কপালৰ তলত নাকৰ গুৰিৰ দুয়োকাষে দুটা অক্ষিকোটৰ থাকে, য’ত চকু দুটা সোমাই থাকে। অক্ষিকোটৰৰ সমুখ অংশৰ বাহিৰে কেউকাষে অস্থিনিৰ্মিত বেৰ চাৰিখন আছে। সেয়ে ৩০ মিঃলিঃ আয়তনৰ অক্ষিকোটৰৰ ভিতৰৰ আয়তন টিউমাৰ বীজাণু সংক্ৰমণ তেজ নতুন পদাৰ্থৰ অৱক্ষেপণ আৰু কাষৰীয়া অঞ্চলবোৰৰ হেঁচা পৰি (টিউমাৰ আদিৰ বাবে) ইত্যাদি কাৰণত বৃদ্ধি পোৱাৰ উপক্ৰম হ’লে ইয়াৰ চাপে চকুটোকে হেঁচি সন্মুখলৈ দুই পতাৰ মাজেৰে উলিয়াই দিয়ে। ইয়াকে অধঃপাতন বোলে। এই হেঁচা কোন দিশৰ পৰা আহিছে তাৰ ওপৰত নিৰ্ভৰ কৰি চকুটো তাৰ বিপৰীত দিশলৈ ওলাই যায়। যেনে হেঁচাটো ওপৰৰ পৰা আহিলে চকুটো তলমুৱাকৈ অক্ষিকোটৰৰ পৰা ওলাই আহিব, হেঁচাটো চকুৰ পিছফালৰ পৰা আহিলে চকুটো পোনে পোনে সমুখলৈ বাহিৰ হৈ আহিব ইত্যাদি।
কেতিয়াবা আকৌ এনে নহ’লেও কিছুমান ক্ষেত্ৰত চকুটোৰ অধঃপাতন হৈছে যেন ভাব হ’ব পাৰে। সেয়ে যিবোৰ কাৰণত এনে নকল অধঃপাতন হ’ব পাৰে সেইবোৰৰ সাৱধানে বিবেচনা কৰিব লাগে।
অধঃপাতন হঠাতো হ’ব পাৰে আৰু লাহে লাহেও হ’ব পাৰে। এটা চকুৰো হ’ব পাৰে বা দুয়ো চকুৰো হ’ব পাৰে। ই মাজে মাজে দেখা দিব পাৰে বা অনবৰতে (স্থায়ীভাৱে) থকাও হ’ব পাৰে। কেতিয়াবা আকৌ ইয়াৰ এক স্পন্দনো দেখা দিব পাৰে, কেতিয়াবা তলমূৰ কৰিলেই ই বেছি হ’ব পাৰে, কেতিয়াবা হেঁচা প্ৰয়োগ কৰিলে ইয়াৰ আকাৰ সৰু হয়, কেতিয়াবা ষ্টেথ’স্কোপেৰে পৰীক্ষা কৰিলে এক শব্দও শুনা যায়, কেতিয়াবা বিষ থাকে, কেতিয়াবা নাথাকে, কেতিয়াবা আঘাত পোৱাৰ ফলতো ইয়াৰ সৃষ্টি হ’ব পাৰে। এই প্ৰত্যেকটো লক্ষণে কিছুমান বিশেষ বেমাৰৰ (কাৰণ হিচাপে) সম্ভাৱনাক নিৰ্দেশ কৰে।
থাইৰয়ড গ্ৰন্থিৰ ৰোগৰ লগতো অধঃপাতন হ’ব পাৰে। এই ৰোগ মহিলাৰ বেছিকৈ হয়। অধঃপাতনৰ লগতে চকু পতাতো কোঁচ পৰে। বহিঃনেত্ৰীয় মাংসপেশীবোৰ আৰু চকুপতা ফুলে। থাইৰয়ড গ্ৰন্থিৰ ৰোগৰ ঔষধৰ চিকিৎসাও যথেষ্ট ফলপ্ৰসু হয়।
চকুৰ অধঃপাতনৰ ফলত কিছুমান সমস্যা হয়। যেনে-
(১) স্বচ্ছমণ্ডলক চকু পতাই সম্পূৰ্ণ আৱৰি ৰাখিব নোৱাৰে বাবে ই শুকাই যায় আৰু তাৰ বাবে ইয়াত দাগ পৰিব পাৰে আৰু বীজাণু সংক্ৰমণ হৈ ঘা লাগিব পাৰে।
(২) চকুটো মুক্তভাৱে বিভিন্ন দিশলৈ লৰচৰ কৰিব নোৱাৰাৰ বাবে এটা চকুৰ অধঃপাতন হ’লে বস্তুবোৰ দুটা দুটা দেখা যাব পাৰে অন্ততঃ কিছুমান বিশেষ দিশলৈ চাওঁতে।
(৩) অক্ষিকোটৰৰ ভিতৰৰ চাপ বঢ়াৰ বাবে আৰু ই থকা কাৰণৰূপী (অধঃপাতনৰ বেমাৰটোৰ বাবেই দৃষ্টিস্নায়ুৰ ক্ষতিসাধন হৈ দৃষ্টি কমিব পাৰে।
(৪) স্বচ্ছমণ্ডলৰ ঘা আদি অন্যান্য কাৰণতো দৃষ্টি কমিব পাৰে।
(৫) মুখ আৰু চকুৰ সৌন্দৰ্যৰো বিস্তৰ হানি কৰে।
চিকিৎসাৰ ক্ষেত্ৰত বেমাৰটোৰ (যাৰ বাবে অধঃপাতন হৈছে) ঔষধ আৰু প্ৰয়োজনত অস্ত্ৰোপচাৰৰ দ্বাৰা চলোৱা চিকিৎসাই মুখ্য। ইয়াৰ লগতে অন্য এটি মুখ্য দিশ হ’ল স্বচ্ছমণ্ডলখন শুকাই গৈ দাগ বা ঘা নলগাকৈ ৰখা, দৃষ্টিস্নায়ুৰো যাতে হানি নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত। ইয়াৰ বাবেও ঔষধ আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। সি যি কি নহওক, এটা কথা অতি গুৰুত্বপূৰ্ণ। ই হ’ল এয়ে যে অধঃপাতনৰ কাৰণটোৱে কেতিয়াবা জীৱনৰ প্ৰতিয়েই ভাবুকি আনিব পাৰে। সেয়ে ইয়াৰ কাৰণ ধৰা পেলোৱাটো অতি দৰকাৰী।
আমি যিফালেই চাওঁ, দুয়োটা চকু একে দিশলৈকে একেলগে ঘূৰে আৰু ইহঁতৰ দৃষ্টিঅক্ষও প্ৰায় সমান্তৰাল অৱস্থাত সদায় থাকে। এইক্ষেত্ৰত এটিয়েই মাথোঁ ব্যতিক্ৰম, সেয়া হ’ল যেতিয়া আমি পঢ়া-শুনাৰ দৰে ওচৰত কাম কৰো বা ওচৰত লৈ কিবা এটা চাব খোজো, তেতিয়া দৃষ্টিঅক্ষ দুডাল ভিতৰমুৱা হৈ এটি বিন্দুত মিলিত হয়। এই বিশেষ ব্যতিক্ৰমটোৰ বাহিৰে যেতিয়াই দুই চকুৰ দুইডাল দৃষ্টিঅক্ষ প্ৰায় সমান্তৰাল অৱস্থাত নাথাকে (অৰ্থাৎ দুই চকুৱে বিভিন্ন দিশলৈ চাই থাকে) তেতিয়া চকু কেঁৰা হোৱা বুলি কোৱা হয়।
কেঁৰা চকুটো সোঁ, বাঁও, তল বা ওপৰ বিভিন্ন দিশলৈ বেঁকা হ’ব পাৰে। জন্মগত বিভিন্ন কাৰণতো ই হ’ব পাৰে। শিশুৰ ক্ষেত্ৰত কেঁৰা চকু বেছিকৈ দেখা যায়। এইক্ষেত্ৰত দুয়োটা চকুৰ সন্মিলিত দৃষ্টিগঠন প্ৰক্ৰিয়া স্বাভাৱিকতে নহয়। বস্তু এটা চাওঁতে দুয়োটা চকুৰ পৰা দুটা সামান্য বেলেগ প্ৰতিবিম্ব (একেটা বস্তুৰে) মস্তিষ্ক পায়গৈ দৃষ্টিস্নায়ুৰ জৰিয়তে। মস্তিষ্কই দুয়োটা গোট খুৱাই এটা কৰে বাবেই আমি একেটা বস্তুকে দুটা দুটা নেদেখো (যদিও দুটা চকুৰ পৰা দুটা প্ৰতিবিম্ব যায)। কিন্তু এটা চকু কেঁৰা হৈ থাকিলে (শিশু অৱস্থাতে) দুটা চকুৰ পৰা দুটা বিভিন্ন বস্তুৰ দুটা সম্পূৰ্ণ পৃথক প্ৰতিবিম্ব মস্তিষ্কলৈ যায়, কাৰণ দুটা পৃথক দিশলৈ চাই থকাৰ বাবে দুই চকুৱে দুটা পৃথক প্ৰতিবিম্ব মস্তিষ্কলৈ পঠিয়াব লগা হয়। এই দুটা মস্তিষ্কই গোট খুৱাই এটা কৰাটো সম্ভৱেই নহয়, ফলত একে সময়তে দুটা চকুৱে দুটা বিভিন্ন বস্তু দেখাৰ উপক্ৰম হয়, কিন্তু প্ৰকৃততে তেনে হোৱাৰ সম্ভাৱনাক মস্তিষ্কই নোহোৱা কৰি আনে এক বিশেষ প্ৰক্ৰিয়াৰে। ই কেঁৰা চকুৰ পৰা যোৱা প্ৰতিবিম্বটোক অৱহেলা কৰে আৰু দমাই ৰাখে, লাহে লাহে দৃষ্টিৰ দিশৰ পৰা কেঁৰা চকুটো অকামিলা হৈ আহে। কেতিয়াবা আকৌ এটা চকু বেকা হৈ থাকিলে এটা চিধা হৈ থাকে। এইক্ষেত্ৰত বেঁকা হৈ থকা অৱস্থাৰ প্ৰতিবিম্বটো অৱহেলিত হ’লেও চিধা অৱস্থাৰ প্ৰতিবিম্ব ঠিকেই থাকে (দুই চকুৰ বাবেই)। দৃষ্টিৰ এইবোৰ অসুবিধাৰ বাহিৰেও কেঁৰা চকুৱে চকু আৰু মুখমণ্ডলৰ সৌন্দৰ্যৰ যথেষ্ট হানি কৰে। এইবোৰ কেঁৰা চকুৰ বাবে অস্ত্ৰোপচাৰ, নানা অনুশীলন আৰু বিশেষ ধৰণৰ চশমা আদিৰো প্ৰয়োজন হ’ব পাৰে।
কিন্তু দুই চকুৰ সন্মিলিত দৃষ্টি গঠন স্বাভাৱিকভাৱে হোৱাৰ পিছতো চকুৰ স্নায়ুৰ পেৰালাইছিছৰ বাবে আৰু আন আঘাত আদিৰ বাবেও চকু কেঁৰা হ’ব পাৰে। কিন্তু এইক্ষেত্ৰত প্ৰতিবিম্ব অৱহেলিত নহয়। ইয়াৰ ফলত একে সময়তে দুই চকুৱে দুটা বিভিন্ন বস্তুৰ প্ৰতিবিম্ব দেখা নাপায়। নানা বেমাৰত এই পেৰালাইছিছ হ’ব পাৰে। এই পৰিস্থিতি ৰোগীৰ বাবে অতি কঠিন। হঠাত্ এনে হোৱাৰ বাবে ৰোগীৰ বমি ভাব হ’ব পাৰে, মূৰ ঘূৰায়, দিশ আৰু দূৰত্বৰ অসুবিধা হয় (প্ৰতিবিম্বৰ ক্ষেত্ৰত) আৰু মূৰৰ বিশেষ অৱস্থান দেখা যাব পাৰে (সমস্যা কমোৱাৰ বাবে কৰা চেষ্টাৰ ফলত)। পেৰালাইছিছৰ কাৰণ নিৰ্ধাৰণ কৰি চিকিৎসা আৰম্ভ কৰাৰ প্ৰয়োজন। পেৰালাইছিছ যথেষ্ট আৰোগ্য হয় (সাধাৰণতে) আৰু ৰোগীৰ সমস্যাও কমি আহে (দুটা প্ৰতিবিম্বৰ)। সমস্যা তীব্ৰ হৈ থকা অৱস্থাত কেঁৰা চকুটোক চাব নোৱাৰা কৰি ৰাখিলে (যেনে- চশমাত কেঁৰা চকুৰ সমুখৰ আয়নাখনত ক’লা কাগজ এখন মাৰি দিব পাৰি) ৰোগীয়ে যথেষ্ট সকাহ পায়। পিছলৈ চকুৰ অনুশীলনৰো দৰকাৰ হ’ব পাৰে। আঘাত পাই বিশেষকৈ বহিঃনেত্ৰীয় মাংসপেশী ছিগিলে অস্ত্ৰোপচাৰৰ দৰকাৰ।
ডাঃ সৌৰভ কুমাৰ ভূঞা।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
চকুৰ গুৰিৰ ক’লা দাগ নিৰ্মূল কৰাৰ উপায়
কিছুমান অতৰ্কিতে হোৱা ৰোগ
হাপানী
তৃতীয় প্ৰজন্মৰ নেটৱৰ্ক