মানৱ দেহৰ প্ৰত্যেক অংগই নিজৰ নিজৰ কাম-কাজ সুচাৰুৰূপে পালন কৰি সুস্থভাৱে জীয়াই থকাত সহায় কৰে। মানৱ দেহৰ এটা গুৰুত্বপূৰ্ণ অংগ হ’ল নাক। আমাৰ অজানিতে নাকে বহু কাম কৰি থাকে। উদাহৰণ হিচাপে বাঁওফালে কাটি হৈ শুই পৰিলে লগে লগে নাকৰ বাঁওফালৰ ফুটা ফুলি উঠিব। টোপনিত ব্যাঘাত নোহোৱাকৈ আপোনাক সংকেত দিব, যাৰ বাবে আপুনি বাগৰ সলাই আনফালে শুব। নাকৰ বাবে এনেদৰে সলনা-সলনি কৰি শোৱাৰ ফলত আপোনাৰ পিঠিত পেশীৰ বিষ নোহোৱাকৈ থাকে। ঠিক তেনেকৈ খাবলৈ বহাৰ লগে লগে নাকে বাছ-বিচাৰ আৰম্ভ কৰি গেলা-পচা বস্তু খোৱাৰ পৰা আমাক সাৱধান কৰি সুস্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱশ্যে পানী লগা চৰ্দি আদিৰ বাবে সাময়িকভাৱে নাক বন্ধ থাকিলে আপুনি কোনো বস্তুৰ গোন্ধ অনুভৱ কৰিব নোৱৰা হয় আৰু খোৱা-লোৱাৰ ইচ্ছা আপোনাৰ সাময়িকভাৱে নষ্ট হৈ পৰে।
অতি চমুকৈ নাকৰ চাৰিটা মুখ্য কামৰ বিষয়ে উল্লেখ কৰা হ’ল-
আপোনাৰ নাকে গোন্ধ পায়নে ? গোন্ধ পোৱাৰ ক্ষমতা সকলো মানুহৰ একে নহয়, কিছুমান মানুহৰ গোন্ধ পোৱাৰ ক্ষমতা অতি প্ৰবল, কিছুমানৰ মধ্যম আৰু কিছুমানৰ একেবাৰে কম। নাকেৰে গোন্ধ একেবাৰে নোপোৱাটো এবিধ ৰোগ, যাৰ নাম ‘এন’ছমিয়া’। এন’ছমিয়া হোৱাৰ কাৰণ বহু ধৰণৰ।
আমি কেনেকৈ নাকেৰে গোন্ধ পাওঁ। নাকৰ উপৰি ভাগৰ জিলিৰ আৱৰণক কোৱা হয় অলকেক্ট’ৰী এৰিয়া বা গোন্ধ গ্ৰহণকাৰী অংশ। ইয়াৰ ভিতৰত থাকে গোন্ধ গ্ৰহণকাৰী স্নায়ুকোষ। গোন্ধ হ’ল এবিধ ৰাসায়নিক অনুভূতি বা কেমিকেল ছেন্স। কোনো বস্তুৰ গোন্ধক বুজিবলৈ হ’লে সেই বস্তুৰ শ্লৈস্মিক জিলিৰ সংস্পৰ্শ আৰু তাৰ জলীয় অংশত দ্ৰৱীভূত হোৱা। যেতিয়া গোন্ধ গ্ৰহণকাৰী স্নায়ুকোষ উত্তেজিত কৰে তেতিয়াই সেই অনুভূতি গোন্ধ স্নায়ুৰ মাধ্যমেৰে মস্তিষ্কৰ গোন্ধ চেণ্টাৰলৈ গুচি যায়। সেই চেণ্টাৰ পোৱাৰ লগে লগে সেই চেণ্টাৰে বুজাই দিয়ে গোন্ধৰ সঠিক চৰিত্ৰ। ভাল-বেয়া গোন্ধ। অতি দুৰ্গন্ধ হ’লে আপুনি সেই স্থান পৰিত্যাগ কৰি নিজকে বচাব পাৰে।
ইমান দিনে আমি মাথোঁ জানিছিলোঁ যে মানুহে দহ হাজাৰ বিধ গোন্ধক বেলেগ বেলেগকৈ চিনিব পাৰে। বৰ্তমান নতুন গৱেষণাৰ পৰা জনা গৈছে যে মানুহে এক মিলিয়ন বিভিন্ন প্ৰকাৰৰ গোন্ধ চিনিব পাৰে। এই তথ্য আগবঢ়াইছে নিউয়ৰ্কৰ ৰকফেলাৰ ইউনিভাৰ্ছিটীৰ প্ৰফেছৰ লেচলি ভসহলে। মানুহৰ নাকৰ উপৰি ভাগত জিলি বা গোন্ধ বিচাৰ কৰিবলৈ সক্ষম তাত গোন্ধক ধৰি ৰাখিবলৈ ৪০০ টা কোষ আছে। কুকুৰৰ ক্ষেত্ৰত এই সংখ্যা ২২০ মিলিয়ন। সেয়েহে কুকুৰৰ ঘ্ৰাণ শক্তি অতি উচ্চ।
গোন্ধ শক্তি অত্যন্ত প্ৰয়োজনীয় অনুভূতি। এবাৰ হেৰুৱালে পুনৰাই লাভ কৰা সহজ নহয়। সেয়েহে এনে হোৱাৰ লক্ষণ দেখিলেই ই.এন.টি. বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।
লেখকঃ ড০ সনাতন ডেকা, আমাৰ অসম।
শেহতীয়া উন্নীতকৰণ: : 5/3/2020