কেতিয়াবা দেখা যায় যে কিছুমান বিশেষ অৱস্থাত মানৱ শৰীৰত আইৰণৰ পৰিমাণ অপৰ্যাপ্ত হৈ শৰীৰৰ প্ৰতিটো অংগৰে(বিশেষকৈ যকৃত, প্লীহা, অগ্ন্যাশয়, হৃদযন্ত্ৰ) কোষবোৰত আইৰণ জমা হ’বলৈ আৰম্ভ কৰে। ইয়াক হিম’ক্ৰোমেটোছিছ বুলি কোৱা হয়। শৰীৰৰ আইৰণৰ পৰিমাণ ২০ৰ পৰা ৬০ গ্ৰাম পৰ্যন্ত হয়গৈ। এনেকুৱা হোৱা মুখ্য কাৰণবোৰ হ’ল- খাদ্যৰ পৰা প্ৰচুৰ আইৰণ শোষণ কৰা, জেনেটিক ৰোগ, হিমোলাইটিক এনিমিয়া, বহুবাৰ আৰু প্ৰায় ৰক্ত সংৰোচন কৰা, যকৃতৰ ৰোগ ইত্যাদি। ভাগৰ লগা, গাঁঠিৰ বিষ, ছালত মুগা বৰণৰ দাগ হোৱা, যৌন ক্ষমতা হ্ৰাস পোৱা, পুৰুষৰ ক্লীৱতা, অণ্ডকোষৰ আকাৰ সৰু হোৱা আদি বিশেষত্ব।
তেজৰ হিম’গ্লবিনৰ মাত্ৰা বঢ়াই ৰক্তহীনতা প্ৰতিৰোধ কৰিব পাৰি। হিম’গ্লবিনৰ পৰিমাণ বঢ়াবৰ বাবে আগতে উল্লেখ কৰি অহা আইৰণযুক্ত আহাৰ খাব লাগে। তদুপৰি গৰ্ভৱতী মহিলা, শিশুক দুগ্ধপান কৰোৱা মাতৃ, কন্যাকাল, পাঁচ বছৰতকৈ কম বয়সৰ শিশুসকলে আইৰণযুক্ত খাদ্য নিয়মীয়াকৈ খোৱাৰ উপৰি বছৰি কমেও এশটা আইৰণ টেবলেট খোৱা উচিত।
গৰ্ভৱতী মাতৃৰ এনে অৱস্থা হ’লে সময়তকৈ আগতে প্ৰসৱ হোৱা, কম ওজনৰ কেঁচুৱা জন্ম হোৱা, কেঁচুৱা আৰু মাতৃৰ মৃত্যুৰ হাৰ বঢ়া আদি জটিলতাই দেখা দিয়ে। শিশু আৰু ল’ৰা-ছোৱালীবোৰৰ এনে হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় বাবে সঘনাই সংক্ৰমণ হোৱা, এজমা হোৱা, বৃদ্ধি আৰু মনোযোগ কম হোৱা, স্কুলত পাৰদৰ্শিতা কম হোৱা আদি হ’ব পাৰে। বৃদ্ধ অৱস্থাত এনে হ’লে নানা ৰোগ, ডিমেনচিয়া, এলজেইমাৰ ৰোগ আদি অধিক হোৱা দেখা যায়।
ৰক্তহীনতাৰ লক্ষণবোৰ উপৰি তেজৰ কিছুমান পৰীক্ষা কৰি আইৰণৰ অভাৱজনিত ৰক্তহীনতা চিনাক্ত কৰিব পৰা যায়। সাধাৰণ ৰক্তহীনতাৰ দৰে ইয়াতো তেজত থকা লোহিত ৰক্তকণিকাৰ পৰিমাণ আৰু হিম’গ্লবিনৰ পৰিমাণ কমি যায়। সাধাৰণ অৱস্থাত ব্যক্তি এজনৰ তেজত থকা হিম’গ্লবিনৰ পৰিমাণ হ’ল প্ৰতি ডেচিলিটাৰ ৰক্তত প্ৰাপ্তবয়স্ক পুৰুষৰ ১৩.৫ৰ পৰা ১৭.৫ গ্ৰাম, প্ৰাপ্তবয়স্ক মহিলাৰ ১২.৫ ৰ পৰা ১৬.০ গ্ৰাম। এক বছৰৰ পৰা বাৰ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ ১২.৫ৰ পৰা ১৬.০ গ্ৰাম। যদিহে এই পৰিমাণতকৈ হিম’গ্লবিনৰ মান কমি ৮০ শতাংশ থাকিলে মধ্যমীয়া ৰক্তহীনতা আৰু ৬০তকৈ কম থাকিলে প্ৰবল ৰক্তহীনতা বুলি কোৱা হয়। তদুপৰিএম চি ভি, এম চি এইচ, পি চি ভি আদিৰ মানো কমি যায়। লোহিত ৰক্তকণীকাবোৰৰ আকাৰ সৰু হয় আৰু তাত থকা হিম’গ্লবিন কম হয় বাবে ইয়াক মাইক্ৰ’চাইটিক হাইপোক্ৰমিক ৰক্তহীনতা বুলিও কোৱা হয়।
লিখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ
শেহতীয়া উন্নীতকৰণ: : 6/11/2020