ৰক্তচাপ কোনো ধৰণৰ বিকাৰ নহয়; কিন্তু তাৰ মাত্ৰা অতিশয় বাঢ়ি গ’লে অথবা কমি গ’লেও বিপদ ঘটাব পাৰে আৰু উচ্চ ৰক্তচাপক নীৰৱ ঘাতক আখ্যা দিয়া হয়, যিহেতু ই কোনো ধৰণৰ লক্ষণ প্ৰকাশ নকৰে। তথাপি বিশেষজ্ঞসকলে কেতবোৰ শাৰিৰীক বিসংগতিক ইয়াৰ লক্ষণ বুলি গণ্য কৰি উচ্চ ৰক্তচাপে গা কৰি উঠা বুলি ঠাৱৰ কৰে। সঘনে অথবা তীব্ৰ মূৰৰ বিষ, অবৰ্ণনীয় অৱসাদ, আচন্দ্ৰাই, ৰঙাচিঙা পৰা, কাণ বজা, বুকুৰ আঘাত, সঘনে নাকেৰে তেজ পৰা আদি বিসংগতিত ভুগিলে সাৱধান হ’ব লাগে আৰু ততালিকে ৰক্তচাপৰ জোখ লোৱা উচিত। আমেৰিকাৰ কলিজা সংগঠনৰ মতে ১২০/৮০ মি:মি: ৰক্তচাপ স্বাভাৱিক; অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ সমিতিৰ মতে ১৩৯/৮৯ মি:মি:লৈ ৰক্তচাপ স্বাভাৱিক হৈ থাকে। বংশগতিৰ প্ৰভাৱত উচ্চ ৰক্তচাপে গা কৰি উঠে বুলি কোৱা হয়। আমাৰ দৈনন্দিন কাম, যেনে- ব্যায়াম, দৌৰা, দৈহিক শক্তি প্ৰয়োগ, খাদ্য গ্ৰহণ, ধূমপান, শৰীৰৰ বিভিন্ন ভংগী আদিত ৰক্তচাপত তাৰতম্য ঘটে। বয়স তথা লিং ভেদেও ইয়াৰ বিভিন্নতা পৰিলক্ষিত হয়। মানসিক চাপত ভোগা লোক তথা গৰ্ভৱতী মহিলাৰ ৰক্তচাপৰ মান অধিক হোৱাটো প্ৰতিপন্ন হৈছে। স্বাভাৱিকতকৈ শৰীৰৰ ভৰ বৃদ্ধি পালে, অলসতাই গা কৰি উঠিলে, অধিক পৰিমাণে ছ’ডিয়াম তথা কম মাত্ৰাত পটাছিয়াম গ্ৰহণ কৰিলে উচ্চ ৰক্তচাপে মূৰ দাঙি উঠে।
উচ্চ ৰক্তচাপে গা কৰি উঠিলে চিকিৎসকৰ দিহা-পৰামৰ্শ পূৰা-পূৰি মানি প্ৰতিদিনে দৰৱ সেৱন কৰাৰ লগতে খাদ্য গ্ৰহণত সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। জীৱন-নিৰ্বাহৰ ৰীতিৰ পৰিৱৰ্তন ঘটাই প্ৰাকৃতিক প্ৰতিবিধান ব্যৱস্থা গ্ৰহণ কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি। কোনো ধৰণৰ চিকিৎসা গ্ৰহণ নকৰিলে উচ্চ ৰক্তচাপে শৰীৰৰ কেতবোৰ অংগৰ হানি কৰে, কলিজাৰ বিকাৰৰ কাৰক হয়, মগজুৰ ৰক্তক্ষৰণ, বৃক্কৰ বিকাৰ, দৃষ্টিশক্তিৰ ক্ষতিসাধন তথা পক্ষাঘাতত ভোগাব পাৰে।
তেজে খমলা বন্ধাত বাধা প্ৰদান কৰি নহৰুৱে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। তদুপৰি ই ক’লেষ্ট্ৰৰেল প্ৰতিৰোধী হোৱা বাবে ইয়াক সঘনে সেৱন কৰি সুফল পাব পাৰি। দিনে দুবাৰকৈ নহৰুৰ তিনি-চাৰি কোঁহ কেঁচাই খালে ধমনীৰ শিৰামূৰি গুচে, নাড়ী-স্পন্দন লেহেমীয়া হয়, কলিজাৰ সংকোচন প্ৰসাৰণৰ তাল সলনি হয়, চুটি উশাহ নিয়মীয়া কৰি আচন্দ্ৰাইৰ পৰা ৰেহাই দিয়ে আৰু পেট ওফন্দা নিৰ্মূল কৰে। মাছত থকা ওমেগা ৩ স্নেহ অম্লই উচ্চ ৰক্তচাপ হ্ৰাস কৰে বুলি প্ৰতিপন্ন হৈছে। ফলিক অম্ল তথা ‘খ’ খাদ্যপ্ৰাণে উচ্চ ৰক্তচাপৰ মাত্ৰা কমোৱাত অনন্য ভূমিকা পালন কৰে বাবে এই পদাৰ্থ সমৃদ্ধ খাদ্য, যেনে- সেউজীয়া শাক-পাত, সুমথিৰাৰ ৰস, উৰহী জাতীয় পাচলি, শুকান মাহ জাতীয় শস্য, প্ৰাণীৰ যকৃত আদি খাদ্যত অন্তৰ্ভূক্ত হ’ব লাগে। স্বাস্থ্যবিষয়ক জাতীয় প্ৰতিষ্ঠানে অনুমোদন জনোৱা অনুসৰি প্ৰতিদিনে ২.৪ গ্ৰামতকৈ কম ছডিয়াম গ্ৰহণ কৰা উচিত। প্ৰতিদিনে ৭-৮ গ্ৰাম নিমখ খোৱা লোকৰ ৰক্তচাপ বৃদ্ধি নোপোৱাকৈ নাথাকে বাবে চিকিৎসকে উচ্চ ৰক্তচাপত ভোগা লোকক নিমখ গ্ৰহণত বাধা আৰোপ কৰে। দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চল, মেক্সিকো দেশৰ অংশ বিশেষ আৰু পৃথিৱীৰ আন কেতবোৰ অঞ্চলৰ লোকে খুব কম পৰিমাণে নিমখ খায় বাবে এইবোৰ অঞ্চলত আন ঠাইৰ তুলনাত উচ্চ ৰক্তচাপ ৰোগী তাকৰ। অতিমাত্ৰা সুৰা সেৱন কৰিলেও ৰক্তচাপ বাঢ়ে। উচ্চ ৰক্তচাপৰ চিকিৎসাত সৰ্পগন্ধাত থকা উপক্ষাৰ ব্যৱহৃত হয় বাবে ইয়াৰ ৰস খোৱাটো অতিশয় উপকাৰী। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত ‘গ’ খাদ্যপ্ৰাণৰো ভূমিকা অসাধাৰণ হোৱা হেতুকে সুমথিৰা, মধুৰিআম, আমলখি আদি খাদ্যপ্ৰাণেৰে উভৈনদী ফল নিয়মিতভাৱে ভক্ষণ কৰাটো অতিশয় জৰুৰী। গৱেষণাই প্ৰতিপন্ন কৰা মতে ৰক্তচাপ হ্ৰাস কৰাত কেলচিয়ামৰ অৰিহণা অনন্য, সেয়ে এই মৌল সমৃদ্ধ বাদাম, মাহ জাতীয় শস্য, গাজৰ, নহৰু, খেজুৰ, তিল, অমিতা আদি খাদ্য তালিকাত অন্তৰ্ভূক্ত হ’ব লাগে। মিঠাপতি নামৰ শাকবনে ৰক্তচাপ হ্ৰাস কৰে। কফিত থকা কেফেইন ৰক্তচাপ বৃদ্ধি কৰে বাবে দিনত দুই পিয়লাতকৈ অধিক কফি খোৱাটো স্বাস্থ্যৰ পৰিপন্থী। প্ৰচুৰ পানী তথা তৰল খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী, যিবোৰে ৰক্তচাপ বৃদ্ধিত বাধা প্ৰদান কৰে। মানসিক চাপ সমূলি পৰিহাৰ কৰি প্ৰাণায়াম তথা যোগাসন নিয়মীয়াকৈ কৰি ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি। ৰক্তচাপ হ্ৰাস কৰাত পটাছিয়ামৰ ভূমিকা অনন্য হোৱা হেতুকে এই মৌল উভৈনদী হৈ থকা খাদ্য, যেনে- আপেল, খিছমিছ, আনাৰস, তিয়হ, বেংছতা আদি প্ৰতিদিনে ভক্ষণ কৰা উচিত। কৰ্ণাটক ৰাজ্যৰ কস্তুৰবা চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞানীয়ে প্ৰমাণ পোৱা মতে এজন লোকে দিনে দুটাকৈ এসপ্তাহ কল খালে তেওঁৰ ৰক্তচাপ ১০ শতাংশ লাঘৱ হয়।
ৰক্তচাপ বৃদ্ধি পোৱাৰ প্ৰৱণতা খাদ্য গ্ৰহণৰ লগতো অংগাংগীভাৱে জড়িত হোৱা হেতুকে এই ক্ষেত্ৰত সাৱধান হৈ জিভাক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’লে উচ্চ ৰক্তচাপজনিত সমস্যা প্ৰতিৰোধ কৰাটো সম্ভৱপৰ। অত্যাধিক পৰিমাণে সংপৃক্ত চৰ্বীযুক্ত খাদ্যগ্ৰহণ তথা সুৰাপানৰ অভ্যাস গঢ়ি তুলিলে তেনে লোক উচ্চ ৰক্তচাপজনিত বিকাৰত ভোগাটো অৱধাৰিত। অত্যাধিক পৰিমাণে শাক-পাচলি, ফল-মূল, অঁকাৰী চাউল, মাছ তথা কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী খাদ্য হিচাপে গ্ৰহণ কৰিলে সুস্থ-সৱল জীৱন অতিবাহিত কৰিব পাৰি। নিয়মিতভাৱে কায়িক পৰিশ্ৰম কৰা লোকৰ দেহৰ ভৰ বৃদ্ধি হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়, যাৰ পৰিণতিত উচ্চ ৰক্তচাপ সুদূৰপৰাহত হৈ ৰয়। নিয়মিতভাৱে ব্যায়ামৰ অনুশীলন কৰিলে দেহৰ ভৰ নিয়মীয়া হৈ থাকে, ফলত উচ্চ ৰক্তচাপত বাধা পৰে। অত্যাধিক ৰক্তচাপে চকুৰ অক্ষিপট প্ৰভাৱিত কৰি দৃষ্টি বিকল কৰিব পাৰে। কলিজাৰ নানা বিকাৰৰ মূলতে উচ্চ ৰক্তচাপ বুলি প্ৰতিপন্ন হৈছে। বহুদিন উচ্চ ৰক্তচাপত ভুগিলে বৃক্কও অকামিলা নোহোৱাকৈ নাথাকে। গতিকে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰা উচিত।
লিখকৰ নাম: আনন্দ দেৱ গোস্বামী
উৎস: দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 7/6/2020
কণমানিৰ পৰা যুৱাৱস্থালৈ হোৱা উচ্চ ৰক্তচাপ
অমিতা, আমলখি, মৌচম্বী, আপেল, তৰমুজ, নেমুটেঙা, দৈ-ঘ...