শৰীৰৰ পাক-প্ৰণালীৰ ক'লন বা বৃহৎ আন্ত্ৰৰ আৰম্ভণি হয় চিকামৰ পৰা এই চিকামতে এপেণ্ডিচ যুক্ত হৈ থাকে৷ ইয়াৰ পিছত আহে এচেন্দিং ক'লন, ট্ৰান্সভাৰ্চ ক'লন, ডিচেন্দিং ক'লন, চিগম'য়ড ক'লন, ৰেক্টাম আৰু অন্তিম অংশ হ'ল এনাচ বা গুহ্য দ্বাৰ৷ ক'লন হ'ল পাক-প্ৰণালীৰ
সেইটো অংশ য'ত আমাৰ খোৱা খাদ্য-সামগ্ৰীখিনিৰ পৰা পানীখিনি শুহি লোৱা হয় আৰু আৱৰ্জনাখিনি নিষ্কাষণৰ বাবে জমা ৰখা হয়৷ এই ক'লনৰ ইনফ্লেমেচন হোৱাক ক'লাইটিছ (Colitis) বোলে৷
ইনফ্লেমেচন হ'ল সাধাৰণতে এই চাৰিটা লক্ষণৰ যোগাত্মক অৱস্থান - ৰুবৰ (ৰঙা পৰা), কেলৰ (উত্তাপ হোৱা), টিউমৰ (ফুলি উঠা) আৰু ডলৰ (বিষ অনুভৱ হোৱা)৷ কোনোবাই ইয়াৰ লগত পঞ্চম ফাংচিঅ' লে'চা (কাম কৰিবলৈ অক্ষম হোৱা) যোগ দিয়ে৷
আকৌ ক'লাইটিছ ৰোগ নিজে নিজে সমাপ্ত হোৱা (ওৰ পৰা) একিউট বা ততালিকে হোৱা / সাময়িক ধৰণৰ হব পাৰে নাইবা দীৰ্ঘম্যাদী বা ক্ৰনিক ধৰণৰ হব পাৰে৷ ক'লাইটিছৰ সাধাৰণ (Common) লক্ষণসমূহ হ'ল - পেটৰ বিষ, ডায়েৰিয়া, তেজ -হাগনি, আভোক, ওজন হ্ৰাস হোৱা, ভাগৰুৱা অনুভৱ হোৱা, পেট ফুলা, জ্বৰ হোৱা, পেট কামোৰা আৰু শৌচ কৰোতে
বিষ হোৱা, ডিহাইড্ৰেচন (শৰীৰৰ পানী শুকাই যোৱা), বাৰম্বাৰ শৌচ কৰিবৰ ইচ্ছা যোৱা আদি৷
১ - সংক্ৰমণ- বেক্টেৰিয়া, ভাইৰাচ, পেৰাচাইটৰ দ্বাৰা৷ বেক্টেৰিয়াই ফুড পইজনিং কৰিও ক'লাইটিছ উৎপন্ন কৰিব পাৰে৷ ক'লাইটিছ কৰা বেক্টেৰিয়া কিছুমান হ'ল – ই-কলাই, শ্বিগেলা, চালমোনেলা, য়াৰচিনিয়া, ক্লষ্টডিয়াম, কেম্পাইল'বেক্টৰ ৷ চাইটোমেগালো ভাইৰাচেও ক'লাইটিছ কৰা দেখা যায়৷
২ - ইনফ্লেমেটৰি বাৱেল ডিচঅৰ্ডাৰ (IBD) : এই গোটত আলচাৰেটিভ ক'লাইটিছ (Ulcerative Colitis) আৰু ক্ৰনচ ডিজিজ (Crohn’s disease)পৰে৷
৩ - ইচকেমিক বা তেজৰ সঞ্চালন বাধাপ্ৰাপ্ত হলে : কাৰকসমূহ হ'ল ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া, ধূম্ৰপান, এনিমিয়া, অতি নিম্ন ৰক্তচাপ, পেৰিফেৰিয়েল আৰ্টেৰি ডিজিজ নাইবা মেকানিকেল কাৰণ যেনে হাৰ্ণিয়া বা ভলভোলাচ্৷
৪ - ইডিঅ'পেথিক / অটোইমিউন মাইক্ৰস্কপিক ক'লাইটিছ, লিম্ফেটিক ক'লাইটিছ৷
৫ - আয়েট্ৰজেনিক - কেমিকেল ক'লাইটিছ, প'ষ্ট-ৰেডিয়েচন ক'লাইটিছ৷
৬ - এলাৰ্জিক ক'লাইটিছ - এবছৰৰ তলৰ শিশুৰ মাতৃয়ে খোৱা গৰুৰ গাখীৰৰ পৰা হোৱা এলাৰ্জি৷
আলচাৰেটিভ ক'লাইটিছ হলে মাত্ৰ বৃহৎ আন্ত্ৰত ঘা হয়৷ ইয়াৰ বিপৰীতে ক্ৰনচ ডিজিজত মুখৰ পৰা শৌচ-দ্বাৰলৈকে যি কোনো ঠাইতেই ৰোগৰ লক্ষণ দেখা দিব পাৰে৷ এই দুয়ো বিধ ৰোগৰেই উৎপত্তি সাধাৰণতে ৩০বছৰ বয়সৰ ভিতৰতে হোৱা দেখা যায়৷ বেক্টেৰিয়া আৰু ভাইৰাচৰ সংক্ৰমণৰ ফলত নহলে ইমিউনলজিকেল কাৰণত এই দুই বিধ ৰোগৰ উৎপত্তি হব পাৰে বুলি ঠাৱৰ কৰা হৈছে৷ যি কোনো ষ্ট্ৰেচ, প্ৰতিকুল পৰিস্থিতি আৰু বিসংগতিপূৰ্ণ খাদ্যৰ প্ৰভাৱো যি কোনো ধৰণৰ ক'লাইটিছৰ ওপৰত পৰিব পাৰে বুলিও অনুমান কৰা হৈছে৷
বিজ্ঞানীসকলে অনুসন্ধান কৰি পাইছে যে কমেও ৩০বিধ জিন আলচাৰেটিভ ক'লাইটিছৰ উৎপত্তিৰ কাৰক হব পাৰে৷ সেই জিনবিলাকৰ ভিতৰত প্ৰমুখ কিছুমান হ'ল – FCGR2A, 5p15, 2p16, ORMDL3, EMC1 আদি৷ ইৰিটেবল বাৱেল ডিজিজত সেয়ে পৰিয়ালৰ কেইবাজনকো একেসময়তে ভোগা দেখা যাব পাৰে৷
ক্ৰনচ ডিজিজৰ অগতানুগতিক লক্ষণ কিছুমান হ'ল - শৌচ কচা হোৱা, গাঁঠিৰ বিষ হোৱা, দাঁতৰ আলু ফুলা, চকুৰ খচখচনি হোৱা, শৰীৰৰ বিভিন্ন অঞ্চলৰ পৰা ৰক্তক্ষৰণ হোৱা, ছালৰ তলত লাম্পৰ উৎপত্তি হোৱা আদি৷
ৰোগৰ লক্ষণসমূহৰ ওপৰিও ৰোগীৰ শৰীৰৰ পৰীক্ষা, তেজ পৰীক্ষা, শৌচ পৰীক্ষা, পেটৰ আলট্ৰাচাউণ্ড, চিটি স্কেন, বেৰিয়াম এনেমা এক্সৰে, চিগময়ডোস্কোপি, ক'লোনোস্কপি, এণ্ডোস্কোপি, এম আৰ আই, আদিৰ সহায়ত ৰোগ নিৰ্ণয় কৰা হয়৷ তেজত ই এচ আৰ, চি আৰ পি, চি বি চি, ইলেক্ট্ৰলাইট, লিভাৰ ফাংচন টেষ্ট আদি সাধাৰণতে কৰা হয়৷ সম্ভৱপৰ হলে শৌচত কেলচিপ্ৰটেক্টিন নামৰ প্ৰটিনৰ উপস্থিতি পৰীক্ষা কৰি ইৰিটেবল বাৱেল ডিজিজ চিনাক্ত কৰিব লাগে৷
ক্ৰনচ ডিজিজ হ'ল এবিধ গুৰুতৰ ৰূপ ধাৰণ কৰিব পৰা জটিল ৰোগ ৷ ইয়াৰ সহজে নিৰাময় সম্ভৱপৰ নহবও পাৰে৷ ইয়াৰ জটিলতা বা কম্পিকেচনসমূহ হ'ল ৰক্তক্ষৰণ, বৃহৎ ঘা, টস্কিক মেগাক'লন আদি৷ অপাৰেচন কৰিও কেতিয়াবা ক্ৰনচ ডিজিজৰ সমাপ্তি ঘটোৱা নাযায়৷ কিন্তু আলচাৰেটিভ ক'লাইটিছৰ কেতিয়াবা নিজে নিজেও সাময়িক উপশম ঘটে৷ অপাৰেচন কৰি আলচাৰেটিভ ক'লাইটিছৰ ৰোগীক ক'লনৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনীয়তাৰ পৰাও মুক্তি দিব পাৰি৷ ইৰিটেবল বাৱেল ডিজিজৰ ওপৰত বৰ্তমান গোটেই বিশ্বত অনেক অনুসন্ধান চলি আছে৷
পোনতেই ৰোগৰ উৎপত্তিৰ কাৰণ বুজিবলৈ যত্নপৰ হব লাগে৷ বেক্টেৰিয়াৰ সংক্ৰমণৰ হলে উপযুক্ত এন্টিবায়টিক নিৰ্দিষ্ট সময়ৰ বাবে দিব লাগিব৷ ডায়েবেটিজ, ডিচলিপিডেমিয়া(বৰ্দ্ধিত চৰ্বিজনিত ৰোগ) আদিৰ নিৰ্দিষ্ট চিকিৎসা প্ৰদান কৰিব লাগে৷ধূম্ৰপাণ পৰিহাৰ কৰিব লাগে৷ এটা আমোদজনক কথা আলচাৰেটিভ ক'লাইটিচৰ লক্ষণসমূহ ধূমপাণ নকৰা লোকৰ ক্ষেত্ৰত বেচিকৈ ফুটি উঠে৷ আনকি নিক'টিনকো এই ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰি থকা হৈছে৷
ক'লাইটিছৰ ৰোগীয়ে স্বাস্থ্যসন্মত জীৱন ধাৰণৰ পদ্ধতি মানি চলিব লাগে৷ ব্যায়াম আৰু খোজকঢ়া হ'ল উপযোগী৷ খাদ্য হব লাগে পুষ্টিকৰ, কম আঁহযুক্ত, প্ৰটিন আৰু কাৰ্বহাইড্ৰেট থকা সন্তুলিত খাদ্য৷ কোনো নিৰ্দিষ্ট খাদ্যই
অপকাৰ কৰা যেন দেখিলে তাক পৰিহাৰ কৰিব লাগে৷ সকলো ধৰণৰ ষ্ট্ৰেচ পৰিত্যাগ কৰি চলাৰ প্ৰয়াস কৰিব লাগে৷ কফি, মদ, জালুক, গৰম মছলা, কাৰ্বনযুক্ত ড্ৰিংকচ্, কেফেইন, চাল্ফাৰ যুক্ত খাদ্য, বেচি ফাইবাৰ থকা খাদ্য, পপকৰ্ণ, মাংস, নানাবিধ বাদাম, চ'চ, কেঁচা পাচলি আৰু বেচি মছলা থকা যি কোনো খাদ্য - এই কেইবিধ পৰাপক্ষত বাদ দিব৷ আহাৰৰ ক্ষেত্ৰত চৰ্বিযুক্ত খাদ্য সম্পূৰ্ণ বৰ্জন কৰিব৷ ফলমূল,ৰুটি, সিজোৱা পাচলি, আলু-সিদ্ধ, বয়ল কণী খাব পাৰে৷ লেক্টজ
ইনটলৰেন্স নথকা ৰোগীয়ে গাখীৰ আৰু ডায়েৰী প্ৰডাক্ত খাব পাৰে৷
চিকিৎসকে ৰোগীৰ শৰীৰৰ ওজন হ্ৰাস নোহোৱাকৈ ৰখাৰ প্ৰয়াস কৰাটো বাঞ্চনীয়৷ ব্যায়াম, ফল-মূল আৰু সন্তুলিত সুষম খাদ্যই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (যাক ইমিউনিটি বোলে) বৃদ্ধি কৰে৷
ক'লাইটিছৰ ৰোগীৰ বাবে নেপ্ৰস্কেন,আইব্ৰুপ্ৰফেন আদি দৰবৰ প্ৰয়োগ অপকাৰী বুলি সিদ্ধ হৈছে৷
ডায়েৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ ইমোডিয়াম (ল'পেৰামাইড) নামৰ দৰব নিৰাপদে ব্যৱহাৰ কৰিব পাৰি৷ ক'লাইটিছৰ আন নিৰ্দিষ্ট ঔষধ হ'ল - ৫-এমাইনো চেলিচাইলিক এচিডযুক্ত পদাৰ্থ যাৰ উদাহৰণ হ'ল - চালফাচেলাজিন, অ'লচেলাজিন, মেছালামিন,ৰ'ৱাচা আদি৷ এনে দৰব খাবলৈ দিয়াৰ ওপৰিও এনেমাৰ দ্বাৰা ক'লনত লগাব পাৰি৷
ক'লাইটিছৰ আন লাগতিয়াল দৰবৰ ভিতৰত প্ৰেডনিচ'লন জাতীয় ষ্টেৰইড ড্ৰাগ আৰু ইমিউনো চাপ্ৰেচেন্ট ড্ৰাগ (যেনে মিথট্ৰিক্সেট, চাইক্লস্পৰিন, ৬-মাৰকাপ্ত পিউৰিন ) পৰে৷ কেবল চিকিৎসকৰ তত্বাবধানত এই দুই শ্ৰেণীৰ দৰবৰ সীমিত সময়ৰ বাবে ব্যৱহাৰ কৰা হয়৷ ষ্টেৰইডৰ পাৰ্শ্বক্ৰিয়াজনিত অপকাৰিতা সমূহ হ'ল :- মুখমণ্ডল চন্দ্ৰাকাৰ হোৱা, ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ উৎপন্ন হোৱা, কম বয়সীয়া ৰোগীৰ শৰীৰৰ বিকাশ ৰুদ্ধ হোৱা, অষ্টিঅ'প'ৰোচিচ (হাঁড় পাতল হবলৈ ধৰা) আদি৷ ইয়াৰ ওপৰিও আটাইতকৈ বিপদজনক পাৰ্শ্বক্ৰিয়া হব পাৰে টিকাৰ হাঁড়ৰ যোৰাৰ এচেপ্তিক নেক্ৰচিচ৷ প্ৰায় একেখিনি পাৰ্শ্বক্ৰিয়া ইমিউনো চাপ্ৰেচেন্ট ড্ৰাগছৰো হব পাৰে৷
সহায়কাৰী চিকিৎসাৰ ভিতৰত পৰে - ইলেকট্ৰলাইট, আইৰণ, কেলচিয়াম, ভিটামিন আদিৰ শৰীৰক যোগান ধৰা৷ এনিমিয়াৰ চিকিৎসাত প্ৰয়োজন সাপেক্ষে ৰক্তপ্ৰদান (Blood Transfusion) কৰিবলগীয়া হব পাৰে৷
মোখনিত ইমানেই কম যে যি কোনো ৰোগীয়ে ক'লাইটিছত আক্ৰান্ত বুলি জানিলেই ভীতিগ্ৰস্ত হব নালাগে৷
কেনেবাকৈ ক্ৰনচ ডিজিজ বুলি চিনাক্ত হলে অভিজ্ঞ চিকিৎসকে ৰোগীৰ অভিভাৱকক নিশ্চয় অৱগত কৰি সতৰ্ক কৰি দিব৷ অন্যথাই আন সকলো ক'লাইটিছৰেই প্ৰয়োজনীয় সতৰ্কতা আৰু চিকিৎসাৰ দ্বাৰা নিৰাময় সম্ভৱপৰ৷
ডা০ ভূপেন শইকীয়া
ৰচনা কাল - ১৩ডিচেম্বৰ, ২০১৩
ই-মেইল drbksaikia@gmail.com
ফোন - ০৯৭৪ – ৩৩৭৩৮৭২২
শেহতীয়া উন্নীতকৰণ: : 4/23/2020
ডিঙিৰ বিষৰ পৰা আঁতৰি থকা ৯ টা উপায়
চিকুনগুনিয়া এটা ভয়ংকৰ ৰোগ, কিন্তু মাৰাত্মক নহয়।...
মাত ভঙাৰ সমস্যা কেনেকৈ সমাধান কৰিব?
ছালৰ পৰজীৱীজনিত সংক্ৰমণ