দৃষ্টিশক্তি কম আৰু বস্তু ভালদৰে দেখা নোপোৱা, ওচৰৰ আৰু দূৰৰ বস্তু দেখা পোৱাত কষ্ট হোৱা, দূৰৰ বস্তু ভালদৰে দেখা পোৱা কিন্তু ওচৰৰ বস্তু দেখা পোৱাত কষ্ট হোৱা, ওচৰৰ বস্তু ভালদৰে দেখা কিন্তু দূৰৰ বস্তু দেখা নোপোৱা, চকুত বিষ অনুভৱ বা চকু জ্বলা-পোৰা কৰা, চকুৰ পৰা পানী ওলোৱা, লিখা আৰু পঢ়াৰ সময়ত মূৰ গধুৰ লগা ইত্যাদি|
ধোঁৱা বা ধুলি চকুত সঘনাই সোমোৱা, বহুত বেছি দেৰিলৈ একেলেথাৰিয়ে পঢ়াশুনা কৰা, কম পোহৰত পঢ়া, সঘনাই চিনেমা চোৱা আদি চকুৰ ওচৰত অতি মাত্ৰা প্ৰেছাৰ আদি বহুতো কাৰণত চকুৰ সমস্যাই দেখা দিয়ে|
গোলাপ জলেৰে চকু ধোৱা, চকু পানীৰে পৰিষ্কাৰ কৰা, সীৎকাৰী প্ৰাণায়াম বা শীতলী প্ৰাণায়াম, আয়মুদ্ৰা, সৰ্বাংগন, মৎস্যায়ন, সিংহাসন, মকৰাসন, অৰ্ধ-মৎসেন্দ্ৰাসন, সহজ প্ৰাণায়াম নং৩ আৰু ৭, ভ্ৰামৰী প্ৰাণায়াম আৰু ঔম প্ৰাণায়াম|
দীৰ্ঘসময় লিখা-পঢ়া কৰা, চিনেমা চোৱা আদি কামত চকুত বেছি প্ৰেছাৰ নপৰে যদি চকুৰ পেশীৰ ওচৰত বেছি প্ৰেছাৰ দিয়া নাযায় অৰ্থাৎ সকলো কাম চকু প্ৰাকৃতিক ভাৱে ঠিক থকাটো দৃষ্টি ৰাখি যদি কৰা যায়; ২-৪ ছেকেণ্ড প্ৰত্যেক তিনি বা চাৰি মিনিটৰ ভিতৰত চকু পতা জপাই চকু জিৰণি দিয়া যায়| ছাত্ৰ-ছাত্ৰী সকলে দৃষ্টিৰ অসুবিধা পাব পাৰে লিভাৰৰ দোষ থাকিলে আৰু সেই ক্ষেত্ৰত লিভাৰৰ যত্ন লোৱাটো দৰকাৰী আৰু চকুৰো| কোনো নিচা নকৰা, ব্ৰহ্মচৰ্য ৰক্ষা আদি ৰোগীৰ দৰকাৰ|
ৰোগীয়ে পুৱা সোনকাল উঠিব লাগে আৰু সূৰ্য উদয় হোৱা ৪-৫ মিনিট প্ৰত্যক্ষ কৰিব লাগে আৰু ৮-৯ বজাত সূৰ্যটো ৫-৬ মিনিটৰ বাবে চকু বন্ধ কৰি চাব লাগে| আৰু তাৰ পাছত হাত দুখন মোহাৰি চকুৰ পতাত লগাব লাগে, ছাঁত গৈ ১-২ মিনিটৰ বাবে চকু জিৰণি দিব লাগে আৰু তাৰ পাছত পানীৰে চকু দুটা ধুই দিব লাগে|
আয়ুৰ্বেদৰ মতে বায়ু, অগ্নি আৰু বৰুণৰ কাৰ্যকাৰিতা ঠিক মতে নহ’লে চকুৰ সমস্যাই দেখা দিয়ে| সেয়ে আমি আমাৰ অমূল্য চকুযুৰিৰ ভালদৰে যত্ন ৰাখিব লাগে যাতে পৃথিৱীৰ অপূৰ্ব সৌন্দৰ্য্য উপভোগ কৰি আমি শান্তি লাভ কৰিব পাৰো আৰু আমাৰ প্ৰয়োজনীয় কাম-কাজ নিয়াৰিকৈ কৰি যাব পাৰো|
লেখিকা:- নন্দিতা দাস
উৎস:- অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/1/2024