুৰে নিজে নিজে তেজ ওলোৱা আৰম্ভ হ’লে নাইবা কিছুমান মানুহৰ ব্ৰাচ কৰোতে তেজ ওলালে লগে লগে অভিজ্ঞ চিকিৎসকৰ পৰা পৰামৰ্শ ল’ব লাগে কাৰণ সময় থাকোতে নিৰাময়ৰ উপায়ে ৰক্ষা কৰা টান। দাঁতৰ ৰোগৰ চিকিৎসাবোৰ সাধাৰণতে ভবাতকৈ ব্যয়বহুল যদিহে ৰুগীয়া দাঁত এটা পুণৰ কাৰ্যক্ষম কৰিব লগা হয় চিকিৎসা বিজ্ঞানত বিভিন্ন অত্যাধুনিক পদ্ধতিৰে তেনে কৰাৰ সু-ব্যৱস্থা আছে।
লিখকৰ নাম: ডা: জয়ন্ত দাস
শেহতীয়া উন্নীতকৰণ: : 3/5/2020