দাঁতৰ বিভিন্ন্ সমস্যাৰ ভিতৰত স্পৰ্শকাতৰ বা স্ংবেদনশীল দাঁত অথবা দাঁতৰ সিৰসিৰণি অন্যতম। দাঁতৰ সিৰসিৰণিৰ সমস্যা লৈ ৰোগীসকল প্ৰায়েই চিকিৎসকৰ কাষ চাপে। সাধাৰণতে ঠাণ্ডা, গৰম, টেঙা, মিঠা খাদ্য খালে সিৰসিৰণি আৰম্ভ্ হোৱা দাঁতবোৰত কেতিয়াবা মুখেৰে জোৰেৰে বায়ু টানি ল’লে নতুবা মুখত ঠাণ্ডা বতাহ লাগিলেও দাঁত সিৰসিৰায়। দাঁতৰ সিৰসিৰণি এক অস্বস্তিকৰ অৱস্থা আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা তাৎক্ষণিক বিষ এক অসহ্যকৰ যন্ত্ৰণা। সাধাৰণতে ২০ ৰ পৰা ৫০বছৰ বয়সৰ লোকসকল এই সমস্যাত অধিক আক্ৰান্ত হোৱা দেখা যায়। অধ্যয়ন কৰি দেখা গৈছে যে ৩০ ৰ পৰা ৪০ বছৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত এই সমস্যাই চূড়ান্ত ৰুপ লয়। তদুপৰি পুৰুষতকৈ মহিলাসকল এই সমস্যাত বেছিকৈ ভোগা দেখা যায়।
দাঁতৰ সিৰসিৰণিৰ কাৰণসমূহ:
এনামেল, ডেণ্টিন আৰু চিমেণ্টাম—এই তিনি প্ৰকাৰ কঠিন্ কলাৰ দ্বাৰা দাঁতৰ ক্ৰাউন আৰু ৰুট অংশ গঠিত। ক্ৰাউন অংশৰ বাহিৰভাগ এনামেল আৰু ৰুট অংশৰ ভিতৰভাগ চিমেণ্টামেৰে গঠিত। দাঁতৰ দ্বিতীয় কঠিন কলা ডেণ্টিন, ক্ৰাউনৰ পৰা ৰুটলৈকে বিয়পি থাকে। এই তিনিবিধ দন্তকলাৰ ভিতৰত এনামেল আটাইতকৈ কঠিন কলা। কিন্তু ই ভংগুৰ আৰু ক্ষয়িষ্ণু। দাঁতৰ দ্বিতীয় কলা ডেণ্টিনৰ কঠিনতা এনামেলতকৈ কম আৰু জীৱন্ত কলা। যদিও ডেণ্টিনত স্নায়ুকলা নাথাকে, কিন্তু ই স্ংবেদনশীল। দাঁতৰ ডেণ্টিন কলাভাগ ‘ডেণ্টিনেল টিউবুল’ নামৰ কিছুমান নলিকাৰে গঠিত। এই নলিকাবোৰে কিছুমান তৰল পদাৰ্থৰে পূৰ্ণ হৈ থাকে। যেতিয়া কোনো কাৰণত এই তৰল পদাৰ্থৰ চাপৰ তাৰতম্য ঘটে, তেতিয়া ইয়াৰ কম্পন বা খলনিয়ে দাঁতৰ জীৱন্ত, কোমল বিশেষ কলা পাল্প বা মজ্জাত থকা স্নায়ুকলাত উত্তেজনাৰ সৃষ্টি কৰে আৰু তাৰ ফলত দাঁতত সিৰ্সিৰণি বা ক্ষণিকৰ বাবে বিস অনুভৱ হয়। বহুতো কাৰণত দাঁতৰ এনামেল ভাগৰ ক্ষয়প্ৰাপ্ত হয়। ইয়াৰ ভিতৰত মুখ্য বা অন্যতম কাৰণ হ’ল দন্তক্ষয় বা ডেণ্টেল কেৰিজ ৰোগ। বেক্টেৰিয়া বা জীৱাণুৰ দ্বাৰা স্ংক্ৰমিত হৈ হোৱা দন্তক্ষয় ৰোগ, ৰাসায়নিক বিষক্ৰিয়া ঘটি কিছুমান জৈৱ এচিদৰ সৃষ্টি হয়। এই এচিডে সময়ৰ লগে লগে দাঁতৰ কঠিন কলাৰ অজৈৱিক পদাৰ্থসমূহ গলাই পেলাই আৰু দাঁতৰ পৃষ্ঠত কিছুমান সৰু সৰু ফুটা বা গাঁতৰ সৃষ্টি কৰে। এটা সময়ত এই সৰু সৰু ৰন্ধ্ৰ বা ফুটাবোৰ ভাগি একেলগ হৈ কিছুমান গাঁতৰ সৃষ্টি কৰে।যিকোনো খাদ্য খালে এই গাতবোৰত সোমায় ৰয় আৰু ৰোগীয়ে একপ্ৰকাৰৰ অস্বস্তি অনুভৱ কৰে। পিছলৈ দন্তক্ষয় ৰোগত ভোগা ৰোগীয়ে দাঁতত একপ্ৰকাৰৰ সিৰসিৰণিৰ অনুভৱ কৰে। টেঙা, মিঠা, গৰম, ঠাণ্ডা খাদ্য খালেই সিৰসিৰণি বেছি হয়। দন্তক্ষয়ৰ বাহিৰেও দাঁতৰ সিৰসিৰণিৰ সৃষ্টি কৰিব পৰা অন্যবোৰ কাৰণ হ’ল- এট্ৰিজন বা দাঁতৰ কৰ্ষণৰ ফলত হোৱা ক্ষয় কাৰ্য। খাদ্যবস্তু কামুৰি চোবাই গুড়ি কৰি খোৱাৰ ফলত দাঁতৰ কঠিন কলাভাগৰ ক্ষয়প্ৰাপ্ত হয়। তদুপৰি দাঁত কৰ্কৰোৱা বা টোপনিত দাঁত চোবোৱা অভ্যাসেও দাঁতৰ এনামেলভাগৰ ক্ষয় নিয়ায়। ব্ৰাক্সিজম বা নাইট গ্ৰাইণ্ডিং এটা স্নায়বিক ৰোগ। অস্বাভাৱিক ধৰণেৰে দাঁতৰ কৰ্ষণ ঘটোৱাৰ ফলত দাঁতৰ কঠিন কলা এনামেলৰ দ্ৰুতভাৱে ক্ষয়প্ৰাপ্ত হয় আৰু ডেণ্টিন উন্মুক্ত হৈ দাঁতৰ সিৰসিৰণি আৰম্ভ হয়। সঠিক পদ্ধতিৰে দাঁত ব্ৰাচ নকৰিলে, অগাপিছাকৈ অশুদ্ধ পদ্ধতিৰে দাঁত ব্ৰাছ কৰাৰ ফলত দাঁতৰ গুৰি কাটি যায়। ঠিক তেনেদৰে দাঁতৰ ফাঁকত সোমাই থকা খাদ্যবস্তুৰ অৱশেষ উলিয়াবলৈ, টুথ পিক বা খৰিকাৰে দাঁতৰ মাজভাগত বা আলু বা মাৰিৰ ওপৰত বেছিকৈ খুঁচি থাকিলেও দাঁত ক্ষয় গৈ সিৰসিৰণিৰ সৃষ্টি কৰিব পাৰে। দাঁত ঘহা পাউদাৰ বা পেষ্টত বেছি পৰিমাণে দাঁত পৰিস্কাৰ কৰা খহটা পদাৰ্থ থাকিলে, সেইবোৰেও দাঁতৰ এনামেলভাগ ক্ষয় নিয়াব পাৰে আৰু দাঁতৰ সিৰসিৰণিত অৰিহণা যোগায়।
কিছুমান খাদ্য আৰু পানীয়ই দাঁতৰ ক্ষয়সাধন কৰে। টেঙাজাতীয় খাদ্য আৰ শীতল পানীয়ত মিহলি হৈ থকা এচিড বা কাৰ্বনেটে দাঁতৰ কঠিন কলাভাগৰ ক্ষয়সাধন কৰে সেয়েহে কমলা, নেমু, আঙুৰ আদি কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ফলৰ ৰস আৰু শীতল পানীয় গ্ৰহণ কৰাৰ সময়ত সাৱধান হ’ব লাগে।টেঙাজাতীয় খাদ্য খোৱাৰ পিছত এচিডৰ ক্ৰিয়াৰ ফলত হোৱা ক্ষয় ৰোধ কৰিবলৈ কমেও দুই-তিনিঘণ্টালৈকে দাঁতৰ ওপৰত হেঁচা বা চাপ দিব নালাগে বা ব্ৰাছ কৰিব নালাগে। নহ’লে ক্ৰমে ক্ৰমে দাঁত ক্ষয় হৈ গৈ সিৰ্সিৰণিৰ আৰম্ভ হ’ব পাৰে। ইয়াৰোপৰি এচিডিক বাতাৱৰণত কাম কৰা লোকৰ প্ৰায়ে দাঁত ক্ষয় যোৱা দেখা যায়। এছবেছটছ ফেক্টৰী, চিমেণ্ট কাৰখানা বা ইটাৰ ভাতাত কাম কৰা লোকে দাঁতৰ সিৰসিৰণিৰ বিষয়ে বেছিকৈ অভিযোগ কৰা দেখা যায়।
দুৰ্ঘনাগ্ৰস্থ হৈ দাঁত ভাগি গ’লেও কেতিয়াবা সিৰসিৰণি বা স্ংবেদনশীলতাত ভোগা দেখা যায়। খাদ্যবস্তু কামুৰি চোঁবাই খাওতে সাৱধান হ’ব লাগে। অতি টান খাদ্য বস্তু, যেনে-আখৰোট, শুকান বুট, নাৰিকল খাওঁতে কেতিয়াবা দাঁত ভাগি গৈ আহুকালত পেলাব পাৰে। বেছি টান বস্তু দাঁতেৰে চোবাই গুড়ি কৰাৰ ফলত কেতিয়াবা দাঁতত কিছুমান সূক্ষ্ম ফাট মেলে আৰু কালক্ৰমত সি দাঁতৰ সিৰসিৰণিৰ সৃষ্টি কৰে। অতি ঠাণ্ডা বা অতি গৰম খাদ্য একেলগে খব নালাগে। কিয়নো উষ্ণতাৰ তাৰতম্যৰ ফলত দাঁতৰ কঠিন কলাভাগৰ ঘনত্বৰ সালসলনি ঘটি দাঁতৰ পৃষ্ঠত চুলিসম ফাট মেলিব পাৰে, যিয়ে দাঁতৰ সিৰসিৰণি সৃষ্টিত অৰিহণা যোগাব পাৰে।
চিকিৎসা বিষয়ক ব্যৱস্থাপনাৰ বাবেও কেতিয়াবা দাঁত সিৰসিৰাব বা স্ংবেদনশীল হ’ব পাৰে। দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দাঁত, ‘ফিল আপ’ কৰিবলৈ যন্ত্ৰপাতিৰ সহায়ত বেছিকৈ কাটিলে বা সঠিক নিয়ম পদ্ধতি মানি নচলিলে দাঁতৰ মজ্জা অংশৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা নল’লে কৃত্ৰিম দাতৰ ব্যৱস্থাপনাত দাঁতৰ কঠিন কলাভাগ বেছিকৈ কাটিলে, নতুবা স্কেলিং পদ্ধতিৰে দাঁত পৰিস্কাৰ কৰাৰ সময়ত মানিবলগীয়া নিয়ম-পদ্ধতি ভালদৰে অনুসৰণ নকৰিলে পিছলৈ দাঁতত সিৰসিৰণিৰ অনুভৱ হ’ব পাৰে। দাঁতৰ মাৰি বা আলুৰ বেমাৰ হৈ দাঁতত সিৰসিৰণি অনুভূত হ’ব পাৰে। দাঁতৰ মাৰি ব আলুৰ বেমাৰ হৈ দাঁতৰ ৰুট অংশ ওলাই পৰিলে, তৃতীয়বিধ কঠিন কলা চিমেণ্টামৰ দ্ৰুত হাৰত ক্ষয় হয় আৰু ডেণ্টিনভাগ মুকলি হোৱাৰ ফলত দাঁতৰ স্ংবেদনশীলতা বৃদ্ধি পায়।
ঠিক তেনেদৰে দাঁত বগা কৰিবলৈ Bleaching ত ব্যৱহাৰ কৰা এনে ধৰণৰ উগ্ৰ ৰাসায়নিক পদাৰ্থৰ বাবেও কেতিয়াবা দাঁতত সিৰসিৰণিৰ সৃষ্টি হয়।
চিকিৎসা
স্পৰ্শকাতৰ বা স্ংবেদনশীল দাঁতৰ চিকিৎসাৰ ক্ষেত্ৰত সদায় প্ৰকৃত কাৰণটো বিচাৰ কৰি
ফঁহিয়াই চাব লাগে আৰু সম্ভাৱ্য কাৰণটো বা কাৰণসমূহ আঁতৰ কৰিবলৈ চেষ্টা কৰিব লাগে।
যিহেতুকে দাঁতৰ ডেণ্টিনভাগৰ নলিকাসমূহ মুখগহ্বৰত উন্মুক্ত হৈ পৰাৰ বাবেই দাঁতৰ সিৰসিৰণি
অনুভূত হয়, গতিকে মুকলি হৈ পৰা ডেণ্টিনেল টিউবুলবোৰ যিকোনো প্ৰকাৰে বন্ধ কৰি দিলেi দাঁতৰ
স্ংবেদনশীলতা হ্ৰাস পায়। স্ংবেদনশীলতাত ভোগা দাঁতবোৰত ৰাসায়নিক বা ভৌতিক কাৰকৰ দ্বাৰা
এটি তৰপ সৃষ্টি কৰা হয়, যিয়ে নলিকাবোৰ বন্ধ কৰি ইয়াৰ তৰলৰ ওপৰত পৰা চাপ নিয়ন্ত্ৰণ কৰে
আৰু সিৰসিৰণি প্ৰতিৰোধ কৰে। দাঁতৰ সিৰসিৰণিৰ চিকিৎসা দুই ধৰণে কৰিব পাৰি-
(১) ঘৰুৱাভাৱে আৰু
(২) চিকিৎসকৰ দ্বাৰা। ঘৰুৱা চিকিৎসা সহজ আৰু কম খৰচী।
এই চিকিৎসাত ৰোগীক দাঁত ঘঁহিবলৈ কিছুমান পেষ্ট বা মলম দিয়া হয়। এই পেষ্টবিলাকত সাধাৰণতে কেলচিয়াম ছালফেট, ষ্ট্ৰনচিয়াম ক্ল’ৰাইড, পটাছিয়াম নাইট্ৰেট, ছডিয়াম ফছফ’চিলিকেট, ফ্ল’ৰাইড বা গ্লাছ আদি থাকে। এই ৰাসায়নিক পদাৰ্থবোৰে মুখৰ লেলাউটিৰ লগত ক্ৰিয়া কৰি প্ৰ”টিনৰ এটা প্লাগ তৈয়াৰ কৰি উন্মুক্ত ডেণ্টিনৰ নলিকাবোৰ বন্ধ কৰি দিয়াৰ ফলত দাঁতৰ স্ংবেদনশীলতা হ্ৰাস পায়। সিৰসিৰাই থকা দাঁতবোৰ চিকিৎসকে ভালদৰে পৰীক্ষা কৰি, প্ৰয়োজন হ’লে উপযুক্ত ‘ফিলিং মেটেৰিয়েল’ৰ সহায়ত ফিল আপ কৰি দিয়ে। নতুবা কেপিং কৰি দিয়ে। দাঁতৰ সিৰসিৰণিৰ তীব্ৰতা অনুযায়ী কেতিয়বা ৰুট কেনাল ট্ৰীটমেণ্ট’ বা আৰচিটিও কৰা হয়। আয়ষ্টফৰেছিছ নামৰ এক বিশেষ চিকিৎসা পদ্ধতিৰ দ্বাৰা স্ংবেদনশীল দাঁতৰ চিকিৎসা কৰা হয়। লেজাৰ ব্যৱহাৰ কৰি দাঁতৰ সিৰসিৰণি ৰোধ কৰাটো এক নৱতম ব্যৱস্থা। মুঠতে নিয়ন্ত্ৰিত খাদ্যাভ্যাস,দাঁত-মুখ পৰিস্কাৰ কৰাৰ সঠিক পদ্ধতি পালন, বদ্অভ্যাস পৰিত্যাগ আৰু দন্ত-চিকিৎসকৰ পৰামৰ্শমতে মুখগহ্বৰৰ স্বাস্থ্যসন্মত যতন ল’লে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।
লেখক : ডা: ৰুবী কটকী,
উৎস : স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 4/25/2020