কেঁচা আলু ৰুকি দৈৰ লগত মিহলাব। এখন কাপোৰত বান্ধি চকুৰ পতাত ওপৰত থৈ দিব। এইদৰে নিয়মিত কৰিলে চকুযুৰিয়ে আৰাম পাব। এই মিশ্ৰণ চকুৰ পতাত লগোৱাৰ আগতে জজ’বা ক্ৰীম বা তেল লগাই ল’ব।
চকুৰ কাষৰ পৰা বয়সৰ ছাপ কমাবলৈ গোলাপৰ তেল আৰু গাজৰৰ তেল মিহলাই সদায় চকুৰ গুৰি মালিচ কৰিব। ইয়াৰ ফলত ছালৰ ৰ্ং বগা হ’ব আৰু নমনীয়তা বৃদ্ধি পাব। ফলত নিয়মিত ব্যৱহাৰৰ দ্বাৰা বয়সৰ ছাপ কমি যাব। গাজৰৰ গুটি গোলাপ জলত তিয়াই বটি লৈও চকুৰ কাষৰ অংশ উন্নত হ’ব।
ভাগৰুৱা চকুৰ বাবে টি টি তেল দুই টোপাল, এচামুচ গ্ৰীন টি সিজোৱা পানীত মিহলাই ল’ব। এতিয়া এই মিশ্ৰণ চকুৰ পতাত কপাহৰ সহায়ত লগাই থৈ দিব। ই চকুৰ উজ্জ্বলতা বঢ়াব। ইয়াৰ বাহিৰে দুই চামুচ পাউদাৰ গাখীৰত তিঁয়হৰ ৰস মিহলাই ল’ব। মৌ এচামুচ লগাই চকুৰ পতাত ২০ মিনিটৰ বাবে লগাই থ’ব। ই চকুযুৰিক আৰাম দিয়াৰ লগতে বিভিন্ন সমস্যা নাইকিয়া কৰে।
উৎস: অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 2/1/2019