কেতিয়াবা নিঃশ্বাসৰ হেলিট’চিছ এটা সমস্যা হিচাপে দেখা দিব পাৰে। ভাল খবৰটো হ’ল এয়ে যে, এনে সমস্যা বহু ক্ষেত্ৰত কেইটামান সাধাৰণ ব্যৱস্থাৰেই নোহোৱা কৰিব পাৰি।
মুখৰ ভিতৰত বেয়া গোন্ধ সৃষ্টি কৰিব পৰা বেক্টেৰিয়া থাকিলে এই সমস্যা হয়। সদাই ভালদৰে ব্ৰাছ নকৰাৰ ফলত মুখৰ ভিতৰত আৰু দাঁতৰ ফাঁকত সোমাই থকা খাদ্যৰ অংশত বেক্টেৰিয়া জমা হৈ থাকে। এই বেক্টেৰিয়াৰ পৰা নিৰ্গত হোৱা চালফাৰ যৌগৰ বাবেই মুখৰ পৰা গোন্ধ ওলায়।
পিয়াজ, নহৰু আদি খালেও মুখৰ পৰা গোন্ধ ওলায়। ইয়াৰ কাৰণ হ’ল- ইয়াত থকা তেলবোৰ হাওঁফাওঁলৈ যায় আৰু মুখেৰে বাহিৰ হৈ যায়। নিঃশ্বাসত বেয়া গোন্ধ ওলোৱাৰ আন এটা মুখ্য কাৰণ হ’ল ধুমপান।
এনে দূৰ্গন্ধ আতঁৰাবলৈ বিভিন্ন ধৰণৰ ভুল আৰু অবিজ্ঞানসন্মত ব্যৱস্থা প্ৰচলিত আছে। এনে কেইটামান ব্যৱস্থা তলত উল্লেখ কৰা হ’ল:
ভুল ধাৰণা ১:
বজাৰত প্ৰচলিত মাউথৱাছে সাময়িক ভাৱেহে নিঃশ্বাসৰ দূৰ্গন্ধ নোহোৱা কৰে। এণ্টিচেপটিক বা জীবাণুনাশক মাউথৱাছেহে মুখৰ ভিতৰত থকা দূৰ্গন্ধ সৃষ্টিকাৰী জীৱাণুবোৰক মাৰি সমস্যাটোৰ পৰা মুক্তি দিব পাৰে। এনেবোৰ দ্ৰব্য ব্যৱহাৰ কৰোতে ইণ্ডিয়ান ডেণ্টেল এছোচিয়েছনৰ চিল-মোহৰ চাই ল’ব লাগে।
ভুল ধাৰণা ২:
সদাই ভালদৰে দাঁত মাজিলেই মুখৰ দূৰ্গন্ধ নোহোৱা হয়। বেছি সংখ্যক লোকেই ৩০-৪৫ চেকেণ্ড দাঁত মাজে। এয়া কোনো কামতেই নাহে। ভালদৰে সকলোবোৰ দাঁত পৰিষ্কাৰ কৰিবলৈ কমেও দুইমিনিট সময়ৰ প্ৰয়োজন হয়। জিভাও পৰিস্কাৰ কৰিব লাগে। কাৰণ বেক্টেৰিয়া জিভাতো থাকিব পাৰে। ভালদৰে কুলি কুলিও কৰিব লাগে। দাঁত আৰু আলুৰ ফাঁকত সোমাই থকা খাদ্যৰ অংশ কেৱল ব্ৰাছ কৰি আতঁৰাব পৰা নাযায়।
সঠিক আৰু নিয়মিতভাৱে দাঁত মাজিলে আৰু কুলি কৰিলে দূৰ্গন্ধৰ সমস্যাটো কমাব পৰা যায়। দন্ত চিকিত্সকৰ দ্বাৰাও দাঁত পৰিস্কাৰ কৰিবপৰা যায়। ইয়াৰ পিছতো যদি নিশ্বাসৰ দূৰ্গন্ধ নকমে, তেন্তে আন কোনো ৰোগৰ বাবে এই সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সাধাৰণতে চাইনাছাইটিছ বা আলুৰ কিবা ৰোগ থাকিলে এই সমস্যা হ’ব পাৰে। এনে ক্ষেত্ৰত দন্ত চিকিত্সকক দেখুৱাটো অতি প্ৰয়োজন। চিকিত্সকে এই সমস্যাৰ প্ৰকৃত কাৰণ উলিয়াই সমস্যাটো সমাধানৰ ব্যৱস্থা কৰিব।
নিঃশ্বাসত দূৰ্গন্ধৰ কাৰণ
বেছিভাগ ক্ষেত্ৰতে দূৰ্গন্ধ মুখৰ ভিতৰতে উত্পন্ন হয়। ইয়াৰ কাৰণ বহুত আছে। তাৰে কিছুমান হ’ল:
নিজে কি কৰিব পাৰে?
মুখৰ ভিতৰখন আৰু দাঁত সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে৷ ব্ৰাছ কৰাৰ পাছতেই কুলি কৰি দাঁতৰ মাজত সোমাই থাকিবপৰা জীৱাণুবোৰ পৰিষ্কাৰ কৰিব লাগে৷ এইটো অতি প্ৰয়োজনীয় কথা৷
উৎস: মাইঅ’ ক্লিনিক
শেহতীয়া উন্নীতকৰণ: : 6/22/2020
টাইফয়ড্
দাঁতৰ লʼব লগা যত্ন, ৰোগ আদিৰ বিষয়ে ইয়াত আলোচনা কৰা...
জিভাৰ সোৱাদ