দেহৰ সমস্ত ভৰ বা ওজন আমাৰ আঠুঁ দুটাই বহন কৰে| সেই আঠুঁৰ বিষ এবাৰ যদি আৰম্ভ হয় আৰু ৰক্ষা নাই, ই হাৰাশাস্তি কৰি মাৰে| অৱশ্যে এই অসুখত হাৰ্ট বা ষ্ট্ৰোকৰ দৰে মৃত্যুভয় নাথাকে কাৰণে প্ৰথম অৱস্থাত কোনেও বৰ বেছি গুৰুত্ব দিব নোখোজে| কিন্তু বিষ বাঢ়ি বাঢ়ি যেতিয়া অসহ্য হৈ উঠে, তেতিয়াহে চিকিৎসকৰ ওচৰলৈ দৌৰিব লগা হয়| কিন্তু তেতিয়ালৈকে বিষ ততালিকে নিয়ন্ত্ৰণলৈ অনাটো সম্ভৱপৰ হৈ নুঠে| সেয়ে আঠুঁৰ বিষ আৰম্ভ হোৱাৰ লগে লগে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰতিৰোধ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে কিছুদিন সুস্থ হৈ থাকিব পাৰি| প্ৰয়োজনত আঠুঁৰ এক্স-ৰে কৰা উচিত| বিশেষকৈ আঠুঁৰ বিভিন্ন দিশৰ পৰা এক্স-ৰে লৈ আঠুঁৰ ক্ষয়ক্ষতি ভালদৰে জনা যায়| সমস্যাৰ গভীৰতা বা ক্ষয়ক্ষতিৰ ধৰণ অনুসৰি চিকিৎসা কৰা হয়| আঠুঁৰ বিষৰ মুঠ পাঁচটা কাৰণ বুলি ঠাৱৰ কৰা হৈছে| প্ৰকৃতিৰ স্বাভাৱিক নিয়মানুযায়ী মানুহৰ বয়স বঢ়াৰ লগে লগে দেহৰ ক’ৰবাত নহয় ক’ৰবাত অলপ-চলপ বিষ–বেদনা উৎপন্ন হ’লে সেয়া অস্বাভাৱিক কথা নহয়| কিন্তু কেইটামান কাৰণত নিৰ্দ্দিষ্ট বয়সৰ আগেয়েই আঠুঁৰ বিষ উৎপন্ন হয়| ফলত ভয়ানক যন্ত্ৰণা জীৱনলৈ মাতি আনে| স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়|
আঠুঁৰ বিষ বা বাতৰ ক্ষেত্ৰত prevention is better than cure-এই আপ্তবাক্য মানি চলা উচিত| কিয়নো আঠুঁৰ অস্থিসন্ধি এবাৰ ক্ষয় হ’লে তাক নিৰাময় কৰি তোলা বৰ সহজ নহয়| আঠুঁৰ বিষ কমাবৰ বাবে কিছু বিষ উপশম ঔষধ আৰু ফিজিকেল থেৰাপী বা ব্যায়াম অতি প্ৰয়োজনীয়| অৱশ্যে চিকিৎসকৰ পৰামৰ্শ ব্যতিৰকে দীৰ্ঘদিন বিষ উপশম ঔষধ ব্যৱহাৰ কৰা উচিত নহয়, নহ’লে ই হিতে বিপৰীত হোৱাৰ সম্ভৱনা| বিষৰ কষ্টত এই কথা পাহৰি নাযাব| পৰবৰ্তী পৰ্যায়ত আঠুঁৰ বিষ কমাবলৈ কাৰেটিভ অষ্টিঅ’টমী এণ্ড ৰিএলাইণ্টমেণ্ট কৰা হয়| আৰু ইয়াতো কাম নহ’লে টোটেল নী-ৰিপ্লেচমেণ্ট কৰা হয়| অৰ্থাৎ আঠুঁৰ অস্তিসন্ধিৰ পৰিৱৰ্তন কৰা হয়| অৱশ্যে যি সকলৰ বিষ-বেদনাত স্বাভাৱিক জীৱন যাপন কৰাত অসম্ভৱ হৈ উঠে, বাথৰুমলৈকেও যোৱা কষ্ট হয় অথবা অষ্টিঅ’আৰ্থাইটিছ বা ৰিউমেটিক আৰ্থাইটিছৰ বাবে আঠুঁৰ অস্থিসন্ধি বিকৃত হৈ পৰিছে, স্বাভাৱিক জীৱন-যাপন কৰাটো অসম্ভৱ হৈ উঠিছ একমাত্ৰ তেনে লোকৰ্হে নী-ৰিপ্লেচমেণ্ট কৰা হয়| আঠুঁৰ অস্থিসন্ধিৰ ভৰবহনকাৰী অংশ অৰ্থাৎ ৱেট বিয়াৰিং ছাৰফেজ পৰিৱৰ্তন কৰি কৃত্ৰিম ছাৰফেজ প্ৰতিষ্ঠাপন কৰা হয়| আঠুঁৰ অসহ্য যন্ত্ৰনাত যিসকলে বহুদিন ধৰি পোন হৈ থিয় দিব নোৱাৰে ছাৰ্জাৰীৰ পাছত পিছদিনাই নিজৰ ভৰিত থিয় দিব পাৰে| বৰ্তমান হাই-ফ্লেকছ নী-ৰিপ্লেচমেণ্ট কৰিলে আঠুঁ ভাঁজ বা বেঁকা কৰাত কোনো সমস্যা নাথাকে| কিন্তু ছাৰ্জাৰীৰ পিছত কোৱাড্ৰিছেপছ মাশ্ব্লৰ শক্তি বৃদ্ধিৰ বাবে নিয়মিত ব্যায়াম অত্যন্ত জৰুৰী|
পাৰ্থপ্ৰতিম দাস|
শেহতীয়া উন্নীতকৰণ: : 6/27/2020
আঁঠুৰ বিষত ভুগিছে নেকি?
ডিঙিৰ বিষ, হাতৰ বিষ, আঁঠুৰ বিষ ইত্যাদি