আজি পোন্ধৰ বছৰমান আগৰ পৰা অসমৰ বাতৰি কাকত আৰু দূৰদৰ্শনত মাজে সময়ে অসমৰ ভূজলৰ অত্যাধিক ফ্ল’ৰাইড প্ৰদূষণ তথা তাৰ ফলত হোৱা ভয়াবহ বিষক্ৰিয়াৰ বাতৰি ওলাই আছে। কেতিয়াবা হাত-ভৰি বেঁকা শিশুৰ ছবিও দেখুওৱা হয়। জনস্বাস্থ্যৰ বিস্তৰ ক্ষতি কৰিব পৰা এইবিধ ৰাসায়নিক প্ৰদূষকৰ বিষয়ে জনাটো অতি দৰকাৰী, কথা, কিয়নো এনে জ্ঞানে প্ৰদূষকটোৱে কৰিব পৰা সম্ভাব্য ক্ষতিৰপৰা আমাক ৰক্ষা কৰিব পাৰে। পিছে, বহু সময়ত এই খৰচবোৰ তথ্যৰ অনিৰ্ভৰযোগ্যতা তথা বিষয়টো সম্পৰ্কে পৰিৱেশনকাৰীৰ জ্ঞানৰ সীমাবদ্ধতাৰ বাবে ত্ৰুটিযুক্ত আৰু বিভ্ৰান্তিকৰ হয়। সমস্যাটোৰ সমাধানৰ যথোচিত ব্যৱস্থা নকৰাৰ বাবে চৰকাৰী পক্ষক দোষাৰোপ কৰাৰ বাহিৰে আমি ব্যক্তিগতভাৱে ল’ব পৰা সাৱধানতাৰ কথাও তাত নাথাকে। আমি ইয়াত এই ফ্ল’ৰাইড নামৰ প্ৰদূষণৰ মাত্ৰা, তাৰ ভয়াৱহতা আৰু নিৰাময় সম্পৰ্কে সামান্য আলোকপাত কৰিম।
পৃথিৱীত থকা এশতকৈও বেছি বিধৰ মৌলিক পদাৰ্থ অৰ্থাত মৌলৰ কিছুমান ধাতু, কিছুমান অৰ্ধধাতু আৰু কিছুমান অধাতু। ছডিয়াম, পটাছিয়াম, আইৰণ, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম আদি পদাৰ্থবোৰ ধাতু বা ধাতৱ পদাৰ্থ। আৰ্ছেনিক এবিধ অৰ্ধধাতু। অক্সিজেন, ক্ল’ৰিন, ফ্ল’ৰিন আদি পদাৰ্থবোৰক অধাতু বুলি কয়। ধাতুৱে অধাতুবোৰৰ লগ লাগি লৱণ সৃষ্টি কৰে। লৱণবিলাকত ধাতুবোৰ ধনাত্মক আধানযুক্ত আয়ন অৰ্থাৎ ধনায়ন আৰু অধাতুবোৰ ঋণাত্মক আধানযুক্ত ঋণায়নৰূপে থাকে। এনে ধৰণে হোৱা ছডিয়াম ক্ল’ৰাইডে আমি খোৱা লৱণ বা নিমখৰ ৰাসায়নিক নাম। ছডিয়াম ফ্ল’ৰাইডো এনে এবিধ লৱণ যিটো খোৱা নাযায়। ছডিয়াম ক্ল’ৰাইডৰ দৰে লৱণ পানীত সহজে দ্ৰৱীভূত হয়। ছডিয়াম আয়নত ছডিয়াম এটমতকৈ এটা ইলেক্ট্ৰন কম থাকে। আনহাতে ফ্ল’ৰাইড আয়নত ফ্ল’ৰিন এট’মতকৈ এটা ইলেক্ট্ৰন বেছি থাকে। ফ্ল’ৰিন এবিধ অতিশয় বিক্ৰিয়াশীল গেছীয় পদাৰ্থ হোৱা হেতুকে ইয়াক মুক্ত ফ্ল’ৰিন গেছৰূপে পোৱা নাযায়। আনহাতে, বেছিভাগ ফ্ল’ৰাইডৰ লৱণেই পানীত সহজে দ্ৰৱীভূত হয়।
পানীত আইৰণ থকাটো সহজে জানিব পৰাৰ দৰে ফ্ল’ৰাইড থকাটো সহজে জানিব নোৱাৰি। ফ্ল’ৰাইডৰ কোনো ৰং বা স্বাদ নাই। পানীত ফ্ল’ৰাইড থকা-নথকাটো পৰীক্ষা কৰাৰ ব্যৱস্থা অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত আছে। এই বিভাগৰ গুৱাহাটীত এটা কেন্দ্ৰীয় পৰীক্ষাগাৰ আছে। তাৰ উপৰি এই বিভাগে ইয়নাচেফৰ সহযোগত কেইবছৰমান আগতে তিতাবৰকে ধৰি বিভিন্ন ঠাইত মুঠ নটা পৰীক্ষাগাৰ স্থাপন কৰা বুলি জানিছিলো। এতিয়া প্ৰতিখন জিলাৰ সদৰতে পানীৰ পৰীক্ষাগাৰ আছে। গতিকে প্ৰথমে এই বিভাগতে চেষ্টা কৰা ভাল। জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে এই বিষয়ে জনসাধাৰণক অৱগত কৰিলে ভাল হয়। তাৰ বাহিৰে বিভিন্ন বিশ্ববিদ্যালয়, কাৰিকৰী উচ্চ শিক্ষানুষ্ঠান আৰু গৱেষণাগাৰসমূহত কিছু ব্যয়ৰ বিনিময়ত এনে পৰীক্ষা কৰাৰ ব্যৱস্থা থাকে। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগত আৰু ৰসায়ন বিজ্ঞান বিভাগৰ আমাৰ গৱেষণাগাৰতো পানীৰ ফ্ল’ৰাইড নিৰূপণৰ ব্যৱস্থা আছে। আমি কোনোবাই বিচাৰিলে এই কামটো কৰি দি আনন্দকেই পাঁও। খালি কেৱল নিজৰ কথাকেই নাভাবি ওচৰ-চুবুৰীয়া ভূজলৰো দুটামান নমুনা সংগ্ৰহৰ বেলিকা বিশেষ সতৰ্ক নহ’লেও হয়। কেৱল পৰিষ্কাৰ প্লাষ্টিকৰ বটলত ভৰাই ভালকৈ সাফৰ মাৰি ল’লেই হয়।
কাৰ্বি আংলং আৰু নগাঁও জিলাত শিশুৰ পৰা বুঢ়ালৈকে, বিশেষকৈ নগাঁও জিলাৰ তপতজুৰি গাঁও আৰু তাৰ ওচৰে-পাঁজৰে দাঁতৰ আৰু হাড়ৰ ফ্ল’ৰ’চিচ ৰোগী বহুত আছে।
ছ’ডিয়াম ফ্ল’ৰাইড আদি লৱণ পানীত দ্ৰৱীভূত হৈ থাকিলে তেনে পানীত ফ্ল’ৰাইড থকা বুলি কোৱা হয়। পৃথিৱীৰ খোলৰ প্ৰায় ৫৮৫ নিযুতাংশই (পিপিএম, প্ৰতি কিলোগ্ৰামত ৫৮৫ মিলিগ্ৰাম) ফ্ল’ৰিন। ই সাধাৰণতে ফ্ল’ৰস্পাৰ, ক্ৰায়’লাইট আৰু ফ্ল’ৰ’পেটাইট নামৰ খনিজ পদাৰ্থত ফ্ল’ৰাইডৰূপে কিছুমান ধাতুৰ লগ লাগি থাকে। এই খনিজ পদাৰ্থবোৰ শিলৰ ভিতৰতো সোমাই থাকে। ফ্ল’ৰাইড থকা কিছুমান শিল বা খনিজ পদাৰ্থৰ পৰা ফ্ল’ৰাইড নি:সৰণ হৈ ভূজলত প্ৰৱেশ কৰে। কেতিয়াবা ভূজলত ইয়াৰ পৰিমাণ বা মাত্ৰা ফ্ল’ৰ’চিচত আক্ৰান্ত কৰি মানুহৰ স্বাস্থ্যৰ হানি কৰিব পৰাকৈ বেছি হয়। তেনে পানীক আমি ফ্ল’ৰাইড প্ৰদূষিত পানী বুলি কওঁ। সমগ্ৰ পৃথিৱীৰে বহুকেইটা বিস্তৃত অঞ্চলৰ ভূজল ফ্ল’ৰাইড প্ৰদূষিত। আমাৰ দেশৰ অসম, পশ্চিমবংগ, তেলেংগানা, ৰাজস্থান আৰু গুজৰাটৰ লগতে চুবুৰীয়া বাংলাদেশ, চীন আৰু শ্ৰীলংকাৰ বিস্তৃত অঞ্চলৰ ভূজলত অত্যাধিক ফ্ল’ৰাইড আছে। দমকল আৰু গভীৰ নলীনাদৰ পানীৰ যোগেদি আৰু কেতিয়াবা কুঁৱাৰ পানীৰ যোগেদিও ফ্ল’ৰাইডে আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। খাল-বিল, জান-জুৰি নদীৰ পানীত ফ্ল’ৰাইড নাথাকে।
অসমৰ কাৰ্বি আংলং জিলাৰ সমভূমি অঞ্চল, একেবাৰে দক্ষিণৰ লামডিং-লংকা অঞ্চল বাদ দি নগাঁও জিলাৰ দক্ষিণাঞ্চল আৰু কাৰ্বি পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চল আৰু গুৱাহাটী মহানগৰ দক্ষিণ-পূব অঞ্চলৰ ভূজলত অত্যাধিক ফ্ল’ৰাইড পোৱা গৈছে। তাৰ ভিতৰত কাৰ্বি আংলং জিলাৰ সমভূমি অঞ্চল আৰু নগাঁও জিলাৰ দক্ষিণাঞ্চল আটাইতকৈ বেছি প্ৰভাৱিত। ভূজলত ফ্ল’ৰাইড থাকিলে সাধাৰণতে পানীৰ ৬ নিযুতাংশৰ তলতে থাকে। কাৰ্বি আংলঙৰ টেকেলাংজু আৰু নগাঁৱৰ তপতজুৰি গাঁৱৰ ভূজলত আমি নিজেই সৰ্বাধিক যথাক্ৰমে ২৩ আৰু ১৬ পি পি এম পৰ্যন্ত ফ্ল’ৰাইড পাইছিলো। ওপৰত উল্লেখিত অঞ্চলকেইটাৰ বাহিৰেও মৰিগাঁও জিলাৰ দক্ষিণাঞ্চল, গোলাঘাট জিলাৰ কাৰ্বি পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চল আৰু কৰিমগঞ্জ জিলাৰ কিছু অঞ্চলৰ ভূজলতো ২ ৰ পৰা ৪ পি পি এম ফ্ল’ৰাইড থাকিব পাৰে। আজিৰ পৰা পোন্ধৰ বছৰমান আগতেই অসমৰ দূৰদৰ্শন আৰু বাতৰি কাকতত কাৰ্বি আংলং আৰু নগাঁও জিলাৰ ভূজলৰ ফ্ল’ৰাইড আৰু ফ্ল’ৰ’চিচ সম্পৰ্কে বাতৰি ওলোৱা আৰম্ভ হৈছিল। তেতিয়া কাৰ্বি আংলঙত কৰ্মৰত জনৈক এ বি পাল নামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাই অসমৰ ভূজলৰ ফ্ল’ৰাইড আৰু ফ্ল’ৰ’চিচৰ কথাটো প্ৰথম পোহৰলৈ আনিছিল। কৰ্তব্যনিষ্ঠাৰ পৰিচায়ক এই কামটোৰ বাবে তেখেত ধন্যবাদৰ পাত্ৰ। আমি ভৌতিক ৰসায়ন বিজ্ঞানৰ মানুহ। সমস্যাটোৰ সত্যাসত্য, গভীৰতা আৰু সমাধানৰ বিষয়ে জানিবৰ মন গ’ল। তেজপুৰৰ ডিফেঞ্চ ৰিছাৰ্চ লেবৰেটৰীৰ যোগেদি ডিফেঞ্চ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গেনাইজেচনৰ আৰ্থিক সহযোগিতাত আমি অলপ অনুসন্ধান চলালো। সেই অনুসন্ধানৰ ফলখিনি ইয়াত দিয়া মানচিত্ৰ দুখনত দেখুওৱা আছে। মানচিত্ৰ দুখন সম্পূৰ্ণ নহয় যদিও তাৰ পৰা অসমৰ ভূজলৰ ফ্ল’ৰাইড প্ৰদূষণ সম্পৰ্কে কিছু ধাৰণ কৰিব পাৰিব।
আগতেই কোৱা হৈছে যে দাঁতৰ সঠিক গঠনৰ বাবে সামান্য পৰিমাণৰ ফ্ল’ৰাইডৰ প্ৰয়োজন আৰু এই ফ্ল’ৰাইড আমি মুখ্যত: খোৱাপানীৰ পৰায়েই পাঁও। গতিকে দাঁত ওলোৱাৰ সময়ত একেবাৰে কম ফ্ল’ৰাইড থকা খোৱাপানী ব্যৱহাৰ কৰি থাকিলে দাঁতৰ গঠন সঠিক নহয়। পাছলৈ এনে দাঁতৰ সহজে ক্ষয় হৈ দাঁতত গাঁত বা ছিদ্ৰৰ সৃষ্টি হয় যাক দন্তক্ষয় বুলি কোৱা হয়। আগেয়ে এনে হ’লে আমাৰ মানুহে দাঁত পোকে খোৱা বুলি কৈছিল।
অধিক ফ্ল’ৰাইডে কৰা হাড় আৰু দাঁতৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই খোৱাপানীত ১.৫ নিযুতাংশৰ তলত ফ্ল’ৰাইড থকা উচিত বুলি কয়। এজন মানুহে দৈনিক কিমান পানী খায় আৰু তেওঁ কেনে আহাৰ খায় তাৰ ওপৰতো ফ্ল’ৰাইডৰ বিষক্ৰিয়া বহুলাংশে নিৰ্ভৰ কৰে। বেছি পানী খোৱা মানুহৰ ফ্ল’ৰচিচ হোৱাৰ সম্ভাৱনা বেছি থাকে। এইবিলাক কথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দেশত খোৱাপানীৰ ফ্ল’ৰাইডৰ উচ্চতম সীমা ১ নিযুতাংশ ধাৰ্য কৰা হৈছে। কিন্তু অধিক ফ্ল’ৰাইডে কৰা দাঁত আৰু হাড়ৰ ফ্ল’ৰচিচ তথা অতি কম ফ্ল’ৰাইড থকা খোৱাপানী ব্যৱহাৰৰ ফলত হোৱা ৰক্তক্ষয়ৰ প্ৰতিৰোধৰ বাবে আমাৰ খোৱাপানীত ০.৫ ৰ পৰা ১.০ নিযুতাংশ ফ্ল’ৰাইড থকা উচিত।
দন্তক্ষয় নহ’বৰ বাবে খোৱাপানীত ০.৫ ৰ পৰা ১.০ পি পি এম ফ্ল’ৰাইড থাকিব লাগে। যদি আপোনাৰ দমকলৰ পানীত তাতকৈ কম ফ্ল’ৰাইড আছে তেনেহ’লে দন্তক্ষয় ৰোধ কৰিবলৈ কেঁচুৱাৰে পৰা জ্ঞানদাঁত গজি হোৱালৈকে ফ্ল’ৰাইড-যুক্ত দন্তমঞ্জক ব্যৱহাৰ কৰিব পাৰে। বজাৰত পোৱা বেছিভাগ দন্তমঞ্জকতে ফ্ল’ৰাইড যোগ কৰা থাকে যিটো তাৰ টিউব পেকেটৰ ওপৰত উল্লেখ কৰা থাকে। দন্তমঞ্জকত ছ’ডিয়াম ফ্ল’ৰাইড বা ছ’ডিয়াম ম’ন’ফ্ল’ৰ’ফছফেট হিচাপে ফ্ল’ৰাইড যোগ কৰা হয়। কিন্তু সাৱধান, আপোনাৰ খোৱাপানীত যদি ১.০ নিযুতাংশৰ বেছি ফ্ল’ৰাইড আছে তেন্তে ফ্ল’ৰাইড-যুক্ত দন্তমঞ্জক ব্যৱহাৰ কৰিলে হিতে বিপৰীত হ’ব। অতি কম ফ্ল’ৰাইড থকা নদীৰ পানীত বাহিৰৰ পৰা ফ্ল’ৰাইড যোগ কৰাৰ প্ৰথাও আছে। আমেৰিকাৰ কোনো কোনো ঠাইত এনে কৰা হয়। অৱশ্যে কৰাটো এতিয়াও অতি বিতৰ্কৰ বিষয়।
ফ্ল’ৰাইড সমস্যাৰ সমাধানৰ বাবে বিকল্প জান-জুৰি, পুখুৰী বা নদীৰ পানী পৰিশোধন কৰি ব্যৱহাৰ কৰাটোৱে সবাতোকৈ উত্তম ব্যৱস্থা, কিয়নো এনে পানীত ফ্ল’ৰাইড নাথাকে। কম গভীৰতাৰ কুঁৱাৰ পানীতো ফ্ল’ৰাইড সাধাৰণতে নাথাকে। কিন্তু কাৰ্বি আংলঙৰ আমলখি নামৰ এখন ঠাইৰ অতি কম গভীৰতাৰ কুঁৱা এটাৰ পানীতো আমি অত্যাধিক ফ্ল’ৰাইড পাইছিলো। গতিকে কুঁৱাৰ পানী পৰীক্ষা কৰি দ্বিতীয় বিকল্প ৰূপে ল’ব পাৰে। এইবোৰৰ অবৰ্তমানত খোৱাপানীৰ পৰা ফ্ল’ৰাইড গুচোৱা পদ্ধতি ব্যৱহাৰ কৰাটো অৱশ্যেই কৰণীয়।
উৎস: দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসম নামৰ ব্যুৎপত্তি
অমৰাৰো আছে ভাল গুণ