বিশল্যকৰণীৰ পাতৰ ৰস, গেন্ধে ফুলৰ (নাৰ্জিফুল) পাতৰ ৰস, দোৰোণৰ পাতৰ ৰস, পিঁয়াজৰ ৰস, ডালিম ফুলৰ পাতৰ ৰস, কুহিয়াৰৰ ৰস, হাড়জোৰা লতাৰ ৰস, হাঁচতিৰ পাতৰ ৰস (যিকোনো এবিধৰ) ৩/৪ টোপাল চেকি দিনে ২/৩ বাৰকৈ দিলে নাকৰ পৰা তেজ পৰা বন্ধ হয়।
গেন্ধে ফুলৰ পাতৰ ৰস, বকুলৰ পাতৰ ৰস, দোৰোণৰ পাতৰ ৰস, হাড়জোৰা লতাৰ ৰস, পিঁয়াজৰ ৰস, দুবৰিৰ ৰস, আমৰা পাতৰ ৰস, (যিকোনো এবিধৰ) ৩/৪ টোপাল চেকি দিনে ২/৩ বাৰকৈ নাকৰ ভিতৰত দিলে এঁৱা ভাগে। ইয়াৰ ৰস দুই চামুচকৈ মৌৰে খালেও উপকাৰ পোৱা যায়। খিচমিচ সিজোৱা পানী চেনি মিহলাই নাকেৰে উজালেও ৰোগ আৰোগ্য হয়। বাহকৰ পাতৰ ৰস মৌৰে খালেও উপকাৰ হয়।
শুকান হালধি জুইত পুৰি নস্য ল’লে, বকুলৰ পাত মোহাৰি শুঙিব লাগে। দোৰোণ ফুলৰ ৰস ২/৩ টোপাল নাকত দিব, ভতুৱা শাকৰ ৰস, সৰু মানিমুনিৰ পাতৰ ৰস, বকুলৰ ৰস, লাইজাবৰিৰ ৰস, হাঁচতিৰ ৰস নাকেৰে উজালে নাক সোপা মাৰি ধৰা ভাল হয়। আদা আৰু তুলসীৰ ৰস দুই চামুচ মৌৰ লগত খালেও ভাল উপকাৰ পোৱা যায়।
হালধি জুইত পুৰি সেই ছাই নাকৰ ভিতৰত লগালে ফোঁহা নাশ হয় নাইবা বিশল্যকৰণীৰ পাতৰ ৰস নাকৰ ভিতৰত ২/৩ টোপাল দিলে নাকৰ ভিতৰত হোৱা ঘা বা ফোঁহা ভাল হয়।
লাইজাবৰিৰ ৰস, সৰু মানিমুনিৰ ৰস, বকুলৰ কুঁহিপাতৰ ৰস, ভতুৱা শাকৰ ৰস (যিকোনো এবিধৰ ৰস) নাকেৰে উজালে ছাইনাছ ৰোগ ভাল হয়।
দুবৰিৰ ৰস এক চামুচৰ লগত পিয়াঁজৰ ৰস আৰু নহৰুৰ ৰস মিহলাই দিনে দুবাৰকৈ খালে আঘাত হৈ ফুলি বিষ হ’লে আৰু নাকেৰে তেজ ওলালে উপশম হয়। এই ৰস দিনে ২/৩ বাৰকৈ নাকেৰে উজালেও একে গুণ পোৱা যায়। উৰহীৰ গুটিৰ চূৰ্ণ দুই গ্ৰাম চেঁচা পানীৰে দিনে দুবাৰকৈ খালে নাকৰ পৰা তেজ ওলোৱা বন্ধ হয়। আমৰ শুকান গুটি (আমঠি) জুইত পুৰি তাৰে ধোঁৱা শুঙিলে এঁৱা গুচে।
উৎস: সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 5/29/2020