এজমা শব্দটো গ্ৰীকমূলীয়। ইয়াৰ অৰ্থ হেঁকনি বা মুখ মেলি জোৰ জোৰকৈ উশাহ লোৱা। এজমা হ’লে উশাহ লোৱাত কষ্ট হয়, হাওঁফাওঁ শ্বাসনলীসমূহ সংকুচিত হৈ ভিতৰৰ ফুটা সৰু হয়। ব্ৰংকাচ আৰু ব্ৰংকিউল (শ্বসনী আৰু শ্বসনিকা) এই বায়ু নলীবোৰত হোৱা সংক্ৰমণ আৰু প্ৰদাহৰ ফলতে এনে হয়। ফলত হাওঁফাওঁলৈ পৰ্যাপ্ত অক্সিজেন সৰবৰাহ বাধাপ্ৰাপ্ত হয়। এই পৰিস্থিতি উপশমৰ বাবে আক্ৰান্ত ব্যক্তিয়ে জোৰকৈ উশাহ লৈ অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। কিন্তু সেয়া সকলো সময়তে সহজভাৱে নহয়গৈ। এসময়ত উশাহ-নিশাহত কষ্ট হয় আৰু উশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হয়। শিশুসকলৰ শতকৰা ১০ ভাগ আৰু প্ৰাপ্তবয়স্ক শতকৰা ৫ ভাগৰ এজমা হোৱাৰ সম্ভাৱনা থাকে। শিল্পোদ্যোগ থকা ঠাইবোৰত এনে সম্ভাৱনা অধিক। সমগ্ৰ বিশ্বজুৰি এজমাৰ প্ৰাবল্য লক্ষ্য কৰা যায়। যদিও সাধাৰণতে এজমাজনিত মৃত্যুৰ হাৰ কম, সম্প্ৰতি পাশ্চাত্যৰ দেশসমূহত এনে হাৰ বৃদ্ধি পাইছে।
এজমাৰ সাধাৰণ লক্ষণবোৰঃ
এজমা তৰান্বিত কৰা কাৰণবোৰ এনেধৰণৰঃ
এজমা চাৰি প্ৰকাৰৰ বুলি চিহ্নিত হৈছে-
(১) এলাৰ্জীজনিত এজমাঃ ঘাঁহ আৰু ফুলৰ ৰেণু, ঘৰৰ ধূলি-মাকতি, পোহনীয়া জন্তুৰ নোম, শুকান ছাল, ভেঁকুৰৰ ৰেণু ইত্যাদিৰ বাবে এলাৰ্জী হয় আৰু তাৰ ফলত এজমা হয়।
(২) এলাৰ্জী বহিৰ্ভূত এজমাঃ সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত হয়। এলাৰ্জীৰ কোনো প্ৰমাণ নাথাকে। কেতিয়াবা এস্পিৰিণ, আইব্ৰুপ্ৰফেন আদি দৰবৰ বাবেও হয়।
(৩) বৃত্তিজনিত এজমাঃ কিছুমান বৃত্তিৰ স’তে জড়িত মানুহৰ এজমা হয়। এই ধৰণৰ এজমা কিছুমান ৰাসায়নিক পদাৰ্থৰ বাবে হয়। উদাহৰণস্বৰূপে, পলিউৰেথন ফোম তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা টলুৱেন ডাই-আইচ’চাইলেট এনে এবিধ ৰাসায়নিক পদাৰ্থ। এণ্টিবায়’টিক তৈয়াৰী কাৰখানা, চাউল. ধান, গম আদি বিক্ৰী কেন্দ্ৰত কাম কৰা ব্যক্তিৰো এজমা হ’ব পাৰে।
(৪) ব্যায়ামজনিত এজমাঃ কিছুমান ব্যক্তিৰ ক্ষেত্ৰত জোৰদাৰ ব্যায়াম কৰাৰ বাবেও এজমা হ’ব পাৰে। এনে ব্যক্তিয়ে চিকিত্সকৰ পৰামৰ্শ লৈহে ব্যায়াম কৰিব লাগে। ব্যায়াম কৰাৰ সময়ত শৰীৰত কেতবোৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয় আৰু ইয়েই এজমা হোৱাত অৰিহণা যোগায়।
লেখকঃ ডাঃ জীৱন দত্ত বৰুৱা
উত্সঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
নিদ্ৰা হৰণকাৰী এজমা (asthma) বা হাঁপানী ৰোগৰ বিষয়...
হাপানী
এজমা হ’ল এবিধ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা, বহুদিনীয়া...
এই ৰোগবিধ সৰ্বসাধাৰণৰ মাজত অপৰিচিত নহয়। আবাল-বৃদ্ধ...