মূৰৰ বিষ: প্ৰায় সকলো লোকৰে কম বেছি পৰিমাণে মূৰৰ বিষ হয়। কিছুমান সময়ত এই মূৰৰ বিষে অতি কষ্ট দিয়ে। কিন্তু বেছিভাগ মূৰৰ বিষেই সাময়িক। সাধাৰণতে মূৰৰ বিষ সাময়িক আৰু অলপ সময়ৰ পাছতে নিজে নিজে ঠিক হৈ যায়। কিন্তু যদি খুব বেছিকৈ মূৰৰ বিষ হয়। তেন্তে চিকিত্সকৰ লগত পৰামৰ্শ কৰাটো অতি দৰকাৰ। এই ক্ষেত্ৰত লাজ কৰা উচিত নহয়। জ্বৰৰ সময়ত বা মাজে মাজে মূৰৰ বিষ হ’লেও চিকিত্সকক দেখুৱাটো অতি প্ৰয়োজন।
মূৰৰ বিষ কেতিয়া বিপদজনক হয়?
সকলো মূৰৰ বিষৰ বাবে চিকিত্সাৰ প্ৰয়োজন নহয়। সময়মতে খোৱা-বোৱা নকৰিলে বা পেশীৰ সংকোচনৰ ফলতো কেতিয়াবা মূৰৰ বিষ হয়। এনে ধৰণৰ মূৰৰ বিষ ঘৰতে ঠিক কৰিব পৰা যায়। কিন্তু কিছুমান বিশেষ মূৰৰ বিষৰ বাবে চিকিত্সকক দেখুৱা আৰু চিকিত্সা কৰাৰ প্ৰয়োজন। তলত দিয়া উপসৰ্গবোৰ দেখা দিলে চিকিত্সা কৰাৰ প্ৰয়োজন হৈ পৰে:
তলত উল্লেখ কৰা উপসৰ্গবোৰে দেখা দিলে দৰব খাব লাগে:
মূৰৰ বিষৰ কাৰণ নিৰ্ণয়
বেছিভাগ মূৰৰ বিষ সাধাৰণ কাৰণতেই হয়। ইয়াৰ বাবে সাধাৰণ ঔষধেই যথেষ্ট। আদকপালী বা আন ধৰণৰ মূৰৰ বিষৰ বাবে চিকিত্সকৰ পৰ্য্যবেক্ষণত থাকি ঔষধ খাব লাগে।
মূৰৰ বিষৰ বিষয়ে আৰু কিছু
মানসিক চাপৰ ফলত হোৱা মূৰৰ বিষ
চাইনাছৰ বাবে হোৱা মূৰৰ বিষ
চাইনাছৰ মূৰৰ বিষ সংক্ৰমণ বা এলাৰ্জীৰ বাবে হয়। ঠাণ্ডা লাগি নাকৰ ভিতৰফালে বা ওপৰৰ হাড়ত শেঙুণ জমা হৈ উশাহৰ পথ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত মূৰৰ বিষ হয়। মূৰত চাপ বঢ়াৰ লগে লগে এই বিষো বাঢ়িবলৈ ধৰে। এই বিষ বৰ কষ্টকৰ হয়। ৰাতিপুৱাৰ ভাগত এই বিষ আৰম্ভ হয়। তললৈ হাউলি দিলে এই বিষ বাঢ়ে।
ছাইনাছৰ বাবে হোৱা মূৰৰ বিষৰ সাধাৰণ লক্ষণবোৰ:
আদকপালীৰ বাবে হোৱা মূৰৰ বিষ
আদকপালীৰ মূৰৰ বিষ প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত বেলেগ হ’ব পাৰে৷ সাধাৰণতে মূৰৰ এফালে এই বিষ হয়। কেতিয়াবা দুয়োফালে হ’ব পাৰে৷ মূৰৰ বিষৰ লগতে আন আন উপসৰ্গও দেখা যায়৷ এইবোৰৰ ভিতৰত বমি ভাৱ, পোহৰ সহ্য কৰিব নোৱাৰা, চকুৰে দেখা নোপোৱা, জ্বৰ, টোপনী ভাৱ আদি প্ৰধান৷
মাইগ্ৰেইনৰ সাধাৰণ উপসৰ্গবোৰ:
বিশেষ তথ্য: যদি খুব বেছিকৈ মূৰৰ বিষ হৈ থাকে; তেন্তে মূৰৰ বিষৰ ধৰণ, আৰু ইয়াৰপৰা পৰিত্ৰাণ পাবলৈ কেনেধৰণৰ ব্যৱস্থা লয় সেই তথ্যসহ চিকিত্সাৰ লগত আলোচনা কৰা দৰকাৰ৷
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 5/15/2020
মূৰৰ বিষ :
পানী লাগিছে ?… মূৰৰ বিষ?…. আৰু নাকো বন্ধ?
টাইফয়ড্
শীতকালৰ ৰোগ আৰু ল’বলগীয়া সতৰ্কতাসমূহ