দাঁত মানুহৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। আমি গ্ৰহণ কৰা সকলো ধৰণৰ খাদ্যবস্তু মুখগহ্বৰত দাঁতে চোবাই শৰীৰে গ্ৰহণ কৰাৰ বাবে সুবিধা কৰি দিয়ে। দাঁতে আমাৰ শৰীৰত জাগ্ৰত সৈনিকৰ দৰে কাম কৰে। আমাৰ শৰীৰৰ তথা মুখ মণ্ডলৰ সৌন্দৰ্য্য বৰ্ধনতো যথেষ্ট ভূমিকা গ্ৰহণ কৰে। এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক সমতুল্যতা সম্পন্ন কৰাত মুখ মণ্ডলৰ উপৰিও দাঁত দুপাৰিৰ নিৰোগী আৰু সবল স্থিতিয়ে ব্যক্তি এজনৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলায়।
সকলোৱে জানে যে মানুহৰ শৰীৰত বয়স ভেদে দুই ধৰণৰ দাঁত দেখিবলৈ পোৱা যায়। তাৰে বিশটা অস্থায়ী দাঁত আৰু বত্ৰিশটা স্থায়ী দাঁত। দাঁতৰ ৰোগ বুলি ক’লে দাঁতৰ বিভিন্ন অংশ আৰু আনুসংগিক কিছু কথা জানি ল’ব লাগিব। মানুহৰ শৰীৰৰ আটাইতকৈ টান অংশ ‘এনামেল’ (দাঁতৰ ওপৰ ভাগ), তাতকৈ কোমল অংশ ‘ডেনটিন’ (দ্বিতীয় অংশ) আৰু সিৰা, ধমনী, শাখা-প্ৰশাখা, স্নায়ু অৱস্থিত পাল্প চেম্বাৰ (তৃতীয় ভাগ) ৰ সৈতে দাঁতৰ তলৰ অংশটো চিমেন্টাম নামৰ টান আৱৰণেৰে ঢাকি হাড়ৰ ভিতৰত সোমাই থাকে আৰু এটা সম্পূৰ্ণ দাঁতৰ সম্পূৰ্ণ ওপৰৰ অংশটোক ক্ৰাউন আৰু তলৰ অংশটোক ৰুট বুলি কোৱা হয়।
মুখ গহ্বৰত সাধাৰণ অৱস্থাতেই লক্ষাধিক বীজাণু বিশেষকৈ বিভিন্ন ধৰণৰ বেক্টেৰিয়া জমা হৈ থাকে যিবোৰ খালী চকুৰে দেখা নাযায়। এইবোৰৰ অস্তিত্ব কেৱল বিশেষ বৈজ্ঞানিক পদ্ধতিৰে ধৰা পেলাব পাৰি। মুখত থকা এই বীজাণুবোৰ জীয়াই থাকিবলৈ আৰু বংশবৃদ্ধি কৰিবলৈ খাদ্যৰ প্ৰয়োজন হয় আৰু সেইবোৰ মানুহে খোৱা খাদ্যৰ পৰাই আহৰণ কৰে যেনে, চুগাৰ, কাৰ্বহাইড্ৰেট, প্ৰটিন আদিয়েই প্ৰধান। ভালদৰে চাফা নোহোৱা দাঁত, কাৰ্বহাইড্ৰেট আৰু ডেন্টেল পেক বা সহজ অৰ্থত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ সমষ্টি এই তিনিটা পৰিৱেশত দাঁতৰ বিভিন্ন ভাগৰ দন্তপৃষ্ঠত এচিড জমা হয় আৰু ফলতেই দন্তক্ষয় ৰোগৰ সৃষ্টি হয়। ইয়াক চিকিৎসা বিজ্ঞানত ‘কেৰিজ’ বুলি কোৱা হয় তাৰ পিছত লাহে লাহে অলপৰ পৰা বেছি ডাঙৰ দাঁতৰ সৃষ্টি হয়। এইখিনি সময়ত মানুহে কেৱল সিৰসিৰণিহে অনুভৱ কৰে। কিয়নো এনামেল অংশৰ পিছত থকা ডেনটিন অংশত টেঙা, ঠাণ্ডা, বেছি গৰম আৰু মিঠা জাতীয় খাদ্যই সিৰসিৰণি অনুভৱ কৰায়। এনে অৱস্থাতেই দাঁতটো বৈজ্ঞানিক পদ্ধতিৰে চিকিৎসকৰ হতুৱাই পূৰ কৰাই ল’ব লাগে। আনে ধৰিব নোৱাৰাকৈ প্ৰাকৃতিক দাঁতৰ সম মিশ্ৰণতা প্ৰকাশ পোৱাকৈ ‘কচমেটিক ফিলিং’ ৰ সহায়ত নাইবা পাৰা আৰু ৰূপৰ সংমিশ্ৰণ ঘটাই কৰা ফিলিংৰ সহায়ত নাইবা ঠাই আৰু দাঁতত উৎপন্ন হোৱা গাঁত বা ছিদ্ৰ ভেদে বিভিন্ন প্ৰকাৰৰ সংমিশ্ৰণেৰে ফিলিং কৰাৰ ব্যৱস্থা আছে। উপযুক্ত সময়ত যদি অভিজ্ঞ চিকিৎসকৰ হতুৱাই গাঁতবোৰ পূৰ কৰি নলয় তেন্তে কেইবামাহ মান বা বছৰ
পিছত এই ছিদ্ৰ পাল্প চেম্বাৰলৈ বাঢ়ি যায় আৰু স্নায়ু বা সিৰা, ধমনীত স্পৰ্শ কৰে তেতিয়াহে এজন মানুহে দাঁতৰ বিষ অনুভৱ কৰে। উপযুক্ত সময়ত এনে এটা অৱস্থাতো যদি কোনোবাই অৱজ্ঞা কৰে তেন্তে বীজাণুৱে সৃষ্টি কৰা ৰোগ সিৰা, ধমনীৰ মাজেৰে হাড়ত প্ৰৱেশ কৰে যাৰ ফলত গাল ফুলি নাইবা নুফুলাকৈয়ে ডেন্টেল এবচেছ, অষ্টিওমাইয়েলাইটিছ আদি নানা ৰোগৰ সৃষ্টি হ’ব পাৰে। এনে অৱস্থাতো চিকিৎসা নল’লে গালৰ ভিতৰ বা বাহিৰেৰে তেজ, পুঁজ ওলাবলৈ আৰম্ভ কৰে। যিটোক কোৱা হয় ‘ইন্ট্ৰা অৰেল চাইনাচ’ বা ‘এক্সটা অৰেল চাইনাচ’ যাৰ সহায়ত তেজ পুজ বাহিৰলৈ ওলাই আহে। কেতিয়াবা চিকিৎসাৰ অভাৱত কৰ্কট ৰোগ হোৱাও দেখা যায়। মুখৰ কৰ্কট ৰোগৰ সমীক্ষাত দেখা গৈছে যে দক্ষিণ পূৱ এছিয়াত ৯০ শতাংশ মুখৰ কৰ্কট ৰোগী আছে আৰু ইয়াৰ সিংহভাগ ৰোগী ধঁপাত সেৱনকাৰী। অসমত মানৱ দেহৰ আন অংগৰ তুলনাত খাদ্যনলী আৰু তাৰ পিছতে মুখ গহ্বৰৰ কৰ্কট ৰোগৰ হাৰ বেছি। খহতা দাঁত বা ভগা দাঁতৰ চোকা অংশ, ভগা ফিলিঙৰ বা খহতা ফিলিঙৰ ঘহনি নাইবা কৃত্ৰিমভাৱে লগোৱা দাঁতৰ পেটৰ ভগা অংশৰ ঘহনি এইবোৰৰ পৰা লাহে লাহে কৰ্কট ৰোগ হোৱা দেখা যায়। সেয়েহে সময় থাকোতে পৰামৰ্শ লোৱাটো উচিত।
আন এক দাঁতৰ ৰোগ সাধাৰণতেই মুখত দেখা যায়। ই হ’ল দাঁতৰ গুৰিৰে তেজ ওলোৱা, দাঁতৰ আলু ফুলা, গুৰিৰে পুজ ওলোৱা, মুখৰ দুৰ্গন্ধ হোৱা ইত্যাদি। এই ৰোগ বিধৰ চাৰিটা ভাগ আছে। কিছুমানৰ কেৱল ব্ৰাচ কৰিলে তেজ ওলায়, কিছুমানৰ কেৱল আলুবোৰ ফুলি যায়। প্ৰকাৰ ভেদে তাৰ নামবোৰো বেলেগ বেলেগ যেনে: জিনজিভাইটিচ, পেৰিঅ’দন্তাইটিছ ইত্যাদি।
লিখকৰ নাম: ডা: জয়ন্ত দাস
শেহতীয়া উন্নীতকৰণ: : 6/25/2020