মুখৰ দুৰ্গন্ধ মানে হ’ল মানুহৰ মুখ গহ্বৰৰ পৰা নিষ্কাশন হোৱা এক অস্বাভাৱিক কেচেমা গোন্ধ। ইংৰাজীত ইয়াক বেডব্ৰেথ অথবা হেলিট’চিছ বুলি কোৱা হয়। মুখৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱা বহু লোকে নিজেই লং, ইলাচি, চুইংগাম ব্যৱহাৰ কৰি আৰু কুলি কুলি কৰি ক্ষন্তেকীয়াভাৱে ইয়াক প্ৰতিৰোধ কৰে। কিন্তু চিকিত্সকৰ ওচৰ চাপি মুখৰ দুৰ্গন্ধৰ সঠিক কাৰণ নিৰ্ণয় কৰি, কাৰণ অনুযায়ী চিকিত্সা গ্ৰহণ কৰিলে আৰু কিছু প্ৰতিৰোধ ব্যৱস্থা ল’লে এই ৰোগৰ পৰা সম্পূৰ্ণভাৱে উপশম পাব পাৰি।
মুখৰ দুৰ্গন্ধ ওলোৱাৰ বহু কাৰণ থাকিব পাৰে। সাধাৰণতে কেঁচা পিয়াজ, নহৰু, চিগাৰেট, ধঁপাত, মাছ-মাংস আৰু মাদক দ্ৰব্য সেৱন কৰাৰ পিছত ক্ষণস্থায়ীভাৱে মুখৰ দুৰ্গন্ধ ওলাব পাৰে। মুখত লাগি থকা, এনে পদাৰ্থবোৰ আৰু তেজৰ সৈতে মিহলি হৈ যোৱা এই পদাৰ্থৰ গোন্ধ আমাৰ নিশ্বাসত ওলায়। কিছু সময়ৰ পিছত এই পদাৰ্থৰ নিষ্কাশণ হয় বাবে মুখৰ গোন্ধ আঁতৰি যায়। ধূমপানৰ ফলত মুখৰ ভিতৰখন শুকাই যায় আৰু ধোঁৱাৰ গোন্ধ এটা সৃষ্টি কৰে। ধঁপাত খোৱাসকলৰ দাঁত আৰু আলুৰ ৰোগ হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ বাবেও মুখত বেয়া গোন্ধৰ সৃষ্টি হয়। নিৰামিষভোজী মানুহৰ মুখৰ গোন্ধ আমিষভোজীতকৈ বেছি হোৱা দেখা যায়। বহু সময়ত পুৱা শুই উঠাৰ পিছত মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। ইয়াৰ মূল কাৰণ হ’ল- বহু সময় শুই থকা বাবে মুখগহ্বৰত থকা লেলাউটি গ্ৰন্থিৰ পৰা কম লেলাউটি নিৰ্গত হোৱা। লেলাউটি কম নিৰ্গত হোৱাৰ ফলত মুখগহ্বৰখন ভালকৈ ধোৱা নাযায় আৰু শুকাই যায়। মুখৰ ভিতৰখন শুকান হ’লে জিভা, আলু আৰু গালৰ ভিতৰফালৰ মৃত কোষবোৰ জমা হৈ থাকে। এই কোষবোৰ পিছত পচি গৈ বেয়া গোন্ধৰ সৃষ্টি কৰে। সেই একে কাৰণতে বহু সময় লঘোণে থকা লোকৰ মুখৰ পৰাও দুৰ্গন্ধ ওলাব পাৰে। ইয়াৰ উপৰি ভালকৈ দাঁত ব্ৰাছ নকৰিলে, জিভা লেতেৰা হ’লে, জ্বৰ আদি ৰোগত ভুগিলে, অতিমাত্ৰা মছলা খালে আৰু কোষ্ঠকাঠিন্যত ভুগিলেও মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে।
মুখগহ্বৰ, দাঁতৰ আলু, দাঁতৰ গুৰি, টনচিলৰ সংক্ৰমণ আদিৰ বাবে মুখৰ দুৰ্গন্ধ ওলায়। শতকৰা প্ৰায় আশীভাগ মুখৰ পৰা দুৰ্গন্ধ ওলোৱা লোকৰ ৰোগৰ কাৰণ দাঁতৰ আলুৰ ৰোগ। মুখগহ্বৰত ভগা দাঁত থাকিলে আৰু সেই দাঁত খাদ্য খোৱাৰ পিছত ভালদৰে চাফা নকৰিলে খাদ্য ভগা দাঁতত ৰৈ যায়। পিছলৈ সেই খাদ্যৰ সৈতে মুখত থকা জীৱাণুবোৰে ক্ৰিয়া কৰি লাগি থকা খাদ্যকণাবোৰত বেক্টেৰিয়া জমা হয়। ইয়াৰ পৰা হাইড্ৰ’জেন ছালফাইড গেছ ওলাই থাকে। ইয়াৰ বাবেই নিশ্বাসত গোন্ধ ওলায়। কৃত্ৰিম দাঁত লগোৱা লোকে, কৃত্ৰিম দাঁত পৰিষ্কাৰ কৰি নাথাকিলেও মুখৰ দুৰ্গন্ধ ওলাব পাৰে। শিশুৰ নাকত কিবা বস্তু সোমাই থাকিলে অথবা এডেনয়দ গ্ৰন্থি ডাঙৰ হোৱাৰ বাবে নাকৰ বিন্ধা বন্ধ হ’লে নাকেৰে শেঙুণ ওলাব নোৱাৰে। তেতিয়া শেঙুণ মুখেৰে ওলাব ধৰে বাবে মুখৰ দুৰ্গন্ধ ওলাব পাৰে। ইয়াৰ উপৰি লোকৰ ছাইনাচাইটিছ ৰোগ, হাঁওফাঁওৰ সংক্ৰমণ হ’লেও মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। ডায়েবেটিছ ৰোগ, বৃক্কৰ ৰোগ, লিভাৰৰ ৰোগ, লিভাৰ ফেইলাৰ ৰোগী, ফিছওদ’ৰ ছিণ্ড্ৰম ৰোগ আৰু মেটাব’লিক ৰোগ থকা লোক আদিৰ মুখৰ পৰাও দুৰ্গন্ধ ওলাব পাৰে।
মুখৰ দুৰ্গন্ধ ওলোৱা ৰোগত বহুদিন ভুগি থাকিলে লোকৰ মানসিক ৰোগো হ’ব পাৰে। ইয়াক হেলিট’ফবিয়া বুলি কোৱা হয়। এনে ৰোগত ভোগা লোকৰ মুখৰ পৰা প্ৰকৃততে দুৰ্গন্ধ নোলালেও তেওঁৰ মুখৰ গোন্ধে আনক আমনি দিব, মুখৰ গোন্ধৰ বাবে তেওঁক মানুহে ঠাট্টা কৰিব বুলি ভাবি আনৰ লগত সহজ হ’ব নোৱাৰি সমাজৰ পৰা নিজকে আঁতৰাই ৰাখি ঘৰতে আৱদ্ধ হৈ থাকে। বেলেগ কাৰণত আনে মুখত ৰুমাল ল’লেও তেওঁৰ মুখৰ গোন্ধৰ বাবে লোৱা বুলি ভাবে। এওঁলোকে বাৰে বাৰে মুখ ধোৱে, জিভা পৰিষ্কাৰ কৰে, তেওঁৰ মুখৰ পৰা গোন্ধ ওলাইছে নেকি বাৰে বাৰে আনক সোধে, হতাশাত ভোগে, সামাজিক জীৱন ত্যাগ কৰে আৰু খিংখিঙীয়া হৈ পৰে। তেওঁলোকে আনকি শৰীৰৰ পৰাও দুৰ্গন্ধ ওলাই বুলি ভাবি বাৰে বাৰে গা ধোৱে, সঘনাই পাৰফিউম ব্যৱহাৰ কৰে।
প্ৰত্যেক লোকে তেওঁৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি তাক নিজেই পৰীক্ষা কৰি চাব পাৰে। জিভাৰে নিজৰ হাতখন অলপ চেলেকি চাই শুঙি চাব লাগে। যদি মুখৰ পৰা দুৰ্গন্ধ ওলায়, তেন্তে হাতখনৰ চেলেকি চোৱা ঠাইখিনিত দুৰ্গন্ধ পোৱা যাব। মুখৰ পৰা দুৰ্গন্ধ ওলোৱা লোকে নিজৰ হাতৰ পতাখন মুখৰ আগত ৰাখি মুখখন মেলি জোৰে জোৰে মুখেৰে নিশ্বাস এৰিলে গোন্ধ পাব। তেওঁ এখন পৰিষ্কাৰ চামুচেৰে জিভাৰ গুৰিৰ পৰা থুই অলপ আনি শুঙি চালেও গোন্ধ পাব।
মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ প্ৰকৃত কাৰণটো সঠিককৈ থিৰাং কৰি লোৱা উচিত। কাৰণ থিৰাং কৰি সেইমতে উচিত চিকিত্সা ল’ব লাগে। দন্ত চিকিত্সক আৰু ডিঙি, কাণ আৰু নাক বিভাগৰ চিকিত্সকৰ দ্বাৰা পৰীক্ষা কৰিও মুখৰ দুৰ্গন্ধৰ কাৰণ থিৰাং কৰিব পাৰি। হেলিমিটাৰ আৰু গেছক্ৰ’মেট’গ্ৰাফী পৰীক্ষা কৰিও মুখৰ দুৰ্গন্ধৰ কাৰণ নিৰ্ণয় কৰিব পাৰি। ‘অ’ৰ্গেন’লেপ্টিক মেজাৰমেণ্ট’ নামৰ এবিধ বিশেষ স্কেলেৰে মুখৰ দুৰ্গন্ধৰ ঘনত্বৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰি। মুখ আৰু দাঁতৰ ৰোগৰ বাবে মুখৰ পৰা দুৰ্গন্ধ ওলালে দন্ত চিকিত্সকৰ দ্বাৰা উচিত চিকিত্সা কৰাব লাগে। ভঙা দাঁত থাকিলে উভালি ল’ব লাগে। মুখত ঘা থাকিলে চিকিত্সা কৰিব লাগে। ডিঙি, কাণ আৰু নাক বিভাগৰ চিকিত্সকৰ দ্বাৰা পৰীক্ষা কৰাই মুখৰ গোন্ধৰ কাৰণ নিৰ্ণয় কৰি চিকিত্সকৰ দ্বাৰা উচিত চিকিত্সা কৰাব লাগে। তদুপৰি ডায়েবেটিছ, বৃক্কৰ ৰোগ আৰু লিভাৰৰ ৰোগ থাকিলে আৰু শৰীৰৰ আভ্যন্তৰীণ কাৰণত মুখৰ দুৰ্গন্ধ ওলালে বিশেষজ্ঞ চিকিত্সকৰ দ্বাৰা উচিত চিকিত্সা কৰাব লাগে। হেলিটফবিয়া ৰোগীয়ে মানসিক চিকিত্সকৰ ওচৰত চিকিত্সা ল’ব লাগে।
মুখৰ পৰা দুৰ্গন্ধ ওলোৱা প্ৰতিৰোধ কৰাৰ বাবে প্ৰতিদিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰি, জিভা আৰু মুখগহ্বৰ পৰিষ্কাৰ কৰি আৰু নিমখ পানী অথবা এণ্টিচেপ্টিক বা জীৱাণুনাশক মাউথৱাছেৰে কুলি কুলি কৰি দাঁত আৰু মুখগহ্বৰ ছাফা কৰি মুখগহ্বৰ আৰু জিভা পৰিষ্কাৰ কৰা অভ্যাস কৰিব লাগে। জিভাখন যিমান পাৰি ভিতৰলৈ পৰিষ্কাৰ কৰিব লাগে। প্ৰতিবাৰে আহাৰ খোৱাৰ পিছত দাঁত ব্ৰাছ কৰি মুখগহ্বৰ ধুব লাগে। নিশা বিছনাত পৰাৰ আগেয়ে দাঁত আৰু মুখৰ ভিতৰভাগ পৰিষ্কাৰ কৰিব লাগে। সুৰাপান আৰু ধঁপাত সেৱন ত্যাগ কৰিব লাগে। মুখেৰে উশাহ লোৱা বদ অভ্যাস ত্যাগ কৰিব লাগে। কম মছলাযুক্ত খাদ্য খাব লাগে। প্ৰচুৰ আঁহজাতীয় আৰু সুষম পুষ্টিকৰ আহাৰ খাব লাগে। প্ৰচুৰ পানী খাব লাগে। ফল চুহি খাব লাগে। নিম গছৰ দাঁতোন ব্যৱহাৰ কৰিব পাৰি। কৃত্ৰিম দাঁত লগালে নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে।
লেখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ
শেহতীয়া উন্নীতকৰণ: : 4/29/2020