জিভাৰ গুৰিৰ ফালে ডিঙিৰ ওচৰা-ওচৰিকৈ দুটি নলী থাকে। এটি নলীয়েদি বায়ু অহা যোৱা কৰে আৰু আনটো নলীয়েদি খাদ্যবস্তু পাকস্থলীৰ ভিতৰত প্ৰৱেশ কৰে। আমি খোৱা খাদ্য জিভাৰ ওপৰেদি আহি খাদ্য নলীৰ মূল ভাগত প্ৰৱেশ কৰাৰ আগমুহুৰ্তত প্ৰথমে এটি সৰু গাঁত আকৃতিৰ থলীত প্ৰৱেশ কৰে। এই গাঁত আকৃতিৰ স্থান টুকুৰাকৈ ইংৰাজীত ‘ফেৰিংছ’ বোলে। জেলীৰ দৰে মাংসপেশীৰে গঠিত উক্ত স্থান। উক্ত স্থানৰ যিকোনো প্ৰকাৰৰ ৰোগ হোৱাকে ফেৰিনজাইটিছ বোলে। সাধাৰণতে কেবাপ্ৰকাৰৰ ভাইৰাছৰ আক্ৰমণৰ ফলত এই ৰোগৰ সৃষ্টি হব পাৰে। ইয়াৰ উপৰি ডিঙিত বেছিকৈ ঠাণ্ডা লগাৰ ফলতো এই ৰোগ হব পাৰে। অত্যন্ত গৰম পানীৰে খাদ্য নলী স্পৰ্শ কৰি বা গৰম আহাৰ বা চাহ কফি আদি খোৱাৰ ফলতো ফেৰিনজাইটিছ হব পাৰে। অতিৰিক্ত ধূমপান, মদ্যপান কৰাৰ ফলত বা অধিক জোৰেৰে অৰ্থাৎ ডিঙি চেৰচেৰাই যোৱাকৈ চিঞৰাৰ ফলতো এই ৰোগৰ উৎপত্তি হব পাৰে।
এই ৰোগত আক্ৰান্ত হ’লে মুখৰ ভিতৰত ওপৰৰ অংশৰ লগতে ফেৰিংছ, আলজিভা, টনচিল আদি সকলো ওচৰা-ওচৰি স্থান আক্ৰান্ত হয়। যদি এই ৰোগ সামান্য প্ৰকাৰে প্ৰকাশ পায় তেন্তে বিশেষ চিন্তাৰ কাৰণ নাথাকে আৰু অতি কম সময়ৰ ভিতৰতে আৰোগ্য হয়। এই ৰোগত আক্ৰান্ত ৰোগীৰ মাতটো ডিঙিত চেপি ধৰাৰ দৰে অস্পষ্ট হয়। কথা কওঁতে বা কাহোঁতে ৰোগীৰ কষ্ট বেছি হয়। কিছুমান ৰোগীৰ ডিঙিৰ ভিতৰত সৰু সৰু চাগু দানাৰ দৰে বগা-বগা দানা উৎপন্ন হোৱাও কেতিয়াবা দেখা যায়। এনে দানা উৎপন্ন হোৱাও কেতিয়াবা দেখা যায়। এনে দানা উৎপন্ন হ’লে তাক ‘ফলিকিউলাৰ ফেৰিনজাইটিছ’ বুলি কোৱা হয়। ৰোগ পুৰণি হ’লে উক্ত দানাবোৰ নাইকিয়া হৈ যায়। এই ৰোগত আক্ৰান্ত ৰোগীক সকলো প্ৰকাৰৰ জুলীয়া ৰূপত খাবলৈ দিব লাগে। গোটা, কঠিন খাদ্য খাবলৈ দিব নালাগে। ৰোগীয়ে ডিঙিত কোনো প্ৰকাৰৰ গৰম কাপোৰ মেৰিয়াই ৰাখিব নালাগে। এই ৰোগৰ আক্ৰমণৰ প্ৰথম দুই-চাৰিদিন ৰোগীৰ ডিঙি আৰু বুকুৰ ওপৰৰ অংশ অলপ গৰম পানীৰে দুই এবাৰ ধুই দিব লাগে আৰু দুই চাৰিদিন পাছত ঠাণ্ডা পানীৰে উক্ত স্থান ধুই দিব লাগে। ধুই দিয়াৰ পিছত শুকান কাপোৰ বা কাপাহেৰে ভালদৰে মচি দিব লাগে। ৰোগীৰ ভৰিৰ তলুৱা সদায় শুকান আৰু গৰম কৰি ৰাখিব লাগে। ৰোগীক পৰাপক্ষত ভৰিত মোজা পিন্ধাই ৰাখিলে ভাল। ৰোগীয়ে যিকোনো খাদ্য খোৱাৰ পিছত লগে লগে ভালদৰে কুলকুলি কৰি ডিঙি পৰ্যন্ত পৰিষ্কাৰ কৰি ধুব লাগে যাতে কোনো প্ৰকাৰৰ খাদ্যবস্তু উক্ত স্থানত লাগি নাথাকে। কিছুমান ৰোগীয়ে এই ৰোগত ভুগি থকা অৱস্থাত গৰম বস্তু খালে ডিঙিৰ বিষ কিছু উপশম পোৱা যেন অনুভৱ কৰে। এনে ৰোগীয়ে অনবৰত গল খেকাৰি মাৰি থাকে। ৰোগ কঠিন হ’লে ৰোগীৰ মুখৰ ভিতৰ, আলজিভা আদিৰ ওচৰা-ওচৰি সকলো স্থান ফুলে লগতে আক্ৰান্ত স্থানৰ পৰা আঠাৰ দৰে এবিধ পদাৰ্থ নিৰ্গত হৈ খাদ্যনলী আৰু মুখৰ ভিতৰ ছানি ধৰে আৰু আক্ৰান্ত স্থান ৰঙা পৰে। এনে অৱস্থাত ৰোগীয়ে যিকোনো বস্তু খাবলৈ বা ঢোক গিলিবলৈকো কষ্ট হয়। কথা কোৱা শক্তি কমি আহে বা বন্ধ হোৱাৰ উপক্ৰম হয়। ৰোগীয়ে ডিঙিৰ ভিতৰত গৰম আৰু শুকান অনুভৱ কৰে। মাজে মাজে ডিঙিৰ ভিতৰত জ্বলা-পোৰা কৰে। গাল আৰু ডিঙিৰ গ্লেণ্ড আদি ফুলে। ৰোগীৰ শৰীৰত বিষ বা টানি ধৰা বিষ থাকে। ফলত ৰোগী দুৰ্বল হৈ পৰে। বাৰে বাৰে হামি আহে। মূৰৰ বিষ বা মূৰঘূৰণি হয়। কিছুমান ৰোগীৰ বাৰে বাৰে হাঁচি আহে, উশাহ-নিশাহ লোৱাত কষ্ট হয়। এনে অৱস্থাত ৰোগীৰ নাক আৰু চকুৰ পৰা পানী ওলাই বৈ আহে। প্ৰথম অৱস্থাত ৰোগীৰ শৰীৰত ৯৯ ডিগ্ৰীৰ পৰা ১০২ পৰ্যন্ত জ্বৰ থাকে। ৰোগৰ অৱস্থা জটিল হ’লে জ্বৰ ১০৪ ডিগ্ৰী পৰ্যন্ত হবগৈ পাৰে। মাজে মাজে ৰোগীৰ কাহ হয়। সকলো সময়তে ডিঙিৰ ভিতৰত কিবা এটা লাগি থকা যেন অনুভৱ হয়। ৰোগীয়ে কাহিয়েই হওক বা অন্য প্ৰকাৰেই হওক তাক উলিয়াই আনিবলৈ চেষ্টা কৰে। কেতিয়াবা ৰোগীয়ে বহু সময় কহাৰ পাছত সামান্য পৰিমাণে কফ নিৰ্গত হয়। এই কফ প্ৰায় আঠাৰ দৰে হয়। এনে ৰোগীৰ শৌচ কঠিন হয়। কিছুমান ৰোগীৰ ডিঙিৰ বিষ ঠাণ্ডা দ্ৰব্য খালেহে উপশম পোৱা যেন লাগে। ৰোগীৰ আক্ৰান্ত স্থান গাল আদি বেছিকৈ ফুলে। এনে ৰোগীৰ পানীৰ পিয়াহ একেবাৰেই নাথাকে। সুচিকিৎসাৰ অভাৱত এই ৰোগত অধিক দিন আক্ৰান্ত হৈ থাকিলে ‘ফেৰিংছ’ অংশটো পকে আৰু সেই স্থানত ঘা হয়। এনে অৱস্থাত ডিঙিৰ ভিতৰত খচখচায়। ডিঙিৰ ভিতৰৰ ছাল ডিঙি যোৱাৰ দৰে বা কাঁইট লাগি থকাৰ দৰে অনুভৱ কৰে। ৪৫ বছৰৰ ওপৰৰ লোকৰ যদি এই ৰোগ হয় আৰু চিকিৎসা নকৰাকৈ দীৰ্ঘদিন ধৰি এই ৰোগত ভুগি থাকে তেনেহ’লে উক্ত স্থানত হোৱা ঘাডোখৰ কালক্ৰমত দুৰাৰোগ্য কৰ্কট ৰোগলৈ পৰিৱৰ্ত্তিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। আজিৰ উন্নত চিকিৎসাৰে ৰোগীক অতি কম সময়ৰ ভিতৰতে নিশ্চিতভাৱে আৰোগ্য কৰিব পাৰি। ভৱিষ্যতে ভয়াৱহ ৰোগ সূচনা হোৱা পূৰ্বেই ৰোগীক ৰোগমুক্ত কৰিব পাৰি।
প্ৰতিৰোধ কৰাটো চিকিৎসা কৰাতকৈ উত্তম। চিগাৰেট খোৱা, ধঁপাত, সুৰাপান, তামোল আৰু তেল-মছলা বা চৰ্বিযুক্ত আহাৰ কম পৰিমাণে খাব লাগে। মাদক দ্ৰব্য সেৱন কৰিব নালাগে।
আধুনিক হোমিঅ’পেথিক চিকিৎসা পদ্ধতি দিনক দিনে অগ্ৰগতিৰ পথত অৱতীৰ্ণ হৈছে। হোমিঅ’পেথিক চিকিৎসাত ফেৰিন্জাইটিছৰ প্ৰতিটো লক্ষণ অধ্যয়ন কৰি ঔষধ সেৱনৰ পৰামৰ্শ দিয়া হয়। নিয়মানুযায়ী ৰোগীয়ে ঔষধ সেৱন কৰিলে ৰোগী সম্পূৰ্ণ আৰোগ্য হোৱা দেখা যায়। এই ৰোগৰ চিকিৎসা আন আন চিকিৎসাৰ দৰে ব্যয়বহুলো নহয়। হোমিঅ’পেথিক চিকিৎসাত ৰোগীৰ কোনো পাৰ্শ্বক্ৰিয়া নহয়। এই ক্ষেত্ৰত মাথো আৱশ্যক হয় ৰোগীৰ একান্ত বিশ্বাস, ধৈৰ্য্য আৰু নিয়মানুৱৰ্ত্তিতা।
লিখক: ডা: এছ এ আহমেদ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 7/18/2020