সৰুতে শিশুৰ দাঁত ভালে ৰাখিবলৈ যি যতন লোৱা হয়, তেনে যতন কাণৰো লোৱা প্রয়োজন। বেছিভাগ ক্ষেত্ৰত দেখা গৈছে যে শিশুৰ অসাৱধানতা বা অন্যান্য কাৰণত কাণত পানী সোমাব পাৰে।
আমি বেছিভাগেই আমাৰ অংগ-প্রত্যংগৰ যত্ন ল’বলৈ পাহৰি যাওঁ। বিশেষকৈ কাণৰ ক্ষেত্ৰত। পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত কাণো আমাৰ প্রয়োজনীয়। কাণ শ্ৰৱণ ইন্দ্ৰিয় বুলি সকলোৰে পৰিচিত। মানুহৰ সামান্য অসাৱধানতাৰ বাবে কাণে শ্রৱণ ক্ষমতা হেৰুৱাব পাৰে। সৰুতে শিশুৰ দাঁত ভালে ৰাখিবলৈ যি যতন লোৱা হয়, তেনে যতন কাণৰো লোৱা প্ৰয়োজন। বেছিভাগ ক্ষেত্ৰত দেখা গৈছে যে শিশুৰ অসাৱধানতা বা অন্যান্য কাৰণত কাণত পানী সোমাব পাৰে। গ্রামাঞ্চলৰ বেছিভাগ শিশুৱেই এনে অসাৱধানতাৰ বলি হয়। অৱশ্যে ডাঙৰৰ ক্ষেত্ৰতো কাণত পানী সোমাব পাৰে। কাণত পানী সোমালে সোঁহাতৰ তৰ্জনী আঙুলি কাণত সুমুৱাই দি কাটি হৈ জপিয়াই থকা দেখা যায়। দিয়াচলাইৰ কাঠী বা অন্য কোনো মিহি বস্তুত কাপোৰ মেৰিয়াই কাণত খুচৰি থকা দেখা যায়। কাণ বহিঃকৰ্ণ, মধ্যকৰ্ণ আৰু অন্তঃকৰ্ণৰ তিনিটা অংশৰে গঠিত। বহিঃকৰ্ণত পানী সোমালে যদি ছালৰ বেমাৰ থাকে, তেন্তে সমস্যাৰ সৃষ্টি হ'ব পাৰে অথবা পানীৰ সৈতে থকা বেক্টেৰিয়াই ছালত ঘাৰ সৃষ্টি কৰিব পাৰে। কাণৰ পৰ্দাত ফুটা থাকিলে পানী সহজে সোমাব পাৰে, যাৰ পৰা মধ্যকর্ণলৈ পানী সোমাব পাৰে। মধ্যকর্ণত তিনিডাল মেলিয়াছ, ইনকাছ আৰু ষ্টেপিছ নামৰ হাড় থাকে। পানীৰ সৈতে থকা জীৱাণুৰ দ্বাৰা হাড়কেইডাল আক্রান্ত হোৱাৰ সম্ভাৱনাই অধিক। কাণৰ হাড় জীৱাণুৰ দ্বাৰা আক্ৰান্ত হ’লে শ্ৰৱণ ক্ষমতা কমিব পাৰে। অন্তঃকৰ্ণৰ চাৰিওপাশে থকা নাৰ্ভ, মগজুৰ কিছু অংশ জীৱাণুৰ দ্বাৰা আক্রান্ত হ’লে মগজুৰ ক্ষতি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
অবৈজ্ঞানিক পদ্ধতিত নাক, মুখ বন্ধ কৰি জোৰকৈ নিশাহ এৰিব খুজিলে বহিঃকৰ্ণৰ পানী ওলাব পাৰে যদিও আশা কৰা মতে ফলাফল নহ'বও পাৰে। বেছিদিন ধৰি কাণত পানী থাকিলে কাণ গধুৰ গধুৰ, কাণত শব্দ কৰি থকা আৰু কাণেৰে কম শুনা আদি উপসর্গই দেখা দিব পাৰে। বেল্ডিং, জ্বালাই কাৰখানা, তীখা উদ্যোগ বা অন্যান্য কাৰখানাত কাম কৰাসকলে কাণৰ শব্দগ্ৰাহী মূল অংশ কক্লিআ বেছিকৈ আক্ৰান্ত হ’ব পাৰে। প্ৰতিদিনে কল-কাৰখানাৰ শব্দই কাণৰ স্বাভাবিক শ্ৰৱণ ক্ষমতা কমাই দিব পাৰে। এটা সময়ত কাণেৰে নুশুনিবও পাৰে।
কাণৰ যতন লোৱাটো প্রতিজনৰেই প্রয়োজনীয়। বজাৰত পোৱা "ইয়াৰ প্লাগ' কাৰখানাত কাম কৰা লোকসকলেও ব্যবহাৰ কৰিব পাৰে। বেছিভাগ ক্ষেত্ৰত "ইয়াৰ প্লাগ' সাঁতোৰবিদসকলেই ব্যৱহাৰ কৰে। কাণ দুখন আমাৰ সামান্য অসাৱধানতাৰ বাবেই চিৰদিনৰ বাবে কাণেৰে শুনাৰ পৰা বঞ্চিত হ’ব লাগিব পাৰে। কাণৰ উপযুক্ত চিকিৎসাৰ বাবে অভিজ্ঞ চিকিৎসকৰ পৰামর্শ সোনকালেই গ্রহণ কৰা উচিত।
লিখক: আনোৱাৰ হুছেইন, গণ অধিকাৰ।
শেহতীয়া উন্নীতকৰণ: : 5/18/2022