আজিৰ আলোচনাত এটি লাগতিয়াল আৰু বহুজনৰ পৰিচিত এটি ৰোগৰ বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছোঁ৷ সেই ৰোগ বিধৰ নাম হ’ল গাউট৷ গাউটক ধনী লোকৰ ৰোগ বা ৰজাৰ ৰোগ বা ৰোগৰ ৰজা আখ্যা দিয়া হৈছে৷ ৬০ শতাংশ ৰোগ জেনেটিক কাৰণত আৰু ১৫ শতাংশ ৰোগ খাদ্য জনিত কাৰণত হয় বুলি ঠাৱৰ কৰা হৈছে৷ অতি প্ৰাচীন কালৰ পৰাই মানুহৰ এই ৰোগৰ সৈতে পৰিচয় ঘটিছিল৷ ইজিপ্তত খৃষ্টপূৰ্ব ২৬০০ চনত ভৰিৰ বুঢ়া আঙুলিৰ বিষৰ চিকিৎসাৰ কথা পঢ়িবলৈ পোৱা যায়৷ ১২০০ খৃষ্টাব্দত ৰেণ্ডালফাচে লেটিন মূলৰ ‘গাউট’ শব্দক ৰোগৰ বৰ্ণনাৰ বাবে পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে৷ ১৬৭৯ চনত এন্থনি ভান লিওনহকে ইউৰিক এচিডৰ ক্ৰিষ্টলৰ মাইক্ৰোস্কোপিক বৰ্ণনা ডাঙি ধৰে৷ ১৮৪৮ চনত ব্ৰিটিচ চিকিৎসক আলফ্ৰেড বেৰিং গেৰোডে চিনাক্ত কৰে যে বৰ্দ্ধিত ইউৰিক এচিডে গাউট ৰোগ উৎপন্ন কৰে৷ ইয়াৰ চিকিৎসাত প্ৰয়োগ কৰা এলোপিউৰিনেল নামৰ ঔষধ বিধৰ আৱিষ্কাৰ আজিৰ পৰা ৩০ বছৰ আগতে ইলিয়ন এট অল গোটে কৰে৷
সাধাৰণতে মানুহৰ তেজত থকা ইউৰিক এচিডৰ পৰিমাণ হ’ল পুৰুষৰ ৩ ৰ পৰা ৭ মিলিগ্ৰাম% আৰু মহিলাৰ ২-৫ৰ পৰা ৬-৫ মিলিগ্ৰাম%৷ ইয়াতকৈ অধিক পৰিমাণৰ ইউৰিক এচিড তেজত থাকিলে গাউট বা হাইপাৰইউৰিচেমিয়া ৰোগ হয়৷ আনহাতে এনে ৰোগীৰ মাজত ডায়েবেটিচ আৰু কিডনিৰ পাথৰ হোৱা ৰোগৰ প্ৰাদূৰ্ভাৱ বেচি৷
(১) হেৰিডিটি বা বংশানুক্ৰমিক
(২) বেছি ইউৰিক এচিড উৎপন্ন কৰা খাদ্য গ্ৰহণ
(৩) কিডনিৰ পৰা কমকৈ ইউৰিক এচিড নিৰ্গত হ’লে
(৪) উপবাস আৰু ক্ষিপ্ৰতাৰে ওজন হ্ৰাস হ’লে
(৫) মদ্যপাণ
(৬) উচ্চ ৰক্তচাপ
(৭) বিভিন্ন দৰব
(৮) কিডনিৰ বিকাৰ
ৰোগৰ লক্ষণ আৰু চিকিৎসাৰ বিষয়ে কিছু কথা নিলিখিলে লিখনিটো অপূৰ্ণ থাকি যাব৷ গাউট ৰোগ মহিলাৰ তুলনাত পুৰুষৰ বেছি হয়৷ ইয়াৰ কাৰণ হ’ল মহিলাৰ তেজত সাধাৰণতে কিছু কম পৰিমাণৰ ইউৰিক এচিড থকাটো৷ মহিলাসকলে সাধাৰণতে মেনপ’জ হোৱাৰ পিছত এই ৰোগত ভোগে৷ ৫০ শতাংশৰ অধিকজনৰ ৰোগৰ লক্ষণ হ’ল ভৰিৰ বুঢ়া আঙুলিৰ গাঁঠিৰ বিষ হোৱা৷
গোৰোহা, আঠু, মনিবন্ধ, হাতৰ আঙুলিৰ গাঁঠিৰ বিষো কোনো কোনোজনৰ হয়৷ সাধাৰণতে বেছি বিষৰ অনুভৱ ৰাতিৰ সময়ত হয়৷ আক্ৰান্ত গাঠিটো ৰঙা পৰে, ফুলি উঠে, বিষ হয় আৰু গৰম হৈ উঠে৷ গাঁঠিৰ এনে বিষ ২৷৩ ঘন্টালৈ চলি থাকে আৰু কেইবাদিনলৈ হৈ থাকে৷ এনে বিষ দুসপ্তাহমান থাকি কিছুদিনলৈ বিষ নোহোৱা হয়৷ সপ্তাহ, মাহ বা বছৰৰ মূৰত আকৌ বিষৰ পুনৰাবৃতি ঘটে৷ কিছুমান ৰোগীৰ গাঁঠিত বা ওচৰৰ কোষসমূহত ইউৰিক এচিডৰ ক্ৰিষ্টল জমা হৈ একোটা পিণ্ডৰ ( যাক টফি বোলে) সৃষ্টি কৰে ( ক্ৰনিক টফিচিয়াচ গাউট)৷
একে কাৰণতে কিডনি বিনষ্ট হ’ব পাৰে বা কিডনিত পাথৰো হোৱা দেখা যায়৷ গাউট ৰোগ সাধাৰণতে কিছুমান পৰিয়ালত চলি থকা দেখা যায়, ইয়াৰ কাৰণ হ’ল আগতে উল্লেখ কৰি অহা জেনেটিকচ৷
গাউট ৰোগৰ বিষৰ চিকিৎসাৰ বাবে ননষ্টেৰইডেল এন্টি-ইনফ্লেমটৰি ড্ৰাগচ, কলচিচিন আৰু ষ্টেৰইড সাধাৰণতে ব্যৱহাৰ কৰা হয়৷ তেজৰ ইউৰিক এচিডৰ পৰিমাণ কমাবলৈ এলোপিউৰিনেল, ফেবুস্কষ্টেট আৰু প্ৰবেনচিড প্ৰয়োগ কৰি সুফল পোৱা যায়৷
আমি গ্ৰহণ কৰা ‘পিউৰিন’ থকা খাদ্যসমূহ হ’ল ঘাইকৈ মাংস আৰু সাগৰীয় মাছ-শামুক, মিছামাছ আদি৷ মাংসৰ লিভাৰ, কিডনি, মগজ আদিত পিউৰিন বেছিকৈ থাকে৷
গোমাংস, ছাগলি, গাহৰি, ৰাজহাঁহ, হাঁহ, টাৰ্কি মূৰ্গী আদিৰ ৰঙা মাংসত যথেষ্ট পিউৰিন থাকে৷ বনস্পতি যেনে মশৰুম, এচপাৰগিলাচ, বীন, ফুলকবি, মটৰমাহ, পালেংশাক আদিতো কিছু পৰিমানে পিউৰিন থাকে৷ আমাৰ খাদ্যৰ পৰা অহা এই পিউৰিন ভাঙিলে ইউৰিক এচিড ওলায়৷ গতিকে খোৱাত সতৰ্ক নহ’লে যি কোনো লোকেই ৰোগাক্ৰান্ত হ’ব পাৰে৷
ডাইইউৰেটিক, চেলিচাইলেট, পাইৰাজিনামাইড, ইথামবিউটল, নিকটিনিকএচিড, চাইক্লস্পৰিন আৰু কিছুমান কৰ্কট ৰোগৰ দৰব৷
মদ বিশেষকৈ বীয়েৰে লেক্টিক এচিড উৎপন্ন কৰাৰ ফলত ইউৰিক এচিড বেচিকৈ সৃষ্টি হয় আনহাতে ইউৰিক এচিড নিৰ্গত হোৱাত বাধা প্ৰাপ্ত হয়৷
আজিকালি অনেক চফ্টড্ৰিংচত মিঠা কৰিবলৈ ফ্ৰুক্টজ মিহলায়। টেবল চুগাৰৰ কিউব আৰু ফ্ৰুক্টজে ইউৰিক এচিডৰ উৎপাদন বঢ়ায়৷
আকৌ অধিক চৰ্বিজাতীয় খাদ্য, চেচুৰেটেড ফেট থকা তেল ডালডা আদিয়ে শৰীৰ পৰা ইউৰিক এচিড ওলাই যোৱাত বাধাৰ সৃষ্টি কৰে৷ তদুপৰি তেনে খাদ্য মেদবহুলতাৰো কাৰক৷
– মদ, মাংস, সাগৰীয় মাছ যেনে টুনা, লবষ্টাৰ, মিছামাছ যিমান পাৰে এৰাই চলক৷
– মশৰুম, পালেং, বীন, মটৰ বাদ দিয়ক
– ফ্ৰুক্টজ থকা শীতল পানীয় পৰিত্যাগ কৰক
* স্বাস্থ্যসন্মত লাইফ ষ্টাইল– নিয়মীয়াকৈ খোজ কাঢ়ক, ব্যায়াম কৰক, শৰীৰৰ ওজন বাঢ়িব নিদিব
* ১০০% বিশুদ্ধ ফলৰ ৰসপান কৰক
* দিনে ১০৷১৫ গিলাচ পানী খাওক
* দিনটোত ৪৷৫ কাপ চাহ বা কফি খাব
* চানফ্লাৱাৰ নাইবা অলিভ অইল ৰন্ধনত ব্যৱহাৰ কৰক
* কম চৰ্বি থকা গাখীৰ ব্যৱহাৰ কৰক
গাজৰ, মিঠাআলু, আদাৰ চুপৰ জুতিলৈ চাব পাৰে৷ আপেল, আঙুৰ, আখৰোট, নুনি বা ষ্ট্ৰবেৰীৰ ফ্ৰুট চালাড খাওক- এনে ফলৰ ‘মেলিক এচিডে’ ইউৰিক এচিড উৎপাদনত বাধা দিয়ে৷ বেঙেনা, বিলাহী, বয়ল বা পোৰা আলু পচন্দ অনুসৰি জুতি লগাই খাওঁক৷ চীজ খাব পাৰিব৷ কমকৈ কেতিয়াবা ব্ৰইলাৰ মূৰ্গীৰ এক দুই পিচো খাব পাৰিব৷ পৰাপক্ষত ব্ৰাউন ব্ৰেড বা আন ফাইবাৰযুক্ত খাদ্য বাচনি কৰিব৷ কৰ্ণফ্লেস্ক কম চৰ্বিযুক্ত গাখীৰৰ সৈতে খাব৷
লেখক: ডাঃ ভূপেন শইকীয়া
শেহতীয়া উন্নীতকৰণ: : 7/7/2022