মানুহৰ দৃষ্টিশক্তি ক্ৰমান্বয়ে কমি আহি শেহলৈ একেবাৰে লোপ পোৱাৰ বহুতো কাৰণ থাকে। চকুত আঘাত পোৱা, কৰ্ণিয়াৰ ঘা, ভিটামিন ‘এ’ৰ অভাৱ, ডায়েবেটিছ উচ্চ ৰক্তচাপ আৰু চকুৰ ছানি পৰা ইত্যাদি বিভিন্ন কাৰণ। এইবোৰৰ ভিতৰত প্ৰথম আৰু প্ৰধান কাৰণটো হ’ল চকুৰ ছানি পৰা ৰোগ। ইংৰাজীত ইয়াক ‘কেটেৰেক্ট’ বুলি কোৱা হয়। দৃষ্টিহীনতাত ভোগা প্ৰায় শতকাৰ আশী ভাগ লোকেই ছকুৰ ছানি পৰা ৰোগী। এই ৰোগবিধ জন্মাৱস্থাৰ পৰা বৃদ্ধকাল পৰ্যন্ত যিকোনো সময় বা বয়সৰ লোকৰ হ’ব পাৰে। তথাপি ইয়াক বিশেষকৈ বৃদ্ধাৱস্থাৰ মানুহৰ মাজত অধিক হোৱা দেখা যায়। প্ৰায় শতকৰা আশীভাগ চকুৰ ছানি পৰা ৰোগীয়ে ৬০ বছৰ বয়সৰ ঊৰ্ধ্বৰ ব্যক্তি।
মানুহৰ চকুৰ ভিতৰত এখন স্বচ্ছ লেণ্স থাকে। ই এখন অতি উচ্চ ক্ষমতাসম্পন্ন লেণ্স। যাৰ মাজেৰে পোহৰৰ ৰশ্মি প্ৰতিসাৰিত হৈ চকুৰ ভিতৰৰ ৰেটিনাত পৰে। বাহিৰৰ বিভিন্ন বস্তুৰ আকৃতিৰ প্ৰতিবিম্ব পোহৰৰ মাধ্যমেৰে আহি ৰেটিনাত প্ৰতিবিম্বিত হয় আৰু আৰু তেতিয়াই আমি বস্তুটো চকুৰে দেখা পাওঁ। চকুৰ ছানি পৰা ৰোগ হ’লে এই লেণ্সখনৰ প্ৰ’টিনভাগৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ গোট মাৰে। ফলত লেণ্সখনে স্বচ্ছ অৱস্থাৰ পৰা অস্বচ্ছ ৰূপ ধাৰণ কৰে। তেতিয়া লেণ্সখনৰ এই অস্বচ্ছতাৰ বাবে বাহিৰৰ পৰা পোহৰৰ ৰশ্মি চকুৰ অন্তৰ্ভাগত প্ৰতিসাৰিত হোৱাত বাধাৰ সৃষ্টি হয়। ফলত সাধাৰণ অৱস্থাত হোৱাৰ দৰে বাহিৰৰ বিভিন্ন বস্তুৰ পৰা পোহৰৰ মাধ্যমেৰে অহা বস্তুবোৰৰ আকৃতিৰ প্ৰতিবিম্ব ৰেটিনাত প্ৰতিবিম্বিত নহয়। ফলত চকুত ছানি পৰা ৰোগীজনে ছানি পৰা চকুটোৰ বাহ্যিক বস্তুবোৰৰ আকাৰ, আকৃতি আদি পূৰ্ণৰূপত নেদেখা হৈ পৰে।
চকুৰ ছানি পৰা ৰোগঃ
(ক) বয়স বাঢ়ি অহাৰ লগে লগে যেনেকৈ চুলি পকে, দাঁত সৰে, ঠিক তেনেকৈ চকুত ছানি পৰিব পাৰে আৰু লাহে লাহে চকুৰ দৃষ্টিশক্তি কমি আহে।
(খ) গৰ্ভাৱস্থাত মাতৃৰ পুষ্টিহীনতা, ক্ষতিকাৰক ঔষধ সেৱন, মাতৃৰ ডায়েবেটিছ, বিভিন্ন ভাইৰেল সংক্ৰমণ আদিৰ বাবেও জন্মৰ লগে লগে অথবা জন্মৰ কেইবছৰমান পাছতে কেঁচুৱাটিৰ চকুৰ ছানি পৰা ৰোগ হ’ব পাৰে।
(গ) চকুত আঘাত পালেও সময়তকৈ আগতে চকুত ছানি পৰা ৰোগ হ’ব পাৰে।
(ঘ) একেটা পৰিয়ালতে বহুকেইজন ব্যক্তিৰ বা বংশগতভাৱেও (প্ৰায় তিনি শতাংশ) কম বয়সতে চকুৰ ছানি পৰা ৰোগ হ’ব পাৰে।
(ঙ) বয়সস্থ লোকৰ মাজত ডায়েবেটিছ, চকুৰ অন্তৰ্ভাগৰ ৰোগ, শৰীৰত বিদ্যুত্ প্ৰৱাহিত হোৱা, ৰেডিঅ’থেৰাপী লোৱা আদিৰ ফলতো চকুৰ ছানি পৰা ৰোগ হ’ব পাৰে।
(১) প্ৰাৰম্ভিক পৰ্যায়ত ৰোগীয়ে পোহৰৰ ফালে চালে বা চাকিৰ চৌকাষে বৰ্ণালী বা ৰামধেনুৰ আকৃতি দেখা যায়। এটা বস্তুকে দুটা বা ততোধিকভাৱে দেখা যায়। পোহৰৰ চাকিবোৰ বেছি ডাঙৰ আকাৰত দেখা যায়।
(২) চকুত কোনো ধৰণৰ বিষ অনুভৱ নোহোৱাকৈ দৃষ্টিশক্তি ক্ৰমান্বয়ে কমি আহে।
(৩) ছানি ক্ৰমান্বয়ে বাঢ়ি আহিলে দূৰৈৰ বস্তু কমকৈ দেখা পোৱা যায়, কেৱল ছায়াকৃতি ৰূপতহে দেখা পোৱা যায়। ওচৰৰ বস্তু চোৱা বা পঢ়া-শুনা কৰা কাম ঠিকমতেই কৰিব পাৰে।
(৪) লাহে লাহে ছানি ডাঠ হ’লে, সেইখিনি দৃষ্টিশক্তিও নাইকিয়া হৈ যায়। কেৱল চকুৰ এক বা ডেৰ ফুটমান আঁতৰতহে আঙুলি গণিব পাৰে বা হাত লৰচৰ কৰা গম পায়। পিছলৈ কেৱল পোহৰৰ ৰশ্মি অহাহে অনুভূত হয়। এই অৱস্থাটোক ছানি পূৰঠ হোৱা বুলি কোৱা হয়। এই পৰ্যায়ত ৰোগীৰ দৃষ্টিহীনতাৰ বাদে আন আন কোনো জটিলতা দেখা নিদিয়ে।
(৫) কেতিয়াবা ৰোগীৰ চকুৰ মণিটো বগা বা হালধীয়া হোৱা বুলি বাহিৰৰ পৰা দেখিলেই অনুমান কৰিব পাৰি।
ছানি পূৰঠ হোৱা অৱস্থা বা তাৰ আগতে যদি চিকিত্সকৰ পৰামৰ্শ মতে উপযুক্ত চিকিত্সা কৰা নহয়, তেন্তে নানা জটিলতাই দেখা দিব পাৰে। কেতিয়াবা ছানি পূৰঠ হৈ বহুত দিন থাকিলেও ফাটি যোৱা, লেণ্সখন সৰি পৰা আৰু চকুৰ ভিতৰতে ক্ৰিয়া হৈ ছানি গলি গৈ চকুৰ ভিতৰৰ প্ৰেছাৰ বা চাপ বৃদ্ধি কৰি গ্লুক’মাৰ সৃষ্টি কৰিব পাৰে। তেতিয়া চকু ৰঙা পৰে, ফুলি উঠে, চকুৰ অসহ্য বিষ হয়, মূৰৰ বিষ আৰু বমিও হ’ব পাৰে। এই উপসৰ্গবোৰ হ’লে চকুৰ দৃষ্টি ঘূৰাই আনিব পৰা শক্তিখিনিও নাইকিয়া হৈ পৰিব পাৰে। তেতিয়া জৰুৰী অস্ত্ৰোপচাৰ কৰিলেহে আৰোগ্য লাভ কৰা দেখা যায়।
(ক) ছানি পৰা ৰোগত ঔষধৰ বিশেষ ভূমিকা নাই। বহু ৰোগী বা অভিভাৱকে ভাবে ঔষধৰ দ্বাৰা ছানিটো নোহোৱা কৰিব পাৰি। কোনোধৰণৰ চকুত দিয়া ঔষধ বা খোৱা ঔষধে চকুৰ ছানি নোহোৱা কৰিব নোৱাৰে। প্ৰাৰম্ভিক অৱস্থাত ভিটামিন বা এণ্টিঅক্সিডেণ্ট কেপচুল খালে হয়তো ছানি পূৰঠ হোৱাত অলপ বিলম্ব ঘটাব পাৰি।
(খ) অস্ত্ৰোপচাৰেই ছানি পৰা ৰোগৰ একমাত্ৰ চিকিত্সা। এই ৰোগৰ অস্ত্ৰোপচাৰ পদ্ধতি কেইবাপ্ৰকাৰৰ আছে। কিন্তু পদ্ধতি যিয়েই নহওক, অস্ত্ৰোপচাৰৰ উদ্দেশ্য এটাই অস্ত্ৰোপচাৰ কৰি ছানি পৰা অস্বচ্ছ লেণ্সখন চকুৰ ভিতৰৰ পৰা আঁতৰাই তাৰ ঠাইত এখন কৃত্ৰিম স্বচ্ছ লেণ্স মাইক্ৰ’স্কোপৰ সহায়ক চকুৰ ভিতৰত স্থাপন কৰে। ফলত নতুনকৈ স্থাপন কৰা কৃত্ৰিম স্বচ্ছ লেণ্সখনৰ মাজেদি পোহৰ প্ৰতিসাৰিত হ’ব পাৰে আৰু ৰোগীয়ে আগৰ নিচিনাকৈ বস্তুবোৰ দেখা হয়। ৰোগীয়ে পুনৰ সম্পূৰ্ণভাৱে দৃষ্টিশক্তি ঘূৰাই পায়। ৰোগীজনে অস্ত্ৰোপচাৰৰ পাছত বিনা চশমা বা অতি কম পাৱাৰৰ চশমাৰে দেখা হয়। কেৱল পঢ়াশুনা কৰাৰ বাবেহে চশমাৰ দৰকাৰ হয়। আজিকালি ফেক’ইমালছিফিকেচন নামৰ অত্যাধুনিক যন্ত্ৰ এটাৰ সহায়ত ছানিপৰা লেণ্সখন চকুৰ ভিতৰতে আলট্ৰাছনিক পাৱাৰেৰে ইমালছিফাই বা গুড়ি কৰি বাহিৰ কৰা হয় আৰু তাৰ ঠাইত এখন ভাঁজ কৰিব পৰা কৃত্ৰিম লেণ্স লগোৱা হয়। এটা সৰু ফুটা কৰি চিলাই নোহোৱাকৈ এই অস্ত্ৰোপচাৰ কৰা হয় বাবে অস্ত্ৰোপচাৰৰ সময়ত ৰোগীয়ে কোনো ধৰণৰ কষ্ট নাপায় আৰু একেদিনাই অস্ত্ৰোপচাৰৰ কেইঘণ্টামান পাছতে ঘৰলৈ যাব পাৰে। অতি কম দিনৰ ভিতৰতে দৈনন্দিন কাম কৰিব পৰা হয়। যিকোনো বয়সৰ লোকৰে, নৱজাতকৰ পৰা নব্বৈ-এশ বছৰীয়া বৃদ্ধলৈকে এনে অস্ত্ৰোপচাৰ কৰিব পাৰি। বহুলোকে চিন্তা কৰে সাধাৰণ চশমা বা কণ্টেক লেণ্সৰ দৰে চকুৰ ভিতৰত লগোৱা কৃত্ৰিম লেণ্সখনো সলনি কৰিব লাগে নেকি ? এই নতুনকৈ লগোৱা কৃত্ৰিম লেণ্সখন জীৱনযুৰি চকুৰ ভিতৰত থাকিলেও একো ক্ষতি নহয়।
সেয়েহে চকুৰ ছানি পৰা অন্ধকাৰত ডুব গৈ থাকিব নালাগে, উপযুক্ত সুবিধা আৰু অভিজ্ঞ চিকিত্সকৰ দ্বাৰা অস্ত্ৰোপচাৰ কৰি দৃষ্টিশক্তি ঘূৰাই আনিব লাগে। আজিকালি অসমৰ আটাইকেইখন চিকিত্সা মহাবিদ্যালয় হস্পিতালতে বিনামূলীয়াকৈ আৰু অতি সুলভ মূল্যতে এনেধৰণৰ চিকিত্সা সম্ভৱ।
লেখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 4/27/2020